উগাণ্ডাৰ বহু পৰম্পৰাগত সমাজত মহিলাসকলৰ বাবে অনেক অৰ্থনৈতিক আৰু সামাজিক দায়িত্ব অৰ্পণ কৰা হৈছে। উগাণ্ডাৰ মহিলাসকল বিভিন্ন অৰ্থনৈতিক আৰু শৈক্ষিক পটভূমিৰ পৰা আহিছে। সমগ্ৰ দেশতে অৰ্থনৈতিক আৰু সামাজিক অগ্ৰগতিৰ পিছতো উগাণ্ডাত ঘৰুৱা হিংসা আৰু যৌন নিৰ্যাতন এক গম্ভীৰ বিষয় হৈয়ে আছে। ঘৰুৱা হিংসাৰ ক্ৰমবৰ্ধমান মাত্ৰাৰ সৈতে নিৰক্ষৰতাৰ প্ৰত্যক্ষ সম্পৰ্ক বিদ্যমান। ইয়াৰ মূল কাৰণ হ’ল ঘৰৰ সদস্যসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰাৰ সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। চৰকাৰী প্ৰতিবেদনত মহিলাৰ প্ৰতি ঘৰুৱা হিংসাৰ মাত্ৰা বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে-যাৰ বাবে দৰিদ্ৰতাই প্ৰত্যক্ষভাৱে জগৰীয়া।
কুৰি শতিকাৰ ৮০ৰ দশকত বুগাণ্ডাৰ গ্ৰাম্য অঞ্চলৰ কিছুমান মহিলাই পুৰুষৰ লগত কথা পাতিলে আঁঠু কাঢ়ি ল'ব লাগিব আশা কৰা হৈছিল। একে সময়তে শিশুৰ যত্ন আৰু জীৱিকাৰ বাবে কৃষিৰ প্ৰাথমিক দায়িত্ব মহিলাসকলে বহন কৰিছিল আৰু বিংশ শতিকাত নগদ শস্যৰ কৃষিত মহিলাসকলে যথেষ্ট অৱদান আগবঢ়াইছিল।[1]
পৰম্পৰাগতভাৱে পাৰিবাৰিক আৰ্থিক বিষয় নিয়ন্ত্ৰণ কৰাটো পুৰুষৰ ভূমিকা হৈ আহিছে যদিও মহিলাসকলে নিজৰ পৰিয়াল আৰু বৃহত্তৰ উগাণ্ডাৰ অৰ্থনীতিলৈ যথেষ্ট অৰ্থনৈতিক অৱদান আগবঢ়ায়। বহু মহিলাই কয় যে তেওঁলোকে নিয়োগৰ সুযোগ বিচাৰিবলৈ সংগ্ৰাম কৰি আছে৷ আনহাতে কিছুসংখ্যকে নিজৰ সম্প্ৰদায় এৰি অন্য ঠাইত অধিক নিয়োগৰ সুযোগ বিচাৰি যায়। আমেৰিকাৰ খ্ৰীষ্ট্ৰীয় ধৰ্ম-প্ৰচাৰমূলক ব্যৱস্থাৰ প্ৰভাৱে ঐতিহ্যগত লিংগ ভূমিকাসমূহ পুনুৰুজ্জীৱিত কৰিছে আৰু এই ভূমিকাসমূহ ঘৰুৱা দায়িত্বৰ ভিত্তিতে স্থাপিত। সেয়েহে উগাণ্ডাৰ সংস্কৃতিৰ ভিতৰত মহিলাৰ নিয়োগ অসন্তোষজনক হৈয়েই আছে। কিন্তু দেশজুৰি মহিলাসকলৰ কৰ্মসংস্থাপন সৃষ্টিৰ বাবে অধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।[2]
বহু দিশত উগাণ্ডাৰ মহিলাসকলে পশ্চিমীয়া সমাজৰ মহিলাসকলৰ অধিকাৰতকৈ অধিক অধিকাৰ লাভ কৰিছে। উগাণ্ডাৰ বহু লোকে মহিলাসকলক গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সম্প্ৰদায়ৰ নেতা হিচাপে স্বীকৃতি দিয়ে। মহিলাসকলে মাটিৰ মালিক হোৱাৰ অধিকাৰ লাভ কৰিছে, পুৰুষে লোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক সিদ্ধান্তক প্ৰভাৱিত কৰিছে, নিজৰ লাভৰ বাবে শস্যৰ খেতি কৰিছে। ১৯২০ চনত দক্ষিণ-পূব উগাণ্ডাৰ দৰে যেতিয়া নগদ শস্যৰ কৃষি লাভজনক হৈ উঠিছিল, তেতিয়া পুৰুষে প্ৰায়ে নিজৰ মহিলা আত্মীয়ৰ মালিকানাধীন মাটিৰ অধিকাৰ দাবী কৰিছিল আৰু তেওঁলোকৰ দাবীক স্থানীয় পৰিষদ আৰু ৰক্ষিত আদালতে সমৰ্থন কৰিছিল। উগাণ্ডাৰ বিত্তীয় সেৱাত মহিলাসকলৰ প্ৰতিনিধিত্ব কম৷ উগাণ্ডাৰ প্ৰায় ৩৯ শতাংশ প্ৰতিষ্ঠান মহিলাসকলে নিয়ন্ত্ৰণ কৰে, তথাপিও তেওঁলোকে মাত্ৰ ৯ শতাংশহে বাণিজ্যিক ঋণ লাভ কৰে। পুৰুষতকৈ তেওঁলোকৰ বেংক একাউণ্ট থকাৰ সম্ভাৱনাও ৪০% কম। ইয়াৰ উপৰি মাত্ৰ ২৫% মহিলাইহে মোবাইল ধন ব্যৱহাৰ কৰে।[3][4]
উগাণ্ডাত এজন পুৰুষে কেতিয়াবা নিজৰ জ্যেষ্ঠ পত্নীক "পুৰুষৰ মৰ্যাদা" প্ৰদান কৰে, যাৰ ফলত তেওঁ পুৰুষৰ প্ৰতি সমান আৰু আন পত্নীৰ প্ৰতি উচ্চমানৰ আচৰণ কৰিব পাৰে। বিংশ শতিকাত বহুস্ত্ৰী বিবাহে এনে সামাজিক বান্ধোনক প্ৰতিনিধিত্ব কৰিছিল যিবোৰক আইনগতভাৱে বিবাহ হিচাপে স্বীকৃতি দিয়া হোৱা নাছিল৷ আৰু যাৰ ফলত বিবাহ-বিচ্ছেদ বা বিধৱা হোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ উত্তৰাধিকাৰ বা ভৰণ-পোষণৰ আইনী অধিকাৰ নাছিল।[1]