এডৱাৰ্ড এলবাৰ্ট গেইট | |
---|---|
জন্ম | ১৮৬৩ |
মৃত্যু | ১৯৫০ |
অন্য নাম | ছাৰ এডৱাৰ্ড এলবাৰ্ট গেইট |
নাগৰিকত্ব | ইংলেণ্ড |
শিক্ষা | স্নাতক |
পেচা | ইংৰাজ প্ৰশাসনিক সেৱাৰ বিষয়া |
উল্লেখযোগ্য কৰ্ম | অসম বুৰঞ্জীৰ গৱেষক |
ছাৰ এড্ৱাৰ্ড গেইট (ইংৰাজী: Edward Albert Gait; ১৮৬৩ – ১৯৫০) ইংৰাজৰ আমোলৰ ভাৰতৰ প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। অসম বুৰঞ্জীৰ উল্লেখযোগ্য গৱেষক। প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে এওঁ ব্ৰিটিছ ভাৰতৰ বিহাৰ আৰু উৰিষ্যাৰ লেফটেনেণ্ট-গৱৰ্নৰ পদলৈ পদোন্নতি পাইছিল। ১৯১৫ চনৰপৰা ১৯২০ চনলৈ এই পদভাৰ বহন কৰে। মাজতে ১৯১৮ চনত অলপ সময়ৰ বাবে তেখেতৰ অনুপস্থিতিত এডৱাৰ্ড ভিয়েৰ লেভিঞ্জ-য়ে এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।[1] তেখেতৰ "A History of Assam" গ্ৰন্থই উত্তৰ-পূব ভাৰতত বুৰঞ্জী অধ্যয়নত আধুনিক পদ্ধতিৰ সূচনা কৰে বুলি কোৱা হয়।
এখেতৰ জন্ম হৈছিল ইংলেণ্ডত। ইউনিভাৰ্ছিটি কলেজ, লণ্ডনত স্নাতক উপাধি লাভ কৰি ১৮৮২ চনত ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া নিযুক্ত হয়। সেই বছৰেৰে ১১ ডিচেম্বৰত তেওঁ ভাৰতত উপস্থিত হয় আৰু নগাঁৱৰ সহকাৰী আয়ুক্ত (Assisstant Commissioner) হিচাপে যোগ দিয়ে। ১৮৯০ চনত গেইট-ক ১৮৯১ চনত হ'বলগীয়া লোক-পিয়লৰ ক্ষেত্ৰীয় অধীক্ষক (provincial superintendent) হিচাপে নিযুক্তি দিয়া হয়। এই অঞ্চলৰ লোকপিয়লৰ ৰিপোৰ্ট তেখেতেই নথীবদ্ধ কৰে, যাক পাছত সেই বছৰৰ ৰাষ্ট্ৰীয় পিয়লৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয়।[2][3] ১৮৯২ চনত ভূমি বিভাগৰ সঞ্চালকৰ পদত সোমাই পাছত অসমৰ চীফ কমিছনাৰৰ সচিব হয়গৈ।[4] ১৮৯৭ চনৰ নৱেম্বৰ মাহত মেজিষ্ট্ৰেট হিচাপে বংগদেশলৈ যায়।[4][2] ১৯০০ চনৰ এপ্ৰিল মাহত বংগ প্ৰদেশৰ লোক-পিয়লৰ অধীক্ষক নিযুক্ত হয়।[2] এই পদতে তেওঁ 'পিয়ল অধ্যক্ষ' (Census Commissioner) 'হাৰবাৰ্ট হোপ ৰিজ্লি'ৰ লগত যুটীয়া ভাৱ একাম কৰি ১৯০১ চনৰ ভাৰতৰ লোকপিয়ল-ৰ তথ্য প্ৰস্তুত কৰে।[5] ১৯০২ চনৰপৰা ১৯১১ চনলৈ 'পিয়ল অধ্যক্ষ' হিচাপেও কাম কৰে।[6] ১৯১২-১৫ কালচোৱা বিহাৰ আৰু উৰিষ্যা যুক্ত প্ৰদেশৰ ব্যৱস্থাপক সভাৰ সদস্য আছিল। ১৯১৫ চনত সেই প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্নৰ হয়। ১৯২২ চনত অৱসৰ লৈ ভাৰত সচিবৰ কাউন্সিলৰ সদস্য নিৰ্বাচিত হয়। ১৯২২-২৫ চনলৈ 'লণ্ডন স্কুল অৱ অ'ৰিয়েণ্টেল ষ্টাডিজ'ৰ পৰিচালক সমিতিৰ সদস্য আছিল।[4]
এডৱাৰ্ড গেইটে নিজৰ কৰ্মৰ সন্মান স্বৰূপে Companion of the Order of the Indian Empire (CIE) লাভ কৰে ১৯০৭ চনত।[7] ১৯১২ চনত Companion of the Star of India (CSI) নিৰ্বাচিত হয়,[8] আৰু ১৯১৫ চনত তেখেতক Knight Commander (KCSI)-ৰলৈ নিৰ্বাচিত কৰা হয়।[9] ১৯১৭ চনত তেখেতক 'Knight of Grace of The Grand Priory of the Order of the Hospital of St John of Jerusalem in England'-ৰ সন্মান দিয়া হয়।[10]
এডৱাৰ্ড গেইট অসম বুৰঞ্জীৰ এগৰাকী খ্যাতনামা গৱেষক। ১৮৯৪ চনত অসমত বুৰঞ্জী চৰ্চাৰ এখন বিশদ আঁচনি এখেতে প্ৰস্তুত কৰে। এই আঁচনিৰ ৰূপদানৰ বাবে গঠিত 'এথ্নগ্ৰাফি' বিভাগৰ প্ৰথম সঞ্চালক নিযুক্ত হয়। ১৮৯৭ চনত 'অসম বুৰঞ্জী বিষয়ক অনুসন্ধান কাৰ্যাৱলীৰ ৰিপোৰ্ট' প্ৰকাশ কৰে। ১৯০৬ চনত হেমচন্দ্ৰ গোস্বামী, গোলাপ চন্দ্ৰ বৰুৱা আদিৰ সহায় লৈ লিখা তেখেতৰ বিখ্যাত গ্ৰন্থ 'এ হিষ্ট্ৰী অৱ আছাম' প্ৰকাশিত হয়। 'বিহাৰ এণ্ড উৰিষ্যা ৰিছাৰ্ছ ছ'চাইটি'ৰ প্ৰতিষ্ঠাতা আছিল। এই ছ'চাইটিৰ মুখপত্ৰ আৰু বেংগল এছিয়াটিক ছ'চাইটি-ৰ মুখপত্ৰতো বুৰঞ্জীমূলক অনেক প্ৰবন্ধ লিখিছিল। বুৰঞ্জীবিদ অমৰেন্দ্ৰ ঠাকুৰ-ৰ মতে এডৱাৰ্ড গেইটৰ A History of Assam গ্ৰন্থই উত্তৰ-পূৱ ভাৰতৰ বুৰঞ্জী অধ্যয়নত নতুন যুগৰ সূচনা কৰিছিল। এই গ্ৰন্থখনেই এই অঞ্চলৰ প্ৰথমখন পূৰ্ণাংগ বুৰঞ্জী আছিল। এই বুৰঞ্জীৰ প্ৰসংগ আৰু সমল উত্তৰ-পূব ভাৰতৰ বুৰঞ্জীবিষয়ক গৱেষণাত সঘনাই উল্লিখিত হয়।[11]
ভাৰতীয় মানুহৰ প্ৰতি এডৱাৰ্ড গেইটৰ সহানুভূতি তেখেতে বিহাৰৰ ৰাইজক নীল খেতিয়কৰ অত্যাচাৰৰপৰা ৰেহাই দিয়াৰ বাবে কৰা সহায়ত পোৱা যায়। মহাত্মা গান্ধীয়ে আত্মজীৱনীত এডৱাৰ্ড গেইটৰ এই কৃতিৰ কথা উল্লেখ কৰিছে। শেষ বয়সত এডৱাৰ্ড গেইট লণ্ডনলৈ উভতি যায় আৰু তাতেই তেখেতৰ মৃত্যু হয়।