অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
কোম্পানীৰ পতাকা (১৮০১ চনৰ পাছৰ) | |
ধৰণ | ৰাজহুৱা |
---|---|
উদ্যোগ | আন্তঃৰাষ্ট্ৰীয় বাণিজ্য |
পৰিণতি | Dissolved |
স্থাপিত | ১৬০০ |
বন্ধ হয় | ১ জুন ১৮৭৪ |
মুখ্য কাৰ্যালয় | লণ্ডন, ইংলেণ্ড |
ইষ্ট ইণ্ডিয়া কোম্পানী (ইংৰাজী: East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰ পৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল। [1]
ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল ব্যৱসায় কৰা। ১৬০৮ চনত মোগল সম্ৰাট জাহাংগীৰৰ শাসনকালত (১৬০৫-১৬২৬) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গুজৰাটৰ চুৰাটত প্ৰথম বাণিজ্যিক কেন্দ্ৰ স্থাপনৰ অনুমতি পায়। পাছলৈ আগ্ৰা, আহমেদাবাদ, হুগলি, মাদ্ৰাজ আদি কেইবা ঠাইতো এই কোম্পানীৰ বাণিজ্যিক কেন্দ্ৰ স্থাপিত হয়। [1]
১৭৫৭ চনত পলাশীৰ যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ নবাব ছিৰাজোদ্দৌলাক পৰাভূত কৰাত পূব ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰখনত কোম্পানীৰ প্ৰভাৱ বিস্তাৰিত হয়। ১৭৬৫ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মোগল সম্ৰাটৰপৰা বংগ, বিহাৰ, উৰিষ্যাৰ স্বত্ব লাভ কৰে। পৰিণতিত এই সমগ্ৰ অঞ্চলজুৰি ইংৰাজৰ কৰ্তৃত্ব সুদৃঢ় হয়। তেওঁলোকৰ হাতলৈ বিশাল ভূমি ৰাজহৰ ধন আহিল। উনবিংশ শতিকালৈ এই কোম্পানী সমগ্ৰ ভাৰতৰে শাসনকৰ্তাহৈ পৰিল।[1]
১৭৭২ চনৰপৰা ১৮৫৬ চনৰ ভিতৰত,অৰ্থাৎ গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছ (Warren Hastings,১৭৩২-১৮১৮) আৰু লৰ্ড ডেলহাউছিৰ (Lord Dallhousie, ১৮১২-১৮৬০) শাসনকালত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যই বিস্তাৰ লাভ কৰে। ১৮৫৮ চনত ব্ৰিটিছ সম্ৰাজ্ঞী ভিক্টোৰিয়াই (১৮১৯-১৯০১) এটা ঘোষণা যোগে ভাৰতৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিলে আৰু ইয়াৰ ফলত ভাৰতত কোম্পানীৰ শাসনৰ অৱসান ঘটিল। [1]
কোম্পানীৰ শাসনকালতে ভাৰতত সতীদাহ প্ৰথা, শিশু হত্যা আদি প্ৰথাৰ অৱসান ঘটিল। কোম্পানীৰ ছত্ৰছায়াত স্কুল, কলেজ, বিশ্ববিদ্যালয়, মেডিকেল কলেজ, এছিয়াটিক ছছাইটি আদি বিভিন্ন শিক্ষা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান স্থাপিত হয়। [1]
১৮৭৩ চনত ইষ্ট ইণ্ডিয়া কোম্পানী বন্ধ হৈ যায়।
ৱিকিমিডিয়া কমন্সত ইষ্ট ইণ্ডিয়া কোম্পানী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |