একচেটীয়া বজাৰ বা একাধিকাৰ বজাৰ (ইংৰাজী: Monopoly) এনে এখন বজাৰ য'ত কেৱল এটি মাথো উৎপাদকে পণ্যটো উৎপাদন কৰে আৰু বৃহৎ সংখ্যক উপভোক্তাক বিক্ৰী কৰে।[1] বিশেষভাৱে, এই সংজ্ঞাই নিভাঁজ একাধিকাৰক বুজায়। এনে বজাৰত উৎপাদকটোৰ কোনো প্ৰতিযোগী নাথাকে, আৰু সেয়েহে, উৎপাদকে সমগ্ৰ বজাৰৰ চাহিদাকে নিজে উৎপাদন কৰা সামগ্ৰীৰ চাহিদা বুলি গণ্য কৰে। একচেটীয়া বজাৰত উৎপাদকজন মূল্যৰ নিৰ্ধাৰক।[2] সেইবাবে একচেটীয়া বজাৰ পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ একেবাৰেই বিপৰীত।[3] এই দুই বিপৰীত মেৰুত অৱস্থিত বজাৰ ব্যৱস্থাৰ মাজত আহে স্বল্প বিক্ৰেতাৰ বজাৰ,[4] একাধিকাৰ প্ৰতিযোগী বজাৰ[5] ইত্যাদি।
একচেটীয়া বজাৰৰ উদয় বিভিন্ন কাৰণত হ'ব পাৰে, যাক কোৱা হয় প্ৰৱেশৰ বাধা। এনে কিছু প্ৰৱেশৰ বাধা হ'ল, পেটেণ্ট অধিকাৰ, চৰকাৰী নিয়ম, সেই খণ্ডত ব্যৱসায় আৰম্ভ কৰাৰ উচ্চ দাম ইত্যাদি।[6] কোনো কোনো ক্ষেত্ৰত প্ৰৱেশৰ প্ৰাকৃতিক বাধা থাকে: যেনে বৃহৎ পৰিমাণৰ উৎপাদন কৰিলে প্ৰতি একক খৰচ ভালেমান হ্ৰাস হোৱা। তেনে একচেটীয়া বজাৰক প্ৰাকৃতিক একচেটীয়া বজাৰ বোলে।[7]
একেচেটীয়া বজাৰত সাধাৰণতে পণ্যটোৰ মূল্য আন বজাৰতকৈ অধিক হয়, আৰু মুঠ বিক্ৰী কৰা পৰিমাণ কম হয়। কল্যাণ অৰ্থনীতিৰ প্ৰথম মৌলিক উপপাদ্যৰ মতে, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত উমৈহতীয়া কল্যাণ সৰ্বাধিক হয়। সেয়েহে, তেনে বজাৰতকৈ কম বিক্ৰী হোৱা যিকোনো বজাৰ, যেনে একচেটীয়া বজাৰত, বিক্ৰেতা আৰু গ্ৰাহক দুয়োৰে কল্যাণ যোগ কৰিলে, মুঠ কল্যাণ কম হয়। ইয়াক deadweight loss বোলা হয়।[8]
একচেটীয়া বজাৰৰ বাবে হোৱা কল্যাণৰ ক্ষতিক চৰকাৰী নীতিৰে কিছু পৰিমাণে সোধৰাব পৰা যায়। এটি সাম্ভাৱ্য সমাধান হ'ল উৎপাদকক উৎপাদনৰ বাবে ৰাজসাহায্য প্ৰদান কৰা, যাতে উৎপাদন বৃদ্ধি হয়। আন এক সমাধান হ'ল উৎপাদকক ভিন ভিন গ্ৰাহকৰ পৰা ভিন ভিন মূল্য আদায় কৰাৰ অনুমতি প্ৰদান কৰা। ইয়াক মূল্য বৈষম্য বোলা হয়। অন্যথা চৰকাৰে একচেটীয়া বজাৰৰ উৎপাদকটোক বহুখণ্ডিত কৰি একচেটীয়া বজাৰখনক স্বল্প বিক্ৰেতাৰ বজাৰলৈ ৰূপান্তৰিত কৰিব পাৰে। এনে কৰা হয় প্ৰতিযোগিতা আইনৰ মাধমেৰে। প্ৰতিযোগিতা আইনে একচেটীয়া বজাৰ ভঙাতেই নহয়, এনে বজাৰ সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰাতো সহায় কৰে।
একচেটীয়া বজাৰৰ অস্তিত্বৰ বাবে বৰ্তমানে অস্তিত্বত থকা উৎপাদকৰ বাহিৰে আন উৎপাদকৰ বজাৰত প্ৰৱেশ অসম্ভৱ হ'ব লাগিব। তেনে হ'ব পাৰে প্ৰৱেশৰ বাধাৰ বাবে।[9] প্ৰৱেশৰ বাধা হ'ল এনে কিছু অৱস্থা যাৰ বাবে নতুন বিক্ৰেতাৰ সেই বজাৰত উৎপাদন আৰু বিক্ৰী কৰাৰ খৰচ ইমান অধিক হৈ পৰে যে সেই বিক্ৰেতাই তেনে কৰাতকৈ বজাৰত প্ৰৱেশ নকৰাকে অধিক লাভজনক জ্ঞান কৰে। প্ৰৱেশৰ বাধা এটি স্থায়ী ব্যয়, অৰ্থাৎ, উৎপাদন কৰা হওক বা নহওক, এই ব্যয় বিক্ৰেতাই কৰিব লাগিবই। সেয়েহে এনে পৰিস্থিতিত উৎপাদকে কেৱল কিছু সময়ৰ বাবে উৎপাদন শূন্যই নকৰে, বৰং উৎপাদনৰ ব্যৱস্থাকে ত্যাগ কৰে।[10] এই স্থায়ী ব্যয় বৰ্তমানে বজাৰত অস্তত্বত থকা বিক্ৰেতাজনে নাইবা দিব নালাগে, নহ'লে খুব কম পৰিমাণত দিব লাগে।
১৯৫০ৰ পাছৰে পৰা অনেক অৰ্থনীতিবিদে প্ৰৱেশৰ বাধাৰ কেইবাটাও সংজ্ঞা আগবঢ়াইছে, যাৰ বাবে এই ধাৰণাৰ নিশ্চিত অৰ্থ ভিন্ন উপলক্ষত ভিন্ন হ'ব পাৰে।[10][11][12] মেকাফি, মিয়ালন আৰু ৱিলিয়ামছে ৭ এনে সংজ্ঞা তালিকাভুক্ত কৰিছিল, যি হ'ল:[13]
প্ৰৱেশৰ বাধা বৰ্তমানে অস্তিত্বত থকা বিক্ৰেতাৰ নতুন বিক্ৰেতাৰ ওপৰত সেই সুবিধা যাৰ মাপ হ'ল ই নিজৰ পণ্যৰ মূল্য পূৰ্ণ প্ৰতিযোগিতাৰ স্তৰতকৈ কিমান বৃদ্ধি কৰিব পাৰে নতুন উৎপাদকক প্ৰৱেশৰ বাবে লালসিত নকৰাকৈ (বেইন, ১৯৫৬)।
প্ৰৱেশৰ বাধা উৎপাদনৰ কিছু বা সকলো স্তৰতেই ব্যয় কৰিবলগীয়া খৰচ যি নতুন বিক্ৰেতাই কৰিবলগীয়া হয় কিন্তু বৰ্তমানৰ বিক্ৰেতাই কৰিবলগীয়া নহয় (ষ্টিগলিটজ, ১৯৬৮)।
প্ৰৱেশৰ বাধা এনে উপাদান যিয়ে নতুন বিক্ৰেতাৰ প্ৰৱেশক লোকচানজনক কৰে আৰু বৰ্তমানৰ বিক্ৰেতাক প্ৰান্তীয় ব্যয়তকৈ অধিক মূল্য নিৰ্ধাৰিত কৰি একাধিকাৰ লাভ অৰ্জন কৰাৰ সুযোগ প্ৰদান কৰে (ফেৰ্গুছন, ১৯৭৪)।
প্ৰৱেশৰ বাধা এনে যিকোনো উপাদান যিয়ে প্ৰৱেশ ৰখাই তেনে অৱস্থাত যেতিয়া প্ৰৱেশে সামাজিক কল্যাণ বৃদ্ধি কৰিব পাৰে (ফিচাৰ, ১৯৭৯)।
প্ৰৱেশৰ বাধা এনে ব্যয় যি নতুন বিক্ৰেতাই কৰিবলগীয়া হয় কিন্তু বৰ্তমানৰ বিক্ৰেতাই কৰিবলগীয়া নহয়, আৰু যিয়ে সম্পদৰ সামাজিক বিতৰণক বিকৃত কৰে (ভন ৱেইজচেকাৰ, ১৯৮০)।
প্ৰৱেশৰ বাধা এনে ভাড়া যি বজাৰত অস্তিত্বৰ পৰা পোৱা যায় (গিলবাৰ্ট, ১৯৮৯)।
প্ৰৱেশৰ বাধা এনে যিকোনো উপাদান যাৰ বাবে কোনো ব্যৱসায়ীয়ে মুহূৰ্ততে এটি ব্যৱসায় তৈয়াৰ কৰি ল'ব নোৱাৰে। দীৰ্ঘম্যাদী প্ৰৱেশ বাধাৰ ক্ষেত্ৰত ই এনে এক ব্যয় যি নতুন বিক্ৰেতাই দিব লগা হয় কিন্তু বৰ্তমানে অস্তিত্বত থকা বিক্ৰেতাই দিব লগা নহয় (বা প্ৰৱেশৰ সময়ত দিবলগীয়া হোৱা নাছিল) (কাৰ্লটন আৰু পেৰফ, ১৯৯৪)।
প্ৰৱেশৰ বাধা কেইবাপ্ৰকাৰৰো হ'ব পাৰে। প্ৰাথমিক বাধা এনে বাধা যি নিজেই প্ৰৱেশত এক ব্যয় আৰোপ কৰে। তাৰ বিপৰীতে, আনুষংগিক বাধা এনে এক বাধা যি নিজেই প্ৰৱেশত ব্যয় আৰোপ নকৰে, কিন্তু আন প্ৰাথমিক বাধাক অধিক ফলপ্ৰসু কৰি তুলে।[10] প্ৰৱেশৰ বাধাক আন ৰূপতো ভাগ কৰিব পৰা যায়। গাঁথনিগত বা নিৰীহ বাধা এনে যি কোনো উদ্যোগৰ ব্যয়ৰ গুণাগুণৰ বাবে উদয় হয়। আনটো প্ৰকাৰ হ'ল কৌশলগত বা ব্যৱহাৰ বাধা।[14]
স্থায়ী ব্যয়ৰ অস্তিত্বই বিক্ৰেতাক দুটা পৃথক প্ৰশ্নৰ উত্তৰ দিবলৈ বাধ্য কৰে: বজাৰত সোমোৱা উচিত নে, আৰু বজাৰত সোমালে কিমান উৎপাদন কৰা উচিত আৰু কিমান দামত? ধৰি লওক যদি বিক্ৰেতা বজাৰত প্ৰৱেশ কৰে, তেন্তে সৰ্বোচ্চ সাম্ভাৱ্য লাভ হ'ব । বজাৰত প্ৰৱেশ কৰিবলৈ স্থায়ী ব্যয় কৰিবলগীয়া হয় । যদি লাভ বৃহদায়িত কৰা পৰিমাণ , ৰাজহ আৰু পৰিৱৰ্তনশীল খৰচ, তেন্তে । এই তথ্যৰ সৈতে, তেওঁ এই নিৰ্ণয় ল'ব লাগে যে বজাৰত প্ৰৱেশ কৰিব লাগে নে নালাগে। তেওঁ বজাৰত তেতিয়াহে প্ৰৱেশ কৰা উচিত যেতিয়া । আনহাতে, ইতিমধ্যে বজাৰত থকা বিক্ৰেতাৰ বাবে নিৰ্ণয় কৰাৰ চৰ্ত কিছু পৃথক। বজাৰ ত্যাগ কৰিব লাগে নে নালাগে সেই কথা নিৰ্ভৰ কৰিব এই কথাৰ ওপৰত যে এই খৰচ নিমগ্ন খৰচ নে পুনৰুদ্ধাৰ কৰিব পৰা খৰচ।[15] যদি , তেন্তে বজাৰ ত্যাগ কৰা অনুচিত। যদি , কিন্তু স্থায়ী ব্যয় পুনৰুদ্ধাৰ কৰিব পৰা যায়, তেন্তে বজাৰ ত্যাগ কৰা উচিত। কাৰণ বজাৰত থাকিলে ঋণাত্মক লাভ হ'ব, আৰু বজাৰ ত্যাগ কৰি স্থায়ী খৰচ পুনৰুদ্ধাৰ কৰিলে লাভ ০ হ'ব। যদি , স্থায়ী ব্যয় নিমগ্ন আৰু , তেন্তে বজাৰ ত্যাগ কৰা উচিত কাৰণ বজাৰ ত্যাগ কৰিলে কেৱল যি খৰচ হৈছিল সেয়াই, কিন্তু বজাৰত থাকিলে তাতকৈও অধিক খৰচ হৈ ৰ মূল্য তকৈও কম হ'ব। অৱশেষত যদি , স্থায়ী ব্যয় নিমগ্ন কিন্তু , তেন্তে বজাৰতে থকা উচিত, কাৰণ সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰিব পৰা নগ'লেও, অন্ততঃ উৎপাদন বিক্ৰীৰে আংশিকভাৱে উদ্ধাৰ কৰি ৰ মূল্য তকৈ অধিক হৈছেগৈ।
একাধিকাৰ বজাৰত বিক্ৰী হোৱা পণ্যৰ কোনো নিকট বিকল্প নাথাকে, অন্যথা বিক্ৰেতাই মূল্য বৃদ্ধি কৰিলে কোনো কোনো উপভোক্তাই এই সামগ্ৰীৰ ঠাইত অন্য সামগ্ৰী ক্ৰয় কৰিব, আৰু সেয়েহে এই বজাৰৰ বিক্ৰেতাই আন বজাৰৰ বিক্ৰেতাৰ মূল্য আদি মনত ৰাখিহে নিজৰ মূল্য নিৰ্ধাৰণ কৰিবলগীয়া হ'ব। তেনে অৱস্থাক একাধিকাৰ প্ৰতিযোগী বজাৰ[5] বুলিহে জনা যায়, একচেটীয়া বজাৰ বুলি নহয়। তেনে অৱস্থাত তেনে আটাইকেইখন বজাৰ পৰস্পৰ পৰস্পৰৰ সৈতে সংলগ্ন হ'ব, আৰু সিহঁতক একেলগে অধ্যয়ন কৰিব লাগিব।
আন বজাৰৰ দৰেই, একচেটীয়া বজাৰতো নিৰ্ণয়গ্ৰহণকাৰী দুই প্ৰকাৰৰ থাকে: বিক্ৰেতা আৰু ক্ৰেতা। ক্ৰেতা হ'ল দিয়া হোৱা পণ্যৰ উপভোক্তা। উপভোক্তাই যেতিয়া নিজ ইচ্ছা মতে উপভোগ কৰিব পাৰে, তেতিয়া তেওঁ সাম্যাৱস্থা লাভ কৰে। ঠিক তেনেদৰেই, লাভ বৃহদায়িত হ'লে বিক্ৰেতাই সাম্যাৱস্থা লাভ কৰে। যেতিয়া বজাৰত প্ৰত্যেক নিৰ্ণয়কৰ্তাই সাম্যাৱস্থা লাভ কৰে, তেতিয়া বজাৰখনে সাম্যাৱস্থা লাভ কৰে। তেনে হয় যেতিয়া যোগান আৰু চাহিদাৰ পৰিমাণ সমান হয়।
একচেটীয়া বজাৰতো পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ দৰেই বৃহৎ সংখ্যক ক্ৰেতা থাকে। সেয়েহে, তাৰ দৰেই এই বজাৰতো চাহিদা ৰেখা তলমুৱা: মূল্য বৃদ্ধি হ'লে চাহিদা কমি আহে।[16] যদি পণ্যটোৰ মূল্য, আৰু সেই মূল্য়ত চাহিদাৰ পৰিমাণ, তেন্তে এটি হ্ৰাসমান ফলন। তদুপৰি, সাধাৰণতে ধৰি লোৱা হয়, সুবিধাৰ বাবে, যে ই এটি নিৰন্তৰ ফলন।[17]
একচেটীয়া বজাৰত কেৱল এটা উৎপাদক থাকে। সেয়ে বজাৰৰ চাহিদাৰ আটাইখিনিয়েই সেই একমাত্ৰ উৎপাদকে উৎপাদন কৰা সামগ্ৰীৰ চাহিদা। সেয়েহে, পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ বিপৰীতে, একচেটীয়া বজাৰত উৎপাদকে বজাৰৰ মূল্য দিয়া হোৱা বুলি ধৰি ল'ব নোৱাৰে। এনে বজাৰত উৎপাদক মূল্য নিৰ্ধাৰক: তেওঁ নিজেই বজাৰৰ মূল্য নিৰ্ধাৰণ কৰে।[2] উৎপাদকৰ ৰাজহ ফলন হ'ল, । যদি প্ৰতিলোম চাহিদা ফলন, তেন্তে, । ধৰি লওক পৰিমাণ উৎপাদন কৰিবলৈ উৎপাদকে সৰ্বনিম্ন খৰচ কৰিবলগীয়া হয় (ই উৎপাদকৰ ব্যয় ফলন), তেন্তে উৎপাদকৰ লাভ ফলন হ'ল । সেয়ে, একচেটীয়া বজাৰত উৎপাদকৰ সাম্যাৱস্থাৰ পৰিমাণ হ'ল:[18]
সাধাৰণতে ধৰি লোৱা হয় যে বৰ্ধমানভাৱে দুবাৰ অৱকলনক্ষম আৰু উত্তল। এনে অৱস্থাত এই কথা প্ৰমাণ কৰিম পৰা যায় যে উপৰ্যুক্ত পৰিমাণৰ অস্তিত্ব আছে আৰু যে ই অনন্য।[19] তদুপৰি উপৰ্যুক্ত পৰিমাণে তলত দিয়া চৰ্ত পূৰ্ণ কৰিলেই লাভ বৃহদায়িত হয়:
ধৰি লওক পৰিমাণ ত প্ৰতিলোম চাহিদা ফলনৰ স্থিতিস্থাপকতা, তেন্তে, । এই সমীকৰণ ব্যৱহাৰ কৰি উপৰ্যুক্ত সাম্যাৱস্থাৰ চৰ্তৰ পৰা আমি পাওঁ[18]
যিহেতু মূল্য আৰু প্ৰান্তীয় ব্যয় দুয়োৱে ঋণাত্মক নহয়, উপৰ্যুক্ত অসমতা সন্তুষ্ট কৰাৰ এটাই উপায় আছে, যি হ'ল । অৰ্থাৎ, কোনো একাধিকাৰী উৎপাদকে কেতিয়াও বজাৰৰ সেই অৱস্থাত উৎপাদন সমাপ্ত নকৰে য'ত চাহিদা অস্থিতিস্থাপক।
ওপৰৰ বিশ্লেষণত বিক্ৰেতাই সকলো গ্ৰাহককে সমান মূল্যত পণ্য বিক্ৰী কৰিবলগীয়া হৈছিল। তাৰ বিপৰীতে, যদি বিক্ৰেতাই প্ৰত্যেক গ্ৰাহকৰ পৰা ভিন্ন মূল্য লাভ কৰিব পাৰে, আৰু বিক্ৰেতাই প্ৰত্যেক গ্ৰাহকৰ প্ৰতিলোম চাহিদা ফলন জানে, তেন্তে আমি প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্য বা নিভাজ মূল্য বৈষম্য পাওঁ।[20] এনে কৰিবলৈ, ধৰি লওক বিক্ৰেতাই প্ৰত্যেক গ্ৰাহক ক এটি মানি-লওক-বা-এৰি-দিয়ক প্ৰস্তাৱ আগবঢ়ায়, এনে ৰূপৰ: । অৰ্থাৎ প্ৰস্তাৱ অনুযায়ী পৰিমাণ দামত লওক, বা শুদা হাতৰ সৈতে গুচি যাওক। যদি গ্ৰাহকজনৰ উপযোগিতা ফলন , য'ত পণ্যটোৰ পৰিমাণ আৰু ধন, তেন্তে গ্ৰাহকে এই প্ৰস্তাৱ তেতিয়াহে স্বীকাৰ কৰিব যেতিয়া । সেয়ে, লাভ বৃহদায়ন কৰিব বিচৰা বিক্ৰেতাই চয়ন কৰিব, ক্ৰেতাৰ উদ্বৃত্ত ০ হ'ব আৰু বিক্ৰেতাই সকলো উদ্বৃত্ত লাভ কৰিব। এনে অৱস্থাত কিছু চৰ্ত পূৰ্ণ হ'লে উৎপাদকে পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত যিমান উৎপাদন হ'ব, সিমানেই উৎপাদন কৰিব।[21] এই কথা চাবলৈ ধৰি লওক ক্ৰেতাৰ আৰম্ভণিতে পৰিমাণত পণ্যটো আছিল আৰু পৰিমাণত ধন আছিল। উৎপাদকৰ ওচৰত আৰম্ভণিতে একোৱেই নাই। তেন্তে উৎপাদকৰ চয়ন সমস্যা হ'ল:
এই সমস্যাৰ সমাধানৰ প্ৰথম শ্ৰেণীৰ চৰ্ত হ'ল:
এই চৰ্তদ্বয়ৰ পৰা আমি পাওঁ
যদি উৎপাদকে এনে ধৰণৰ প্ৰাচলিক মূল্য সদিশ পায়:
তেন্তে, যদি উপভোক্তাৰ ওচৰত আৰম্ভণিতে পৰিমাণত পণ্যটো আছিল আৰু পৰিমাণত ধন আছে, তেন্তে উৎপাদকৰ চয়ন সমস্যা হ'ব এনে ধৰণৰ:
এই ক্ষেত্ৰত পূৰ্ণ প্ৰতিযোগিতাৰ উৎপাদকেও এই উৎপাদন কৰিব, যি একচেটীয়া বজাৰৰ সমান। এই সমস্যাৰ সমাধানৰ অস্তিত্ব কল্যাণ অৰ্থনীতিৰ দ্বিতীয় মৌলিক উপপাদ্যই নিশ্চিত কৰে। এই কথা মন কৰিবলগীয়া যে এনে হৈছে কেৱল কিছু বিশেষ পৰিস্থিতিতহে: যেতিয়া উপভোক্তাৰ ওচৰত আৰম্ভণিতে পৰিমাণত পণ্যটো আছিল আৰু পৰিমাণত ধন আছে ইত্যাদি। কিন্তু যদি আয় প্ৰভাৱ নাথাকে, তেন্তে এই কথা নিশ্চিত হ'ব যে একচেটীয়া বজাৰতো সদায় পূৰ্ণ প্ৰতিযোগিতাৰ সমানেই উৎপাদন হ'ব। এনে হ'ব যেতিয়া উপভোক্তাৰ উপযোগিতা ফলন অৰ্ধ-ৰৈখিক: । এনে ক্ষেত্ৰত , আৰু সেয়ে ওপৰৰ সাম্যাৱস্থাৰ চৰ্ত হ'বগৈ
এই চৰ্তই পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰো সাম্যাৱস্থাৰ চৰ্ত।[22]
প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্য সাধাৰণতে বাস্তৱ জগতত দেখা নাযায়, যিহেতু বিক্ৰেতাৰ ওচৰত গ্ৰাহকৰ উপযোগিতা ফলনৰ সঠিক তথ্য নাথাকে।[22] তাৰ সলনি, ইয়াৰ সৈতে সাদৃশ্য থকা, কিন্তু কম লাভদায়ক নীতি দেখা যায়, যেনে দুভাগত বিভক্ত মূল্যায়ন। এনে মূল্যায়নত কম সুবিধাৰ বাবে কিছু দাম দিবলগীয়া হয়, আৰু যি গ্ৰাহকে সেই দাম দিয়ে, তেওঁলোকেহে অতিৰিক্ত দাম দি কিছু অতিৰিক্ত পৰিমাণৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ এটি সুলভ উদাহৰণ হ'ল এমিউজমেণ্ট পাৰ্কসমূহ, য'ত প্ৰৱেশৰ বাবে টিকেট ক্ৰয় কৰিব লাগে, আৰু তাৰ পাছত প্ৰত্যেক খেলৰ বাবে অতিৰিক্ত দাম দিব লাগে।
যদি সকলো একক বেচাত সমান মূল্য লাভ কৰা হয়, তেন্তে ৰাজহ ফলন ৰৈখিক হয়। দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যত ভিন ভিন এককৰ বাবে ভিন ভিন মূল্য আদায় কৰা হয়, সেয়ে ৰাজহ ফলন ৰৈখিক নহয়।[23] ধৰি লওক উপভোক্তাসকলৰ উপযোগিতা ফলন তেওঁলোকে গ্ৰহণ কৰা পৰিমাণৰ উপৰিও তেওঁলোকৰ "প্ৰকাৰ" ৰ ওপৰত নিৰ্ভৰ কৰে: । ধৰি লওক যে প্ৰকাৰৰ মান উচ্চ হ'লে মুঠ উপযোগিতা আৰু প্ৰান্তিক উপযোগিতা দুয়োৱে বৃদ্ধি পায়: । ধৰি লওক হ'ল পৰিমাণ ক্ৰয় কৰা গ্ৰাহকৰ পৰা পোৱা ৰাজহ। ধৰি লওক প্ৰকাৰ থকা গ্ৰাহকৰ শ্ৰেষ্ঠ পৰিমাণ। তেন্তে দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যত বিক্ৰেতাই বিচাৰিব যে যি প্ৰকাৰৰ বাবে যি মূল্য নিৰ্ধাৰণ কৰা হৈছে সেই মূল্যত গ্ৰাহকে ক্ৰয় কৰক, তদুপৰি, সেই মূল্যত কেৱল ইশ্চিত প্ৰকাৰৰ গ্ৰাহকেহে ক্ৰয় কৰক, আনে নহয়। অৰ্থাৎ, যেতিয়া , তেতিয়া । সেয়ে, যদি আমি ৰ মান আটাইতকৈ লাঘৱ কৰোঁ, আমি পাম। সেয়ে প্ৰথম শ্ৰেণীৰ চৰ্তৰ বাবে, আমি পাম:
এই সমীকৰণক স্বয়ং-চয়ন চৰ্ত বোলা হয়: যি মূল্য বিচৰা হৈছে, সেই মূল্যত ইশ্চিত প্ৰকাৰৰ গ্ৰাহকে উশ্চিত পৰিমাণ ক্ৰয় কৰিব।[24] ধৰি লওক প্ৰকাৰ থকা গ্ৰাহকৰ বৃহদায়িত উপযোগিতা ফলন, তেন্তে এন্ভেল'প উপপাদ্যৰ পৰা আমি পাওঁ যে: । ধৰি লওক আৰু প্ৰত্যেক প্ৰকাৰৰ সম্ভাৱনীয়তা ঘনত্ব এই সবৰ পৰা আমি পাওঁ যে বিক্ৰেতাৰ লাভ ফলন এনে ধৰণৰ:[24]
এই সমীকৰণৰ সৈতে স্বয়ং-চয়ন চৰ্ত আৰু বৃহদায়িত উপযোগিতাৰ সমীকৰণ মিহলি কৰি, অলপ বিশ্লেষণৰ পাছত আমি পাম যে:[25]
ইষ্টতম পথত সেয়েহে আমি পাম:
এই সমীকৰণৰ পৰা আমি পাওঁ:
মন কৰক, যে সেই গ্ৰাহকৰ বাহিৰে যাৰ প্ৰান্তিক উপযোগিতা আন সকলোতকৈ অধিক, প্ৰত্যেক গ্ৰাহকে প্ৰান্তিক ব্যয়তকৈ অধিক মূল্য দিবলগীয়া হয়। ক hazard rate বোলা হয়। এই দৰ অনেক সম্ভাৱনীয়তা বিতৰণ ফলন, যেনে সমবণ্টন, স্বাভাৱিক বণ্টন, সূচকীয় বণ্টনৰ বাবে যোগাত্মক হয়। তেনে স্থিতিত প্ৰমাণ কৰিব পৰা যায় যে পৰিমাণ প্ৰকাৰৰ সৈতে বৃদ্ধি পায়, অৰ্থাৎ যি গ্ৰাহকে পণ্যটোৰ পৰা অধিক উপযোগিতা লাভ কৰে, সেই গ্ৰাহকে অধিক উপভোগ কৰে। তদুপৰি, প্ৰান্তিক মূল্য পৰিমাণ বঢ়াৰ লগে লগে কমি আহে।[26]
ওপৰৰ বিশ্লেষণ তেতিয়া বৈধ যেতিয়া উপযুক্ত ডেৰিভেটিভসমূহৰ অস্তিত্ব পোৱা যায়। অন্যথা দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যৰ কোনো সহজ সমীকৰণ পোৱা নাযাবও পাৰে। গ্ৰাহকে তেনে অৱস্থাত নৰন্তৰ নোহোৱা মূল্য ফলন দেখা পাব। এনে হ'ব পাৰে যে কিছু কিছু প্ৰকাৰৰ গ্ৰাহকৰ বাবে কোনো উপযুক্ত প্ৰস্তাৱেই নাথাকে, আৰু আন কোনো কোনো প্ৰকাৰৰ উমৈহতীয়া প্ৰস্তাৱ থাকে ইত্যাদি।[27]
দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যৰ সহজলভ্য উদাহৰণ হ'ল মূল্য ডিস্কাউণ্ট: যেতিয়া অধিক ক্ৰয় কৰিলে ডিস্কাইণ্ট দিয়া হয়।
তৃতীয় শ্ৰেণীৰ মূল্য বৈষম্যত কোনো গ্ৰাহকৰ বাবে প্ৰত্যেক পৰিমাণৰ প্ৰান্তিক মূল্য সমানেই লোৱা হয়, কিন্তু ভিন ভিন গ্ৰাহকৰ পৰা সেই মূল্য ভিন ভিন লোৱা হয়। এই প্ৰকাৰৰ মূল্য বৈষম্যৰ সহজলভ্য উদাহৰণ হ'ল ভিন ভিন বজাৰত একেই পণ্যৰ ভিন ভিন দাম লোৱা: যেনে, চহৰ আৰু গাঁৱত, বা অসম আৰু অৰুণাচল প্ৰদেশত, শিক্ষাৰ্থীৰ বাবে আৰু আনৰ বাবে বা সোমবাৰে আৰু মংগলবাৰে। এটি সৰলীকৃত বিশ্লেষণৰ বাবে, ধৰি লওক বজাৰত গ্ৰাহক দুটা ভাগত বিভক্ত, আৰু এই দুই ভাগৰ চাহিদাই ইটোৱে সিটোক প্ৰভাৱ নকৰে। যদি গোট ৰ বিলোম চাহিদা ফলন, তেন্তে উৎপাদকৰ লাভ ফলন হ'ল:[26]
লাভ বৃহদায়িত কৰিবলৈ প্ৰথম শ্ৰেণীৰ চৰ্ত হ'ল:
যদি বজাৰ ত চাহিদাৰ স্থিতিস্থাপকতা, তেন্তে:[28]
সেয়ে, যি বজাৰত চাহিদাৰ স্থিতিস্থাপকতা অধী, সেই বজাৰত কম দামত পণ্য বিক্ৰী কৰা হয়। আন হাতে, যদি দুয়ো বজাৰৰ মাজত কিছু সম্বন্ধ আছে আৰু দুয়ো বজাৰৰ চাহিদাই ইটোৱে সিটোক প্ৰভাৱিত কৰে, তেন্তে লাভ ফলন হ'ব:
বৃহদায়নৰ প্ৰথম শ্ৰেণীৰ চৰ্ত হ'ল:
এই দুটি সমীকৰণক এনেদৰেও লিখিব পৰা যায়:[28]
যদিও এই দুটি সমীকৰণৰ সহজ বিৱৰণি দিব পৰা নাযায়,[28] যদি প্ৰথমখন বজাৰে দ্বিতীয়খন বজাৰক যিমান প্ৰভাৱিত কৰে, দ্বিতীয়খনেও প্ৰথমখনক সিমানেই কৰে () আৰু দুয়ো বজাৰত বিক্ৰী হোৱা পণ্য ইটো সিটোৰ বিকল্প (ই এটি যুক্তিকৰ ধাৰণা, কাৰণ দুয়ো বজাৰত একেই পণ্যকে বিক্ৰী কৰা হৈছে, সেয়ে এটা নিশ্চয়েই আনটোৰ সলনি ব্যৱহাৰ কৰিব পৰা যায়), তেন্তে কিছু বিশ্লেষণৰ পাছত আমি পাওঁ:[29]
সেয়ে, এই ক্ষেত্ৰতো সেই বজাৰতে অধিক মূল্য দাবী কৰা হয় য'ত চাহিদাৰ স্থিতিস্থাপকতা কম।
উদয়ৰ কাৰণৰ ভিত্তিত একচেটীয়া বজাৰসমূহক দুটা ভাগত ভগাব পৰা যায়: নিগ্ৰহ একাধিকাৰ আৰু প্ৰাকৃতিক একাধিকাৰ। নিগ্ৰহ একাধিকাৰৰ সৃষ্টি তেতিয়া হয় যেতিয়া প্ৰৱেশৰ বাধা বজাৰৰ বলৰ দ্বাৰা নহয়।[30] এনে একাধিকাৰ বজাৰ সাধাৰণতে সৃষ্টি হয় চৰকাৰী আদেশত: উদাহৰণ স্বৰূপে, ভাৰতত IRCTC নিজৰ খণ্ডত একচেটীয়া এই কাৰণতে।[31] যদি কোনো ঠাইত আইনী ব্যৱস্থা সঠিক নহয়, কোনো কোনো ব্যৱসায়ীয়ে দাবী-ধমকিৰেও নিগ্ৰহ একাধিকাৰ স্থাপন কৰিব পাৰে।[32] আন হাতে কিছুমান একচেটীয়া বজাৰ প্ৰাকৃতিক। প্ৰাকৃতিক একাধিকাৰত এটি উৎপাদকে কোনো নিৰ্দিষ্ট পৰিমাণ উৎপাদন কৰিবলৈ যি খৰচ কৰিবলগীয়া হয়, সেয়া একাধিক উৎপাদকে মিলি সেই পৰিমাণ উৎপাদন কৰিবলৈ যিমান খৰচ কৰিব লাগিব, তাতকৈ অধিক। প্ৰাকৃতিক একাধিকাৰৰ বৰ্তমানে স্বীকৃত সংজ্ঞা ৱিলিয়াম বাউমলে ১৯৭৭ত দিছিল।[33] এই সংজ্ঞাত প্ৰাকৃতিক একাধিকাৰ বুলি কোনো একাধিকাৰক তেতিয়া গণ্য কৰা হয় যেতিয়া সেই বজাৰৰ উৎপাদকৰ ব্যয় ফলন উপসন্মিলিত। অৰ্থাৎ, যদি , তেন্তে ।
যদি উৎপাদকে কেৱল এটা পণ্য উৎপাদন কৰে, তেন্তে অৰ্থনীতিৰ বৰ্ধমান মাত্ৰা (economies of scale) উপসন্মিলিততাৰ বাবে পৰ্যাপ্ত।
দাবী: কঠোৰভাৱে হ্ৰাসমান ৰশ্মি গড় ব্যয় থাকিলে কঠোৰ ৰশ্মি উপসন্মিলিততা দেখা যায়।
প্ৰমাণ
n উৎপাদৰ সদিশ গণ্য কৰক। যেতিয়া ৰশ্মি ব্যয় হ্ৰাসমান, তেতিয়া আমি পাওঁ:
সেয়ে:
তাৰ পৰা আমি পাওঁ:
সেয়ে এই ক্ষেত্ৰৰ ব্যয় ফলন কঠোৰভাৱে উপসন্মিলিত।
দাবী: ৰশ্মি অৱতলতা আৰু সৰ্বদা হ্ৰাসমান গড় ব্যয়, দুয়োৱে কঠোৰ উপসন্মিলিততাৰ বাবে প্ৰয়োজনীয় নহয়।
প্ৰমাণ
ধৰি লওক এটি টুকুৰাই টুকিৰাই ৰৈখিক ব্যয় ফলন:
ধৰি লওক . এই ব্যয় ফলন অৱতল নহয়। তদুপৰি, ৰ পাছত গড় ব্যয় বৃদ্ধি পায় আৰু ৰশ্মি গড় ব্যয় ত তকৈ অধিক। লগতে:
যিকোনো উৎপাদ yৰ মুঠ ব্যয় এটি উৎপাদকৰ হয় যি একাধিক উৎপাদকে কৰিবলগীয়া ব্যয়।
সেয়ে এই ব্যয় ফলন কঠোৰভাৱে উপসন্মিলিত।
দুয়োকে মিলাই আমি পাওঁ যে যদি উৎপাদকে কেৱল এটা পণ্য উৎপাদন কৰে, তেন্তে অৰ্থনীতিৰ বৰ্ধমান স্তৰ পৰ্যাপ্ত কিন্তু প্ৰয়োজনীয় নহয়, (কঠোৰ) ৰশ্মি উপসন্মিলিততাৰ বাবে।
আন হাতে, যদি উৎপাদকে একাধিক পণ্য উৎপাদন কৰে, তেন্তে অৰ্থনীতিৰ বৰ্ধমান স্তৰ প্ৰয়োজনীয়ও নহয় পৰ্যাপ্তও নহয় উপসন্মিলিততাৰ বাবে।
দাবী: ব্যয় ফলনৰ কঠোৰ অৱতলতা উপসন্মিলিততাৰ বাবে পৰ্যাপ্ত নহয়।
প্ৰমাণ
ধৰি লওক দুটি উৎপাদৰ ব্যয় ফলনত আৰু :
C কঠোৰভাৱে অৱতল হয় কিন্তু উপসন্মিলিত নহয়:
প্ৰাকৃতিক একাধিকাৰৰ এটি উদাহৰণ হ'ল ৰে'ল ব্যৱস্থা।
একচেটীয়া বজাৰত সামাজিক কল্যাণৰ ক্ষতি হয়। কল্যাণ অৰ্থনীতিৰ প্ৰথম মৌলিক উপপাদ্য অনুযায়ী, সামাজিক কল্যাণ বৃহদায়িত হয় পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত।[34] তেনে বজাৰত উপভোক্তাৰ দৰেই উৎপাদকেও বজাৰ মূল্য অচৰ বুলি ধৰি লয়। ধৰি লওক, যদি একচেটীয়া বজাৰখনৰ উৎপাদকেও বজাৰ মূল্য অচৰ বুলি ধৰি ল'লেহেতেন, তেন্তে অনন্য উৎপাদিত পৰিমাণ হ'লহেতেন । তেন্তে এ এই চৰ্ত পূৰ্ণ কৰে: ।[35] আৰু, ধৰি লওক একচেটীয়া বজাৰখনৰ বাস্তৱতে উৎপাদিত পৰিমাণ । পূৰ্বৱৰ্তী ভাগত উল্লিখিত সাম্যাৱস্থাৰ চৰ্তৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে । যিহেতু বৰ্ধমান আৰু বৰ্ধমান, লগতে , সেয়ে যিকোনো এনে ৰ বাবে । যদি মুঠ উৎপাদন , তেন্তে মাৰ্ছেলীয় মুঠ উদ্বৃত্ত হ'ল: । একচেটীয়া বজাৰ ব্যৱস্থাৰ বাবে হোৱা মাৰ্ছেলীয় উদ্বৃত্তৰ ক্ষতিক কোৱা হয় deadweight loss। ধৰি লওক পৰিমাণ উৎপাদন হ'লে হোৱা deadweight loss হ'ল । তেন্তে একচেটীয়া বজাৰ ব্যৱস্থাৰ বাবে হোৱা কল্যাণৰ ক্ষতিৰ পৰিমাণ হ'ল:[20]
একচেটীয়া বজাৰত উপৰ্যুক্ত সমীকৰণত উল্লিখিত কল্যাণৰ ক্ষতি এইবাবে হয়, যে পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ বিপৰীতে, একচেটীয়া বজাৰৰ উৎপাদকৰ ক্ষেত্ৰত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিলে মূল্য হ্ৰাস পায়। সেয়ে, একচেটীয়া বজাৰৰ উৎপাদকে দুমুজাত পৰে: অধিক পৰিমাণ বিক্ৰী কৰিলে প্ৰত্যেক অতিৰিক্ত এককত ৰাজহ পাম, কিন্তু প্ৰতি একক ৰাজহ হ্ৰাস পাব।[20] সেয়ে এনে উৎপাদকে আগতেই উৎপাদন বন্ধ কৰি দিয়ে, আৰু ফলস্বৰূপে মূল্য প্ৰান্তীয় ব্যয়তকৈ অধিক হয় (পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰত মূল্য প্ৰান্তীয় ব্যয়ৰ সমান হয়)। প্ৰান্তিক ব্যয়তকৈ অধিক মূল্য লোৱাক মাৰ্কাপ মূল্যায়ন বোলে। আমি ক লাৰ্ণাৰ সূচকাংক বুলোঁ, ৰুছ-আমেৰিকী অৰ্থনীতিবিদ আবা লাৰ্ণাৰৰ নামত। ই মাৰ্কাপৰ এটি জোঁখ। সাম্যাৱস্থাৰ চৰ্তৰ সমীকৰণৰ পৰা আমি স্থিতিস্থাপকতাৰ সৈতে মূল্যত সম্বন্ধ নিশ্চিত কৰিছিলোঁ। তাৰ পৰা আমি পাওঁ:
মূল্য মাৰ্কাপে প্ৰান্তীয় ব্যয়তকৈ মূল্য কিমান শতাংশ অধিক, সেই কথা বুজায়। ধৰি লওক মূল্য মাৰ্কাপ আৰু চাহিদাৰ স্থিতিস্থাপকতা। তেন্তে, ওপৰৰ সমীকৰণৰ পৰাই সহজে এই সমীকৰণ পাব পৰা যায়:[15]
লাৰ্ণাৰ মাৰ্কাপ আৰু মূল্য মাৰ্কাপ, দুয়োৰে ক্ষেত্ৰতে দেখা যায় যে চাহিদা যিমান স্থিতিস্থাপক হয়, মাৰ্কাপ সিমান কম হয়। এয়া এইবাবে হয় যে চাহিদা স্থিতিস্থাপক হ'লে ক্ৰেতাই মূল্য বৃদ্ধি কৰিলে উপভোগ কৰা শীঘ্ৰে হ্ৰাস কৰিব।
একচেটীয়া বজাৰত মুঠ কল্যাণৰ ক্ষতি এইবাবে হয় যে বিক্ৰেতাই সকলোৰে পৰা একেই মূল্য গ্ৰহণ কৰিবলগীয়া হয়।[36] যদি বিক্ৰেতাই প্ৰত্যেক ক্ৰেতাৰ পৰা ভিন্ন মূল্য ল'ব পাৰে, তেন্তে এই ক্ষতি নোহোৱা হ'ব। এই কথা চাবলৈ মন কৰক যে প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্যত উৎপাদকৰ চয়ন সমস্যা হ'ল:
এই সমস্যাত এন কাৰো ক্ষতি নকৰাকৈ উৎপাদকে নিজৰ সৰ্বাধিক লাভ কৰিছে: যি পাৰেট' ইষ্টত্বৰ সংজ্ঞা।[21][36]
এই ক্ষেত্ৰত কিন্তু উপভোক্তাৰ উদ্বৃত্ত ০, সেয়ে বজাৰ ব্যৱস্থাৰ পৰা উৎপন্ন হোৱা কল্যাণৰ সম্পূৰ্ণ অংশ বিক্ৰেতাৰ হাতলৈ যায়। সমতাৰ দৃষ্টিকোণৰ পৰা ই বৰ এটা ভাল সমাধান বুলি ধৰিব পৰা নাযায়।[36] তদুপৰি, বাস্তৱ জগতত বিক্ৰেতাৰ ওচৰত ক্ৰেতাৰ প্ৰতিলোম চাহিদাৰ বৈশিষ্ট্যসমূহৰ সম্পূৰ্ণ জ্ঞান নাথাকে। তেনে ক্ষেত্ৰত বিক্ৰেতা আনুমানিকভাৱেহে নিজৰ নিৰ্ণয় গ্ৰহণ কৰিব লাগিব। তেনে স্থিতিত প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্য নাশ্ব সাম্যাৱস্থা নহয়, কাৰণ ক্ৰেতাই বিক্ৰেতাৰ প্ৰস্তাৱ খাৰিজ কৰিলে বিক্ৰেতাৰ শ্ৰেষ্ঠ বিকল্প পুনঃ প্ৰস্তাৱ দিয়াহে, প্ৰস্তাৱ নিদি গুচি অহা নহয়, যি প্ৰথম শ্ৰেণীৰ মূল্য বৈষম্যৰ নিয়মৰ বিৰুদ্ধে।[22][37]
কাটজ (১৯৮৩)ত দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যৰ সামাজিক কল্য়াণত প্ৰভাৱ বিশ্লেষণ কৰা হৈছে। পোৱা গৈছে যে দ্বিতীয় শ্ৰেণীৰ মূল্য বৈষম্যত উৎপাদকে যিমান সামাজিকভাৱে ইষ্ট, তাতকৈ কম বা অধিক উৎপাদন, উভয়ে কৰিব পাৰে। কিন্তু যদি উপভোক্তাৰ বিলোম চাহিদা বক্ৰসমূহে ইটোৱে সিটোক কেতিয়াও স্পৰ্শ নকৰে, বা পাৰ নহয়, তেন্তে উৎপাদকে উৎপাদন সীমিত ৰাখিব। তেনে স্থলত, কল্যাণ উৎপাদনৰ সৈতে যোগাত্মকভাৱে সম্বন্ধিত আৰু উৎপাদনৰ বঢ়া কমা পৰ্যবেক্ষণ কৰি বজাৰৰ কল্যাণ অধ্যয়ন কৰিব পৰা যায়।[18]
তৃতীয় শ্ৰেণীৰ মূল্য বৈষম্যৰ কল্যাণত প্ৰভাৱৰ প্ৰশ্ন প্ৰথম উদয় হৈছিল ৰবিনছন (১৯৩৩)ত।[29] তাৰ পাছত অনেক অৰ্থনীতিবিদে ভিন ভিন বিশ্লেষণ আগবঢ়াইছে। ভেৰিয়ান (১৯৮৫)ৰ বিশ্লেষণৰ এটি সৰলীকৃত সংস্কৰণ ইয়াত প্ৰস্তুত কৰা হৈছে। ধৰি লওক যে উপযোগিতা ফলন । প্ৰতিলোম চাহিদা ফলন, যি প্ৰান্তিক উপযোগিতাৰ সমান। এই পৰিমাণকেইটা উৎপাদন কৰাৰ নিম্নতম ব্যয়। তেন্তে কল্যাণৰ বৃদ্ধি হ'ল । দুটা পৰিস্থিতি মন কৰক: প্ৰথমে পৰিমাণ আৰু মূল্য আৰু দ্বিতীয়তে পৰিমাণ আৰু মূল্য । উপযোগিতা ফলন অৱতল। তেন্তে আমি এই অসমতা পাওঁ:
এই অসমতাকেইটাক মূল্য বৈষম্যৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ ধৰি লওক যে বৈষম্যবিহীন মূল্য: আৰু বৈষম্যৰ পাছৰ মূল্য। তেন্তে আমি পাওঁ যে কল্যাণ বৃদ্ধিৰ এটি প্ৰয়োজনীয় চৰ্ত হ'ল পৰিমাণ বৃদ্ধি। ইয়াৰ এটি ফল হ'ল যে যদি সাধাৰণতে কোনো বজাৰত পণ্যটো বিক্ৰী কৰা হোৱা নাছিল, আৰু মূল্য বৈষম্যৰ বাবে সেই বজাৰত পণ্যটো উপলব্ধ হ'বলৈ ধৰিলে, তেন্তে সামাজিক কল্যাণ বৃদ্ধি পালে।[38]
ওপৰত দৰ্শোৱা হ'ল যে একচেটীয়া বজাৰত সামাজিক কল্যাণৰ ক্ষতি হয়, আৰু এনে এইবাবে হয় যে কৃত্ৰিমভাৱে উৎপাদনৰ পৰিমাণ কমায় প্ৰান্তীয় খৰচতকৈ অধিক মূল্য দাবী কৰা হয়। এই পৰিস্থিতিৰ শুধৰণিৰ বাবে চৰকাৰে কিছু নীতি পালন কৰিব পাৰে।
যিহেতু একচেটীয়া বজাৰত সামাজিক কল্যাণৰ ক্ষতি এইবাবে হয় যে মুঠ উৎপাদন বহুত কম, সেয়ে চৰকাৰে মুঠ উৎপাদন বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এনে এক পদক্ষেপ হ'ল বিক্ৰেতাক ৰাজসাহায্য প্ৰদান কৰা।[39] ৰাজসাহায্য বহু প্ৰকাৰৰ হ'ব পাৰে: চাবলৈ গ'লে ৰাজসাহায্যৰ প্ৰকাৰৰ সংখ্যাৰ কোনো সীমা নাই। কিছুমান সৰল আৰু সততে ব্যৱহৃত ৰাজসাহায্যৰ প্ৰকাৰ হ'ল এককালীন, প্ৰতি একক আৰু মূল্যানুসাৰী।[40] ধৰি লওক চৰকাৰে বিক্ৰেতাক এককালীন ৰাজসাহায্য হিচাপে দিয়ে আৰু প্ৰতি একক ৰাজসাহায্য হিচাপে। যদি উৎপাদিত পৰিমাণ , তেন্তে, মুঠ সাহায্যৰ পৰিমাণ । ইয়াক বিক্ৰেতাৰ ৰাজসাহায্যৰ আগৰ লাভ ত যোগ কৰিলে আমি শুদ্ধ লাভ পাওঁ। এই লাভক বৃহদায়িত কৰিবলৈ বিক্ৰেতাই এনে পৰিমাণ উৎপাদন কৰিব যি এই চৰ্ত পূৰ্ণ কৰে: । যদি চৰকাৰৰ উদ্দেশ্য বজাৰখনৰ মুঠ মাৰ্ছেলীয় উদ্বৃত্ত বৃহদায়িত কৰা, তেন্তে চৰকাৰে এনে আৰু চয়ন কৰিব যাতে । বিক্ৰেতাৰ লাভ বৃহদায়নৰ চৰ্তত ইয়াক প্ৰয়োগ কৰি আমি পাওঁ যে ইষ্টতম প্ৰতি একক ৰাজসায্যৰ দৰ হ'ল: ।[40] অৰ্থাৎ সামাজিক কল্যাণ বৃহদায়িত কৰিবলৈ, চৰকাৰে যোগাত্মক প্ৰতি একক ৰাজসাহায্য দিয়া উচিত, যাৰ পৰিমাণ ওপৰত দিয়া সমীকৰণেৰে নিৰ্ধাৰিত। এককালীন সাহায্য ৰ পৰিমাণে বজাৰত থকা বিক্ৰেতাৰ উৎপাদিত পৰিমাণ প্ৰভাৱিত নকৰে। সেয়ে যিকোনো চয়ন কৰিব পৰা যায়। পিচে, যদি বিক্ৰেতাই বজাৰ ত্যাগ কৰাৰ সম্ভাৱনা থাকে, তেন্তে ৰ মূল্য এনে হ'ব লাগিব যে । কাৰণ বজাৰ ত্যাগ কৰিলে মুঠ মাৰ্ছেলীয় উদ্বৃত্ত হ'ব ০, যাৰ বিপৰীতে একচেটীয়া বজাৰত পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰতকৈ কম হ'লেও, অন্ততঃ যোগাত্মক উদ্বৃত্ত পোৱা গৈছিল। এই কথা চাবলৈ মন কৰক যে যিকোনো ৰ বাবে আৰু । সেয়ে । সেয়ে আৰু ৰ ওপৰত পোৱা চৰ্ত একত্ৰিত কৰি আমি পাওঁ যে:
প্ৰতিযোগিতা আইন এনে আইন যিয়ে উৎপাদকৰ প্ৰতিযোগিতা বিৰোধী ব্যৱহাৰ ৰোধ কৰিব বিচাৰে।[41][42] আধুনিক প্ৰতিযোগিতা আইনৰ ভেটি এই ধাৰণা যে পূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰ চৰ্তসমূহ পূৰ্ণ নহ'লে অৰ্থনৈতিক কল্যাণ বৃহদায়িত নহয়। ভিন ভিন দেশৰ ৰাষ্ট্ৰীয় স্তৰত নিজা প্ৰতিযোগিতা আইন আছে, যি সাধাৰণতে সেই দেশৰ সীমাৰ ভিতৰত হোৱা কাৰ্যকহে সামৰে।[42] কোনো কোনো ক্ষেত্ৰত "প্ৰভাৱ মতবাদ"ৰ ভিত্তিত সীমাৰ বাহিৰৰ কাৰ্যকো সামৰি লোৱা হয়।[43] আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে কেইবাখনো আন্তৰ্জাতিক চুক্তি স্বাক্ষৰিত হৈছে, যেনে বাণিজ্য আৰু শুল্কৰ সাধাৰণ চুক্তিত (GATT) প্ৰতিযোগিতা ৰক্ষাৰ কথা কোৱা হৈছে আৰু ইয়াৰ সম্বন্ধতে বিশ্ব বাণিজ্য সংস্থা স্থাপিত হৈছে।[44]
ভাৰতত একচেটীয়া আৰু নিষিদ্ধ বাণিজ্যক পদ্ধতি আইন, ১৯৬৯ পোণপ্ৰথমবাৰৰ বাবে প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। ১৯৯১ৰ অৰ্থনৈতিক সংস্কাৰৰ পাছত ভাৰত বাহ্যিক প্ৰতিযোগিতালৈ মুকলি হ'ল। তাৰ পাছত দেখা হ'ল যে পূৰ্বৰ প্ৰতিযোগিতা আইন নতুন সময়ৰ সৈতে খাপ নাখায়। সেয়ে, প্ৰতিযোগিতা আইন, ২০০২ সংসদে পাৰিত কৰিলে।[45] তাৰ লগতে ভাৰতৰ প্ৰতিযোগিতা আয়োগো প্ৰতিষ্ঠা কৰা হ'ল।[46] আমেৰিকা যুক্তৰাষ্ট্ৰত শ্বেৰ্মান আইন, ১৮৯০এ ডাঙৰ কোম্পানীৰ দ্বাৰা প্ৰতিযোগিতাৰ বিৰোধী কাৰ্য নিষিদ্ধ কৰে।[47] যুক্তৰাষ্ট্ৰৰ চৰকাৰে তেতিয়াৰে পৰা বিভিন্ন স্বীকৃত অৰ্থনৈতিক তত্ত্বৰ ভিত্তিত প্ৰতিযোগিতাক সমৰ্থন জনাই আহিছে।[48] ১৯১৫ৰ আগলৈকে এই প্ৰয়োগ অসংগত আছিল। তাৰ পাছত হাৰ্ভাৰ্ডৰ গঠন-আচৰণ-কাৰ্যক্ষমতা মতবাদ মানি লোৱা হৈছিল, "যুক্তিৰ ৰাজত্ব"ৰ আইনী মতবাদৰ অন্তৰ্গত। ১৯৭৩ৰ পৰা ১৯৯১লৈকে শ্বিকাগো অৰ্থনৈতিক নীতি মানি চলা হৈছিল। ১৯৯২ৰ পৰা ঘাইকৈ খেল তাত্ত্বিক বিশ্লেষণেৰে প্ৰতিযোগিতা আইন ফলপ্ৰসু কৰা হৈছে।[49] ইউৰোপত জাৰ্মানীয়ে ১৯২৩, স্বীডেনে ১৯২৫ আৰু নৰ্ৱেয়ে ১৯২৬ত প্ৰতিযোগিতা আইন পাৰিত কৰিছিল। ১৯২৯ৰ মহামন্দাৰ কালত এই আইন প্ৰায় নোহোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাবীত যুক্তৰাজ্য এনে প্ৰথম ইউৰোপীয় দেশ হ'ল যিয়ে এক সম্পূৰ্ণ প্ৰতিযোগিতামুখী আইন পাৰিত কৰিলে। ইউৰোপীয় কৈলা আৰু ষ্টীল সম্প্ৰদায়, ৰোম চুক্তি আদি সমগ্ৰ ইউৰোপীয় সংঘৰ স্তৰত প্ৰতিযোগিতা আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত মহত্বপূৰ্ণ আছিল। বৰ্তমানে লিবচন চুক্তিয়ে ইউৰোপীয় সংঘত প্ৰতিযোগিতা নিশ্চিত কৰে।[50] ১৯৮৮ৰ পৰা ২০০৮ৰ ভিতৰত ৮০খন দেশে প্ৰতিযোগিতা আইন পাৰিত কৰিলে। ২০০৮ চনত ১১১খন দেশত প্ৰতিযোগিতা আইন অস্তিত্বত আছিল।[51]