উধাম সিং | |
---|---|
জন্ম | ২৬ ডিচেম্বৰ, ১৮৯৯ চুনম, পঞ্জাব, ব্ৰিটিছ ভাৰত |
মৃত্যু | ৩১ জুলাই, ১৯৪০ পেণ্টনভিল কাৰাগাৰ, লণ্ডন |
সংস্থা | গডৰ পাৰ্টী, হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছছিয়েচন, ভাৰতীয় শ্ৰমিক সংঘ |
ৰাজনৈতিক আন্দোলন | ভাৰতৰ স্বাধীনতা আন্দোলন |
ধৰ্ম | শিখ |
উধাম সিং (২৬ ডিচেম্বৰ, ১৮৯৯ – ৩১ জুলাই, ১৯৪০) এজন ভাৰতীয় আন্দোলনকাৰী আছিল, বিশেষকৈ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিশোধ বুলি অভিহিত কৰা ১৯৪০ চনৰ ১৩ মাৰ্চত সংঘটিত মাইকেল অ'ডয়াৰৰ হত্যাৰ বাবে জনাজাত।[1] তেখেত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন বৰেণ্য ব্যক্তি আছিল। তেওঁক শ্বহীদ-ই-আজম চৰ্দাৰ উধাম সিং ("শ্বহীদ-ই-আজম" পদাংশই, উৰ্দু: شهید اعظم ভাষাত, "মহান শ্বহীদ" বুজাই) বুলিও সম্বোধিত কৰা হয়। তেওঁৰ নামেৰে উত্তৰাখণ্ডত এখন জিলা (উধাম সিং নগৰ)-ও আছে।
উধাম সিংৰ জন্ম হয় ১৮৯৯ চনৰ ২৬ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ পঞ্জাবৰ চুনম নামে এখন গাঁৱত। তেখেতৰ পিতৃপ্ৰদত্ত নাম আছিল শ্বেৰ সিং। পিতৃ টেহল সিং আছিল চুনমৰ দাতি-কাষৰীয়া উপ্পল নামৰ গাওঁখনত থকা ৰেইলৱে ক্ৰ'ছিঙটোৰ ৰক্ষীয়া। সৰুতেই পিতৃ-মাতৃ দুয়োৰে বিয়োগ ঘটাত শ্বেৰ সিং আৰু তেওঁৰ ককায়েক মুক্তা সিংক পঞ্জাবৰ চেণ্ট্ৰেল খালছা অৰ্ফানেইজ নামৰ অনাথ আশ্ৰমখনত ভৰ্ত্তি কৰোৱা হয়।[2] তাতেই দুয়ো ভাতৃক শিখ ধৰ্মীয় নীতি অনুসৰি দীক্ষিতকৰণ সম্পন্ন কৰা হয় আৰু শ্বেৰ সিংৰ নতুন নাম হয় উধাম সিং আৰু ককায়েক মুক্তা সিংৰ নতুন নাম হয় সাধু সিং। অনাথ আশ্ৰমতে উধাম সিংৰ শিক্ষাজীৱন আৰম্ভ হয়। ১৯১৭ চনত উধাম সিংৰ ককায়েকৰ মৃত্যু হোৱাত উধাম সিং সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। ১৯১৮ চনত উধাম সিঙে মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯১৯ চনত তেওঁ অনাথ আশ্ৰম এৰে আৰু নিজাকৈ এখন তুলিকা-শিল্পীৰ (painter) দোকান দি জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে।[3]
১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনা জেনেৰেল ৰেগিনাল্ড ডায়াৰৰ আদেশত জালিয়ানৱালাবাগত বৈশাখী উৎসৱৰ বাবে সমবেত হোৱা নিৰপৰাধী, নীৰস্ত্ৰ জনতাৰ ওপৰত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰা হৈছিল, শিশুৰ পৰা বৃদ্ধলৈকে হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। উধাম সিং এই জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল।[4] সেই দৃশ্য স্বচক্ষে দেখি উধাম সিংৰ জীৱনৰ গতিধাৰাই সলনি হৈ গৈছিল। তেখেতৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল যিকোনো প্ৰকাৰে ব্ৰিটিছৰ শাসন ওফৰাই দিয়া, মাতৃভূমিক নিজ তেজৰ তিলকৰে স্বাধীন কৰা। তেখেতৰ হিটলিষ্টত নাম উঠিছিল জাল্লিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ পুৰোহিত ৰেগিনাল্ড ডায়াৰৰ নাম। আৰু লগতে নাম উঠিছিল পঞ্জাবৰ তদানীন্তন লেফ্টেনেণ্ট গৱৰ্ণৰ মাইকেল অ'ডয়াৰৰ নাম, যিজনে ৰাউলাট আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আন্দোলনক দমন কৰাৰ বাবে সামৰিক আইন বলবৎ কৰি সমগ্ৰ পঞ্জাবকে বধ্যভূমিলৈ পৰিণত কৰিছিল।[5]
১৯২০ ৰ দশকত গান্ধীজীৰ নেতৃত্বত স্বাধীনতা অৰ্জনৰ বাবে চলি থকা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অহিংস আন্দোলনৰ সমান্তৰালকৈ ভাৰতৰ বহু অঞ্চলত বিভিন্ন সশস্ত্ৰ সংগ্ৰামো বিক্ষিপ্তভাৱে চলি আছিল। ৫ ফেব্ৰুৱাৰী ১৯২২ত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাত উত্তেজিত জনতাই পুলিচ ষ্টেচন জ্বলাই দিয়াৰ লগতে কেইবাজনো আৰক্ষীক হত্যা কৰি অহিংস আন্দোলনত হিংসাত্মক কাৰ্য সম্পাদন কৰাৰ বাবে গান্ধীজীয়ে ১৯২০-২২ৰ অসহযোগ আন্দোলন (Non-Cooperation Movement) প্ৰত্যাহাৰ কৰে। অসহযোগ আন্দোলনৰ সময়ত বিপ্লৱৰ পথত ওলাই অহা অনেকেই (জাতীয় কংগ্ৰেছে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰাৰ পিছত) নিজাববীয়াকৈ আৰু অঞ্চলবিশেষে সংগঠিত হৈ ব্ৰিটিছৰ বিৰুদ্ধে কূটাঘাটমূলক সশস্ত্ৰ সংগ্ৰামত লিপ্ত হয়। পঞ্জাবত বাবৰ আকালি (Babar Akali) দলে এই সশস্ত্ৰ সংগ্ৰামৰ গুৰি ধৰে। উধাম সিং এই সশস্ত্ৰ সংগ্ৰামত লিপ্ত হৈ পৰে, তেওঁ ভগৎ সিং আৰু তেওঁৰ দলৰ প্ৰতি গভীৰভাৱে প্ৰভাৱিত হয়।[6] ১৯২৪ চনত উধাম সিং গডৰ সংগ্ৰামীসকলৰ লগত জড়িত হৈ পৰে আৰু ভাৰত এৰি আমেৰিকা, কানাডা আৰু আফ্ৰিকাৰ বিভিন্ন অঞ্চলত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ স্বাধীনতা যুদ্ধত জড়িত কৰিবলৈ সাংগঠনিক কামকাজত নিজকে নিয়োগ কৰে। উল্লেখযোগ্য যে এই গডৰ সংগ্ৰামীসকল (Ghadar Revolutionary) বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক ভাৰতৰ স্বাধীনতা যুদ্ধৰ বাবে সংগঠিত কৰাৰ উপৰিও বিভিন্ন কূটাঘাতমূলক কাৰ্য্যৰে ব্ৰিটিছসকলৰ মূৰৰ কামোৰণি হৈ পৰিছিল।
১৯২৭ চনত ভগৎ সিংৰ আমন্ত্ৰণক্ৰমে আন ২৫জন গডৰ সংগ্ৰামীৰ সৈতে উধাম সিং পুনৰ ভাৰতলৈ যথেষ্ট সংখ্যক বিদেশী আগ্নেয়অস্ত্ৰৰ সৈতে ঘূৰি আহে। উদ্দেশ্য ভগৎ সিং আৰু তেখেতৰ সহযোগীসকলৰ বিপ্লৱী সংগঠন হিন্দুস্তান ছচিয়েলিষ্ট ৰিপাব্লিকান এছছিয়েচন (আৰ্মি)ৰ তত্ত্বাবধানত পঞ্জাব আৰু উত্তৰ ভাৰতত চলি থকা সসস্ত্ৰ মুক্তি সংগ্ৰামখন তীব্ৰতৰ কৰি তোলা। কিন্তু দুৰ্ভাগ্যবশতঃ উধাম সিং অমৃতসৰত পুলিছৰ হাতত ধৰা পৰে আৰু লগত অস্ত্ৰ আৰু গডৰ পুস্তিকা, গডৰ-ডি-গুঞ্জ (Ghadar-di-gunj/ Voice of Revolt) ৰখাৰ অভিযোগত পাচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হৈ কাৰাগাৰলৈ যায়। ১৯৩০-৩১ চনত হোৱা আইন অমান্য আন্দোলনৰ (Civil Disobedience Movement) সমাপ্তিৰ বাবে স্বাক্ষৰিত হোৱা গান্ধী–আৰউইন চুক্তি (Gandhi-Irwin Pact)-ৰ ফলশ্ৰুতিত আন বহুতো ৰাজনৈতিক কাৰাবন্দীৰ লগতে উধাম সিঙেও মুক্তি লাভ কৰে আৰু পিতৃভূমি চুনমলৈ উভতি যায়। কিন্তু স্থানীয় পুলিছৰ অত্যাচাৰত ব্যতিব্যস্ত হৈ পুনৰ অমৃতসৰলৈ আহি পূৰ্বৰ তুলিকা-শিল্পীৰ বৃত্তিত ধৰে। তেখেতে সংগ্ৰামৰ স্বাৰ্থত পুনৰ ভাৰত ত্যাগ কৰে আৰু ইউৰোপলৈ যায়। কিছুদিন জাৰ্মানীত কটোৱাৰ পিছত তেখেত ১৯৩৪ চনত লণ্ডনত প্ৰৱেশ কৰে। তাত তেখেতে বৃটেইনস্থিত ভাৰতীয়সকলৰ মাজত সাংগঠনিক কামকাজ চলাই নিয়াৰ লগতে তেখেতৰ হিটলিষ্টত থকাসকলক নিধন কৰাৰ পৰিকল্পনা কৰে।[7][8]
জাল্লিয়ানৱালা বাগৰ সেই হত্যাকাণ্ডৰ প্ৰায় ২১ বছৰ পাছত ১৯৪০ চনৰ ১৩ মাৰ্চৰ সন্ধিয়া উধাম সিং নিজৰ লক্ষ্যত উপনীত হয়। সেই সন্ধিয়া লণ্ডনৰ ১০ কেক্সটন হলত ইষ্ট ইন্দিয়া এচ'চিয়েচন আৰু চেণ্ট্ৰেল এচিয়ান চ'চাইটিৰ এখন সভাত ভাষণৰত মাইকেল অ'ডয়াৰৰ লগতে তাত উপস্থিত ভাৰতৰ সেইসময়ৰ Secretary of the States for India লৰ্ড যেটলেণ্ড (Lawrence Dundas, 2nd Marquess of Zetland), চাৰ লুই ডেন (Sir Luis Dane) আৰু লৰ্ড লেমিংটন (Charles Cochrance Baillie, 2nd Baron of Lamington) ক গুলিবিদ্ধ কৰে। মাইকেল অ'ডয়াৰৰ ঘটনাস্থলীতে মৃত্যু হয় যদিও আন কেইজন প্ৰাণহানিজনক ভাৱে আঘাতপ্ৰাপ্ত নহয়। উধাম সিঙে পলাবলৈ চেষ্টা নকৰি গ্ৰেপ্তাৰ বৰণ কৰে।[9]
১৯৪০ চনৰ ১ এপ্ৰিলত উধাম সিঙক মাইকেল অ'ডয়াৰক হত্যা কৰাৰ গোচৰত আৰোপিত কৰা হয় আৰু ৪ জুনত জাষ্টিছ এটকিনছনৰ আদালতে তেখেতক মৃত্যুদণ্ডৰে দণ্ডিত কৰে৷[10] সেই বছৰৰে ৩১ জুলাইত উধাম সিঙক লণ্ডনৰ পেণ্টনভিল কাৰাগাৰত ফাঁচীকাঠত ওলমোৱা হয়।