এ টি এম কাৰ্ড

MAC (Money Access Card)এ টি এম কাৰ্ড

এ টি এম কাৰ্ড কোনো বিত্তীয় প্ৰতিষ্ঠানে (অৰ্থাৎ বেংক আদি) প্ৰদান কৰা নিৰ্দিষ্ট পেমেণ্ট কাৰ্ড, যিয়ে গ্ৰাহকক নিজৰ আৰু আনৰ স্বয়ংক্ৰিয় টেলাৰ মেচিন (এ টি এম)ৰ জৰিয়তে তেওঁলোকৰ বিত্তীয় একাউণ্টত প্ৰৱেশ কৰিবলৈ সুবিধা দিয়ে আৰু, কিছুমান দেশত অনুমোদিত ক্ৰয় কেন্দ্ৰত খুচুৰা লেনদেন কৰিবলৈ দিয়া হয়। এ টি এম কাৰ্ড ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড নহয় যদিও বেছিভাগ ক্ৰেডিট আৰু ডেবিট কাৰ্ডেই এটিএম কাৰ্ড হিচাপেও কাম কৰিব পাৰে আৰু ২০১০ চনৰ পৰা বেংকে প্ৰদান কৰা কাৰ্ডৰ ইয়েই আটাইতকৈ সাধাৰণ উপায়।

এটিএম কাৰ্ড আকাৰ আৰু শৈলীৰ ফালৰ পৰা পেমেণ্ট কাৰ্ডৰ দৰে প্লাষ্টিক কাৰ্ড, য'ত এটা চুম্বকীয় ষ্ট্ৰাইপ বা এটা চিপ থকা প্লাষ্টিকৰ স্মাৰ্ট কাৰ্ড য'ত এটা অনন্য কাৰ্ড নম্বৰ আৰু কিছুমান সুৰক্ষা তথ্য যেনে, ম্যাদ উকলি যোৱাৰ তাৰিখ বা চিভিভিচি (চিভিভি) থাকে ইত্যাদি থাকে। এ টি এম কাৰ্ডক বিভিন্ন নামেৰে জনা যায়; যেনে বেংক কাৰ্ড, MAC (মানি এক্সেছ কাৰ্ড), ক্লায়েণ্ট কাৰ্ড, কী কাৰ্ড বা কেছ কাৰ্ড আদি। অন্যান্য পেমেণ্ট কাৰ্ড, যেনে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডেও এ টি এম কাৰ্ড হিচাপে কাম কৰিব পাৰে। চাৰ্জ আৰু proprietary কাৰ্ড এটিএম কাৰ্ড হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। এ টি এমত নগদ ধন উলিয়াবলৈ ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰক বিক্ৰীৰ লেনদেনৰ তুলনাত বেলেগ ধৰণেৰে গণ্য কৰা হয়, সাধাৰণতে নগদ ধন উলিওৱাৰ তাৰিখৰ পৰাই সুতৰ চাৰ্জে আকৰ্ষণ কৰে।

আন্তঃবেংকিং নেটৱৰ্কে কাৰ্ড প্ৰদান কৰা প্ৰতিষ্ঠানৰ বাহিৰে ব্যক্তিগত অপাৰেটৰ আৰু বিত্তীয় প্ৰতিষ্ঠানৰ এটিএমত এটিএম কাৰ্ড ব্যৱহাৰৰ অনুমতি দিয়ে। এটিএম কাৰ্ড আৰু ডেবিট কাৰ্ডৰ মাজৰ পাৰ্থক্য হ’ল, লেনদেন প্ৰক্ৰিয়াকৰণৰ বাবে ব্যৱহাৰ কৰা অন্তৰ্নিহিত নেটৱৰ্ক। কিছুমান ডেবিট কাৰ্ড নেটৱৰ্কে এটিএম কাৰ্ড নেটৱৰ্ক হিচাপে কাম আৰম্ভ কৰিছিল আৰু তাৰ পিছত পূৰ্ণাংগ ডেবিট কাৰ্ড নেটৱৰ্কলৈ বিকশিত হৈছিল য’ত eftpos সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে৷

এটিএম চাওক৷

১৯৬৭ চনত প্ৰথম লণ্ডনত বাৰ্কলেজে এটিএম কাৰ্ড প্ৰদান কৰে।[1]

এ টি এম কাৰ্ডৰ আকাৰ ৮৫.৬০ মিমি × ৫৩.৯৮ মিলিমিটাৰ (৩.৩৭০ ইঞ্চি × ২.১২৫ ইঞ্চি) আৰু ২.৮৮–৩.৪৮ মিলিমিটাৰ ব্যাসাৰ্ধৰ ঘূৰণীয়া চুক, ISO/IEC 7810#ID-1 অনুসৰি, অন্য পেমেণ্ট কাৰ্ডৰ দৰে একে আকাৰ, যেনে ক্ৰেডিট, ডেবিট আৰু অন্যান্য কাৰ্ড। ইয়াৰ উপৰিও ISO/IEC 7812 নম্বৰৰ মানদণ্ডৰ সৈতে মিল থকা এটা প্ৰিণ্ট কৰা বা এম্ব’ছ কৰা বেংক কাৰ্ড নম্বৰ থাকে।

ব্যৱহাৰ

[সম্পাদনা কৰক]

সকলো এটিএম কাৰ্ডক নূন্যতমভাৱে মেচিনৰ মালিকে গ্ৰাহকক নগদ ধন উলিওৱাৰ অনুমতি দিয়ে (যদি বেংকে চলোৱা মেচিন) আৰু যিকোনো এটিএম নেটৱৰ্কৰ সৈতে জড়িত কাৰ্ডৰ বাবেও মেচিনটো সংযুক্ত হৈ থাকে। তেওঁলোকে ধন উলিওৱাৰ পৰিমাণ আৰু মেচিনে লোৱা যিকোনো মাচুলৰ ৰচিদত ৰিপৰ্ট দিব। বেছিভাগ বেংক আৰু ক্ৰেডিট ইউনিয়নে বেংকৰ নিজৰ এটিএমত একাউণ্ট সম্পৰ্কীয় নিয়মীয়া বেংকিং লেনদেনৰ অনুমতি দিয়ে, য’ত জমা ধন, একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰা, একাউণ্টৰ মাজত ধন স্থানান্তৰ কৰা আদি অন্তৰ্ভুক্ত।

কিছুমান এ টি এম কাৰ্ড ব্যক্তিগত লেনদেনৰ বাবে চিনাক্তকৰণ কোনো শাখাতহে ব্যৱহাৰ কৰিব পাৰি৷

ষ্ট’ৰত ক্ৰয় বা ধন ঘূৰাই দিয়াৰ বাবে এটিএম কাৰ্ডৰ ব্যৱহাৰ কেৱল পূৰ্ব অনুমোদিত খুচুৰা বিক্ৰেতাৰ সৈতেহে অনুমতি দিয়া হৈছে, কিন্তু অনলাইন লেনদেনৰ বাবে নহয়।

টেলিফোন বা অনলাইন বেংকিঙৰ জৰিয়তে অন্য ধৰণৰ লেনদেনৰ বাবে ব্যক্তিগত প্ৰমাণীকৰণ অবিহনে এটিএম কাৰ্ডৰ সহায়ত এই কাম কৰিব পাৰি। ইয়াৰ ভিতৰত একাউণ্টৰ বেলেঞ্চৰ অনুসন্ধান, ইলেক্ট্ৰনিক বিল পৰিশোধ বা কিছুমান সীমিত ক্ষেত্ৰত অনলাইন ক্ৰয় আদি অন্তৰ্ভুক্ত।[2]

অপব্যৱহাৰ

[সম্পাদনা কৰক]

চুম্বকীয় ৰেখাযুক্ত কাৰ্ডৰ অবৈধ কপি বৃদ্ধি পোৱাৰ বাবে ইউৰোপীয় পেমেণ্ট কাউন্সিলে ২০০৩ চনত কাৰ্ড জালিয়াতি প্ৰতিৰোধ টাস্ক ফ’ৰ্চ গঠন কৰে, যিয়ে ২০১০ চনৰ শেষৰ ফালে সকলো এটিএম আৰু পিঅ’এছ এপ্লিকেচনক চিপ-এণ্ড-পিন সমাধান ব্যৱহাৰলৈ সলনি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে,[3] "কাৰ্ডৰ বাবে SEPA"[4]ই Maestro ডেবিট কাৰ্ডৰ পৰা চুম্বকীয় ষ্ট্ৰাইপৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Jarunee Wonglimpiyara, Strategies of Competition in the Bank Card Business (2005), p. 1-3.
  2. "Automated Teller Machines (ATMs): What You Need to Know" (en ভাষাত). Investopedia. https://www.investopedia.com/terms/a/atm.asp। আহৰণ কৰা হৈছে: 2021-12-06. 
  3. "EPC Card Fraud Prevention Forum - Agreement on new measures to fight card fraud" Archived 2011-07-22 at the Wayback Machine, 19. July 2010 by Cédric Sarazin
  4. "SEPA for Cards" Archived 2009-06-09 at the Wayback Machine, the SEPA Cards Framework and EPC Cards Standardisation Programme, accessed 06. August 2010