উপকথা (ইংৰাজী: Fable) হৈছে এক সাহিত্যিক ধাৰা: এটা সংক্ষিপ্ত কাল্পনিক কাহিনী, গদ্য বা পদ্যত প্ৰাণী, কিংবদন্তি জীৱ, উদ্ভিদ, নিৰ্জীৱ বস্তু বা প্ৰকৃতিৰ শক্তি যিবোৰ নৃৰূপীত কৰা হয়। এইসমূহে এটা বিশেষ নৈতিক পাঠৰ চিত্ৰণ কৰে বা সেই দিশলৈ লৈ যায়, আৰু শেষত এটা সংক্ষিপ্ত উচ্চতম উক্তি হিচাপে স্পষ্টভাৱে যোগ কৰিব পাৰি।
উপকথা দৃষ্টান্ত সমূহৰ পৰা পৃথক, কাৰণ দৃষ্টান্ত সমূহে জীৱ-জন্তু, উদ্ভিদ, নিৰ্জীৱ বস্তু আৰু প্ৰকৃতিৰ শক্তিক বাক বা মানৱ জাতিৰ অন্যান্য শক্তিসমূহ আহৰণ কৰি অভিনেতা হিচাপে চিত্ৰণ কৰা নহয়। ব্যৱহাৰ সদায় ইমান স্পষ্টভাৱে পৃথক কৰা হোৱা নাই। নতুন নিয়মৰ কিং জেমছ সংস্কৰণত "μῦθος" ("mythos")ক অনুবাদকসকলে তীমথিয়লৈ লিখা প্ৰথম পত্ৰ, তীমথিয়লৈ লিখা দ্বিতীয় পত্ৰ, তীতলৈ লিখা পত্ৰ আৰু প্ৰথম পত্ৰক "উপকথা" হিচাপে অনুবাদ কৰিছিল।[1] [2]
উপকথা লিখা ব্যক্তি এজন উপকথাবিদ বুলি জনা যায়।
উপকথাসমূহ লোকসাহিত্যৰ অন্যতম স্থায়ী ৰূপ বুলি আধুনিক গৱেষকসকলে মত প্ৰকাশ কৰিছে।[3] এইবিধ সাহিত্য সংকলনৰ বিপৰীতে মৌখিক সাহিত্যি হিচাপে মুখে-মুখে প্ৰচলিত হৈ আহিছে। প্ৰায় প্ৰতিখন দেশৰ সাহিত্যত উপকথা পোৱা যায়।
ভাৰতত উপকথাৰ এক সমৃদ্ধ পৰম্পৰা আছে। বহুতো পৰম্পৰাগত কাহিনীৰ পৰা এইসমূহ উদ্ভৱ হৈছে আৰু স্থানীয় প্ৰাকৃতিক উপাদানৰ সৈতে জড়িত হৈ আছে। ভাৰতীয় উপকথাবোৰত প্ৰায়ে এটা বিশেষ নৈতিক জ্ঞান দিয়াৰ চেষ্টা কৰা হয়।[4] কিছুমান কাহিনীত দেৱতাসকলৰ এক পশু স্বৰূপ থাকে, আন কিছুমানত চৰিত্ৰবোৰ আন সংস্কৃতিত পোৱাৰ দৰেই আৰ্কিটাইপাল কথা কোৱা প্ৰাণী। খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ সময়ছোৱাত প্ৰাচীন ভাৰতত শ শ উপকথা ৰচনা কৰা হৈছিল। ভাৰতীয় উপকথাবোৰত মানুহ আৰু জীৱ-জন্তুৰ মিশ্ৰিত চৰিত্ৰ আছে। সংলাপবোৰ প্ৰায়ে ইচপৰ উপকথাতকৈ দীঘলীয়া আৰু প্ৰায়ে হাস্যৰসময়ী হয় কাৰণ জীৱ-জন্তুবোৰে কৌশল আৰু প্ৰতাৰণাৰে ইজনে সিজনক পৰাস্ত কৰিবলৈ চেষ্টা কৰে। ভাৰতীয় উপকথাত মানৱতাক প্ৰাণীতকৈ উচ্চ বুলি উপস্থাপন কৰা হোৱা নাই, ভাৰতত উপকথাৰ প্ৰধান উদাহৰণ হ’ল পঞ্চতন্ত্ৰ আৰু জাতকৰ সাধু। ইয়াৰ ভিতৰত আছিল বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ, হিতোপদেশ, বিক্ৰম আৰু বেতাল, চিনতিপাছৰ চেভেন ৱাইজ মাষ্টাৰ্ছ আদি উপকথাৰ সংকলন যিবোৰ পৰৱৰ্তী সময়ত সমগ্ৰ পৃথিৱীত প্ৰভাৱশালী হৈ পৰিছিল। বেন ই পেৰীয়ে বিতৰ্কিতভাৱে যুক্তি দিছে যে পঞ্চতন্ত্ৰৰ কিছুমান বৌদ্ধ জাটক কাহিনী আৰু কিছুমান উপকথাৰ ওপৰত একেধৰণৰ গ্ৰীক আৰু নিকট-পূবৰ উপকথাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ লক্ষণ দেখা যায়।[5] পূৰ্বৰ ভাৰতীয় মহাকাব্য যেনে ব্যাসৰ মহাভাৰত আৰু বাল্মিকীৰ ৰামায়ণতো প্ৰায়ে পাৰ্শ্ব কাহিনী বা বেক-ষ্ট’ৰী হিচাপে মূল কাহিনীৰ ভিতৰত কিছুমান উপকথা আছিল। নিকট পূবৰ আটাইতকৈ বিখ্যাত লোকগল্প আছিল আৰব্য ৰজনী।
পঞ্চতন্ত্ৰ হৈছে এক প্ৰাচীন ভাৰতীয় উপকথাৰ বিভাজন। বিষ্ণু শৰ্মাৰ ৰচিত বুলি আখ্যা দিয়া আটাইতকৈ প্ৰাচীন উপকথাৰ লিপিবদ্ধ গ্ৰন্থখন প্ৰায় ৩০০ খ্ৰীষ্টপূৰ্বৰ।[6] কিতাপখন সংকলনৰ আগতে মৌখিকভাৱে প্ৰচাৰ কৰা হোৱাৰ বাবে কাহিনীবোৰ সংকলনতকৈ বহু পুৰণি হোৱাৰ সম্ভাৱনা আছে। “পঞ্চতন্ত্ৰ” শব্দটো "পঞ্চ" মানে "পাঁচ" আৰু "তন্ত্ৰ"ৰ অৰ্থ হৈছে "বোৱা" শব্দ দুটাৰ মিশ্ৰণত গঠিত হৈছে। ইয়াৰ অৰ্থ হৈছে আখ্যান আৰু নৈতিক পাঠৰ একাধিক সূতা একেলগে বৈ গঠন কৰা এখন কিতাপ।