এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ইমাম (আৰবী: إمام, বহুবচনঃ أئمة; ফাৰ্চী: امام) ইছলাম ধৰ্মাৱলম্বী সকলে ব্যৱহাৰ কৰা এটা শব্দ, যাৰ দ্বাৰা সাধাৰণভাৱে মুছলিম সমাজৰ নেতৃস্থানীয় ব্যক্তিক বুজোৱা হয়। সৰ্বাধিক প্ৰচলিত অৰ্থে ইমাম হ'ল সেইজন ব্যক্তি যিজনে মছজিদ বা বাহিৰত জামায়াতত নামাজ পৰিচালনা কৰে। ইয়াৰ উপৰিও, ইছলামৰ বিষয়ে অগাধ পাণ্ডিত্যৰ অধিকাৰী ব্যক্তি বা উচ্চ পৰ্যায়ৰ আলিমক ইমাম হিচাপে সম্বোধন কৰা হয়।
আৰবী শব্দ হিচাপে ইমাম শব্দটো কোৰআনৰ বিভিন্ন অৰ্থত ব্যৱহাৰ হৈছে। ছুৰা বাকাৰাৰ ১২৪ নম্বৰ আয়াতত ব্যৱহাৰ অনুযায়ী ইমামৰ অৰ্থ হ'ল- নেতা; ইমামৰ অৰ্থ কিতাব।