ডাঃ পদ্মাৱতী এছ. আই. | |
---|---|
জন্ম | ২০ জুন, ১৯১৭ বাৰ্মা (ম্যানমাৰ) |
মৃত্যু | ২৯ আগষ্ট, ২০২০ (১০৩ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষা | এফআৰচিপি, এফআৰচিপিই, এফএচিচি, এফএএমএছ[1] |
শিক্ষানুষ্ঠান | জন হপকিন্স হস্পিটেল হাৰভাৰ্ড মেডিকেল স্কুল |
পেচা | চিকিৎসক, হৃদয় বিশেষজ্ঞ |
সক্ৰিয় হৈ থকা সময় | ১৯৫৩-বৰ্তমানলৈকে |
জনা যায় | ভাৰতৰ প্ৰথম মহিলা হৃদয় বিশেষজ্ঞ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ, ১৯৬৭ পদ্মবিভূষণ, ১৯৯২ |
পদ্মাৱতী শিৱৰামকৃষ্ণ আয়াৰ (২০ জুন ১৯১৭ – ২৯ আগষ্ট ২০২০) চমুকৈ এছ. আই. পদ্মাৱতী এগৰাকী ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ। তেওঁ ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠানৰ বৰ্তমান সঞ্চালক প্ৰধান। এই প্ৰতিষ্ঠান খনত বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিৰোধ হৃদয় বিজ্ঞানৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াৰ লগতে তেওঁ সৰ্ব ভাৰতীয় হৃদয় ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।[2][3] তেওঁ ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান একাডেমীৰ ফেল' নিৰ্বাচিত হৈছে।[4] তেওঁ ১৯৫৪ চনত উত্তৰ ভাৰতৰ প্ৰথম হৃদয় চিকিৎসাৰ কাৰ্ডিয়েক ক্লিনিক আৰু কাৰ্ডিয়েক কেথ' লেব পৰীক্ষাগাৰ স্থাপন কৰিছিল। তেওঁক ভাৰতৰ প্ৰথম মহিলা হৃদয় বিশেষজ্ঞ বুলি অভিহিত কৰা হয়।[5] তেওঁ ১৯৬৬ চনত নতুন দিল্লীত অনুষ্ঠিত বিশ্ব হৃদয় বিজ্ঞান কংগ্ৰেছৰ সভানেত্ৰী আছিল।
ভাৰত চৰকাৰে তেওঁ চিকিৎসা আৰু স্বাস্থ্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৬৭ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ১৯৯২ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[6]
১৯১৭ চনৰ ২০ জুন তাৰিখে ব্ৰিটিছ শাসনৰ অধীনৰ বাৰ্মাত (বৰ্তমান ম্যানমাৰ) পদ্মাৱতীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বাৰ্মাত এগৰাকী বেৰিষ্টাৰ হিচাপে কৰ্মৰত আছিল। তেওঁৰ তিনিগৰাকী ভাই আৰু দুগৰাকী ভনী আছিল।[7]
তেওঁ ম্যানমাৰৰ ৰেংগুণ চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ ১৯৪৯ চনত লণ্ডনলৈ যায়। তেওঁ লণ্ডনৰ ৰয়েল কলেজ অফ ফিজিচিয়ানৰ পৰা ফেল' অফ ৰয়েল কলেজ অফ ফিজিচিয়ান (এফআৰচিপি) লাভ কৰিছিল। তাৰপিছত তেওঁ ৰয়েল কলেজ অফ ফিজিচিয়ান অফ এডিনবাৰ্গৰ পৰা ফেল' অফ ৰয়েল কলেজ অফ ফিজিচিয়ান অফ এডিনবাৰ্গ (এফআৰচিপিই) লাভ কৰিছিল। পদ্মাৱতীয়ে ইংলেণ্ডত থকা কালছোৱাত ৰাষ্ট্ৰীয় হৃদয় চিকিৎসালয়, ৰাষ্ট্ৰীয় বুকু চিকিৎসালয় আৰু কুইন স্কোৱাৰত অৱস্থিত ৰাষ্ট্ৰীয় চিকিৎসালত চিকিৎসা সেৱা আগবঢ়াই থাকোঁতে হৃদয় বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল।
তেওঁৰ এফআৰচিপি সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ তিনি মাহৰ বাবে ছুইডেনলৈ যায় আৰু চাউডাৰ্ণ হস্পিটেলত হৃদয় বিজ্ঞান অধ্যয়ন কৰে।[8] সেই সময়তে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাল্টিমুৰেত অৱস্থিত জন হপকিন্স বিশ্ববিদ্যালয়ৰ অংশ জন হপকিন্স হস্পিটেলৰ ফেল'শ্বিপৰ বাবে আবেদন জনাইছিল। তেওঁ ইয়ালৈ চয়নিত হোৱাৰ পিছত বিখ্যাত হৃদয়বিদ ডাঃ হেলেন টাউচিগৰ লগত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছিল। ১৯৫২ চনত তেওঁ হাৰভাৰ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হাৰভাৰ্ড মেডিকেল স্কুলত যোগদান কৰে আৰু আধুনিক হৃদয় বিজ্ঞানৰ বাটকটকীয়া ডাঃ পল দুডলী হোৱাইটৰ তত্ত্বাৱধানত অধ্যয়ন কৰিবলৈ পায়।[7][9]
শিক্ষা লাভ কৰাৰ পিছত পদ্মাৱতী ভাৰতলৈ ঘূৰি আহে। ভাৰতলৈ আহি তেওঁ ১৯৫৩ চনত নতুন দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াত তেওঁ উত্তৰ ভাৰতৰ প্ৰথম কাৰ্ডিঅ'লজি ক্লিনিক স্থাপন কৰিছিল। তেওঁ ভাৰতীয় চিকিৎসা পৰিষদৰ পৰীক্ষক হিচাপে ভাৰতত পোন প্ৰথমবাৰৰ বাবে হৃদয় বিজ্ঞানৰ ডক্টৰ অফ মেডিচিন পাঠ্যক্ৰম আৰম্ভ কৰিছিল।[10] ১৯৬৭ চনত তেওঁ মৌলানা আজাদ মেডিকেল কলেজত যোগদান কৰিছিল। তেওঁ মৌলানা আজাদ মেডিকেল কলেজৰ পৰিসৰত অৱস্থিত জি. বি. পণ্ট হস্পিটেলত প্ৰথম হৃদয় বিজ্ঞান বিভাগ আৰম্ভ কৰিছিল। ১৯৭৮ চনত তেওঁ মৌলানা আজাদ মেডিকেল কলেজৰ সঞ্চালক পদবীত থাকি চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।[11] ১৯৬২ চনত তেওঁ চিকিৎসকৰ সৈতে আৰু বেনেট, কলমান এণ্ড কোম্পানী লিমিটেডৰ উদ্যোগপতি অশোক জৈনৰ সহায়ত সৰ্ব ভাৰতীয় হৃদয় ফাউণ্ডেচন আৰম্ভ কৰিছিল।
অৱসৰৰ পিছত তেওঁ ১৯৮১ চনত দক্ষিণ দিল্লীত সৰ্ব ভাৰতীয় হৃদয় ফাউণ্ডেচনৰ অন্তৰ্গত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল। লাহে লাহে এই প্ৰতিষ্ঠান খনৰ পৰিসৰ বৃদ্ধি পায়। ইয়াত টাৰ্শ্বেৰী পেচেণ্ট কেয়াৰ, ৰিচাৰ্ছ এণ্ড পপুলেচন আউতৰিচ্ছ ইত্যাদি আৰম্ভ কৰা হৈছে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ মেডিচিন আৰু হৃদয় বিজ্ঞানৰ সন্মানীয় এমিৰিটাছ প্ৰফেছৰ ৰূপে কাম কৰিছিল।[10]
ভাৰত চৰকাৰে তেওঁ চিকিৎসা আৰু স্বাস্থ্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৬৭ চনত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ১৯৯২ চনত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[12]
২৯ আগষ্ট ২০২০ তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় হৃদযন্ত্ৰ প্ৰতিষ্ঠানত কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ জটিলতাত ভুগি এছ. আই. পদ্মাৱতীৰ মৃত্যু হয়।[13] মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০৩ বছৰ আৰু তেওঁ আছিল ভাৰতৰ আটাইতকৈ বয়সিয়াল জীৱিত চিকিৎসক। তেওঁৰ মৃতদেহটো নতুন দিল্লীৰ পঞ্জাবী বাগৰ এটা বিশেষ ক'ভিড-১৯ শ্মশানত দাহ কৰা হয়।