এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এনী বেছাণ্ট (Annie Besant) | |
---|---|
এনী বেছাণ্ট (১৮৯৭) | |
জন্ম | ১ অক্টোবৰ, ১৮৪৭ ক্লেফাম(Clapham), লণ্ডন, United Kingdom of Great Britain and Ireland |
মৃত্যু | ২০ ছেপ্টেম্বৰ, ১৯৩৩ (৮৫ বছৰ) আদয়াৰ (তামিলনাডু), মাদ্ৰাছ প্ৰেসিডেন্সী, ভাৰতবৰ্ষ |
জনা যায় | ব্ৰহ্মজ্ঞানী বক্তি, women's rights activist, লেখিকা আৰু বক্তা |
দাম্পত্যসঙ্গী | ফ্ৰেংক বেচান্ত |
সন্তান | আৰ্থুৰ, মেবেলl |
কেৱল মানৱ সমাজৰ উন্নতিৰ বাবেই নিজৰ জীৱন উৎৰ্সগ কৰা মহান ব্যক্তিসকলৰ ভিতৰত মহিয়সী মহিলা এনী বেছাণ্ট এগৰাকী উল্লেখনীয় ব্যক্তি। যি সময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থান আৰোহণ কৰিছিল, মানুহে কল্পনা কৰা সকলো সুখ স্বাচ্ছন্দ্যৰে জীৱন পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল সেই সময়ত এইগৰাকী ব্ৰিটিছ মহিলাই সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল। কেৱল মানৱ সেৱাকেই জীৱনৰ ব্ৰত কৰি লোৱা এই গৰাকী বিদূষী মহিলাই সমাজৰ সকলো দিশৰ পৰা অন্ধকাৰত বাস কৰা এখন নি:স্ব সমাজৰ কল্যাণৰ হকে নিজকে বিলাই দিছিল।
১৮৪৭ চনৰ ১ অক্টোবৰ তাৰিখে লণ্ডন চহৰত জন্ম হৈছিল, উইলিয়াম পেজ উদ্ আৰু এমিলি উদ্ৰ কন্যা সন্তান এনীৰ। দেউতাক আছিল এজন নাম কৰা চিকিৎসক। এনীৰ ৫ বছৰ বয়সত দেউতাক উইলিয়াম উদৰ মৃত্যু হোৱাত পৰিয়ালটো গভীৰ অৰ্থ সংকটৰ সন্মুখীন হৈছিল। এনে অৱস্থাত এনীৰ মাকে সন্তান দুটি লগত লৈ লণ্ডনৰ পৰা গৈ হেৰ’ত উপস্থিত হৈছিল গৈ। হেৰ’তে তেওঁ ল’ৰা ছোৱালী দুটাক পাব্লিক স্কুলত ভৰ্তি কৰাই দিয়ে। ইয়াতেই মিছ মেৰীয়েট নামৰ আন এগৰাকী ব্ৰিটিছ মহিলাৰ তত্ত্বাৱধানত এনীৰ জীৱনে বিকাশ লাভ কৰাৰ সুবিধা পাইছিল। মিছ মেৰীয়েটে নিজৰ ছোৱালীৰ দৰে প্ৰতিপালন কৰাৰ উপৰিও এনীক ইংৰাজী, ফৰাচী আৰু জাৰ্মান ভাষাৰ শিক্ষা দিছিল। মিছ মেৰীয়েটৰ তত্ত্বাৱধানত এনীয়ে অতি কম সময়ৰ ভিতৰতে ইংৰাজীৰ উপৰিও ফৰাচী আৰু জাৰ্মান ভাষা সুন্দৰভাৱে আয়ত্ত কৰি পেলাইছিল। ইয়াৰ লগে লগে এনীয়ে মেৰীয়েটৰ পৰা শিকিছিল সমাজসেৱাৰ কাম। ১৮৬১ চন, ১৪ বছৰ বয়সত মাকৰ অনুমতি সাপেক্ষে মেৰীয়েটে এনীক বিদেশ ভ্ৰমণলৈ নিয়ে ৷ প্ৰথমে, জাৰ্মানী আৰু পিছত ফ্ৰাঞ্চত দুয়োখন দেশতে সম্পূৰ্ণ দুবছৰ কটোৱাৰ পিছত ১৮৬৩ চনত মেৰীয়েটৰ লগত এনী পুনৰ ইংলণ্ডৰ ঘৰলৈ ঘূৰি আহে। ইতিমধ্যে এনী সকলোফালৰ পৰা যোগ্য হৈ উঠিছিল[1]।
১৮৬৬ চনত, ১৯ বছৰ বয়সত এনীয়ে লগ পায় কেমব্ৰিজৰ পৰা সদ্য শিক্ষা সাং কৰি ওলোৱা তৰুণ স্নাতক ৰেভাৰেণ্ড ফ্ৰেঙ্ক বেছাণ্টক। দুয়ো দুয়োৰে প্ৰতি আকৃষ্ট হয় আৰু ১৮৬৭ চনত এনীৰ ফ্ৰেঙ্ক বেছান্তৰ সৈতে বিয়া হয় ৷ অৱশ্যে তেওঁলোকৰ বিবাহিত জীৱন দীৰ্ঘস্থায়ী হ’বলৈ নাপালে। ফ্ৰেঙ্ক বেছাণ্টৰ বদ মেজাজৰ বাবে এনীৰ জীৱন অশান্তিকৰ হৈ পৰে। তথাপি এনীয়ে ছবছৰমান সেই অশান্তিৰ মাজৰে পাৰ কৰিলে । ইতিমধ্যে দুটা সন্তানৰ জন্ম হয়। পিছে ফ্ৰেঙ্কৰ অত্যাচাৰৰ এটা চৰম মুহূৰ্তত এদিন এনী আৰু ফ্ৰেঙ্কৰ মাজত বিবাহ বিচ্ছেদ ঘটে আৰু এনী চূড়ান্তভাৱে ফ্ৰেঙ্কৰ জীৱনৰ পৰা আঁতৰি যায়। ইয়াৰ পিছতেই এগৰাকী সমাজ সেৱিকাৰ ভূমিকাত এনী ইউৰোপৰ সৰ্বহাৰা সকলৰ মাজত সোমায় পৰে ।
১৮৭৩ চনত ফ্ৰেঙ্কৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে এনীৰ আৰ্থিক অৱস্থা ইমানেই শোচনীয় হৈ পৰে যে তেওঁ পেট প্ৰবৰ্তাবৰ বাবে যিকোনো ধৰণৰ কামতে হাত দিবলগীয়া হয়। অনেক কষ্টৰ মূৰত ফকষ্টনত এটা চাকৰি যোগাৰ হয় হেড-কুক গভাৰ্নেচ আৰু নাৰ্চ হিচাপে। এই চাকৰি কৰিয়ে এনীয়ে মাকৰ সৈতে থাকিবলৈ লয়। মাক-জীয়েক দুয়োৰে মিলিত উপাৰ্জনেৰে তেওঁলোকে সৰুকৈ এটা ঘৰ বান্ধে। কিন্ত এনেকৈ এটা মান বছৰ সম্পূৰ্ণ নহওঁতেই টান নৰিয়াত পৰি এদিন এনীৰ মাকৰ মৃত্যু হয় আৰু ইয়াৰ পিছত এনী সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে।
১৮৭৪ চনত ’নেশ্যনেল চেকুলাৰ ছ’চাইটি অব ইংল্যণ্ড’ৰ মুখপত্ৰ ’নেশ্যনেল ৰিফৰমাৰ’ত প্ৰকাশিত এটা প্ৰবন্ধই এনী বেছাণ্টৰ মনত ৰেখাপাত কৰে। তেওঁ এই ছ’চাইটিৰ কৰ্মকৰ্তাসকলক লগ ধৰি ১৮৭৪ চনত ইয়াৰ সদস্যভুক্ত হয়। ইয়াৰ কিছুদিনৰ পিছতেই তেওঁ ’নেশ্যনেল ৰিফৰমাৰ’ত যোগ দিয়ে মুখপত্ৰখনৰ সহ-সম্পাদিকাৰূপে।
সমাজ সংস্কাৰৰ বিভিন্ন কামত লাগি ফুৰাৰ ফলত অত্যধিক পৰিশ্ৰমৰ ফলস্বৰূপে ১৯৩০ চনৰ মাজভাগৰ পৰা তেওঁৰ শৰীৰ ক্ৰমাত্ ভাগি পৰিবলৈ ধৰে আৰু অৱশেষত ১৯৩৩ চনৰ ২০ ছেপ্তেম্বৰত মাদ্ৰাজৰ আদ্য়াৰত নিজা ঘৰত এনী বেছাণ্টৰ পৰলোকপ্ৰাপ্তি ঘটে।
চলিশ বছৰ কাল ধৰি ভাৰতৰ মাটিকেই আপোন বুলি ধৰি লৈ এই দেশৰ স্বাৰ্থত তেওঁৰ দ্বাৰা লিখিত লিখনিসমূহ আৰু ইংল্যণ্ড আৰু ভাৰতৰ বিভিন্ন কাকত আলোচনীত প্ৰকাশ পোৱা ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা বিষয়ক প্ৰবন্ধৰাজি আজিও এনী বেছাণ্টৰ ভাৰত প্ৰীতিৰ এক জ্বলন্ত সাক্ষী হৈ আছে।
ৱিকিমিডিয়া কমন্সত এনী বেছাণ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |