উদয়পুৰ | |
---|---|
চহৰ | |
স্থানাংক: 23°32′20″N 91°29′30″E / 23.53889°N 91.49167°Eস্থানাংক: 23°32′20″N 91°29′30″E / 23.53889°N 91.49167°E | |
দেশ | ভাৰত |
ৰাজ্য | ত্ৰিপুৰা |
জিলা | গোমতী জিল |
নামকৰণ কৰা হৈছে | উদয় মাণিক্য |
চৰকাৰ | |
• ধৰণ | পৌৰ পৰিষদ |
• পৰিচালনা | উদয়পুৰ পৌৰ পৰিষদ |
• সভাপতি | শীতল চন্দ্ৰ মজুমদাৰ (বিজেপি) |
উচ্চতা | ২২ মিটাৰ (৭২ ফুট) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
32,758 |
• স্থান | ৩য় (ত্ৰিপুৰাত) |
উদয়পুৰ (ইংৰাজী: Udaipur) (/ˈuːdaɪˌpʊə/) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ তৃতীয় বৃহৎ নগৰাঞ্চল। পূৰ্বতে ইয়ক ৰঙামাটি বুলি জনা গৈছিল। ত্ৰিপুৰাৰ মাণিক্য ৰাজবংশৰ ৰাজত্বকালত চহৰখন ৰাজ্যখনৰ ৰাজধানী আছিল। এই চহৰখন ত্ৰিপুৰ সুন্দৰী মন্দিৰৰ বাবে বিখ্যাত যাক ত্ৰিপুৰেশ্বৰী মন্দিৰ বুলিও জনা যায়। এই মন্দিৰ হৈছে ৫১টা শক্তি পীঠৰ ভিতৰত এটা পৱিত্ৰ স্থান বুলি গণ্য কৰা হয়।[3] এই চহৰখন গোমতী জিলাৰ এখন পৌৰ পৰিষদ আৰু লগতে গোমতী জিলাৰ মুখ্য কাৰ্যালয়। উদয়পুৰ ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ৫১ কিলোমিটাৰ দূৰত।
উদয়পুৰ ২৩.৫৩° উত্তৰ আৰু ৯১.৪৮°পূবত অৱস্থিত। চহৰখনৰ গড় উচ্চতা ২২ মিটাৰ (৭২ ফুট)। গোমতী নদী উদয়পুৰৰ মাজভাগৰ মাজেৰে পাৰ হৈ গৈছে আৰু ইয়াৰ ভূমিৰ জলসিঞ্চনত গোমতী নদীয়ে অৰিহণা যোগাইছে।
২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি উদয়পুৰ পৌৰ পৰিষদৰ জনসংখ্যা আছিল ৩২,৭৫৮ যাৰ ভিতৰত ১৬,৫৯৩জন পুৰুষ আৰু ১৬,১৬৫ গৰাকী মহিলা আছিল। উদয়পুৰত মুঠ শিক্ষিতৰ সংখ্যা আছিল ২৮,৩৭৮ জন, যাৰ ভিতৰত ১৪,৫৬৩জন পুৰুষ আৰু ১৩,৮১৫৫ গৰাকী মহিলা আছিল। উদয়পুৰৰ এক কাৰ্যকৰী সাক্ষৰতাৰ হাৰ ৯৪.৮৪%, যাৰ ভিতৰত পুৰুষৰ সাক্ষৰতা ৯৬.৫০%, আৰু মহিলাৰ সাক্ষৰতা হৈছে ৯৩.১৫%। উদয়পুৰত ০-৬ বছৰ বয়সৰ জনসংখ্যা হৈছে ২,৮৩৬ জন। চহৰখনৰ পৰিয়ালৰ সংখ্যা ৮৫৩০ টা। উদয়পুৰত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ সংখ্যা ক্ৰমান্বয়ে ৬,৩২৬ আৰু ৩৬৩ জন।[1]
উদয়পুৰত ভালেকেইটা মন্দিৰ আছে যাৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে ত্ৰিপুৰ সুন্দৰী মন্দিৰ। ত্ৰিপুৰ সুন্দৰী মন্দিৰ হৈছে ৫১টা শক্তি পীঠৰ ভিতৰত এটা। মন্দিৰটো ১৫০১ চনত মহাৰাজ ধন্য মাণিক্য দেববৰ্মাই নিৰ্মাণ কৰিছিল। মন্দিৰৰ কাষত এটা ডাঙৰ হ্ৰদ আছে যাক কল্যাণ সাগৰ বুলি জনা যায়। ভুৱনেশ্বৰী মন্দিৰ ইয়াৰ আন এটা বিখ্যাত মন্দিৰ। গুণবতী মন্দিৰ, জগন্নাথ মন্দিৰ, মহাদেৱ মন্দিৰ হৈছে অন্যান্য বিখ্যাত মন্দিৰ। উদয়পুৰক হ্ৰদ চহৰ বুলিও জনা যায় আৰু ইয়াত বহুতো সুন্দৰ হ্ৰদ আছে। তাৰে কিছুমান হৈছে জগন্নাথ দিঘী, মহাদেৱ দিঘী, অমৰ সাগৰ, ধনসাগৰ আৰু কল্যাণ সাগৰ। ইয়াত নজৰুল গ্ৰন্থাগৰ নামৰ এটা ৰাষ্ট্ৰীয় পুথিভঁৰালও আছে। পুথিভঁৰালটো বিখ্যাত কবি কাজী নজৰুল ইছলামৰ নামেৰে নামকৰণ কৰা হৈছে। টেপানিয়া ইকো পাৰ্ক আৰু পুৰণি ৰাজবাৰী উদয়পুৰৰ অন্যান্য আকৰ্ষণ। ইয়াক ত্ৰিপুৰাৰ পৰ্যটন ৰাজধানী বুলি কোৱা হয়।
উদয়পুৰ ৰেল ষ্টেচন মাতাবাৰীৰ ওচৰত অৱস্থিত। ষ্টেচনটো লামডিং-চাব্ৰুম শাখাত অৱস্থিত, যি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ লামডিং ৰেল বিভাগৰ অধীনত আছে। মনোমোহা স্থাপত্যশৈলীৰে নিৰ্মিত এইটো ৰেল ষ্টেচন ভাৰতৰ আটাইতকৈ ধুনীয়া ৰেল ষ্টেচনসমূহৰ ভিতৰত এটা। উদয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথ নং ৮ আগৰতলাৰ পৰা চাব্ৰুম খণ্ডত অৱস্থিত। ৰাজৰবাগ বাছ ষ্টেণ্ডৰ পৰা গোটেই দিনটো ৰাজধানী আগৰতলা আৰু ৰাজ্যৰ অন্যান্য চহৰলৈ পথ সংযোগ উপলব্ধ। ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ নদী গোমতী চহৰখনৰ মাজেৰে পাৰ হৈ গৈছে। নদীৰ গভীৰতালৈ লক্ষ্য কৰি নদীৰ মাজেৰে পানীৰ সংযোগ তথা যাতায়াতৰ সুবিধা সৃষ্টি কৰাটো কেন্দ্ৰীয় চৰকাৰৰ এটা শুভ ভৱিষ্যত প্ৰকল্পৰ এটা অংশ।[4][5][6][7]