উত্তৰকাশী জিলা
উত্তৰ কাশী, বাৰাহাট | |
---|---|
উপনাম: UKI | |
দেশ | ভাৰত |
ৰাজ্য | উত্তৰাখণ্ড |
সংমণ্ডল | গড়ৱল |
সদৰ | উত্তৰকাশী |
কালি 1451 km2claimed by China | |
• মুঠ | 8,016 km2 (3,095 sq mi) |
জনসংখ্যা | |
• মুঠ | 3,30,086 |
• ঘনত্ব | 41/km2 (110/sq mi) |
উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল।
উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত। এই জিলাৰ অন্তৰ্গত গংগোত্ৰীৰ পৰা গংগা নদী আৰু যমুনোত্ৰীৰ পৰা যমুনা নদীৰ উৎপত্তি ঘটে। এই জিলাত কেইবাটাও মঠ-মন্দিৰ আছে যিয়ে হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক আকৰ্ষিত কৰে। এই জিলাৰ উত্তৰে হিমাচল প্ৰদেশ, উত্তৰ-পূবত তিব্বত, পূবে চামোলী জিলা, দক্ষিণ-পূবত ৰুদ্ৰপ্ৰয়াগ জিলা, দক্ষিণে তেহৰী গড়ৱাল জিলা আৰু পশ্চিমে দেৰাডুন জিলা অৱস্থিত।
২০১১ চনৰ লোকপিয়ল অনুসৰি উত্তৰকাশী জিলাৰ জনসংখ্যা ৩৩,০০৮৬জন।[1] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৪১জন (১১০ প্ৰতি বৰ্গ মাইল)।[2] লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯৫৯ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭৫.৯৮%।[3]
ঐতিহাসিক জনসংখ্যা | ||
---|---|---|
বছৰ | জনসংখ্যা | ±% |
1901 | 69,209 | — |
1911 | 77,429 | +11.9% |
1921 | 81,958 | +5.8% |
1931 | 89,978 | +9.8% |
1941 | 1,02,280 | +13.7% |
1951 | 1,06,058 | +3.7% |
1961 | 1,22,836 | +15.8% |
1971 | 1,47,805 | +20.3% |
1981 | 1,90,948 | +29.2% |
1991 | 2,39,709 | +25.5% |
2001 | 2,95,013 | +23.1% |
2011 | 3,30,086 | +11.9% |
উত্তৰকাশী জিলাৰ অধিকাংশ লোকেই গড়ৱলী ভাষা কয় যদিও ইয়াত হিন্দী ভাষাৰ বৰকৈ প্ৰচলন আছে।[4] তদুপৰি ইয়াত বঙালী, ভোজপুৰী, মাৰাঠী, পাহাৰী, নেপালী, পঞ্জাবী, উৰ্দু আদি ভাষাৰো প্ৰচলন আছে।