জীৱ বিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology (বাট্ৰাকোলোজী) নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়। কোনো কোনোৱে উভচৰবিদ্যাক বহলভাৱে সৰীসৃপবিদ্যা(herpetology)ৰো অন্তৰ্ভুক্ত কৰে।[1]
উভচৰ হ'ল শীতল তেজৰ প্ৰাণী আৰু প্ৰায় একেলগে গোট হিচাপে বাস কৰে। পৃথিবীত প্ৰায় ৬৭০০টি প্ৰজাতিৰ উভচৰ পোৱা যায়।[2] আবাসস্থল ধ্বংসৰ ফলত, উভচৰ বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে।