অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
এনৰিকো ফাৰ্মি | |
---|---|
এনৰিকো ফাৰ্মি | |
জন্ম | ২৯ ছেপ্টেম্বৰ, ১৯০১ ৰোম, ইটালী |
মৃত্যু | ২৮ নৱেম্বৰ, ১৯৫৪ (৫৩ বছৰ) শিকাগো, ইলিনয়, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
বাসস্থান | ইতালি (১৯০১–১৯৩৮) মাৰ্কিন যুক্তৰাষ্ট্ৰ (১৯৩৮–১৯৫৪) |
নাগৰিকত্ব | ইতালীয় (১৯০১–১৯৩৮) মাৰ্কিন (১৯৪৪–১৯৫৪) |
ক্ষেত্ৰ | পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | Scuola Normale Superiore di Pisa গ্যটিঙেন বিশ্ববিদ্যালয় লাইডেন বিশ্ববিদ্যালয় University of Florence Sapienza University of Rome কলাম্বিয়া ইউনিভাৰ্সিটি শিকাগো বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান | Scuola Normale Superiore di Pisa |
শৈক্ষিক পৰামৰ্শদাতা | |
ডক্তৰেল বিদ্যাৰ্থী | ওয়েন চেম্বাৰলেইন Geoffrey Chew Mildred Dresselhaus জেৰোম আইজ্যাক ফ্ৰিডম্যান Marvin Leonard Goldberger সুং-দাও লি লিও জেমস ৰেইনওয়াটাৰ Marshall Rosenbluth Arthur Rosenfeld এমিলিও জিনো সেগৰে জ্যাক ষ্টাইনবাৰ্গাৰ Sam Treiman |
জনা যায় |
|
উল্লেখনীয় বঁটা | পদাৰ্থ বিজ্ঞানত নোবেল বঁটা (১৯৩৮) |
এনৰিকো ফাৰ্মি (২৯ ছেপ্টেম্বৰ, ১৯০১ - ২৮ নৱেম্বৰ, ১৯৫৪) এজন ইটালীয় পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯৪২ চনত প্ৰথমবাৰৰ বাবে পৰমাণু বিভাজন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই গৱেষণাই পৰৱৰ্তীকালত পৰমাণু বোমা আৰু শক্তি উৎপাদনৰ বাবে ব্যৱহৃত পৰমাণু চুল্লী নিৰ্মাণৰ ভিত্তি স্থাপন কৰিছিল। তেওঁ ১৯৩৮ চনত ৰেডিঅ'এক্টিভিটিৰ ওপৰত কৰা গৱেষণাৰ বাবে পদাৰ্থবিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল। তেওঁ মেনহেটন প্ৰকল্পত অংশগ্ৰহণ কৰিছিল।
ফাৰ্মি বিশ্বৰ প্ৰথম নিউক্লিয়াৰ চুল্লী নিৰ্মাতা আছিল। সেই চুল্লীটোৰ নাম আছিল চিকাগ’ পাইল-১। তেওঁক নিউক্লিয়াৰ যুগৰ স্থপতি বুলি কোৱা হয় আৰু একেই সময়তে তেওঁক নিউক্লিয়াৰ বোমাৰো স্থপতি বুলি গণ্য কৰা হয়।[1] তেওঁ স্বল্পসংখ্যক পদাৰ্থবিজ্ঞানীৰ ভিতৰত এজন, যিয়ে তাত্ত্বিক আৰু পৰীক্ষণমূলক পদাৰ্থবিজ্ঞান দুয়োখন ক্ষেত্ৰতেই কৃতিত্ব দেখুৱাইছিল। ইউৰেনিয়ামৰ পিছৰ মৌলবোৰত নিউট্ৰন প্ৰক্ষেপণৰ জৰিয়তে সৃষ্টি হোৱা তেজস্ক্ৰিয়তাৰ ওপৰত কৰা কামৰ বাবে তেওঁ ১৯৩৮ চনত পদাৰ্থবিজ্ঞানত ন'বেল বঁটা লাভ কৰিছিল।
ফাৰ্মিৰ প্ৰথম উল্লেখযোগ্য অৱদান আছিল পৰিসাংখ্যিক বলবিজ্ঞানৰ ক্ষেত্ৰত। ১৯২৫ চনত ৱল্ফগেং পাউলিয়ে তেওঁৰ নিষেধ নীতি প্ৰণয়ন কৰাৰ পিছত, ফাৰ্মিয়ে এখন গবেষণাপত্ৰ প্ৰকাশ কৰিছিল য'ত তেওঁ এক নতুন পৰিসাংখ্যিক প্ৰণালী ব্যৱহাৰ কৰি আদৰ্শ গেছৰ ক্ষেত্ৰত নিষেধ নীতি প্ৰয়োগ কৰে। বৰ্তমান ইয়াক ফাৰ্মি–ডিৰাক সাংখ্যিকী বুলি জনা যায়। আজিকালি পাউলিৰ নিষেধ নীতি পালন কৰি চলা কণাবোৰক "ফাৰ্মিয়ন" বুলি কোৱা হয়। পাছলৈ, পাউলিয়ে বিটা ক্ষয়ৰ কালত নিৰ্গত হোৱা ইলেকট্ৰনৰ লগত এক আধানহীন অদৃশ্য কণাৰ অস্তিত্বৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। শক্তি সংৰক্ষণৰ নিয়মে এনে এটা কণাৰ অস্তিত্ব সমৰ্থন কৰে। ফাৰ্মিয়ে এই ধাৰণাটোৰ ভিত্তিত এটা মডেল গঢ়ি তুলিছিল আৰু সেই কণাটোক "নিউট্ৰিনো" বুলি নামকৰণ কৰিছিল। তেওঁৰ এই তত্ত্বক ফাৰ্মিৰ আন্তঃক্ৰিয়া বুলি জনা গৈছিল আৰু বৰ্তমান ইয়াক দুৰ্বল আন্তঃক্ৰিয়া (weak interaction) বুলি জনা যায়। এই তত্ত্বই প্ৰকৃতিৰ চাৰিটা মূল আন্তঃক্ৰিয়াৰ এটাৰ বৰ্ণনা কৰিছিল। নিউট্ৰনৰ প্ৰয়োগৰে কৰা পৰীক্ষাৰ জৰিয়তে ৰেডিঅ'এক্টিভিটি উদ্দীপিত কৰি ফাৰ্মিয়ে আৱিষ্কাৰ কৰিছিল যে মন্থৰ নিউট্ৰনসমূহক পৰমাণুৱে সহজে বন্দী কৰিব পাৰে।
আৰু তেওঁ ইয়াৰ বৰ্ণনা কৰিবলৈ ফাৰ্মি বয়স সমীকৰণৰ বিকাশ কৰিছিল। থ’ৰিয়াম আৰু ইউৰেনিয়ামক মন্থৰ নিউট্ৰনৰে খুন্দিওৱাৰ পিছত, তেওঁ সিদ্ধান্ত কৰিছিল যে তেওঁ নতুন মৌল সৃষ্টি কৰিছে। এই আৱিষ্কাৰৰ বাবে তেওঁ ন'বেল বঁটা লাভ কৰিছিল। অৱশ্যে, পাছলৈ এই নতুন মৌলবোৰ নিউক্লিয়াৰ বিভাজনৰ ফলত উৎপন্ন হোৱা পদাৰ্থ বুলি প্ৰকাশ কৰা হৈছিল।
ফাৰ্মিয়ে তেওঁৰ ইহুদী পত্নী লাউৰা কেপ’নৰ ওপৰত নতুন ইটালীয় জাতিগত আইনবোৰৰ প্ৰভাৱ পৰাৰ ফলত ১৯৩৮ চনত ইটালি ত্যাগ কৰি আমেৰিকালৈ প্ৰৱাস কৰে। তাত তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মেনহেটন প্ৰকল্পত কাম কৰিছিল। তেওঁ চিকাগো বিশ্ববিদ্যালয়ত থকা দলটোৰ নেতৃত্ব দিছিল, যিটো দলে চিকাগো পাইল-১ ডিজাইন আৰু নিৰ্মাণ কৰিছিল। এই চুল্লীটোৱে ১৯৪২ চনৰ ২ ডিচেম্বৰত প্ৰথম মানুহৰ দ্বাৰা সৃষ্টি হোৱা আত্ম-নিয়ন্ত্ৰিত আণৱিক শৃংখল বিক্ৰিয়া প্ৰদৰ্শন কৰিছিল। তেওঁ ১৯৪৩ চনত টেনেছীৰ অ'ক ৰিজৰ এক্স-১০ গ্ৰাফাইট চুল্লী আৰু পাছলৈ ১৯৪৪ চনত হেনফৰ্ড চাইটৰ বি ৰিএক্টৰৰ সংকট অৱস্থাত উপস্থিত আছিল। লছ আলাম'ছত, তেওঁ এফ ডিভিচনৰ নেতৃত্ব দিছিল, য’ত তেওঁৰ দলৰ কিছু অংশই এডৱৰ্ড টেলাৰৰ তাপীয় আণৱিক বোমাৰ ওপৰত কাম কৰিছিল। তেওঁ ১৯৪৫ চনৰ ১৬ জুলাইৰ ত্ৰিনিটী পৰীক্ষাতো উপস্থিত আছিল, য’ত প্ৰথম বাৰৰ বাবে সম্পূৰ্ণ নিউক্লিয়াৰ বোমাৰ বিস্ফোৰণ পৰীক্ষা কৰা হৈছিল, আৰু এই পৰীক্ষাত ফাৰ্মিয়ে তেওঁৰ পদ্ধতি ব্যৱহাৰ কৰি বোমাৰ বিস্ফোৰণ শক্তি অনুমান কৰিছিল।
যুদ্ধৰ পাছত, তেওঁ চিকাগোত নিউক্লিয়াৰ অধ্যয়ন প্ৰতিষ্ঠান স্থাপন কৰাত সহায় কৰিছিল আৰু জে. ৰবাৰ্ট অ'পেনহেইমাৰৰ নেতৃত্বত জেনেৰেল এডভাইজৰী কমিটিত থাকি আণৱিক বিষয়ত এটমিক এনাৰ্জি কমিচনক পৰামৰ্শ আগবঢ়াইছিল। ১৯৪৯ চনৰ আগষ্টত প্ৰথম চোভিয়েট বিভাজন বোমা বিস্ফোৰণৰ পাছত, তেওঁ নৈতিক আৰু প্ৰযুক্তিগত কাৰণত হাইড্ৰজেন বোমা বিকাশৰ বিপক্ষে আছিল। তেওঁ ১৯৫৪ চনত অ'পেনহেইমাৰৰ সুৰক্ষা শুনানীত অ'পেনহেইমাৰৰ পক্ষত সাক্ষ্য দিছিল। শুনানীত অ'পেনহেইমাৰৰ সুৰক্ষা ক্লিয়াৰেন্স প্ৰত্যাহাৰ কৰা হৈছিল।
ফাৰ্মিয়ে কণিকা পদাৰ্থবিজ্ঞানত বিশেষকৈ পাই’ন আৰু মিউ’নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰিছিল আৰু তেওঁ অনুমান কৰিছিল যে ক’ছমিক ৰশ্মি আন্তঃতাৰকীয় স্থানত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ত্বৰান্বিত পদাৰ্থৰ পৰা উৎপন্ন হৈছে। বহুকেইটা বঁটা, তত্ত্ব, আৰু প্ৰতিষ্ঠান ফাৰ্মিৰ নামেৰে নামকৰণ কৰা হৈছে, যেনে ফাৰ্মি ১ (ব্ৰীডাৰ ৰিএক্টৰ), এনৰিকো ফাৰ্মি নিউক্লিয়াৰ জেনেৰেটিং ষ্টেশ্যন, এনৰিকো ফাৰ্মি বঁটা, এনৰিকো ফাৰ্মি ইনষ্টিটিউট, ফাৰ্মি ৰাষ্ট্ৰীয় ত্বৰণাগাৰ লেবৰেটৰী (ফাৰ্মিলেব), ফাৰ্মি গামা-ৰশ্মি মহাকাশ দূৰবীক্ষণযন্ত্ৰ, ফাৰ্মি সাঁথৰ আৰু সংশ্লেষিত মৌল ফাৰ্মিয়াম। যি ১৬জন বিজ্ঞানীৰ নামেৰে মৌলৰ নাম দিয়া হৈছে তাৰ ভিতৰত তেওঁ অন্যতম।
১৯০১ চনৰ ২৯ ছেপ্টেম্বৰত এনৰিকো ফাৰ্মিৰ ৰোমত জন্ম হৈছিল।[2] তেওঁ এলবাৰ্ট’ ফাৰ্মি আৰু ইদা ডে গাটিছৰ তৃতীয় সন্তান আছিল। তেওঁৰ পিতৃ ৰেলৱে মন্ত্ৰণালয়ত এটা বিভাগৰ মুৰব্বী আছিল আৰু মাতৃ আছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।[2][3][4] বায়েক মাৰিয়া তেওঁতকৈ দুবছৰ ডাঙৰ আছিল, ককায়েক জিওলিঅ' এবছৰ ডাঙৰ। শৈশৱত ফাৰ্মি আৰু তেওঁৰ ভাতৃক এখন গাঁৱলীয়া ঠাইলৈ পঠোৱা হৈছিল যাতে তেওঁলোকক ধাইমাকৰ যতনত ৰাখিব পাৰে। আঢ়ৈ বছৰ বয়সত ফাৰ্মি তেওঁৰ পৰিয়ালৰ ওচৰলৈ উভতি আহে।[5]
ধৰ্ম আৰু প্ৰাথমিক প্ৰভাৱ
ককাকহঁতৰ ইচ্ছাত তেওঁ কেথলিক ধৰ্মত দীক্ষা গ্ৰহণ কৰিছিল যদিও জীৱনৰ অধিকাংশ সময় তেওঁ নাস্তিক আছিল।[6] শৈশৱত ফাৰ্মিয়ে তেওঁৰ ভাতৃ জুলিঅ'ৰ সৈতে বিদ্যুৎ মটৰ সজা আৰু বিদ্যুৎ-যান্ত্ৰিক খেলনাৰে খেলিবলৈ পছন্দ কৰিছিল।[7] ১৯১৫ চনত, গলাৰ সমস্যাৰ চিকিৎসাৰ সময়ত হোৱা অপাৰেশ্যনত জিওলিঅ'ৰ মৃত্যু হয়। ১৯৫৯ চনত মিলানৰ কাষত হোৱা এক বিমান দুৰ্ঘটনাত মাৰিয়াৰ মৃত্যু হৈছিল।[8]
বিজ্ঞানৰ প্ৰতি আগ্ৰহ
ফাৰ্মিয়ে ৰোমৰ Campo de' Fiori চহৰখনৰ এখন স্থানীয় বজাৰত এখন পদাৰ্থ বিজ্ঞানৰ পুথি পায়। ইলেমেণ্ট'ৰাম ফিজিকা মেথমেটিকা ( Elementorum physicae mathematicae )নামৰ এই কিতাপখন ১৮৪০ চনত জেসুইট পাদ্ৰী আন্দ্ৰেয়া কাৰাফাৰ দ্বাৰা ৰচিত হৈছিল। ইয়াত গণিত, ধ্ৰুপদী গতি বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান,পোহৰ আৰু ধ্বনিবিজ্ঞান সম্পৰ্কে লিখা হৈছিল।[9][10] ফাৰ্মিয়ে তেওঁৰ বিজ্ঞানপ্ৰবণ বন্ধু এনৰিকো পাৰ্ছিকোৰ সৈতে একেলগে জাইৰ’স্কোপ নিৰ্মাণ কৰা, পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ মাপ কৰা আদি প্ৰকল্প আৰম্ভ কৰিছিল।[11][12]
প্ৰভাৱশালী পৃষ্ঠপোষকতা
১৯১৪ চনত ফাৰ্মিয়ে তেওঁৰ পিতৃৰ সহকৰ্মী, আদলফ’ আমিডেইৰ সৈতে চিনাকি হৈছিল। ফাৰ্মিয়ে আমিডেইৰ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ আগ্ৰহৰ বিষয়ে জানিব পাৰি তেওঁৰ সৈতে জ্যামিতি সম্পৰ্কে এটা প্ৰশ্ন আলোচনা কৰিছিল। আমিডেই ফাৰ্মিক প্ৰজেক্টিভ জ্যামিতিৰ প্ৰতি আগ্ৰহী বুলি অনুভৱ কৰি তেওঁক থিয়’ডৰ ৰেয়ৰ দ্বাৰা লিখা এই বিষয়ৰ পুথি এখন দিয়াৰ সিদ্ধান্ত লয়। দুমাহৰ ভিতৰত, ফাৰ্মিয়ে কিতাপখন সম্পূৰ্ণকৈ পঢ়ি তাত থকা জটিল সমস্যাসমূহো সমাধান কৰিলে। আমিডেই ফাৰ্মিক এজন "বিস্ময় বালক" বুলি বিবেচনা কৰিছিল আৰু তেওঁৰ পথপ্ৰদৰ্শকৰ ভূমিকা লৈ বিজ্ঞান আৰু গণিতৰ পুথি যোগান ধৰিছিল। আমিডেই লক্ষ্য কৰিছিল যে ফাৰ্মিৰ স্মৰণ শক্তি অতি উন্নত আৰু সেয়ে তেওঁ কিতাপৰ কথাবোৰ ভালকৈ মনত ৰাখিব পাৰিছিল।[13]
এনৰিকো ফাৰ্মিয়ে ১৯১৮ চনৰ জুলাইত উচ্চ বিদ্যালয়ৰ পৰা স্নাতক হৈ আদলফ আমিদেইৰ পৰামৰ্শক্ৰমে পিছাৰ স্কুৱলা নৰ্মেলি চূপেৰিয়ৰত পঢ়িবলৈ যায়। আমিডেইৰ প্ৰেৰণাত তেওঁ জাৰ্মান ভাষা শিকিছিল যাতে সেই ভাষাত প্ৰকাশিত বৈজ্ঞানিক প্ৰবন্ধ -পাতিবোৰ পঢ়িব পাৰে। ফাৰ্মিৰ পিতৃ-মাতৃয়ে এগৰাকী পুত্ৰক ইতিমধ্যেই হেৰুৱাইছিল, সেয়ে তেওঁলোকে প্ৰথমে ফাৰ্মিক ৰোমৰ পৰা আঁতৰত থকা সেই বিদ্যালয়ত পঢ়িবলৈ অনুমতি দিয়া নাছিল।[14][15][16]
ফাৰ্মিয়ে প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান দখল কৰিছিল। এই পৰীক্ষাত "ধ্বনিসমূহৰ নিৰ্দিষ্ট বৈশিষ্ট্য" সম্পৰ্কে এটা প্ৰবন্ধ লিখিবলৈ দিয়া হৈছিল। ১৭ বছৰীয়া ফাৰ্মিয়ে ফুৰিয়েৰ বিশ্লেষণৰ সহায়ত এডাল কম্পমান দণ্ডৰ আংশিক গাণিতিক সমীকৰণ উলিয়াই আৰু সমাধান কৰি তেওঁৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। পৰীক্ষকজন এই প্ৰদৰ্শনত অভিভূত হৈ তেওঁক এজন "বিশিষ্ট পদাৰ্থবিজ্ঞানী" হৈ উঠিব বুলি ঘোষণা কৰিছিল।[14][17]
পিছাৰ বিদ্যালয়ত থাকোঁতে, ফাৰ্মিয়ে সহপাঠী ফ্ৰাংক’ ৰাচেট্টিৰ সৈতে বেছ কৌতুক পূৰ্ণ ৰহইচ চলাইছিল। তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ জন্ম হৈছিল। পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰৰ পৰিচালক লুইজী পুচ্চিয়াণ্টিয় ফাৰ্মিক পৰামৰ্শ দিছিল, পিছে তেওঁ সাৱধান কৰি দিছিল যে তেওঁ ফাৰ্মিক শিকাবলীয়া বিশেষ একো নাই। তেওঁহে প্ৰায়ে ফাৰ্মিৰ পৰা নতুন নতুন কথা শিকিব বিচাৰিছিল। কোৱাণ্টাম পদাৰ্থবিজ্ঞানত ফাৰ্মিৰ জ্ঞান ইমানেই গভীৰ আছিল যে পুচ্চিয়াণ্টিয়ে ফাৰ্মিক এই বিষয়ত ছেমিনাৰ আয়োজন কৰিবলৈ কৈছিল।[18] এই সময়ত ফাৰ্মিয়ে টেনছৰ কেলকুলাচ শিকিছিল, যি সাধাৰণ আপেক্ষিকতাৰ এটা গুৰুত্বপূৰ্ণ কৌশল।[19] প্ৰথমাৱস্থাত ফাৰ্মিয়ে গণিতক মুখ্য বিষয় হিচাপে নিৰ্বাচন কৰিছিল, কিন্তু পাছলৈ পদাৰ্থ বিজ্ঞানলৈ সলনি কৰে।[20] তেওঁ সাধাৰণ আপেক্ষিকতা,কোৱাণ্টাম মেকানিক্স আৰু পৰমাণু বিজ্ঞানৰ বেছিভাগ কথা নিজে অধ্যয়ন কৰি শিকিছিল।
১৯২০ চনৰ ছেপ্টেম্বৰত ফাৰ্মিয়ে পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে। তাত কেৱল তিনিজন ছাত্ৰ আছিল—ফাৰ্মি, ৰাচেট্টি আৰু নেল্লো কৰাৰা। পুচ্চিয়াণ্টিয়ে তেওঁলোকক গবেষণাগাৰটো ব্যৱহাৰ কৰিবলৈ পূৰ্ণ স্বাধীনতা দিছিল। ফাৰ্মিয়ে এক্স-ৰে ক্ৰিষ্টেলোগ্ৰাফিত গৱেষণাৰ সিদ্ধান্ত লয়, আৰু তেওঁলোকে এক লাউ ফটোগ্ৰাফ (ক্ৰিষ্টেলৰ এক্স-ৰে ফটোগ্ৰাফ) উৎপাদন কৰিবলৈ কাম কৰে।[21]
১৯২১ চনত, ফাৰ্মিৰ তৃতীয় বছৰত, তেওঁ নুৱভ'চিমেণ্ট' (Nuovo Cimento) নামৰ ইটালীয় জাৰ্নেলত তেওঁৰ প্ৰথম বৈজ্ঞানিক প্ৰবন্ধসমূহ প্ৰকাশ কৰে। প্ৰথম প্ৰবন্ধটোৰ শিৰোনাম আছিল - এটা দৃঢ় চিষ্টেমৰ বৈদ্যুতিক আধানৰ ৰৈখিক গতিৰ গতি-বিজ্ঞানৰ বিষয়ে ("On the dynamics of a rigid system of electrical charges in translational motion")। এই প্ৰবন্ধত ফাৰ্মিয়ে ভৰক টেনছৰ ৰূপত প্ৰকাশ কৰিছিল -- যিটো ত্ৰি -মাত্ৰিক স্থানত গতি কৰা আৰু সলনি হৈ থকা বস্তুৰ বৰ্ণনা কৰিবলৈ ব্যৱহৃত এক গাণিতিক কৌশল। দ্বিতীয় প্ৰবন্ধটি আছিল বিদ্যুত-চৌম্বক আধানৰ সুষম মধ্যাকৰ্ষণ ক্ষেত্ৰৰ স্থিতি-বিদ্যুতৰ বিষয়ে আৰু বিদ্যুৎ-চৌম্বক আধানৰ ওজনৰ বিষয়ে ("On the electrostatics of a uniform gravitational field of electromagnetic charges and on the weight of electromagnetic charges")। ইয়াত, সাধাৰণ আপেক্ষিকতাৰ সহায়ত ফাৰ্মিয়ে দেখুৱাইছিল যে এক চাৰ্জৰ ওজন U/c² ৰ সমান য'ত U হৈছে বৈদ্যুতিক শক্তি আৰু C হৈছে পোহৰৰ বেগ।[20]
প্ৰথম প্ৰবন্ধত বিদ্যুৎ -গতিৰ তত্ত্ব আৰু আপেক্ষিকতাৰ তত্ত্বৰ মাজত ইলেকট্ৰ মেগনেটিক ভৰ সম্বন্ধীয় গণনাত কিছু পাৰ্থক্য চিহ্নিত কৰা হৈছিল।
১৯২২ চনত ফাৰ্মিয়ে এই দ্বন্দ্বৰ সমাধান দিয়া এটা প্ৰবন্ধ লিখিছিল, য'ত তেওঁ এই দ্বন্দ্ব আপেক্ষিকতাৰ বাবে হোৱা বুলি দেখুৱাইছিল। এই প্ৰবন্ধই যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু জাৰ্মান ভাষালৈ অনুবাদ কৰি *Physikalische Zeitschrift* জাৰ্নেলত প্ৰকাশ কৰা হৈছিল।[22] সেই বছৰতে তেওঁ " বিশ্ব ৰেখাৰ কাষত ঘটা এক পৰিঘটনাৰ বিষয়ে("On the phenomena occurring near a world line") নামৰ এটা প্ৰবন্ধ লিখি ইটালীয় জাৰ্নেলত জমা দিছিল। ইয়াত তেওঁ সমতুল্য নীতি টো(Equivalence Principle)পৰীক্ষা কৰিছিল আৰু ফাৰ্মি স্থানাংক(Fermi coordinates) উদ্ভাৱন কৰি প্ৰমাণ কৰিছিল যে টাইমলাইনৰ কাষৰ ৱৰ্ল্ড লাইনত স্থানে( space) ইউক্লিডিয়ান স্থানৰ দৰে আচৰণ কৰে।[23][24]
ফাণ্ডামেণ্টেলচ অব আইনষ্টাইন ৰিলেটিভিটি(Fundamentals of Einstein Relativity) শীৰ্ষক কিতাপৰ ইতালীয় সংস্কৰণৰ সংযোজনাংশ লিখি থাকোঁতে (১৯২৩ চনত অগাষ্ট কপফৰ দ্বাৰা ৰচিত), ফাৰ্মিয়ে প্ৰথমে উল্লেখ কৰিছিল যে আইনষ্টাইনৰ সমীকৰণত (E = mc²) এক বিশাল পৰিমাণৰ নিউক্লিয়াৰ সম্ভাৱনামূলক শক্তি লুকাই আছে, যাক ব্যৱহাৰ কৰা যাব।[25] তেওঁ লিখিছিল, "অন্ততঃ নিকট ভবিষ্যতত, এই ভয়ংকৰ পৰিমাণৰ শক্তি মুক্ত কৰাৰ কোনো উপায় উদ্ভাৱন কৰা সম্ভৱ নহয় বুলি অৱস্থা দেখি ধাৰণা হয়। এয়া সু-খবৰ। কাৰণ এই ভয়ংকৰ শক্তিৰ এক বিস্ফোৰণৰ প্ৰথম প্ৰভাৱ হৈছে সেই ভাগ্যহীন পদাৰ্থবিজ্ঞানীক চুৰ্ণ-বিচুৰ্ণ কৰা, যিয়ে এই শক্তি মুক্ত কৰাৰ উপায় উন্মোচন কৰিব।" [24]
১৯২৩-১৯২৪ চনত, ফাৰ্মিয়ে ইউনিভাৰ্চিটি অৱ গটিঞ্জেনত এটা ছেমিষ্টাৰ মাস্ক বৰ্নৰ অধীনত অধ্যয়ন কৰিছিল। তাত তেওঁৰ সাক্ষাৎ হৈছিল ৱাৰ্নাৰ হাইজেনবাৰ্গ আৰু পাস্কুৱাল জৰ্ডানৰ সৈতে। তাৰপাছত, ৰকফেলাৰ ফাউণ্ডেচনৰ পৰা এটা ফেল'শ্বিপ লাভ কৰি (যিটো গণিতজ্ঞ ভিটো ভল্টেৰাৰ মধ্যস্থতাৰে লাভ কৰিছিল) ফাৰ্মিয়ে ১৯২৪ চনৰ ছেপ্টেম্বৰ পৰা ডিচেম্বৰৰ ভিতৰত লেইডেনত প'ল এহৰেনফেষ্টৰ সৈতে অধ্যয়ন কৰিছিল। তাতে তেওঁৰ সাক্ষাৎ হৈছিল হেণ্ড্ৰিক ল’ৰেঞ্জ আৰু আলবাৰ্ট আইনষ্টাইনৰ সৈতে, আৰু তেওঁৰ বন্ধুত্ব স্থাপন হৈছিল চেমুৱেল গুডছ্মিট আৰু জান টিনবাৰ্গেনৰ সৈতে।
১৯২৫ চনৰ জানুৱাৰীৰপৰা ১৯২৬ চনৰ শেষলৈ ফাৰ্মিয়ে ফ্লৰেঞ্চ বিশ্ববিদ্যালয়ত গণিতীয় পদাৰ্থবিজ্ঞান আৰু তাত্ত্বিক যান্ত্ৰিকতা বিষয়ক পাঠদান কৰিছিল। তাত তেওঁ ৰাছেট্টিৰ সৈতে লগলাগি পাৰাৰ বাষ্পৰ ওপৰত চুম্বক ক্ষেত্ৰৰ প্ৰভাৱক লৈ এলানি পৰীক্ষা চলাইছিল। সেই সময়ত, তেওঁ ৰোমৰ ছাপিয়েঞ্জা বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমিনাৰত অংশগ্ৰহণ কৰি কোৱাণ্টাম মেকানিকছ আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানৰ ওপৰত বক্তৃতা আগবঢ়াইছিল।[26]
শ্ৰডিঞ্জাৰ সমীকৰণৰ চমকপ্ৰদ ভৱিষ্যদ্বাণীক ভিত্তি কৰি হোৱা নতুন কোৱাণ্টাম মেকানিকছ সম্পৰ্কে দিয়া বক্তৃতাসমূহত ফাৰ্মিয়ে সঘনে উল্লেখ কৰিছিল, "এইটো ইমান সঠিককৈ মিলিছে কিয়? "[27]
১৯২৫ চনত ৱ'ল্ফগেং পাউলিৰ নিষেধ নীতি (এক্সক্লুছন প্ৰিন্সিপল) ঘোষণা হোৱাৰ পিছত, ফাৰ্মিয়ে তেওঁৰ প্ৰসিদ্ধ প্ৰবন্ধ "আদৰ্শ মন'এটমিক গেচৰ কোৱাণ্টাইজেছনৰ বিষয়ে" (Sulla quantizzazione del gas perfetto monoatomico) প্ৰকাশ কৰিছিল। ইয়াত তেওঁ নিষেধ নীতি এক আদৰ্শ গেছৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। এই প্ৰবন্ধটো ফাৰ্মিৰ পৰিসাংখ্যিক সূত্ৰৰ বাবে বিশেষ উল্লেখযোগ্য হৈ পৰে। ই নিষেধ নীতি পালন কৰা একাধিক একে ধৰণৰ কণাৰ বিতৰণ বৰ্ণনা কৰে। এই তত্ত্বটো স্বাধীনভাৱে ব্ৰিটিছ পদাৰ্থবিজ্ঞানী প'ল ডিৰাকৰ দ্বাৰাও বিকশিত হৈছিল আৰু তেওঁ ইয়াক বোছ-আইনষ্টাইন পৰিসংখ্যাৰ সৈতে সম্পৰ্কিত বুলি দেখুৱাইছিল। সেইবাবে, ইয়াক এতিয়া ফাৰ্মি-ডিৰাক পৰিসংখ্যা** বুলি জনা যায়।[28]
পিছলৈ নিষেধ নীতি পালন কৰা কণিকাবোৰক "ফাৰ্মিঅন" আৰু পালন নকৰাবোৰক "ব’ছন" বুলি কোৱা হয়।[29]