এংকৰ থম (ক্ষ্মেৰ: អង្គរធំ; অৰ্থ "মহান নগৰ"), বা নকৰ থম (ক্ষ্মেৰ: នគរធំ), বৰ্তমানৰ কম্বোডিয়াত থকা ক্ষ্মেৰ সাম্ৰাজ্যৰ শেষৰখন আৰু সৰ্বাধিক কাল বৰ্তি থকা ৰাজধানী চহৰ। ইয়াক দ্বাদশ শতিকাৰ শেষৰফালে ৰজা ৭ম জয়বৰ্মণে স্থাপন কৰিছিল।[1]:৩৭৮–৩৮২[2]:১৭০ ই প্ৰায় ৯ বৰ্গ কিলোমিটাৰ এলেকা জুৰি আছে। এই এলেকাটোৰ ভিতৰত জয়বৰ্মণ আৰু তেওঁৰ পৰৱৰ্তী শাসকসকলে স্থাপন কৰা কীৰ্তিচিহ্নৰ লগতে ইয়াৰ পূৰ্বৰ কালছোৱাৰো বহুসংখ্যক কীৰ্তিচিহ্ন আছে। নগৰখনৰ সোঁমাজতে জয়বৰ্মণৰ ৰাজ্যিক মন্দিৰ বেয়ন অৱস্থিত। এই স্থান দক্ষিণ-পূব এচিয়াৰ এক উল্লেখনীয় পৰ্যটন স্থলী।
এংকৰ থম (ক্ষ্মেৰ: អង្គរធំ) হৈছে আন এক বিকল্প নাম নকৰ থমৰ (ইংৰাজী: នគរធំ) পৰা ৰূপান্তৰিত নাম আৰু এই নামকহে সঠিক বুলি বিশ্বাস কৰা হয়। নকৰ শব্দটো আক্ষৰিক অৰ্থত সংস্কৃত শব্দ নগৰৰ পৰা উদ্ভৱ হৈছে। বৃহৎ বা মহান বুজোৱা ক্ষ্মেৰ শব্দ থমৰ সৈতে সংযুক্ত হৈ ই নকৰ থম হয় যদিও পিছলৈ অপভ্ৰংশ হৈ বৰ্তমানৰ নাম এংকৰ থমলৈ সলনি হয়।[3]
সপ্তম জয়বৰ্মণৰ সাম্ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা হোৱা এংকৰ থম তেওঁৰ বৃহৎ নিৰ্মাণ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু আছিল। চহৰখনত পোৱা এক শিলালিপিত জয়বৰ্মণক বৰ আৰু চহৰখনক তেওঁৰ কন্যা বুলি উল্লেখ কৰা হৈছে।[4]:১২১
অৱশ্যে এই স্থানৰ প্ৰথম ক্ষ্মেৰ ৰাজধানী নহয় যেন লাগে। তিনি শতিকাৰ আগৰ যশোধৰাপুৰাৰ কেন্দ্ৰবিন্দু আছিল অলপ উত্তৰ-পশ্চিমে আৰু এংকৰ থমে ইয়াৰ কিছু অংশ সামৰি লৈছিল। চহৰৰ ভিতৰত পূৰ্বৰ আটাইতকৈ উল্লেখযোগ্য মন্দিৰসমূহ হ'ল বাফুঅ'নৰ পূৰ্বৰ ৰাজ্যিক মন্দিৰ, আৰু ৰাজকীয় প্ৰাসাদত অন্তৰ্ভুক্ত হোৱা ফিমেনাকাছ। ক্ষ্মেৰসকলে এংকৰ থম আৰু যশোধৰাপুৰাৰ মাজত কোনো স্পষ্ট প্ৰভেদ অংকন কৰিব পৰা নাছিল; আনকি ১৪ শতিকাতো এটা শিলালিপিত পূৰ্বৰ নামটো ব্যৱহাৰ কৰা হৈছিল।[4]:১৩৮
ষোড়শ শতিকাৰ পৰাই এংকৰ থমৰ নাম প্ৰচলিত আছিল। এংকৰ থমত নিৰ্মাণ হোৱা বুলি জনা শেষ মন্দিৰটো আছিল মংগলৰ্থ আৰু ইয়াক ১২৯৫ চনত উৎসৰ্গা কৰা হৈছিল। তাৰ পিছত বৰ্তমানৰ গাঁঠনিসমূহ সময়ে সময়ে সংশোধন কৰা হৈছিল যদিও এইসমূহ অস্থাৱৰ সামগ্ৰীৰে নিৰ্মিত আছিল আৰু বৰ্তমান বৰ্তি থকা নাই।
ৰজা দ্বিতীয় বৰমৰাচাথিৰাটৰ নেতৃত্বত আয়ুথায়া ৰাজ্যই এংকৰ থম জয় কৰে, যাৰ ফলত পনহেয়া য়াটৰ অধীনত থকা ক্ষ্মেৰসকলে নিজৰ ৰাজধানী দক্ষিণ-পূব দিশলৈ ফ্নম পেনলৈ স্থানান্তৰিত হ'বলৈ বাধ্য হয়।[5]:২৯
১৬০৯ চনৰ আগতেই কোনোবা এটা সময়ত এংকৰ থম পৰিত্যক্ত হৈছিল। এজন পশ্চিমীয়া পৰিদৰ্শকে এই ঠাইত এখন বসতিহীন চহৰৰ বিষয়ে লিখিছিল, "প্লেটোৰ আটলাণ্টিছৰ দৰে কল্পনাতীত।" [4]:১৪০ ইয়াত ৮০,০০০–১৫০,০০০ লোকৰ জনসংখ্যা আছিল বুলি বিশ্বাস কৰা হয়।
এংকৰ থম বেয়ন শৈলীত নিৰ্মিত।[6] এই কথা বৃহৎ পৰিসৰত লেটাৰাইটৰ ব্যাপক ব্যৱহাৰ,[7] চহৰৰ প্ৰতিখন প্ৰৱেশদ্বাৰৰ মুখৰ স্তম্ভত আৰু প্ৰতিটো স্তম্ভৰ লগত থকা নাগ ধাৰণ কৰি থকা বিশাল মূৰ্তিত প্ৰকাশ পায়।