ইস্মত চুগতাই | |
---|---|
জন্ম | ২১ আগষ্ট, ১৯১৫ বদায়ুঁ, যুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৪ অক্টোবৰ, ১৯৯১ (৭৬ বছৰ) মুম্বাই, ভাৰত |
পেচা | লেখক, চলচ্চিত্ৰ নিৰ্মাতা, প্ৰবন্ধকাৰ |
ভাষা | উৰ্দু |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
মাতৃশিক্ষায়তন | আলিগড় মুছলিম বিশ্ববিদ্যালয় |
ধৰণ | চুটিগল্প, উপন্যাস, নাটক |
দাম্পত্যসংগী | সাহিদ লতিফ (১৯৪২–১৯৬৭) |
সন্তান | সীমা সাব্ৰিনা লতিফ |
স্বাক্ষৰ | ![]() |
ইস্মত চুগতাই (ইংৰাজী: Ismat Chughtai; ২১ আগষ্ট ১৯১৫ – ২৪ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। ১৯৩০-ৰ পৰা তেওঁ যৌনতা আৰু নাৰীত্ব, মধ্য শ্ৰেণীৰ সৌজন্য, আৰু জাতিগত শ্ৰেণী সংঘাতকে আদি কৰি বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত প্ৰায়ে মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা প্ৰভাবিত দৃষ্টিকোণৰ ভিত্তিত সাহিত্য ৰচনা কৰিছিল। চুগতাইয়ে সাহিত্যিক বাস্তবতাৰ বৈশিষ্ট্যযুক্ত এটি বিশিষ্ট সাহিত্যলেখন শৈলীৰ সৈতে উৰ্দু সাহিত্যজগতত নিজকে এক গুৰুত্বপূৰ্ণ বৌদ্ধিক কণ্ঠ-স্বৰ হিচাপে প্ৰতিষ্ঠিত কৰি ১৯৭৬ চনত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
ইস্মত চুগতাইৰ জন্ম হৈছিল ১৯১৫ চনৰ ২১ আগষ্টত উত্তৰ প্ৰদেশৰ বদায়ুঁ নামৰ সৰু চহৰখনত নুছৰত খানম আৰু মিৰ্জা কাচিম বেইগ চুগতাইৰ ঘৰত; তেওঁ দহটা সন্তানৰ ভিতৰত নৱম সন্তান আছিল—ছজন ককায়েক আৰু চাৰিগৰাকী বায়েক।[1] চুগতাইৰ পিতৃ অসামৰিক সেৱাৰ সৈতে জড়িত হোৱাৰ কাৰণেই চাকৰীৰ সংক্ৰান্তত পৰিয়ালটোয়ে সঘনাই স্থানান্তৰিত হ'ব লগা হৈছিল; তেওঁ তেওঁৰ শৈশৱৰ সময়ছোৱা যোধপুৰ, আগ্ৰা আৰু আলিগড়কে ধৰি কেইবাখনো চহৰত কটাইছিল। চুগতাই অতি সৰু হৈ থাকোঁতেই তেওঁৰ ককায়েকহঁতৰ লগতে তেওঁৰ বায়েককেইগৰাকীৰো বিয়া হৈ গৈছিল। চুগতাই তেওঁৰ ককায়েককেইজনৰ প্ৰত্যক্ষ প্ৰভাৱক এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে বৰ্ণনা কৰিছিল, যি তেওঁৰ সাহিত্যৰ সৃষ্টিমূলক বছৰবোৰত তেওঁৰ ব্যক্তিত্বক প্ৰভাৱিত কৰিছিল। তেওঁ তেওঁৰ দ্বিতীয় ডাঙৰ ভাতৃ মিৰ্জা আজিম বেইগ চুগতাক (এজন উপন্যাসিক) সৰ্বশ্ৰেষ্ঠ পৰামৰ্শদাতা হিচাপে স্বীকাৰ কৰিছিল। চুগতাইৰ পিতৃয়ে ভাৰতীয় অসামৰিক সেৱাৰ পৰা অৱসৰ লোৱাৰ পিছত অবশেষত পৰিয়ালটোয়ে আগ্ৰা চহৰত বসতি স্থাপন কৰে।[2]
চুগতাই আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ মহিলা কলেজত প্ৰাথমিক শিক্ষা লাভ কৰে আৰু ইজাবেলা থ'বাৰ্ণ কলেজৰ পৰা ১৯৪০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[3] তেওঁৰ পৰিয়ালৰ সক্ৰিয় প্ৰতিৰোধ সত্ত্বেও, তেওঁ পৰৱৰ্তী বছৰত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতক শিক্ষা সম্পূৰ্ণ কৰে।[2] এই সময়ছোৱাতেই চুগতাই প্ৰগতিশীল লেখক সমিতিৰ (প্ৰগ্ৰেছিভ ৰাইটাৰ্চ এচ'চিয়েছন) সৈতে জড়িত হৈ পৰিছিল, ১৯৩৬ চনত তেওঁ এই সমিতিৰ সভাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল য'ত তেওঁ প্ৰগতিশীল লেখকৰ আন্দোলনৰ সৈতে জড়িত এজন আগশাৰীৰ মহিলা লেখক ৰছিদ জাহানৰ সৈতে আলোচনাত অংশগ্ৰহণো কৰিছিল, যিগৰাকী লেখকে পিছত চুগতাইক "বাস্তৱসন্মত, প্ৰত্যাহ্বানমূলক মহিলা পাত্ৰ তথা চৰিত্ৰৰ" বিষয়ে লিখিবলৈ প্ৰেৰণা দিছিল আৰু এই অনুপ্ৰেৰণাৰ কথা পিছত তেওঁ স্পষ্টৰূপত স্বীকাৰো কৰিছিল।[4][5] চুগতাইয়ে একে সময়তে ব্যক্তিগতভাৱে লিখিবলৈও আৰম্ভ কৰিছিল, কিন্তু বহুদিন পৰ্যন্ত তেওঁৰ কামৰ বাবে কোনো প্ৰকাশক বিচৰা নাছিল।[5]
যেতিয়া মই লিখিবলৈ লৈছিলো, তেতিয়া এটা প্ৰচলিত ধাৰা আছিল - ৰোমাণ্টিক বস্তু লিখা বা প্ৰগতিশীলৰ দৰে লিখা। যেতিয়া মই নিষ্ঠা সহকাৰে লিখিবলৈ আৰম্ভ কৰিছিলো, মানুহবোৰ অতি হতবাক হৈছিল কাৰণ মই অতি অমায়িকভাৱে লিখিছোঁ [...] মানুহে যিটোক সাধাৰণতে "লিটাৰেৰী বা সাহিত্য" বুলি কয় মই সেইদৰে লিখা নাছিলো। মই কথা কোৱাৰ দৰে লিখিছিলো আৰু বৰ্তমানেও লিখি আছো, অতি সৰল ভাষাত, সাহিত্যিক ভাষাত নহয়।
চুগতাইয়ে ১৯৩৯ চনত উৰ্দু আলোচনী সাকিৰ বাবে ফসাদি (বিদ্ৰোহী) বুলি এখন নাটক লিখিছিল, যিখন আছিল তেওঁৰ প্ৰথম প্ৰকাশিত সাহিত্যিক ৰচনা। নাটকখনৰ প্ৰকাশনৰ পিছত, পাঠকে ইয়াক চুগতাইৰ ভাতৃ আজিম বেইগৰ দ্বাৰা বিৰচিত এক নাটক হিচাপে গ্ৰহণ কৰে, যিখন এটা ছদ্মনাম ব্যৱহাৰ কৰি লিখা হৈছে। তাৰ পিছত, তেওঁ অন্যান্য প্ৰকাশন আৰু বাতৰি কাকতৰ বাবে লিখিবলৈও আৰম্ভ কৰে। তেওঁৰ কিছুমান প্ৰাৰম্ভিক কৰ্মৰ ভিতৰত আছিল বচপন (শিশুকাল/ল'ৰালিকাল), আত্মজীৱনৰ কিছু কথা/অংশ, কাফিৰ (নাস্তিক) তেওঁৰ প্ৰথম চুটিগল্প, আৰু ধীট (জেদী) তেওঁৰ একমাত্ৰ স্বগতোক্তি/আত্মভাষণ, অন্য ৰচনাৰ ভিতৰত আছিল।[7] তেওঁ এখন আলোচনীৰ বাবে লিখা এটা কাহিনীৰ উত্তৰত, চুগতাইক কোৱা হৈছিল যে তেওঁৰ লেখন শৈলীটো ধৰ্ম নিৰপেক্ষ, নিন্দনীয় আৰু কোৰাণক কৰা অপমান স্বৰূপ।[8] তথাপিও তেওঁ "সমাজত থাকি শুনা, প্ৰচলিত কথা আৰু সংঘৰ্ষৰ" সম্পৰ্কে লিখি গৈছিল।[8]