এণ্টন চেকভ | |
---|---|
![]() ১৮৮৯ চনত এণ্টন চেকভ | |
জন্ম | এণ্টন পাভলোভিচ চেকভ ২৯ জানুৱাৰী, ১৮৬০[1] টাগানৰোগ, ৰাছিয়া |
মৃত্যু | ১৫ জুলাই, ১৯০৪ (৪৪ বছৰ)[2] বেডেনৱেইলাৰ, জাৰ্মানী |
সমাধিস্থল | মস্কো |
পেচা | সাহিত্যিক, চিকিৎসক,সমাজ-হৈতিষী |
ভাষা | ৰাছিয়ান |
ৰাষ্ট্ৰীয়তা | ৰাছিয়ান[3] |
মাতৃশিক্ষায়তন | ফাৰ্ষ্ট মস্কো ষ্টেট মেডিকেল ইউনিভাৰ্চিটি |
সাহিত্যিক বিপ্লৱ | বাস্তৱবাদ |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা | পুস্কিন বঁটা |
দাম্পত্যসংগী | অলগা নিপাৰ (বি. ১৯০১) |
স্বাক্ষৰ | ![]() |
এণ্টন পাভলোভিচ চেকভ ( ৰুছ: Антон Павлович Чехов[note 1]; IPA: [ɐnˈton ˈpavləvʲɪtɕ ˈtɕexəf] ; ২৯ জানুৱাৰী, ১৮৬০[note 2] – ১৫ জুলাই, ১৯০৪[note 3]) এজন ৰাছিয়ান[4] নাট্যকাৰ আৰু চুটিগল্পকাৰ আছিল। তেওঁক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে গণ্য কৰা হয়। নাট্যকাৰ হিচাপে তেওঁ চাৰিখন ধ্ৰুপদী গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ চুটিগল্পসমূহ লেখক আৰু সমালোচকসকলৰ দ্বাৰা সমাদৃত।[5] [6] হেনৰিক ইবচেন আৰু আগষ্ট ষ্ট্ৰিণ্ডবাৰ্গৰ সৈতে চেকভক প্ৰায়ে থিয়েটাৰত আৰম্ভণিৰ আধুনিকতাবাদৰ জন্মৰ তিনিজন গুৰুত্বপূৰ্ণ ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[7] চেকভ পেছাত এগৰাকী চিকিৎসক আছিল। তেওঁ এবাৰ কৈছিল, "চিকিৎসা মোৰ বৈধ পত্নী", "আৰু সাহিত্য মোৰ ৰক্ষিতা।"[8]
১৮৯৬ চনত দ্য ছিগালৰ অভিযোজনৰ পিছত চেকভে থিয়েটাৰ ত্যাগ কৰে। ১৮৯৮ চনত কনষ্টেণ্টিন ষ্টেনিছলাভস্কিৰ মস্কো আৰ্ট থিয়েটাৰে নাটকখৰ পুনৰ্কথন কৰি প্ৰশংসা লাভ কৰে। পিছত উক্ত থিয়েটাৰখনে চেকভৰ আংকল ভানিয়াও প্ৰযোজনা কৰাৰ লগতে তেওঁৰ অন্তিম দুখন নাটক থ্ৰী চিষ্টাৰছ আৰু দ্য চেৰী অৰচাৰ্ডৰ প্ৰিমিয়াৰ সম্পন্ন কৰে। এই চাৰিখন নাটকে অভিনয় দলৰ[9] লগতে দৰ্শকৰ বাবেও এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে।[10] চেকভৰ নাটকসমূহ জটিল নাছিল আৰু দৰ্শকৰ বাবে এইসমূহে কিছু পৰিমাণে ভৌতিক পৰিৱেশৰ সৃষ্টি কৰিছিল। [3]
চেকভে প্ৰথমে ধন উপাৰ্জনৰ বাবে গল্প লিখিছিল যদিও তেওঁৰ কলাত্মক উচ্চাকাংক্ষা বাঢ়ি অহাৰ লগে লগে তেওঁ নতুনত্বৰ সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰা তেওঁ আধুনিক চুটিগল্পৰ বিৱৰ্তনক প্ৰভাৱিত কৰিছিল। ইয়াৰ ফলত সৃষ্টি হোৱা পাঠকসকলৰ অসুবিধাৰ বাবে তেওঁ কোনো ক্ষমা বিচৰা নাছিল, তেওঁ কৈছিল যে এজন শিল্পীৰ ভূমিকা প্ৰশ্ন কৰাহে, তাৰ উত্তৰ দিয়া নহয়।[11]
১৮৬০ চনৰ ২৯ জানুৱাৰীত এটা ৰাছিয়ান পৰিয়ালত এণ্টন চেকভৰ জন্ম হয়। জীৱিত ছয় সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয় সন্তান। তেওঁৰ পিতৃ পাভেল য়েগোৰভিচ চেকভ এজন প্ৰাক্তন বন্ধকী দাসৰ পুত্ৰ আৰু পেৰিছ কয়েৰৰ (সংগীত) পৰিচালক আছিল। এজন অৰ্থডক্স খ্ৰীষ্টান আৰু শাৰীৰিকভাৱে নিৰ্যাতনকাৰী পিতৃ হিচাপে পাভেল চেকভক কিছুসংখ্যক ইতিহাসবিদে তেওঁৰ পুত্ৰই ৰচনা কৰা ভণ্ডামিৰ বহুতো প্ৰতিকৃতিৰ আৰ্হি হিচাপে গণ্য কৰে। চেকভৰ মাতৃ য়েভগেনিয়া (মৰোজোভা) আছিল এগৰাকী গল্পকাৰ। তেওঁ কাপোৰৰ ব্যৱসায়ী পিতৃৰ সৈতে সমগ্ৰ ৰাছিয়া ভ্ৰমণৰ কাহিনীৰে শিশুসকলক মনোৰঞ্জন দিছিল।[12][13][14] চেকভে এই কথা সুঁৱৰিছিল, "আমাৰ প্ৰতিভা আমি আমাৰ পিতৃৰ পৰা পাইছিলোঁ, কিন্তু আমাৰ আত্মা আমাৰ মাৰ পৰা।"[15]
চেকভে টাগানৰোগৰ গ্ৰীক স্কুল আৰু টাগানৰোগ জিমনেছিয়ামত অধ্যয়ন কৰিছিল।[16] টাগানৰোগৰ গ্ৰীক অৰ্থডক্স মঠ আৰু পিতৃৰ কয়েৰত তেওঁ গান গাইছিল। ১৮৯২ চনৰ এখন চিঠিত তেওঁ নিজৰ শৈশৱক বৰ্ণনা কৰিবলৈ "যন্ত্ৰণা" শব্দটো ব্যৱহাৰ কৰিছিল আৰু মনত পেলাইছিল:
যেতিয়া মোৰ ভাতৃসকল আৰু মই গীৰ্জাঘৰৰ মাজত থিয় হৈ আছিলোঁ আৰু তিনিও "May my prayer be exalted", বা "The Archangel's Voice" শীৰ্ষক গীত গাইছিলোঁ, সকলোৱে আমালৈ আৱেগেৰে চাই আছিল আৰু আমাৰ পিতৃ-মাতৃক ইৰ্ষা কৰিছিল, কিন্তু সেই সময়ত আমি কণমানি অভিযুক্ত যেন অনুভৱ কৰিছিলোঁ।[17]
১৮৭৬ চনত মিৰ’নভ নামৰ এজন ঠিকাদাৰে প্ৰতাৰণা কৰি নতুন ঘৰ নিৰ্মাণৰ বিত্তীয় সাহায্যৰ পৰিমাণ অতিমাত্ৰা বৃদ্ধি কৰাৰ পিছত চেকভৰ পিতৃক দেউলীয়া ঘোষণা কৰা হয়।[18] কাৰাগাৰৰ পৰা হাত সাৰিবলৈ তেওঁ মস্কোলৈ পলায়ন কৰে। তাতে তেওঁৰ দুজন পুত্ৰ আলেকজেণ্ডাৰ আৰু নিকোলায়ে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। পৰিয়ালটোৱে মস্কোত দৰিদ্ৰতাত জীৱন কটাবলগীয়া হয়। ইয়াৰ ফলত চেকভৰ মাতৃ শাৰীৰিক আৰু আৱেগিকভাৱে ভাঙি পৰে।[19]
পৰিয়ালটোৰ সা-সম্পত্তি বিক্ৰী কৰি পঢ়া-শুনা শেষ কৰিবলৈ চেকভক ৰৈ গ’ল। তেওঁ আৰু তিনি বছৰ টাগানৰোগত থাকে। চেলিভানভ নামৰ এজন ব্যক্তিয়ে পৰিয়ালটোক তেওঁলোকৰ ঘৰৰ দামৰ বিনিময়ত জামিনত মুকলি কৰি দিয়ে।[20] চেকভে নিজৰ শিক্ষাৰ খৰচ নিজেই বহন কৰিবলগীয়া হৈছিল। তেওঁ ব্যক্তিগত টিউচন, চৰাই ধৰি বিক্ৰী কৰি, আৰু অন্যান্য কামৰ লগতে বাতৰি কাকতৰ বাবে স্কেচ বিক্ৰী কৰি যোগাৰ কৰিছিল। মস্কোত থকা পৰিয়ালটোলৈ তেওঁ বাকী থকা প্ৰতিটো ৰুবল প্ৰেৰণ কৰিছিল।[21]
এই সময়ছোৱাত তেওঁ চাৰ্ভান্টেছ, টুৰ্গেনিভ, গনচাৰভ আৰু শ্ব'পেনহাৱাৰৰ ৰচনাসমূহ বহুলভাৱে আৰু বিশ্লেষণাত্মকভাৱে পঢ়িছিল।[22][23] সেই সময়ত তেওঁ এখন পূৰ্ণদৈৰ্ঘ্যৰ হাস্য-ৰসাত্মক নাটক ফাদাৰলেছ লিখিছিল।[24] ১৮৭৯ চনত চেকভে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি মস্কোত নিজ পৰিয়ালৰ সৈতে যোগদান কৰে আৰু আই এম চেচেনভ ফাৰ্ষ্ট মস্কো ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত চিকিৎসা শাস্ত্ৰত নামভৰ্তি কৰে।[25]
চেকভৰ নাটকৰ প্ৰশংসা কৰা প্ৰথম অ-ৰাছিয়ানসকলৰ ভিতৰত এজন আছিল জৰ্জ বাৰ্নাৰ্ড শ্ব'।[26]
চেকভৰ দ্বাৰা প্ৰভাৱিত আন এজন লেখক আৰ্নেষ্ট হেমিংৱেই কৈছিল: "চেখভে প্ৰায় ছটা ভাল গল্প লিখিছিল। কিন্তু তেওঁ আছিল এজন অপেছাদাৰী লেখক।" ভ্লাদিমিৰ নাবোকভে চেকভৰ ৰচনাক "ভয়ংকৰ গদ্য, পূৰ্বনিৰ্ধাৰিত উপনাম, পুনৰাবৃত্তিৰ মিশ্ৰণ" বুলি সমালোচনা কৰিছিল।[27][28] কিন্তু তেওঁ লগতে ইয়াকো কৈছিল যে "তথাপিও এয়া তেওঁৰেই ৰচনা যাক মই আন এটা গ্ৰহৰ ভ্ৰমণলৈ লৈ যাম।"[29] তেওঁ 'দ্য লেডী উইথ দ্য ডগ'ক "এতিয়ালৈকে লিখা আটাইতকৈ ডাঙৰ কাহিনীসমূহৰ ভিতৰত অন্যতম" বুলি অভিহিত কৰিছিল।[30]
চেকভৰ ৰচনাসমূহ পৰ্দাৰ দৰ্শনীৰ বাবে অভিযোজিত কৰা হৈছে। ইয়াৰ ভিতৰত চিডনী লুমেটৰ ছি গাল আৰু লুই মালেৰ ভানিয়া অন ৪২ নং ষ্ট্ৰীট অন্যতম। লৰেন্স অলিভিয়াৰে ১৯৭০ চনত থ্ৰী চিষ্টাৰছৰ চলচ্চিত্ৰ অভিযোজন কৰে। ২০১৪ চনৰ নাট্যধৰ্মী ছবি ষ্টিল এলিছত থ্ৰী চিষ্টাৰছৰ মঞ্চ প্ৰযোজনাৰ এটা অংশ দেখা যায়। ২০২২ চনৰ বিদেশী ভাষাৰ অস্কাৰ বিজয়ী ড্ৰাইভ মাই কাৰ, আংকল ভানিয়াৰ প্ৰযোজনাৰ ওপৰত কেন্দ্ৰিত।
চেকভৰ কেইবাটাও চুটিগল্প ১৯৮৬ চনৰ ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক কথা সাগৰৰী একো একোটা খণ্ড হিচাপে অভিযোজিত কৰা হৈছিল। চেকভ কি দুনিয়া নামৰ আন এখন ভাৰতীয় দূৰদৰ্শন ধাৰাবাহিক নব্বৈৰ দশকত ডি ডি নেচনেলত প্ৰচাৰিত হৈছিল।[31]
নুৰি বিলগে চিলানৰ ৱিণ্টাৰ স্লিপ নামৰ কথাছবিখন চেকভৰ চুটিগল্প 'দ্য ৱাইফ'ৰ পৰা অভিযোজিত কৰা হৈছে।[32]