উমা ছেত্ৰী | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | |||||||||||||
জন্ম | ২৭ জুলাই, ২০০২ (২২ বছৰ) | ||||||||||||
পদক অভিলেখ
| |||||||||||||
ক্ৰীড়া | |||||||||||||
দেশ | ভাৰত | ||||||||||||
ক্ৰীড়া | মহিলা ক্ৰিকেট | ||||||||||||
দল | অসম মহিলা ক্ৰিকেট দল ভাৰতীয় মহিলা ক্ৰিকেট দল |
উমা ছেত্ৰী (ইংৰাজী: Uma Chetry, জন্ম: ২৭ জুলাই ২০০২) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী অসমীয়া ক্ৰিকেটাৰ। তেওঁ এগৰাকী উইকেট-কিপাৰ আৰু বেটাৰ। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উইকেট কিপাৰৰ লগতে অসম মহিলা ক্ৰিকেট দলৰো ইউকেট কিপাৰ। তেওঁ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল।[1][2][3]
২০০২ চনৰ ২৭ জুলাই তাৰিখে গোলাঘাট জিলাৰ বোকাখাটৰ কান্ধূলিমাৰী গাঁৱত উমা ছেত্ৰীৰ জন্ম হৈছিল। উমা লোকবাহাদুৰ চেত্ৰী আৰু দীপা চেত্ৰীৰ পাঁচটা সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান। ঘৰৰ চাৰিজন ল’ৰাৰ তিনিজনেই বহিঃৰাজ্যত কৰ্মৰত। ভায়েক বিজয় ছেত্ৰী আৰু আন ল’ৰাৰ সৈতে উমাক ৰাস্তাত খেলি থকা দেখি মাকে তেওঁক ক্ৰিকেট খেলিবলৈ উৎসাহিত কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা বোকাখাত হিন্দী হাইস্কুলৰ পৰা গ্ৰহণ কৰে।[4][5]
ক্ৰিকেট খেলি ভালপোৱা উমাই ৰাজ্যিক দলৰ পৰা ভাৰতীয় ‘এ’ দলৰ পাছত এতিয়া টিম ইণ্ডিয়াত স্থান লাভ কৰে। তেওঁ অসমৰ পৰা ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম গৰাকী ব্যক্তি। ২০২৩ চনৰ জুলাই মাহত উমাই ভাৰতীয় মহিলা দলৰ হৈ বাংলাদেশ ভ্ৰমণৰ সৈতে আন্তৰ্জাতিক ক্ৰিকেটৰ জগতত প্ৰৱেশ কৰে।[6] একেবছৰে হংকঙত অনুষ্ঠিত হোৱা ২৩ বছৰ অনুৰ্ধ ইমাৰ্জিং এছিয়া কাপত ফাইনেলত বাংলাদেশক পৰাস্ত কৰা ইণ্ডিয়া এ দলৰ তেওঁ অংশ আছিল।[7]
তেওঁ ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল।