উজনি ছিয়াং জিলা | |
---|---|
![]() অৰুণাচল প্ৰদেশত উজনি ছিয়াংৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অৰুণাচল প্ৰদেশ |
সদৰ | ইংকিয়ং |
চৰকাৰ | |
• লোকসভা সমষ্টি | অৰুণাচল পূব |
• বিধানসভা সমষ্টি | ২খন (টুটিং-ইংকিয়ং আৰু মাৰিয়াং-গেকু) |
কালি | |
• মুঠ |
6,188 km2 (2,389 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
35,289 |
• ঘনত্ব | 5.7/km2 (15/sq mi) |
উজনি ছিয়াং জিলা (Upper Siang, Pron:/ˈsjæŋ or ˈsɪæŋ/) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা। দেশৰ ৬৪০খন জিলাৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা উজনি ছিয়াং অন্তিম চতুৰ্থখন জিলা।[2] এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ।
১৯৯৯ চনত পূৰ্বৰ পূব ছিয়াং জিলাৰ একাংশ পৃথক কৰি উজনি ছিয়াং জিলা প্ৰতিষ্ঠা কৰা হৈছিল।[3]
উজনি ছিয়াং জিলাৰ মুঠ মাটিকালি ৬১১৮ বৰ্গ কিলোমিটাৰ। এই জিলাৰ সদৰ ঠাই ইংকিয়ং (Yingkiong)[4]
জিলাখনত উজনি ছিয়াং জলবিদ্যুৎ প্ৰকল্প অৱস্থিত।
উজনি ছিয়াং জিলাত অৰুণাচল প্ৰদেশৰ বিধানসভাৰ দুটা সমষ্টি আছে: টুটিং-ইংকিয়ং (Tuting-Yingkiong) আৰু মাৰিয়াং-গেকু (Mariyang-Geku) সমষ্টি। এই দুয়োটা পূব অৰুণাচল লোক সভা সমষ্টিৰ অন্তৰ্গত।[5]
২০১১ চনৰ লোকপিয়ল অনুসৰি উজনি ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৩৫,২৮৯ জন।[6] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬৩৭।[6] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত পাঁচজন।[6] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২০০১-২০১১।[6] উজনি ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৮৯১ গৰাকী।[6] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৫৯.৯৪%।[6]
উজনি ছিয়াং জিলাৰ অধিবাসীসকল মূলত: আদি আৰু মেম্বা (Memba) জনজাতিৰ লোক। আদি লোকসকলে ডনী প’ল’ আৰু মেম্বা সকলে তিব্বতীয় বৌদ্ধ ধৰ্ম অনুসৰণ কৰে।
জিলাখনত ব্যৱহৃত প্ৰধান ভাষাটো হৈছে আদি ভাষা। এই ভাষা চীন-তিব্বতীয় মূলৰ আৰু ইয়াক তিব্বতীয় লিপি আৰু লেটিন লিপি দুয়োবিধ ব্যৱহাৰ কৰি লিখা হয়। বৰ্তমান আদি ভাষা ভাষী লোকৰ সংখ্যা ১,৪০,০০০ বুলি জান যায়।[7]
১৯৮৬ চনত উত্তৰ ছিয়াং জিলাৰ ৪৮৩ বৰ্গ কিলোমিটাৰ অঞ্চল আগুৰি মৌলিং ৰাষ্ট্ৰীয় উদ্যান (Mouling National Park) প্ৰতিষ্ঠা কৰা হয়।[8] এই জিলাতে এক সম্পূৰ্ণ নতুন আপুৰুগীয়া স্তন্যপায়ী প্ৰাণী আৱিষ্কাৰ হয়। এই প্ৰাণীটোৰ নাম Mebo giant flying squirrel (Petaurista siangensis)।[9]
![]() |
![]() |
![]() | ||
পশ্চিম ছিয়াং জিলা | ![]() |
উজনি দিবাং উপত্যকা জিলা | ||
![]() ![]() | ||||
![]() | ||||
পূব ছিয়াং জিলা | নামনি দিবাং উপত্যকা জিলা |
|