এছ. জানকী S. Janaki | |
---|---|
২০০৭ চনত জানকী | |
জন্ম | ছিষ্টলা জানকী ২৩ এপ্ৰিল, ১৯৩৮ (৮৬ বছৰ) পাল্লাপাটলা, গুণ্টুৰ, অন্ধ্ৰপ্ৰদেশ, ভাৰত |
অন্য নাম | দক্ষিণ ভাৰত নাইটিংগেল |
পেচা | কণ্ঠশিল্পী |
দাম্পত্যসঙ্গী | ৱি. ৰামপ্ৰসাদ (১৯৫৯-১৯৯৭, বিবাহ অন্ত হোৱাৰ কাৰণ-মৃত্যু) |
সন্তান | ১ |
আত্মীয়-স্বজন | গাৰিমেল্লা বালাকৃষ্ণ প্ৰসাদ (ভতিজা) |
বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
ৱেবছাইট | |
sjanaki |
ছিষ্টলা শ্ৰীৰামমূৰ্তি জানকী (ইংৰাজী: Sistla Sreeramamurthi Janaki, জন্ম-২৩ এপ্ৰিল ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অনিয়মীয়া সংগীত-নিৰ্মাতা৷ তেখেতক সন্মানসহকাৰে "জানকী আম্মা" (মাতৃ জানকী) নামেৰে নামাংকিত কৰা হয় আৰু বৰ্তমান ভাৰতৰ সুপৰিচিত কণ্ঠশিল্পীসকলৰ ভিতৰত তেখেত অগ্ৰগণ্য আৰু জনাজাত৷ এছ. জানকীয়ে এতিয়ালৈকে প্ৰায় ৪৮,০০০ টা গীত বাণীবদ্ধ কৰিছে৷[1] তেখেতে চলচ্চিত্ৰ, এলবাম, টিভি, ৰেডিঅ, একক সংগীত, দ্বৈত সংগীত, সমবেত সংগীতত কণ্ঠদান কৰিছে৷ তেলেগু, কানাড়া, মালায়ালম, তামিল, হিন্দী, উড়িয়া, বাংলা, মাৰাঠী, তুলু, উৰ্দু, গুজৰাটী, পাঞ্জাবী, কোংকণী, অসমীয়া, সিন্ধী, ইংৰাজী, জাপানী, আৰবী, জাৰ্মান, সিংহল ভাষাকে ধৰি মুঠ সোতৰটা ভাষাত এছ. জানকীয়ে এতিয়ালৈকে গীত গাইছে৷ তেখেতে সৰ্বাধিক গীত গাইছে কানাড়া আৰু তাৰপিছতেই মালায়ালম ভাষাত৷ [2][3] ১৯৫৭ চনত মুক্তি লাভ কৰা তামিল ভাষাৰ ছবি Vidhiyin Vilayattuৰ জৰিয়তে জানকীৰ কেৰিয়াৰে পাতনি মেলে আৰু পৰৱৰ্তী ছটা দশকজুৰি তেখেতৰ সাংগীতিক যাত্ৰা অব্যাহত থাকে৷[4]
এছ. জানকীক "দক্ষিণ ভাৰতৰ নাইটিংগেল" আখ্যা দিয়া হৈছে৷ তেখেতে এতিয়ালৈকে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানীত হৈছে৷ আনহাতে ৩৩টা ভিন্ন ৰাজ্যিক চলচ্চিত্ৰ বঁটা পাইছে৷[5] তেখেতলৈ সন্মানসহকাৰে এটা ডক্তৰেট ডিগ্ৰীও আগবঢ়োৱা হৈছে৷[6] ডক্তৰেট ডিগ্ৰীটো প্ৰদান কৰিছে মহীশূৰ বিশ্ববিদ্যালয়ে৷ তামিলনাডু চৰকাৰে তেখেতক কালাইমামানি বঁটা প্ৰদান কৰে৷ কৰ্ণাটক চৰকাৰে প্ৰদান কৰে কৰ্ণাটকা ৰাজ্যোৎসৱা বঁটা৷[7] ২০১৩ চনত তেখেতক ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰে যদিও তেখেতে উক্ত সন্মান গ্ৰহণ কৰিবলৈ অমান্তি হয়৷ তেখেতে কয় যে-এই সন্মান তেনেই সামান্য৷ সন্মানটো তেখেতলৈ বহু পলমকৈ আহিছে৷ ইয়াৰ লগতে তেখেতে উল্লেখ কৰে যে, দক্ষিণ ভাৰতীয় শিল্পীসকলক উপযুক্ত সময়ত স্বীকৃতি দিয়া নহয়৷ [8]
ভাৰতৰ এগৰাকী বহুমুখী গায়িকা হিচাপে জনাজাত এছ. জানকীয়ে বিশিষ্ট গায়ক এছ. পি. বালসুব্ৰমনিয়ম আৰু সংগীতকাৰ ইল্লায়াৰাজৰ লগত ভালেমান কাম কৰিছে৷ যাৰ বিষয়ে সঘনে আলোচনা কৰা হয়৷ ১৯৬০, ১৯৭০ আৰু ১৯৮০ৰ দশকত তেখেতে পি.বি. শ্ৰীনিবাস, এছ.পি. বালসুব্ৰমণিয়াম, কে.জে.য়েছুদাস, পি. জয়চন্দ্ৰন আৰু ডা০ ৰাজকুমাৰৰ লগত ভালেমান দ্বৈতগীতত কণ্ঠ নিগৰাই দক্ষিণ ভাৰতীয় ভষাৰ গীতৰ তালিকাৰ শীৰ্ষত আৰোহণ কৰে৷[9] তেখেতে গীতৰ প্ৰায়বোৰ প্ৰকাৰতেই কণ্ঠদান কৰিছে৷ ২০১৬ চনৰ অক্টোবৰ মাহত জানকীয়ে চলচ্চিত্ৰ আৰু মঞ্চৰ সংগীতৰ পৰা অৱসৰ ঘোষণা কৰে৷ অৱশ্যে ছবি উদ্যোগৰ পৰা অহৰহ পাই থকা অনুৰোধক প্ৰত্যাখ্যান কৰিব নোৱাৰি তেখেতে ২০১৮ চনত "পান্নাড়ী" নামৰ তামিল ভাষাৰ ছবিখনত পুনৰ কণ্ঠদান কৰে৷[10]
জানকীৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতস্থিত মাদ্ৰাছ প্ৰেছিডেন্সীৰ (বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ) অন্তৰ্গত গুণ্টুৰৰ পাল্লাপাটলাত, ২৩ এপ্ৰিল তাৰিখে৷[11]জানকীৰ পিতৃ শ্ৰীৰামমূৰ্তি ছিষ্টলা আছিল এগৰাকী আয়ুৰ্বেদৰ চিকিৎসক আৰু শিক্ষক৷ নবছৰ বয়সত জানকীয়ে মঞ্চত পোনপ্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰে৷ তেতিয়া তেওঁলোক ছিৰকিল্লাত আছিল৷ সেই ঠাইতেই জানকীয়ে শৈশৱৰ অধিকাংশ সময় অতিবাহিত কৰিছিল৷ তেখেতে শাস্ত্ৰীয় সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা লাভ কৰা নাছিল৷ সংগীতৰ প্ৰাথমিক জ্ঞান তেখেতে আয়ত্ব কৰিছিল নদস্বৰম নামৰ বাদ্যটিৰ জৰিয়তে৷[12]
১৯৫৯ চনত জানকীয়ে ৱি.ৰামপ্ৰসাদৰ লগত যুগ্ম জীৱন আৰম্ভ কৰে৷ ৰামপ্ৰসাদে জানকীক আগুৱাই যোৱাত উদ্গনি যোগাইছিল আৰু তেখেতৰ অধিকাংশ বাণীবদ্ধতেই সংগ দিছিল৷ ১৯৯৭ চনত হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ ৰামপ্ৰসাদৰ মৃত্যু হয়৷ [13]
জানকীয়ে মুঠ পাঁচটা ভাৰতীয় ভাষাত সলসলীয়াকৈ কথোপকথন কৰিব পাৰে৷ সেইকেইটা ভাষা হৈছে– তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী৷ তেখেতে ১৫টাতকৈও অধিক ভাষাত লিখা-মেলা কৰিব পাৰে৷[14][15][16][17][18]