ইৰফান হবিব | |
---|---|
![]() ২০১১ চনত হাবিব | |
জন্ম | ১০ আগষ্ট, ১৯৩১ (৯৩ বছৰ) বৰোদা, বৰোদা ৰাজ্য, British India (now Vadodara, Gujarat, India) |
ক্ষেত্ৰ | বুৰঞ্জী |
শিক্ষানুষ্ঠান | |
ডক্তৰেল পৰামৰ্শদাতা | C.C. Davies |
উল্লেখনীয় বঁটা | |
দাম্পত্যসঙ্গী | চায়েৰা হবিব |
ইৰফান হবিব (ইংৰাজী: Irfan Habib)এজন ভাৰতীয় বুৰঞ্জীবিদ, ভাৰতীয় পৌৰাণিক আৰু মধ্যযুগীয় ইতিহাসৰ ওপৰত তেওঁৰ দখল আছে তথা এই বিষয়ত অৱদান আগবঢ়াই আহিছে। তেওঁ হিন্দুত্ব আৰু ইছলামী মৌলবাদৰ বিৰুদ্ধে তেওঁৰ শক্তিশালী স্থিতিৰ বাবে জনাজাত। ভাৰতৰ বিতৰ্কিত মাৰ্ক্সবাদী ইতিহাসবিদ হিচাপে জনাজাত ইৰফান হবিবক ২০০৫ চনত ভাৰত চৰকাৰে পদ্মভূষণ বঁটা প্ৰদান কৰে।
ইৰফান হবিবৰ জন্ম হৈছিল এটা ভাৰতীয় মুছলমান পৰিয়ালত। দেউতাকৰ নাম মহম্মদ হবিব আৰু মাতৃৰ ছোহাইলা হবিব (নাই ত্যাবজী)।[2]তেওঁৰ দেউতাক মহম্মদ হবিব এজন মাৰ্ক্সবাদী ইতিহাসবিদ আছিল আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) চিপিআই(এম)ৰ আদৰ্শত বিশ্বাস কৰিছিল। ইৰফান হবিবৰ ককাক মহম্মদ নাছিম এজন ধনী বেৰিষ্টাৰ আৰু কংগ্ৰেছ দলৰ সদস্য আছিল। ইৰফান হাবিবৰ পত্নী ছায়েৰা হবিব আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক আছিল।[3]ইৰফান হবিবৰ মাকৰ ফালৰ ককাদেউতাক আছিল আব্বাছ তৈয়াবজী, তেওঁ বৰোদা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মহাত্মা গান্ধীৰ প্ৰসিদ্ধ অনুগামী আছিল।[4]
অক্সফৰ্ডৰ পৰা উভতি অহাৰ পিছত ইৰফান হবিবে আলিগড় মুছলিম বিশ্ববিদ্যালয়ত ফেকাল্টি সদস্য হিচাপে যোগদান কৰে; তেওঁ ১৯৬৯ চনৰ পৰা ১৯৯১ চনলৈ আলিগড়ৰ মুছলিম বিশ্ববিদ্যালয়ত ইতিহাসৰ অধ্যাপক আছিল আৰু বৰ্তমান তেওঁ এমিৰিটাছত অধ্যাপক হিচাপে কৰ্মৰত। ১৯৯১ চনত অক্সফৰ্ডত ৰাধাকৃষ্ণণৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। হবিবে ১৯৯৭ চনৰ পৰা ব্ৰিটিছ ৰয়েল হিষ্টোৰিকেল চছাইটিৰ এজন নিৰ্বাচিত সংশ্লিষ্ট ফেলো। হবিবে প্ৰাচীন ভাৰতৰ ঐতিহাসিক ভূগোল, ভাৰতীয় প্ৰযুক্তিৰ ইতিহাস, মধ্যযুগীয় প্ৰশাসনিক আৰু অৰ্থনৈতিক ইতিহাস, ঔপনিৱেশিকতা আৰু ভাৰতীয় হিষ্টোৰিঅগ্ৰাফীৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত কাম কৰিছে। অমিয় কুমাৰ বাগচীয়ে হবিবক "আজিৰ ভাৰতৰ দুই বিশিষ্ট মাৰ্ক্সবাদী ইতিহাসবিদৰ এজন আৰু একে সময়তে দ্বাদশ আৰু অষ্টাদশ শতিকাৰ ভিতৰত ভাৰতৰ অন্যতম মহান জীৱিত মাৰ্ক্সবাদী ইতিহাসবিদ" বুলি বৰ্ণনা কৰিছে।[5]তেওঁ ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ আৰু ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (AMU) চেণ্টাৰ ফৰ এডভান্সদ ষ্টাডিজৰ সমন্বয়ক/অধ্যক্ষ আছিল। তেওঁ ১৯৮৬-৯০ বৰ্ষত ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ অধ্যক্ষ আছিল।[6]তেওঁ ভাৰতীয় ইতিহাস কংগ্ৰেছৰ সাধাৰণ সম্পাদক, শাখাগত সভাপতি আৰু পিছত সাধাৰণ সভাপতি (১৯৮১) হৈছিল।