উপন্যাস (ইংৰাজী: Novel) হৈছে আখ্যানমূলক কল্পকাহিনীৰ তুলনামূলকভাৱে দীঘলীয়া ৰচনা। উপন্যাস সাধাৰণতে গদ্যত লিখা হয় আৰু কিতাপ হিচাপে প্ৰকাশ কৰা হয়। গদ্য কল্পকাহিনীৰ দীঘলীয়া গ্ৰন্থৰ ক্ষেত্ৰত প্ৰযোজ্য বৰ্তমানৰ ইংৰাজী শব্দটো ইটালীয় ভাষাৰ পৰা উদ্ভৱ হৈছে। শব্দটো হৈছেঃ Novella.(।) যাৰ অৰ্থ "নতুন", "বাতৰি", বা "নতুন কিবা এটাৰ চমু কাহিনী"। ইয়াৰ আকৌ উৎপত্তিস্থল লেটিন ভাষাৰ Novellaৰ পৰা। [1] নাথানিয়েল হথৰ্ন,[2]হাৰ্মান মেলভিল,[3] এন ৰেডক্লিফ,[4] জন কাউপাৰ পাউইছ[5] আদিৰ দৰে একাংশ ঔপন্যাসিকে তেওঁলোকৰ উপন্যাসক বৰ্ণনা কৰিবলৈ "ৰোমাঞ্চ" শব্দটো পছন্দ কৰিছিল।
মাৰ্গাৰেট ডুডিৰ মতে উপন্যাসৰ "প্ৰায় দুহাজাৰ বছৰৰ এক অবিৰত আৰু ব্যাপক ইতিহাস" আছে। ইয়াৰ উৎপত্তি প্ৰাচীন গ্ৰীক আৰু ৰোমান উপন্যাসত, চিভাল্ৰিক ৰোমাঞ্চত আৰু ইটালীৰ ৰেনেছাঁ উপন্যাসৰ পৰম্পৰাৰ আধাৰত সম্পন্ন হৈছে।[6] প্ৰাচীন ৰোমাঞ্চৰ ৰূপটোক ৰমন্যাসবাদে পুনৰুজ্জীৱিত কৰিছিল, বিশেষকৈ ৱালটাৰ স্কটৰ ঐতিহাসিক ৰোমাঞ্চ আৰু গথিক উপন্যাসখনে।[7] এম.এইচ.আব্ৰামছ আৰু ৱালটাৰ স্কটকে ধৰি একাংশই যুক্তি দিছে যে উপন্যাস হৈছে এখন কল্পকাহিনী আখ্যান যিয়ে এখন সমাজৰ অৱস্থাৰ বাস্তৱিক চিত্ৰণ প্ৰদৰ্শন কৰে। আনহাতে ৰোমাঞ্চে যিকোনো কাল্পনিক আখ্যানক সামৰি লয় যিয়ে আচৰিত বা অস্বাভাৱিক কাণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আচৰিত বা অস্বাভাৱিক কাণ্ডসমূহ অন্তৰ্ভুক্ত হোৱা কল্পকাহিনীৰ ৰচনাসমূহো উপন্যাস। যাৰ ভিতৰত দ্য লৰ্ড অৱ দ্য ৰিংছ,[8] টু কিল এ মকিংবাৰ্ড,[9] আৰু ফ্ৰেংকেনষ্টাইন অন্যতম।[10] "ৰোমান্স" এনে কল্পকাহিনীৰ ৰচনা যাৰ মূল গুৰুত্ব আশ্চৰ্যজনক বা অস্বাভাৱিক কাণ্ড। ইয়াক ৰোমাণ্টিক প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰা বিশেষ ধৰণৰ কল্পকাহিনীৰ ধাৰাৰ সৈতে বিভ্ৰান্ত কৰা উচিত নহয়।
একাদশ শতিকাৰ আৰম্ভণিৰ মুৰাছাকি ছিকিবুৰ জাপানীজ গ্ৰন্থ টেল অৱ গেঞ্জীক কেতিয়াবা আখ্যানমূলক ৰূপত অন্তৰংগতাৰ অভিজ্ঞতাৰ আৰম্ভণিৰ ব্যৱহাৰৰ ভিত্তিত বিশ্বৰ প্ৰথমখন উপন্যাস হিচাপে অভিহিত কৰা হৈছে। অৱশ্যে ইয়াৰ পূৰ্বেও নিশ্চয়কৈ দীঘলীয়া কাল্পনিক গদ্যৰ ৰচনা আছিল। চীনত ছপা কিতাপৰ প্ৰসাৰৰ ফলত মিং বংশৰ (১৩৬৮–১৬৪৪) ধ্ৰুপদী চীনা উপন্যাসৰ আৱিৰ্ভাৱ হয়।[11] পিছলৈ ছপাশালৰ আৱিষ্কাৰৰ পিছতে গ্ৰন্থ তথা উপন্যাসৰ জগতৰ উন্নয়ন ঘটিছিল। ডন কুইক্সোটৰ লেখক মিগেল ডি চাৰ্ভাণ্টেছক (যাৰ প্ৰথম অংশ ১৬০৫ চনত প্ৰকাশ পাইছিল)ক আধুনিক যুগৰ প্ৰথম উল্লেখযোগ্য ইউৰোপীয় ঔপন্যাসিক হিচাপে সঘনাই উল্লেখ কৰা হয়।[12] সাহিত্যিক বুৰঞ্জীবিদ ইয়ান ৱাটে দ্য ৰাইজ অৱ দ্য নভেল (১৯৫৭) গ্ৰন্থত যুক্তি দিছিল যে আধুনিক উপন্যাসখনৰ জন্ম হৈছিল ১৮ শতিকাৰ আৰম্ভণিতে।
শেহতীয়া প্ৰযুক্তিগত বিকাশৰ ফলত বহুতো উপন্যাস অ-ছপা মাধ্যমতো প্ৰকাশ পাইছে: ইয়াৰ ভিতৰত আছে অডিঅ’ কিতাপ, ৱেব উপন্যাস, আৰু ই-বুক। আন এটা অগতানুগতিক কল্পকাহিনী ফৰ্মেট কিছুমান চিত্ৰাংকিত উপন্যাস বা গ্ৰাফিক উপন্যাসত পোৱা যায়। কল্পকাহিনীৰ এই কমিক বুক সংস্কৰণসমূহৰ উৎপত্তি ১৯ শতিকাত হ’লেও শেহতীয়াকৈহে ই জনপ্ৰিয়তা লাভ কৰিছে।