ইম্ফাল
ꯏꯝꯐꯥꯜ | |
---|---|
ৰাজধানী | |
![]() ইম্ফল মহানগৰী | |
![]() | |
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
জিলা | পূব ইম্ফল জিলা, পশ্চিম ইম্ফল জিলা |
চৰকাৰ | |
• পৰিচালনা | ইম্ফাল পৌৰনিগম |
• মেয়ৰ | এল. লোকেশ্বৰ সিং |
উচ্চতা | ৭৮৬ মিটাৰ (২,৫৭৯ ফুট) |
জনসংখ্যা (২০১৬ লোকপিয়ল) | |
• মুঠ |
2,68,243 |
ইম্ফাল (মেইতেই: ꯏꯝꯐꯥꯜ), ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী আৰু মহানগৰ। চহৰ খনৰ কেন্দ্ৰত পুৰণি মণিপুৰ ৰাজ্যৰ ৰাজ হাউলি কাংলা মহলৰ ভগ্নাৱশেষ চাৰিওফালে গড়াৰে আৱৰি আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৪ চনৰ মাৰ্চ মাহৰ পৰা জুলাইলৈকে ইয়াত ইম্ফল যুদ্ধ সংঘটিত হৈছিল।[1]
ইম্ফাল মহানগৰৰ বৰ্তমান মেয়ৰ এল. লোকেশ্বৰ সিং।
২০১৬ চনত ইম্ফল মহানগৰৰ জনসংখ্যা ২,৬৮,২৪৩ জন। ইম্ফলৰ সাক্ষৰতা হাৰ ৯০%, তাৰে ভিতৰত পুৰুষৰ হাৰ ৯৫% আৰু মহিলাৰ হাৰ ৮৭%। ইম্ফলৰ ৭০% হিন্দু, ১০% খ্ৰীষ্টান, ৩.৮% সনাম ধৰ্ম, ৩.৭% মুছলমান, ০.৫৪% বৌদ্ধ, ০.৪৫% জৈন আৰু ০.১৮% শিখ সম্প্ৰদায়ৰ।[2]
বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইম্ফল নগৰৰ পৰা ৮ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ পৰা নতুন দিল্লী, কলকাতা, আইজ্বল, গুৱাহাটী, হায়দৰাবাদ, বেংগালুৰু আৰু আগৰতলালৈ নিয়মীয়া বিমান আছে।[3]
২০১২ চনত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে জিৰিবাম শিলচৰ ৰে'লপথ ইম্ফললৈ প্ৰসাৰিত কৰিবলৈ ঘোষণা কৰিছিল।[4][5]
ইম্ফালৰ মাজেৰে ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। ই স্থল পথেৰে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ নগৰ গুৱাহাটী, কহিমা, আগৰতলা, শ্বিলং, ডিমাপুৰ, আইজল, শিলচৰ আদিৰ লগত সংযোজিত।
কাংলা গড় ইম্ফল নদীৰ পাৰত অৱস্থিত। ইয়াক কাংলা মহল বুলিও জনা যায়। মেইতেই ভাষাত কাংলা মানে শুকান ঠাই। এই মহল মণিপুৰ ৰাজ্যৰ ৰজা পাখাংবাৰ ৰাজ হাউলি আছিল। ধৰ্মীয় দৃষ্টিকোণৰ পৰাও ই গুৰুত্বপূৰ্ণ। গড়ৰ ভিতৰত কেইবাটাও মন্দিৰ আৰু আৰু ইয়াৰ চাৰিওফালে দ খাৱৈ আছে।
বিহু লৌকন বোকা মাটিৰে সজা প্ৰাচীন তৰা আকাৰৰ গড়। ই পশ্চিম ইম্ফল জিলাৰ মাকলাঙত অৱস্থিত।
হিয়ানথাং লাইৰেম্বি মন্দিৰ অঞ্চলত কেইবাটাও পুৰণি মন্দিৰ আছে। ইয়াত প্ৰতি বছৰে দুৰ্গা পূজা অনুষ্ঠিত হয়।
ইম্ফল নগৰৰ পৰা ১৭ কিঃমিঃ দূৰত চিদ্দিম পথত অৱস্থিত ৰঙা পাহাৰত ভাৰত শান্তি স্মৃতিসৌধ আছে। দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ বাহিনী আৰু জাপানী সন্যৰ মাজত ঘটা যুদ্ধৰ স্মৃতি স্বৰূপে ইয়াক নিৰ্মাণ কৰোৱা হৈছিল।
১৯৪৪ ইম্ফল যুদ্ধত প্ৰাণ হেৰুৱা ব্ৰিটিছ ভাৰতীয় সন্য সকলৰ স্মৃতিত ইম্ফল যুদ্ধ কবৰস্থান নিৰ্মাণ কৰা সুশীল।
ইমা কৈথেল বা মহিলাৰ বজাৰ ইম্ফলৰ অন্যতম আকৰ্ষণ। কেৱল মহিলায়ে পৰিচালনা কৰা আৰু সকলো মহিলাৰ দোকান থকা ই পৃথিৱীৰ একমাত্ৰ মহিলাৰ বজাৰ।[6]
ত্ৰি মাতৃৰ চিত্ৰ বিঠিকা ইম্ফল চহৰৰ উল্লেখযোগ্য চিত্ৰ কলা সংগ্ৰাহালয় আৰু বিঠিকা। ই ইম্ফলৰ পৰা ৪ কিঃমিঃ নিলগত ঠাঙাপাত পথত অৱস্থিত।
ইম্ফলত খুমন লামপাক মুখ্য ষ্টেডিয়াম নামৰ এখন বহুমুখী ষ্টেডিয়াম আছে। ইয়াত ঘাইকৈ ফুটবল আৰু এথলেটিক্স অনুষ্ঠিত হয়। ৩০,০০০ মানুহ জোৰা এই ষ্টেডিয়ামখন ১৯৯৯ চনত নিৰ্মাণ কৰা হৈছিল। ফুটবলৰ আই লীগৰ ক্লাব এনইআৰঅ'চিএ এফচিৰ ই ঘৰুৱা খেলপথাৰ।
ইম্ফলত কেইবাখনো চিবিএছই, আইচিএছই আৰু ৰাজ্যিক বৰ্ডৰ অন্তৰ্গত বিদ্যালয় আছে। সেইসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল:
![]() |
ৱিকিমিডিয়া কমন্সত ইম্ফল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|
|