Otter | |
---|---|
Eurasian otter (Lutra lutra) | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Mustelidae |
উপপৰিয়াল: | Lutrinae Bonaparte, 1838 |
Genera | |
Aonyx |
উদ (ইংৰাজী: otter) এবিধ উভচৰ প্ৰাণী। উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে। পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে। ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘূৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়। মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত। উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়। উদৰ প্ৰধান খাদ্য মাছ। উদ মাছ ধৰাত পাকৈত। মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে। সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে – “উদক ভেটা ৰখীয়া পতা”। উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়। অসমতো ইয়াৰ বহু প্ৰজাতি আছে। উদ সাধাৰণতে মানুহৰ চকুত ধৰা নপৰে।[1]
উদৰ মুঠতে তেৰটা বিভিন্ন প্ৰজাতি পোৱা যায়। এইবোৰ হ'ল-
|
গোত্ৰ Lutra
গোত্ৰ Hydrictis
গোত্ৰ Lutrogale
গোত্ৰ Lontra
গোত্ৰ Pteronura
গোত্ৰ Aonyx
গোত্ৰ Enhydra
গোত্ৰ †Megalenhydris
গোত্ৰ †Sardolutra
গোত্ৰ †Algarolutra
গোত্ৰ †Cyrnaonyx
-বৈজ্ঞানিক নাম Lutra lutra। সাধাৰণ উদৰ ৰং বগা মটিয়া বৰণৰ। উদৰ গাটো খহটা। নেজৰ আগ অংশ খীণ যদিও গুৰি অংশ যথেষ্ট শকত আকাৰৰ হয়। এই নেজডালৰ গুৰি অংশত এজোৰ গোন্ধযুক্ত গ্ৰন্থি থাকে। কাণ দুখন সৰু আৰু নোমেৰে ঢাক খাই থাকে। আগৰ ঠেং দুখন সৰু আৰু পিছৰ ঠেং দুখন পতাযুক্ত। মূৰটো চেপেটা। গাটোত দুই ধৰণৰ নোম থাকে। এভাগ দীঘল আৰু এভাগ চুটি চুটিকৈ গাৰ ছালৰ লগত মিলি থাকে। নাকৰ ফুটাকেইটাৰ ওপৰত পথালিকৈ কিছুমান নোম থাকে। এনে ধৰণৰ নোম থকাৰ বাবে পানীৰ ওপৰলৈ আহিলে তিতি থকা যেন নালাগে। এই নোমৰ দ্বাৰা শীত নিবাৰণৰ সহায়ক হয়। ইহঁত ২-৪ ফুট পৰ্যন্ত দীঘল হয়।
-বৈজ্ঞানিক নাম Lutra perspicillata। এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া। নাকৰ ওপৰত থকা নোম পোন। দীঘল দুই-আঢ়ৈ ফুট। নেজ ১৬-১৮ ইঞ্চি দীঘল। ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত। এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়। ম্যানমাৰ,ইন্দোচীন,মালয়তো পোৱা যায়। উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে। এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে। সিহঁতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিহঁতক প্ৰয়োজনীয়খিনি দিয়ে। বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে। এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়। সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু।
-বৈজ্ঞানিক নাম Aonyx nirnal। এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়। বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব। পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়। ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়। সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়।[1]
উদ সাধাৰণতে মাটিত গাঁত কৰি থাকে। এই গাঁতৰ এটা বৈশিষ্ট্য আছে। গাঁতটোৰ এফালে পানীলৈ যাব পৰাকৈ আৰু আনফালে মাটিলৈ যাব পৰাকৈ ফুটা থাকে। উদে একে ঠাইতে বহু বছৰ বসবাস কৰে যদিও খাদ্যৰ অভাৱ হ’লে স্থান পৰিবৰ্তনো কৰা দেখা যায়। উদৰ প্ৰাধান খাদ্য মাছ। মাছ বিচাৰি একে ৰাতিতে প্ৰায় ১০-১৬ মাইল পৰ্যন্ত যাব পাৰে। ঘৰৰ কাষত পথাৰ বা জান-জুৰি থাকিলে ইহঁতক সহজে চাব পাৰি। উদৰ বসতিস্থান বিচাৰি উলিয়াবলৈ সহজ। বিশেষকৈ উদে প্ৰায়ে একে ঠাইতে মলত্যাগ কৰে। এই মলবোৰ গাঁতৰ ওচৰত দ’ম হৈ থকাৰ লগতে মুখৰপৰা উলিয়াই পেলোৱা মাছৰ কাঁইট,বাকলি আদি থাকে।
উদ স্তন্যপায়ী জন্তু। উদে বসম্ত আৰু গ্ৰীষ্ম কালত বেছিকৈযোৰ পাতে যদিও অন্য সময়তো কম-বেচি পৰিমাণেযোৰ নপতা নহয়। ইহঁতে পানীৰ তলতযোৰ পাতে আৰু ২-৪টা পৰ্যন্ত পোৱালি দিয়ে। জন্মৰ সময়ত পোৱালিবোৰৰ দাঁত নগজে আৰু চকু মেল নাখায়। এমাহমানৰ পাছতে চকু দুটা মেল খায়। ইহঁতৰ গাঁতটোত পোৱালিৰ বাবে শুকান ঘাঁহ-বন আদি পাৰি কোমল কৰি দিয়ে। এনেকৈ পোৱালিবোৰ ডাঙৰ হোৱালৈকে মাকেই লালন-পালন কৰাৰ লগতে মাটি-পানী দুয়োটাতে প্ৰশিক্ষণো দিয়ে। তিনিমাহ মানৰপৰা পোৱালিবোৰ পানীত ভালকৈ সাঁতুৰিব পাৰে। প্ৰথম অৱস্থাত মাকে পোৱালিবোৰক পানীলৈ ঠেলি দিয়াৰ লগতে এটা মাছ মাকজনীয়ে মুখত লৈ দ ঠাইলৈ গুচি যায়। মাকৰ মুখৰপৰা পোৱালিবোৰে মাছটো আনিবলৈ যাওঁতেই সাঁতোৰ শিকিব পৰা হয়। এনেকৈ দুই-তিনি বছৰমানৰ পাছত পোৱালিবোৰ প্ৰাপ্তবয়স্ক হয় আৰুযোৰ পাতে।[1]
উদৰ প্ৰধান খাদ্য মাছ। কেতিয়াবা পানীত চৰি থকা হাঁহ জাতীয় চৰাইবোৰ পানীৰ তলে তলে গৈ ঠেংখনত ধৰি লৈ গৈ খায়। মাছৰ অভাৱ হ’লে কেঁকোৰা,ভেকুলী আদি খোৱাৰ লগতে কিছুমান গছৰ পাতো খোৱা তথ্য পোৱা যায়।
উদে সাধাৰণতে ৰাতিহে মাছ মাৰিবলৈ ওলায়। কেতিয়াবা দিনৰ ভাগতো নমৰা নহয়। মাছ মাৰি গৈ থাকোঁতে খায়ো গৈ থাকে। কেতিয়াবা ডাঙৰ মাছ ধৰিলে পাৰলৈ আনিহে খায়। উদৰ দাঁতবোৰ জোঙা আৰু মজবুত। গুৰি দাঁত মাছৰ মূৰ-খোলা আদি গুৰি কৰিবৰ বাবে সুবিধা হয়। ইহঁতৰ নাসাৰন্ধ্ৰত ভালভ থকাৰ বাবে পানী নোসোমায়। উদ পানীত বিভিন্ন ভংগিমাত সাঁতুৰিব পাৰে। গাটো লাহী কৰি অঁকাই-পকাই সাতুৰি যাব পৰা কৌশল জানে। সাঁতুৰি যাওঁতে মুখখন কোঁচ খাই যায়। পিছ ঠেং দুখনত পতা থকা বাবে সাঁতুৰিবলৈ সহায় হয়। সাঁতুৰি যোৱাৰ সময়ত আগঠেং আৰু নেজেৰেও সহায় কৰে। কেতিয়াবা বহুত সময় পানীৰ তলতে থাকিবও পাৰে।[1]
এই প্ৰাণীবিধ জীয়াই থাকিবলৈ বিভিন্ন বাধাৰ সন্মুখীন হব লগা হৈছে। নৈ,জান,জুৰিৰ কাষত আৰু দ পথাৰ আদি পুতি মানুহৰ বসতিস্থান কৰা বাবে ইহঁত সাধাৰণতে আমাৰ পৰিবেশৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছে। যাৰ বাবে ইহঁতৰ বংশ বৃদ্ধি কমিবলৈ ধৰিছে।