উলূপী | |
---|---|
![]() অৰ্জুনৰ লগত উলূপী | |
দেৱনাগৰী | उलूपी |
সম্পৰ্ক | নাগ |
সঙ্গী | অৰ্জুন |
সন্তান | ইৰাৱান |
হিন্দু পাঠ্য | বিষ্ণু পুৰাণ ভাগৱত পুৰাণ |
উলূপী বা উলুপী (উলুচি বা উলূচি নামেৰেও খ্যাত) হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। নাগসকলৰ ৰজা কৌৰব্যৰ কন্যা উলূপী অৰ্জুনৰ চাৰিগৰাকী পত্নীৰ ভিতৰত দ্বিতীয় আছিল। বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণতো তেওঁৰ উল্লেখ আছে।
অৰ্জুন নিৰ্বাসনত থকাৰ সময়ত তেওঁ উলূপীক লগ পাই বিবাহপাশত আবদ্ধ হয় আৰু ইৰাৱান নামৰ পুত্ৰৰ জন্ম দিয়ে। অৰ্জুন আৰু চিত্ৰাংগদাৰ পুত্ৰ বব্ৰুবাহনক ডাঙৰ-দীঘল কৰোঁতেও উলূপীয়ে উল্লেখযোগ্য ভূমিকা লৈছিল। বব্ৰুবাহনৰ লগত যুদ্ধত অৰ্জুনৰ মৃত্যু হওঁতে উলূপীয়ে তেওঁৰ জীৱন ঘূৰাই আনিছিল।
মহাভাৰতত উলূপীৰ উল্লেখ তেনেই তাকৰ। ইয়াত উলূপীৰ কেইবাটাও নাম কোৱা হৈছে— ভুজগৌতমমাজি, ভুজগেন্দ্ৰকন্যাকা, ভূজগোত্মা কৌৰৱী, কৌৰব্যদুহিতা, কৌৰবৈকুলনন্দিনী, পন্নাগনন্দিনী, পন্নাগসূতা, পন্নাঘটমাজি,পন্নাগভেৰাকন্যা, পন্নাগ আৰু উৰাগাতমাজা। [1]
উলূপী অৰ্ধ মানৱী আৰু অৰ্শ সৰ্পৰ এক ৰূপ নাগকন্যা (নাগ কুঁৱৰী) বুলি বৰ্ণনা কৰা হয়।[2] মাইকেল মটে তেওঁৰ Caverns, Cauldrons, and Concealed Creaturesত উলূপীক "আংশিক সৰীসৃপ" বুলিছে– তেওঁৰ কঁকালৰ তলৰ অংশ সাপ বা ঘঁৰিয়ালৰ লগত মিলে।[3][4]
উলূপী নাগৰাজ কৌৰব্যৰ জীয়ৰী। [5][6] কৌৰব্যই গংগা নদীৰ তলৰ সৰ্পৰাজ্যত ৰাজত্ব কৰিছিল। [7] উলূপী এগৰাকী প্ৰশিক্ষিত যোদ্ধা আছিল। [8]
পাণ্ডৱসকলৰ উমৈহতীয়া পত্নী দ্ৰৌপদীৰ লগত সময় কটাবলৈ ভাতৃসকলৰ লগত থকা চুক্তি উলংঘা কৰা বাবে অৰ্জুন বাৰবছৰৰ নিৰ্বাসনলৈ যাব লগাত পৰিল। ব্ৰাক্ষণৰ দলত সৈতে তেওঁ বৰ্তমান ভাৰতৰ উত্তৰ-পূব অঞ্চললৈ যায়। [9]
এদিন অৰ্জুনে গংগা নদীত স্নান কৰি থাকোঁতে তীব্ৰ চাকনৈয়াই তেওঁক তললৈ টানি লৈ যায়। [10] পাছত তেওঁ গম পায় যে নাগকন্যা উলূপীয়েহে মোহিত হৈ তেওঁক তললৈ টানি নিছিল। উলূপীয়ে তেওঁক কৌৰব্যৰ ৰাজ্যলৈ লৈ যায়। নিজ পৰিচয় দি উলূপীয়ে অৰ্জুনৰ সৈতে বিয়া হ'ব খোজে। অৰ্জুনে নিৰ্বাসনৰ সময়ত ব্ৰহ্মচৰ্য পালনৰ কথা কৈ এই প্ৰস্তাৱ নাকচ কৰে। কিন্তু উলূপীয়ে যুক্তি দিয়ে যে এই ব্ৰহ্মচৰ্য দ্ৰৌপদীৰ বাবেহে প্ৰযোজ্য। [11] সৈমান হৈ অৰ্জুনে উলূফিক বিয়া কৰায় আৰু তেওঁৰ সৈতে এটা ৰাতি কটায়।[12]তেওঁলোকৰ ইৰাৱান নামৰ এক পুত্ৰৰ জন্ম হয়। [7] উলূপীয়ে অৰ্জুনক বৰ দিয়ে যে পানীৰ তলৰ সকলো প্ৰাণী অৰ্জুনৰ বশ হ'ব আৰু পানীৰ তলত অৰ্জুন অজেয় হ'ব। [10][13]
কুৰুক্ষেত্ৰৰ যুদ্ধাত ফন্দী কৰি ভীষ্মক হত্যা কৰা বাবে ভীষ্মৰ ভাতৃ বসুসকলে অৰ্জুনক অভিশাপ দিয়ে।[14][15] উলূপীয়ে এই কথা শুনি পিতাক কৌৰব্যৰ সহায় ভিক্ষা কৰে। কৌৰব্য ভীষ্মৰ মাক গংগাৰ ওচৰলৈ গৈ এই অভিশাপৰ পৰা পৰিত্ৰাণ অনুৰোধ কৰে। তেতিয়া গংগাই কয় যে অৰ্জুন আৰু চিত্ৰাংগদাৰ পুত্ৰ বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু হ'ব আৰু উলূপীয়ে তেওঁৰ বুকুত নাগমণি ৰাখিলে জীৱন ঘূৰাই পাব। [15]
দেউতাকৰ পৰামৰ্শ মতে উলূপীয়ে বব্ৰুবাহনক অৰ্জুনৰ বিৰুদ্ধে যুদ্ধৰ বাবে প্ৰৰোচিত কৰে। [15] অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ পিছে পিছে অৰ্জুন মণিপুৰ ৰাজ্যত উপস্থিত হয়।[14] উলূপীৰ কথা মতে ৰজা বব্ৰুবাহনে অৰ্জুনৰ যুদ্ধৰ বাবে আহ্বান জনায়। অৱশেষৰ বব্ৰুবাহনৰ হাতত অৰ্জুনৰ মৃত্যু হয়।[16] চিত্ৰাংগদা উপস্থিত হৈ এই ঘটনাৰ বাবে উলূপীক ককৰ্থনা কৰে। [15] নিজ কৰ্মত অনুতপ্ত হৈ বব্ৰুবাহনে আত্মহত্যা কৰিব খোজে কিন্তু উলূপীয়ে বাধা দিয়ে। তেওঁ অৰ্জুনৰ বুকুত নাগমণি ৰখাত অৰ্জুনে জীৱন ঘূৰাই পায় আৰু বসুৰ অভিশাপৰ পৰাই মুক্ত হয়।[17] অৰ্জুন উলূপী, চিত্ৰাংগদা আৰু বব্ৰুবাহনক একেলগে দেখি সুখী হয় আৰু তেওঁলোকক হস্তিনাপুৰলৈ লৈ যায়। [15]
কলি যুগ আৰম্ভ হওঁতে অৰ্জুনৰ নাতি পৰীক্ষিতক ৰাজ্য গটাই পাণ্ডৱ আৰু দ্ৰৌপদী হিমালয়লৈ যাত্ৰা কৰে। উলূপী গংগা নদীৰ নিজ ৰাজ্যলৈ উভতি যায়।[18]