ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ | |
---|---|
জন্ম | ১৯৩৪ (বয়স ৯০–৯১) মেঘালয়, ভাৰত |
পেচা | অসামৰিক বিষয়া অৰ্থনীতিবিদ লেখিকা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী পদ্মভূষণ মহিলা শিৰোমণি পুৰস্কাৰ আন্তঃৰাষ্ট্ৰীয় মহিলা বঁটা ভাৰত জ্যোতি পুৰস্কাৰ ইন্দিৰা প্ৰিয়দৰ্শিনী পুৰস্কাৰ |
ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ (ইংৰাজী: Inderjit Kour Borthakur) এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।[1]
তেওঁ উত্তৰ-পূব পৰিষদৰ (NEC) সদস্য,যি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদবীৰ সমমৰ্যাদা বহন কৰে।[2] তেওঁ ভাৰত চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯০ চনত ভাৰতীয় অৰ্থনীতি সংস্থাৰ সভাপতি আছিল। তেওঁ কবিতা, কাহিনী আৰু ৰন্ধনপ্ৰণালীৰ ওপৰত কেইবাখনো কিতাপ লিখি প্ৰকাশ কৰিছে। [3] 'সো ফুল সো এলাইভ' [4]আৰু 'ষ্টৰীজ টু উইন দা ৱৰ্ল্ড'[5] হৈছে তেওঁৰ কেইখনমান উল্লেখযোগ্য ৰচনা।
তেওঁ বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিছে। সেইবিলাক হ'ল 'মহিলা শিৰোমণি বঁটা '(১৯৮৯), 'আন্তৰ্জাতিক মহিলা বঁটা' (১৯৯২), 'ভাৰত জ্যোতি বঁটা' (২০০৮) আৰু 'ইন্দিৰা প্ৰিয়দৰ্শিনী বঁটা' (২০১১) আদি। ভাৰত চৰকাৰে তেওঁক ১৯৯২ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী উপাধি প্ৰদান কৰে আৰু ২০০৯ চনত তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰে।