এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ভৌগোলিক | |
---|---|
অৱস্থান | বংগোপ সাগৰ |
ভৌগোলিক স্থানাংক | 11°33′25″N 92°14′28″E / 11.557°N 92.241°Eস্থানাংক: 11°33′25″N 92°14′28″E / 11.557°N 92.241°E |
দ্বীপপুঞ্জ | আন্দামান দ্বীপপুঞ্জ |
মাটিকালি | ৫৯.৬৭ km2 (23.039 sq mi) |
দৈৰ্ঘ্য | ৭.৮ km (4.85 mi) |
প্ৰস্থ | ৭.০ km (4.35 mi) |
তটৰেখা | ৩১.৬ km (19.64 mi) |
সৰ্বোচ্চ উচ্চতা | ১২২ m (400 ft) |
ৰাষ্ট্ৰ | |
জনগাঁথনি | |
জাতিৰ নাম | উত্তৰ চেণ্টিনেলী জনগোষ্ঠী |
জনসংখ্যা | 39[1] |
অতিৰিক্ত তথ্য | |
প্ৰশাসনিক ৱেবছাইট | andaman |
উত্তৰ চেণ্টিনেল দ্বীপ বঙ্গোপসাগৰত স্থিত আন্দামান দ্বীপপুঞ্জৰ এটা দ্বীপ। এই দ্বীপ চেণ্টিনেলী জনগোষ্ঠীৰ বাসস্থান,[2] যিসকল স্বেচ্ছামূলক বিচ্ছিন্নতাত জীৱন জাপন কৰে। অৰ্থাৎ তেওঁলোকে বাহিৰৰ জগতৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নাৰাখে আৰু প্ৰায়ে বলপূৰ্বকভাৱে, বাহিৰৰ জগতৰ পৰা নিজৰ বিচ্ছিন্নতা ৰক্ষা কৰে। [3]দ্বীপটোৰ দৈৰ্ঘ্য প্ৰায় ৮ কিলোমিটাৰ (৫.০ মাইল) আৰু বহল ৭ কিলোমিটাৰ (৪.৩ মাইল) আৰু ইয়াৰ আয়তন প্ৰায় ৬০ বৰ্গ কিলোমিটাৰ (২৩ বৰ্গমাইল)।
১৯৫৬ চনৰ আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জৰ আদিবাসী জনজাতি সুৰক্ষা আইন[4] অনুসৰি দ্বীপটোলৈ যাত্ৰা কৰা নিষিদ্ধ, আৰু ৫ নটিকেল মাইল (৯.৩ কিলোমিটাৰ)তকৈ ওচৰৰ যিকোনো ধৰণৰ পৰিবহন নিষিদ্ধ, যাতে এই জনজাতীয় সম্প্ৰদায়ক "মূল ভূখণ্ড" সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিব পৰা যায় । ইয়াৰ কাৰণ হʼলযে তেওঁলোকৰ (সম্ভৱতঃ) কোনো আয়ত্ব কৰা ৰোগৰ প্ৰতিৰোধ ক্ষমতা কম। এই অঞ্চলত কেৱল ভাৰতীয় নৌসেনাৰহে টহলৰ অনুমতি আছে।