গ্ৰীক কবি হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইৰেবাছ হৈছে কেঅ'ছ বা মহাশূন্যৰ সন্তান আৰু নাইক্সৰ ভ্ৰাতৃ।[3]
পৌৰাণিক গ্ৰীক পৰম্পৰা আৰু সাহিত্যত ইৰেবাছৰ বিশেষত্ব কম যদিও তেওঁক নাইক্সৰ লগতে আন কেইবাগৰাকীও দেৱ-দেৱীৰ পিতৃ আছিল বুলি কোৱা হয়। পৌৰাণিক কাহিনীৰ উৎসসমূহৰ মতে তেওঁলোক হৈছে ইথাৰ, হেমেৰা, হেচপেৰাইডচ, হিপ্নোছ, মইৰাই, গেৰাছ, ষ্টাইক্স, চাৰন, নেমেচিছ আৰু থানাটোছ।[4]
গ্ৰীক সাহিত্যত ইৰেবাছ নামটো পাতালপুৰীৰ এক অঞ্চল হিচাপেও ব্যৱহাৰ কৰা হয় য'ত মৃত ব্যক্তিসকলৰ প্ৰৱেশ ঘটে। কেতিয়াবা টাৰ্টাৰাছৰ সলনিও ইৰেবাছৰ নাম ব্যৱহাৰ কৰা হয়।[5][6][7][8][9]
↑Morford, Mark P. O. (1999). Classical Mythology: Sixth Edition. প্ৰকাশক New York: Oxford University Press US. পৃষ্ঠা. 36, 84, 253, 263, 271. ISBN0-19-514338-8., আই.এচ.বি.এন.9780195143386