উৰ্জিত পেটেল | |
---|---|
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ | |
কাৰ্যকাল ৪ নৱেম্বৰ ২০১৬ – ১০ ডিচেম্বৰ ২০১৮ | |
পূৰ্বসূৰী | ৰঘূৰাম ৰাজন |
উত্তৰসূৰী | শক্তিকান্ত দাস |
ব্যক্তিগত তথ্য | |
জন্ম | ২৮ অক্টোবৰ, ১৯৬৩ (৬১ বছৰ) নাইৰবি, কেনিয়া |
ৰাষ্ট্ৰীয়তা | কেনিয়ান (২০১৩ লৈ), ভাৰতীয় (২০১৩ৰ পৰা) |
শিক্ষানুষ্ঠান |
|
স্বাক্ষৰ | ![]() |
উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ।[1] তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল। ডিপুটি গভৰ্ণৰ কালছোৱাত তেওঁ মুদ্ৰানীতি, অৰ্থনৈতিক নীতি আৰু গৱেষণা, পৰিসংখ্যা আৰু তথ্য ব্যৱস্থাপনা, জমা বীমা, গণসংযোগ আৰু তথ্য জনাৰ অধিকাৰ আদি ক্ষেত্ৰত অৱদান আগবঢ়াইছিল। ২০ আগষ্ট ২০১৬ তাৰিখে ৰঘূৰাম ৰাজনৰ কাৰ্যকাল শেষত তেওঁ ৰিজাৰ্ভ বেংকৰ পৰৱৰ্তী গভৰ্ণৰ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। ৪ ছেপ্টেম্বৰ ২০১৬ চনত ৰাজনৰ কাৰ্যকাল অন্ত পৰাত তেওঁ ৬ ছেপ্টেম্বৰ ২০১৬ তাৰিখে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ পদত অধিষ্ঠিত হয়।
২০১৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁ ব্যক্তিগত কাৰণত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰে।
উৰ্জিত পেটেলে লণ্ডন স্কুল অফ ইক'নমিক্সৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮৬ চনত তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল. আৰু ১৯৯০ চনত য়েল বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ আন্তৰ্জাতিক মুদ্ৰানিধিৰ ভাৰতীয় কাৰ্যালয়ত কৰ্মৰত আছিল। ২০০৯ চনত তেওঁ আমেৰিকাৰ ব্ৰুকিংছ ইনষ্টিটিউটৰ বিদেশী জেষ্ঠ ফেলোশ্বিপ লাভ কৰিছে।[2]
গুজৰাটৰ খেদা জিলাৰ মাহুধা তেওঁৰ পূৰ্বপুৰুষৰ গাওঁ।[3]
পিএইছডি সম্পূৰ্ণ কৰাৰ পিড উৰ্জিত পেটেলে আন্তৰ্জাতিক মুদ্ৰানিধিত কৰ্মজীৱনৰ পাতনি মেলে। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ তেওঁ আন্তৰ্জাতিক মুদ্ৰানিধিৰ আমেৰিকা, ভাৰত, বাহামা আৰু ম্যানমাৰৰ কাৰ্যালয়ত কৰ্মনিৰ্বাহ কৰিছিল। তাৰ পিছত ভাৰতীয় ৰিজাৰ্ভ বেংকত উপদেষ্টা ৰূপে যোগ দিয়ে। ইয়াত তেওঁ ঋণ বজাৰ, বেংকিং ক্ষেত্ৰৰ সংস্কাৰ, পেঞ্চন পুঁজি সংস্কাৰ, বাস্তৱ বিনিময় নিৰীখ আদি ক্ষেত্ৰত পৰামৰ্শদাতা হিচাপে কাম কৰিছিলম। তাৰ পিছত তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ ভাৰত চৰকাৰৰ বিত্ত বিভাগ আৰু অৰ্থনীতি বিভাগৰ উপদেষ্টা পদত অধিষ্ঠিত থাকে।[4] ২০০০ চনৰ পৰা ২০০৪ চনলৈ তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমিতিৰ লগত জড়িত আছিল।
২০০১৩ চনৰ ১১ জানুৱাৰীত তেওঁ তিনি বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদত নিযুক্তি লাভ কৰে।[5] এই কালছোৱাত তেওঁ মুদ্ৰানীতি ব্যৱস্থাত কেইবাটাও উল্লেখযোগ্য সংস্কাৰ সাধন কৰে।[6]
২০১৬ চনৰ ২০ আগষ্ট তাৰিখে তেওঁ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ পদত নিযুক্তি লাভ কৰে।[7] এই কালছোৱাত ভাৰত চৰকাৰে মহাত্মা গান্ধীৰ শ্ৰেণীৰ ১০০০ আৰু ৫০০ টকীয়া কাগজী মুদ্ৰাৰ বিমুদ্ৰাকৰণ কৰে। ক'লা ধন, দুৰ্নীতি, নকল নোট আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰিবলৈ এই ব্যৱস্থা হাতত লোৱা হৈছে।[8]