এ শ্ৰীকৰ প্ৰসাদ | |
---|---|
![]() এ শ্ৰীকৰ প্ৰসাদ | |
জন্ম | আক্কিনেনী শ্ৰীকৰ প্ৰসাদ ১২ মাৰ্চ, ১৯৬৩ (৬২ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
পেচা | চলচ্চিত্ৰ সম্পাদক |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩- বৰ্তমানলৈ |
আত্মীয়-স্বজন | এল ভি প্ৰসাদ (খুৰাক) এ ৰমেশ প্ৰসাদ (সম্বন্ধীয় ভাতৃ) |
ৱেবছাইট | |
www |
আক্কিনেনী শ্ৰীকৰ প্ৰসাদ (ইংৰাজী: Akkineni Sreekar Prasad ; জন্ম:১২ মাৰ্চ ১৯৬৩) এজন ভাৰতীয় চলচ্চিত্ৰ সম্পাদক।[1] তেওঁ মূলতঃ তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত কাম কৰিছে। তেওঁ অসংখ্য বঁটা লাভ কৰিছে, যাৰ ভিতৰত উল্লেখনীয়- ৮টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ৫টা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা আৰু ২টা নন্দী বঁটা। বিভিন্ন ভাষাৰ ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে লিমকা বুক অফ ৰেকৰ্ডচত বছৰটোৰ ব্যক্তি-২০১৩ হিচাপে তেওঁৰ নাম অন্তৰ্ভূক্ত হৈছে।[2][3] তেওঁ লিমকা বুক অফ ৰেকৰ্ডচৰ সকলোতকৈ অধিক ভাষাত চলচ্চিত্ৰ সম্পাদনা কৰাৰ কৃতিত্বৰো অধিকাৰী। তেওঁ অসমীয়াকে ধৰি ১৭টাতকৈও অধিক ভাষাৰ ছবি সম্পাদনা কৰিছে।[4]
এটা তেলেগুভাষী পৰিয়ালত শ্ৰীকৰ প্ৰসাদৰ জন্ম হৈছিল। তেওঁৰ দেউতাক তেলেগু চলচ্চিত্ৰৰ শীৰ্ষস্থানীয় ব্যক্তি এল ভি প্ৰসাদৰ ভাতৃ, চলচ্চিত্ৰ সম্পাদক তথা পৰিচালক আক্কিনেনী সঞ্জীৱী।[5] শ্ৰীকৰ প্ৰসাদ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ সাহিত্যৰ স্নাতক আছিল। তেওঁ দেউতাকৰ পৰা চলচ্চিত্ৰ সম্পাদনাৰ কলা-কৌশল শিকিছিল।[6] যদিও তেওঁ তেলেগু চলচ্চিত্ৰৰে কৰ্মজীৱনৰ পাতনি মেলিছিল, মালায়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰৰ যোগে ৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিলাভ কৰিছিল। দুই দশকজোৰা কৰ্মজীৱনত তেওঁ সাতটাকৈ শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে এটা বিশেষ জুৰী বঁটা (পূৰ্ণদৈৰ্ঘ্য ছবি) লাভ কৰিছে।[7] তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি হ’ল- য়োদ্ধা (১৯৯২), নিৰ্ণায়ম (১৯৯৫), ৰাগ-বিৰাগ (১৯৯৬) বানপ্ৰস্থম (১৯৯৯), আলায়পালুথে (২০০০), দিল চাহতা হ্যায় (২০০১), কান্নাথিল মুথুমিট্টল (২০০২), ওক্কাডু (২০০৩), আয়থা এঝুথু (২০০৪), নৱৰস (২০০৫), গুৰু (২০০৭), বিল্লা (২০০৭), ফিৰাক (২০০৮), তলৱাৰ (২০১৫) আদি।
শ্ৰীকৰ প্ৰসাদে বহুকেইখন অসমীয়া আৰু অসমৰ জনজাতীয় ভাষাত নিৰ্মাণ কৰা চলচ্চিত্ৰৰ সম্পাদনাৰ কাম কৰিছিল। সেইবোৰ হ’ল:
|
|