State of Wisconsin ষ্টেট অব উইচকনচিন | |||||
| |||||
অন্য নাম: বেড্জাৰ ষ্টেট; আমেৰিকাচ্ ডেইৰি লেণ্ড | |||||
নীতিবাক্য: Forward (আগলৈ) | |||||
আধিকাৰিক ভাষা(সমূহ) | আধিকাৰিক ভাবে নাই যদিও ইংৰাজী সকলোতে প্ৰচলিত | ||||
জাতীয়তাসূচক বিশেষণ | উইচকনচিনাইট, স্কনি | ||||
ৰাজধানী | মেডিচন | ||||
বৃহত্তম নগৰ | মিলৱাকি | ||||
বৃহত্তম মহানগৰ | মিলৱাকি–ৰেজিন–ৱাউকেঁচা মহানগৰীয় অঞ্চল | ||||
মাটিকালি | মাটিকালিৰ হিচাপত ২৩তম স্থান | ||||
- মুঠ | 65,497.82 বৰ্গ মাইল (169,639 বৰ্গ কিমি) | ||||
- প্ৰস্থ | 260 মাইল (420 কিমি) | ||||
- দৈৰ্ঘ্য | 310 মাইল (500 কিমি) | ||||
- জলভাগ (%) | ১৭ | ||||
- অক্ষাংশ | 42° 37′ N to 47° 05′ N | ||||
- দ্ৰাঘিমাংশ | 86° 46′ W to 92° 53′ W | ||||
জনসংখ্যা | জনসংখ্যাৰ হিচাপত ২০তম স্থান | ||||
- মুঠ | 5,711,767 (2011 অনুমাণিক)[1] | ||||
- জনঘনত্ব | 105/sq mi (40.6/km2) জনঘনত্বৰ হিচাপত ২৩তম স্থান | ||||
- Median income | $47,220 (১৫তম) | ||||
উচ্চতা | |||||
- সৰ্বোচ্চতম স্থান | Timms Hill[2][3] 1,951 ফুট (595 মি) | ||||
- গঢ় | 1,050 ফুট (320 মি) | ||||
- সৰ্বনিম্নতম স্থান | লেক মিছিগান[2][3] 579 ফুট (176 মি) | ||||
যুক্তৰাষ্ট্ৰত যোগদানৰ দিন | ১৯ মে, ১৮৪৮ (৩০তম) | ||||
বিধায়িকা | উইচকনচিন বিধায়িকা | ||||
- উচ্চ সদন | উইচকনচিন চিনেট | ||||
- নিম্ন সদন | উইচকনচিন ষ্টেট এচেম্বলি | ||||
সময় অঞ্চল | কেন্দ্ৰীয়: UTC-6/-5 | ||||
সংক্ষিপ্তকৰণ | WI Wis. US-WI | ||||
ৱেবছাইট | www |
উইচকনচিন (ইংৰাজী: Wisconsin; i/wɨsˈkɒnsɨn/) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-মধ্য অঞ্চলত অৱস্থিত এখন অংগৰাজ্য। ১৮৪৮ চনৰ ১৯ মে তাৰিখে উইচকনচিন ৩০ সংখ্যক অংগৰাজ্য হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰে। ৰাজ্যখনৰ সীমান্তৰ পশ্চিমে মিনিচোটা, দক্ষিণ-পশ্চিমে আইৱা, দক্ষিণে ইলিনয়চ, পূবে লেক মিছিগান, উত্তৰ-পূবে মিছিগান, আৰু উত্তৰে লেক চুপিৰিয়ৰ অৱস্থিত। উইচকনচিন আমেৰিকাৰ ৫০খন ৰাজ্যৰ ভিতৰত মাটিকালিৰ ফালৰ পৰা ২৩ তম বৃহত্তম ৰাজ্য আৰু ২০তম আটাইটকৈ বেছি জনবসতীপূৰ্ণ ৰাজ্য। উইচকনচিনৰ ৰাজধানী মেডিচন আৰু বৃহত্তম নগৰ মিলৱাকি। ৰাজ্যখনক প্ৰশাসনিক সুবিধাৰ বাবে ৭২খন কাউণ্টিত ভাগ কৰা হৈছে।
উইচকনচিন শব্দৰ উৎপত্তি উইচকনচিন নদীক দিয়া নামৰ পৰা পৰা হৈছে। এই নাম দিছিল এলগংকিয়ান ভাষীক কিছুসংখ্যক খিলঞ্জীয়া আমেৰিকাৰ বাসিন্দাই।[4] সেই সময়ত আমেৰিকা ইউৰোপৰ পৰাধিন হৈ আছিল। ফৰাচী অভিযানকাৰী জেকুৱাছ মাৰকুৱেট আছিল প্ৰথমজন ইউৰোপীয়, যি উইচকনচিন নদীলৈ আহে আৰু ইয়াৰ নাম নথিভূক্ত কৰে। ১৬৭৩ চনৰ তেওঁৰ টোকাত ইয়াক মেছকৌচিং (Meskousing) নামেৰে উল্লেখ কৰিছে।[5] শব্দটোৰ বানান পাছৰ ফৰাচী অভিযানকাৰীসকলৰ হাতত Ouisconsin-ৰ ৰূপ লয়, আৰু উইচকনচিন নদীৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ফৰাচী নাম হিচাবে জনাজাত হৈ পৰে। ১৯ শতিকাৰ আৰম্ভণিৰ পৰা ইংৰাজী ভাষীক লোকসকলে নামটোৰ ইংৰাজীকৰণৰ ফলত ই বৰ্তমানৰ ৰূপ লয়। বৰ্তমানৰ বানানটো ১৮৪৫ চনত তেতিয়াৰ উইচকনচিন টেৰিটৰিৰ বিধায়িকাই আধিকাৰিক ৰূপে গ্ৰহণ কৰে।[6]
উইচকনচিনৰ এলগংকিয়ান ভাষাৰ মূল শব্দটো আৰু ইয়াৰ অৰ্থ উভয়ে সময়ৰ সোঁতত অস্পষ্ট হৈ পৰে। বিভিন্ন সূত্ৰৰ পৰা ইয়াকে কব পৰা যায় যে মূল শব্দটো নদীখন আৰু ইয়াৰ পাৰৰ ৰঙা বালি শিলক উদ্দেশ্য কৰি দিয়া হৈছিল।[7]
|
উইচকনচিনৰ মুঠ মাটিকালি ৬৫,৪৯৭.৮২ বৰ্গ মাইল (১৬৯,৬৩৯ বৰ্গ কিমি)। ৰাজ্যখনৰ সীমাৰ উত্তৰে মণ্টৰিয়েল নদী, লেক চুপিৰিয়ৰ আৰু মিছিগান; পূবে লেক মিছিগান; দক্ষিণে ইলিনয়চ; দক্ষিণ-পশ্চিমে আইৱা; আৰু উত্তৰ-পশ্চিমে মিনিচোটা অৱস্থিত। ইয়াৰ মিছিগানৰ লগত এক সীমা বিবাদ ১৯৩৫ আৰু ১৯৩৫ চনত দুটি মুকৰ্দমাৰ জৰিয়তে সমাধা কৰা হৈছিল।
উইচকনচিনৰ ৪৬% অঞ্চল হৈছে অৰণ্য। ইয়াত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ মাজৰে চাৰিখন আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্যান সেৱাই পৰিচালনা কৰে।[9] ৰাজ্যখনৰ লেঙ্গলেদ কাউণ্টিত আন কতো নোপোৱা এক বিশেষ ধৰণৰ মাটি পোৱা যায়, যাৰ নাম এণ্টিগো। এই মাটিক ৰাজ্যখনে ৰাজ্যিক মাটিৰ মৰ্যাদা প্ৰদান কৰিছে।
উল্লেখযোগ্য যে উইচকনচিনত এনে সাতখন ঠাই আছে য’ত ঠিয় হৈ এজন ব্যক্তিয়ে একেসময়তে চাৰিখন বেলেগ বেলেগ কাউণ্টিত থাকিব পাৰে (চাৰিখন কাউণ্টিৰ চাৰিটা কোন)।
উইচকনচিনৰ গ্ৰীষ্ম আৰু শীত কালৰ তাপমাত্ৰাৰ মাজত বৃহৎ পাৰ্থক্য দেখা যায়। বতৰ বিজ্ঞানীসকলে ইয়াৰ জলবায়ুক humid continental শ্ৰেণীত বিভাজিত কৰিছে। ৰাজ্যখনৰ নথিভুক্ত সৰ্বোচ্চত্তম তাপমাত্ৰা হৈছে ১১৪ °ফা (৪৬ °ছে) উইচকনচিন ডেলচত ১৯৩৬ চনৰ ১৩ জুলাইত; আৰু সৰ্বনিম্নত্তম তাপমাত্ৰা হৈছে কাউদ্ৰে গাঁৱত ২ আৰু ৪ ফেব্ৰুৱাৰী ১৯৯৬ তাৰিখে হোৱা −৫৫ °ফা (−৪৮ °ছে)।[10]
উইচকনচিনৰ প্ৰধান নগৰকেইখনৰ মাহেকীয়া গড় সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ তথ্য [°ফা (°ছে)] | ||||||||||||
নগৰ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. |
---|---|---|---|---|---|---|---|---|---|---|---|---|
গ্ৰীণ বে | ২৪/৭
(−৪/-১৪) |
২৯/১২
(−২/-১১) |
৪০/২৩
(৪/-৫) |
৫৫/৩৪
(১৩/১) |
৬৮/৪৫
(২০/৭) |
৭৭/৫৪
(২৫/১২) |
৮১/৫৯
(২৭/১৫) |
৭৮/৫৬
(২৬/১৩) |
৭০/৪৮
(২১/৯) |
৫৮/৩৭
(১৪/৩) |
৪২/২৬
(৬/-৩) |
২৯/১৩
(−২/-১১) |
লা ক্ৰচ | ২৬/৬
(−৩/-১৪) |
৩২/১৩
(০/-১১) |
৪৫/২৪
(৭/-৪) |
৬০/৩৭
(১৬/৩) |
৭২/৪৯
(২২/৯) |
৮১/৫৮
(২৭/১৪) |
৮৫/৬৩
(২৯/১৭) |
৮২/৬১
(২৮/১৬) |
৭৪/৫২
(২৩/১১) |
৬১/৪০
(১৬/৪) |
৪৪/২৭
(৭/-৩) |
৩০/১৪
(−১/-১০) |
মেডিচন | ২৫/৯
(−৪/-১৩) |
৩১/১৪
(−১/-১০) |
৪৩/২৫
(৬/-৪) |
৫৭/৩৫
(১৪/২) |
৬৯/৪৬
(২১/৮) |
৭৮/৫৬
(২৬/১৩) |
৮২/৬১
(২৮/১৬) |
৭৯/৫৯
(২৬/১৫) |
৭১/৫০
(২২/১০) |
৬০/৩৯
(১৬/৪) |
৪৩/২৮
(৬/-২) |
৩০/১৬
(−১/-৯) |
মিলৱাকি | ২৮/১৩
(−১/-১১) |
৩২/১৮
(০/-৮) |
৪৩/২৭
(৬/-৩) |
৫৪/৩৬
(১২/২) |
৬৬/৪৬
(১৯/৮) |
৭৬/৫৬
(২৪/১৩) |
৮১/৬৩
(২৭/১৭) |
৭৯/৬২
(২৬/১৭) |
৭২/৫৪
(২২/১২) |
৬০/৪৩
(১৬/৬) |
৪৬/৩১
(৮/-১) |
৩৩/১৯
(১/-৭) |
উৎস: ustravelweather.com Archived 2011-02-02 at the Wayback Machine |
এই অনুচ্ছেদটো খালি। আপুনি ইচ্ছা কৰিলে তথ্য সংযোগ কৰিব পাৰে। |
কানাডা লেক চুপিৰিয়ৰ • মিছিগানৰ আপাৰ পেনিনচিলা |
||||
মিনিচোটা | লেক মিছিগান | |||
উইচকনচিন | ||||
আইৱা | ইলিনয়চ | ইণ্ডিয়ানা |
|