![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
![]() | |
কোম্পানী / বিকাশক | গুগল অ’পেন হেণ্ডচেট এলায়েঞ্চ এণ্ড্ৰইড মুক্ত উৎস প্ৰকল্প |
---|---|
প্ৰোগ্ৰাম কৰা ভাষা | C, C++, জাভা[1] |
OS পৰিয়াল | ইউনিক্স-লাইক, লীনাক্স |
কাৰ্যৱস্থা | বৰ্তমান |
উৎস মডেল | মুক্ত উৎস[2] |
প্ৰাৰম্ভিক মুক্তি | ২০০৮ৰ ২৩চেপ্টেম্বৰ[3] |
অন্তিম স্থায়ী মুক্তি | ৪.১.১ জেলি বিন / ২০১২ৰ ২৭নবেম্বৰ[4][5] |
বিপণন লক্ষ্য | স্মাৰ্টফোন সমূহ টেবলেট কম্পিউটাৰ সমূহ |
উপলভ্য প্ৰাকৃতিক ভাষা | বহু-ভাষিক |
পেকেজ ব্যৱস্থাপক | গুগল প্লে, এ পি কে (ফাইল সজ্জা) |
সমৰ্থিত প্লেটফৰ্ম | এ আৰ এম(AMR), এম আই পি এচ(MIPS),[6] x৮৬[7] |
কাৰ্ণেলৰ প্ৰকাৰ | ম’ন’লিথিক (পুনৰসজ্জিত লীনাক্স কাৰ্ণেল) |
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | গ্ৰাফিকেল বহু-স্পৰ্শকীয় (মাল্টি টাচ) |
অনুজ্ঞা-পত্ৰ | আপাচে লাইছেঞ্চ ২.০ জি পি এল(GPL)ৰ অন্তৰ্গত লীনাক্স কাৰ্ণেল পেটচ[8] |
আধিকাৰিক ৱেবছাইট | android.com |
এণ্ড্ৰইড বা এণ্ড্ৰৈড (ইংৰাজী: Android) হৈছে লীনাক্স ভিত্তিক সৰ্বাধিক ব্যৱহৃত টাচ স্ক্ৰীন ম’বাইল আৰু টেবলেট কম্পিউটাৰৰ অপাৰেটিং চিষ্টেম। Android Inc.ক ২০০৫ চনত গুগলে ক্ৰয় কৰে।[9] তাৰ পাছৰে পৰা গুগলে অ’পেন হেণ্ডচেট এলায়েঞ্চৰ সৈতে লগ লাগি এই অপাৰেটিং চিষ্টেমটোৰ বিকাশ কৰি আহিছে। আপাচে অনুজ্ঞাপত্ৰৰ অধীনত গুগলে ইয়াক মুক্ত উৎস হিচাপে মুকলি কৰি দিছে। এণ্ড্ৰইড জাভা লেংগুৱেজ ভিত্তিক আৰু ইয়াৰ এপ্লিকেচনসমূহ এ ডি টি (এণ্ড্ৰইড ডেভেলপমেণ্ট টুল) নামৰ প্লাগ ইনটোৰ সহায়ত সাজিব পৰা যায়। ইয়াৰ উপৰিও এণ্ড্ৰইড লেপটপ, নেটবুক, স্মাৰ্টবুক, কেমেৰা আৰু স্মাৰ্ট টি ভি (গুগল টিভি) সমূহতো ব্যৱহাৰ কৰিব পৰা যায়।[9]
এণ্ড্ৰইডৰ এক বিশাল বিকাশ (ডেভেলপাৰ)ৰ সমাজ আছে, এইসকলে বিকাশ কৰা এণ্ড্ৰইড এপ্লিকেচন সমূহ গুগল প্লে আৰু আমাজ’ন এপ ষ্ট’ৰত পোৱা যায়। এণ্ড্ৰইডৰ বহুল ব্যৱহাৰে জাভা লেংগুৱেজক পৃথিৱীৰ সকলোতকৈ বেছি ব্যৱহৃত প্ৰ’গ্ৰামিং লেংগুৱেজত পৰিগণিত কৰে। ২০১১ চনত বিশ্বজুৰি ৫০০ নিযুততকৈ অধিক এণ্ড্ৰইড ব্যৱহাৰকাৰী আছিল। যি আছিল টেবলেট আৰু ম’বাইল (স্মাৰ্ট ফোন) ব্যৱহাৰকাৰীৰ মুঠ সংখ্যাৰ ৭৫%।[9] ছেপ্টেম্বৰ ২০১২ত এণ্ড্ৰইডত ব্যৱহাৰযোগ্য মুঠ এপ্লিকেচনৰ সংখ্যা আছিল প্ৰায় ৬,৭৫,০০০ আৰু তেতিয়া লৈকে এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলে গুগল প্লেৰ পৰা মুঠ ২৫ বিলিয়ন এপ্লিকেচন ডাউনল’ড কৰিছিল।[9]
এণ্ড্ৰইডৰ বিভিন্ন সংষ্কৰণ আৰু ব্যৱহাৰকৰ্তাৰ পৰিসংখ্যা নবেম্বৰ ১, ২০১২[10] অধিকাংশ এণ্ড্ৰইড যুক্ত সঁজুলিতেই সমূহত বৰ্তমান এণ্ড্ৰইড ৬ ডিচেম্বৰ ২০১০ত মুক্তি পোৱা এক পুৰণি সংষ্কৰণ ২.৩ জিনজাৰব্ৰেড ব্যৱহাৰ হৈ আছে,
সংষ্কৰণ | ক’ড নাম | মুক্তিৰ তাৰিখ | এ পি আই লেভেল | বিতৰণ (ডিচেম্বৰ ৩, ২০১২) |
---|---|---|---|---|
৪.৪ | কিট-কাট[11] | N/A | ১৯ | ০.০% |
৪.৩ | জেলি বিন | জুলাই ২৪, ২০১৩ | ১৮ | ০.০% |
৪.২ | জেলি বিন | নবেম্বৰ ১৩, ২০১২ | ১৭ | ০.৮% |
৪.১.x | জেলি বিন | জুলাই ৯, ২০১২ | ১৬ | ৫.৯% |
৪.০.x | আইচ ক্ৰীম ছেণ্ডৱিচ | ডিচেম্বৰ ১৬, ২০১১ | ১৫ | ২৭.৫% |
৩.২ | হ’নিকম্ব | জুলাই ১৫, ২০১১ | ১৩ | ১.২% |
৩.১ | হ’নিকম্ব | মে’ ১০, ২০১১ | ১২ | ০.৪% |
২.৩.৩–২.৩.৭ | জিনজাৰব্ৰেড | ফেব্ৰুৱাৰী ৯, ২০১১ | ১০ | ৫০.৬% |
২.৩–২.৩.২ | জিনজাৰব্ৰেড | ডেচেম্বৰ ৬, ২০১০ | ৯ | ০.২% |
২.২ | ফ্ৰ’য়’ | মে’ ২০, ২০১০ | ৮ | ১০.৩% |
২.০–২.১ | ইকলেয়াৰ | অক্টোবৰ ২৬, ২০০৯ | ৭ | ২.৭% |
১.৬ | ড’নাত | ছেপ্টেম্বৰ ১৫, ২০০৯ | ৪ | ০.৩% |
১.৫ | কাপকেক | এপ্ৰিল ৩০, ২০০৯ | ৩ | ০.১% |
![]() |
ৱিকিমিডিয়া কমন্সত এণ্ড্ৰয়ড সম্পৰ্কীয় মিডিয়া ফাইল আছে। |