ঊষা | |
---|---|
সঙ্গী | সূৰ্য (দেৱতা)[1] |
সহোদৰ | ৰাত্ৰি (ভগ্নী) |
হিন্দু পাঠ্য | বেদ |
গ্ৰীক সমাৰ্থক | ইঅ'ছ |
ৰোমান সমাৰ্থক | অৰোৰা |
ঊষা(সংস্কৃত: उषस्) হিন্দু ধৰ্মৰ এগৰাকী বৈদিক পূৰ্বাহ্ণৰ দেৱী।[2][3] ঋকবেদৰ শ্লোকত দেৱীৰ উল্লেখ সঘনাই হোৱা দেখা যায়। ডেভিদ কিন্সলীৰ মতে, তেওঁ "ধাৰাবাহিকভাৱে তেওঁক পূৰ্বাহ্ণৰ সৈতে চিনাক্ত কৰা হয়, জগতলৈ দৈনন্দিন পোহৰৰ আগমনৰ সৈতে নিজকে প্ৰকাশ কৰা, নিপীড়নকাৰী অন্ধকাৰক খেদি পঠিওৱা, দুষ্ট দানৱক খেদি পঠিওৱা, সকলো জীৱনক জগাই তোলা, সকলো বস্তু স্থাপন কৰা দেৱী গতিশীল, সকলোকে নিজৰ কৰ্তব্য পালন কৰিবলৈ আগবঢ়াই দিয়ে।" [4] তেওঁ সকলো জীৱৰ জীৱন, কৰ্ম আৰু উশাহৰ প্ৰেৰণা, বিশৃংখলতা আৰু বিভ্ৰান্তিৰ শত্ৰু, হিন্দু ধৰ্মত ঋত নামৰ মহাজাগতিক আৰু নৈতিক ব্যৱস্থাৰ শুভ উত্তেজক।[4][5]
উষা ঋকবেদৰ আটাইতকৈ উচ্চ স্থানৰ দেৱী হ'লেও তিনিজন পুৰুষ বৈদিক দেৱতা অগ্নি, সোম আৰু ইন্দ্ৰৰ দৰে গুৰুত্বপূৰ্ণ বা কেন্দ্ৰীয় নহয়।[6] অৱশ্যে তেওঁ অন্যান্য প্ৰধান পুৰুষ বৈদিক দেৱতাৰ সমপৰ্যায়ৰ।[6][7] সোণৰ ৰঙা ঘোঁৰা বা গৰুৱে টানি অনা,[2] সোণৰ ৰথ বা এশ ৰথত উঠি আকাশৰ ওপৰেৰে যোৱা পথত[2] বৈদিক দেৱতা সূৰ্য্যৰ বাবে বাট মুকলি কৰি দিয়া এগৰাকী সুন্দৰকৈ সজ্জিত যুৱতী হিচাপে তেওঁক চিত্ৰিত কৰা হৈছে। সূৰ্যক তেওঁৰ স্বামী বা পুত্ৰ হিচাপে ভৱা হয়।[2][4][8] বেদৰ কিছুমান শ্লোক তেওঁৰ নামত উৎসৰ্গিত।[2][9][5] তেওঁৰ ভনীয়েক "নিশা" বা ৰাত্ৰি, ৰাতিৰ দেৱতা।[2]
বেদত ঊষা প্ৰভাতৰ বিশিষ্ট দেৱী। জোনছ আৰু ৰিয়ানৰ মতে তেওঁক সকলো সত্তাৰ বাবে জীৱন ৰঞ্জিত কৰা দেৱী, "সকলো জীৱনৰ জীৱন" আৰু "সকলো উশাহৰ উশাহ" হিচাপে চিত্ৰিত কৰা হৈছে।[2] প্ৰতিদিনে পৃথিৱীখনক সজীৱ কৰি তোলা, বিশৃংখলতা আৰু আন্ধাৰক আঁতৰাই পঠোৱা, সকলো বস্তুকে গতিশীল কৰা, সকলো জীৱকে বেদত নিজৰ কৰ্তব্য পালন কৰিবলৈ পঠোৱা দেৱতা হিচাপে তেওঁক শ্ৰদ্ধা কৰা হয়।[2][4]
ঋকবেদৰ অসংখ্য শ্লোকত ঊষাৰ উল্লেখ আছে।[10] ইয়াৰে চল্লিশটা পদত তেওঁৰ নামত উৎসৰ্গিত, আনহাতে তেওঁৰ নামৰ উল্লেখ অন্যান্য পদ সমূহতো পোৱা যায়।[11] ৭.৭৮, ৬.৬৪ আৰু ১০.১৭২ পদত আন্ধাৰ দূৰকৰোৱা বাবে দেৱীক ধন্যবাদ দিয়াৰ লগতে প্ৰশংসা কৰা হৈছে; ৩.৬১ নং শ্লোকত সূৰ্য্যই আহ্বান জনোৱা পোহৰ কঢ়িয়াই অনা আৰু ৮.৪৭ নং শ্লোকত দুষ্ট দানৱক খেদি পঠিয়োৱাৰ কথা উল্লেখ আছে।[7] ঋকবৈদিক শ্লোক ১.৪৮ত তেওঁক এশখন ৰথ টানি অনা বুলি বৰ্ণনা কৰা হৈছে, যিখন ৰথ পোহৰৰ দৈনিক আগমনৰ দ্বাৰা প্ৰকাশ পাইছে। এই পোহৰে সকলো গতিক জীৱনলৈ আৰু সকলো জীৱনক গতিশীল কৰি তোলে, মানুহক নিজৰ কৰ্তব্যৰ বাবে জগাই তোলে।[7][11] ১.৪৪, ৩.৬১[12] আৰু ৭.৭৫ নং শ্লোকত ঋতক শক্তি দিয়াৰ বাবে আৰু ১.১১৩ নং গীতত দৈনিক শৃংখলা পুনৰুদ্ধাৰ আৰু জগতখনলৈ ভাবুকি কঢ়িয়াই অনা বিশৃংখল শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক শ্ৰদ্ধা কৰা হৈছে।[7]
বৈদিক গ্ৰন্থত ঊষাক সোণৰ ৰঙা ঘোঁৰা বা গৰুৱে টানি অনা জিলিকি থকা ৰথত উঠি যোৱা, ৰত্নেৰে সজ্জিত এগৰাকী সুন্দৰী কুমাৰী, হাঁহিমুখীয়া আৰু অপ্ৰতিৰোধ্যভাৱে আকৰ্ষণীয়। যিয়ে তেওঁলৈ চোৱা সকলোলৈকে আনন্দ কঢ়িয়াই অনা বুলি বৰ্ণনা কৰা হৈছে।[5] দেৱীয়ে আন্ধাৰ দূৰ কৰাৰ উপৰি, লুকাই থকা ধন আৰু সত্যক প্ৰকাশ কৰে, পৃথিৱীখনক স্বৰূপত আলোকিত কৰে।[5] ৬.৬৪ পদত দেৱীক ধন আৰু পোহৰৰ সৈতে জড়িত কৰা হৈছে, আনহাতে ১.৯২ পদত দেৱীক গো মাতৃ" বুলি কোৱা হৈছে।[5] ১.১১৩ পদত তেওঁক "দেৱতাৰ মাতৃ" বুলি কোৱা হৈছে, আনহাতে ৭.৮১ পদত তেওঁক স্তুতি কৰা সকলো জীৱৰ মাতৃ বুলি উল্লেখ কৰা হৈছে।[7] তেওঁ অগ্নিকুণ্ডৰ দেৱী বুলি পদ ৬.৬৪ত উল্লেখ আছে।[5] দেৱী বাস্তৱৰ প্ৰতীক, সময়ৰ চিহ্নিতকাৰী আৰু সকলোৰে বাবে এক সোঁৱৰণী স্বৰূপ।" পৃথিৱীত জীৱন সীমিত" এই কথা তেওঁ সোঁৱৰাই দিয়ে।[7] পৃথিৱীৰ সকলো বস্তু যিদৰে আছে তেওঁ তেনেদৰেই দেখে। ৭.৭৫–৭৭ পদত দেৱীক দেৱতাসকলৰ চকু বুলি উল্লেখ কৰা হৈছে।[7][13]
ৰাত্ৰি (ৰাতি),[2][14] আদিত্যৰ ভগ্নী আৰু সাবিত্ৰী আৰু সূৰ্য্য দেৱতাৰ সৈতে ঘনিষ্ঠভাৱে ঘূৰি ফুৰা এগৰাকী হিচাপে তেওঁক বিভিন্ন ধৰণে উল্লেখ কৰা হৈছে।[7][11] বৰুণ (আকাশ, পানী) আৰু অগ্নি (জুই)ৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে।[5][13]