এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Anoectochilus |
প্ৰজাতি: | A. brevilabris |
দ্বৈৰাশিক নামকৰণ | |
Anoectochilus brevilabris Lindl. | |
সমাৰ্থক[1] | |
|
এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ (বৈজ্ঞানিক নাম: Anoectochilus brevilabris) হৈছে অৰ্কিডৰ এবিধ প্ৰজাতি। ই ভাৰত, নেপাল আৰু ভিয়েটনামৰ পাহাৰীয়া অঞ্চলত পোৱা যায়। ভাৰতৰ ছিকিম আৰু অসমত অৰ্কিডবিধ থলুৱাভাৱে পোৱা যায়।[1] ইয়াক ইংৰাজীত শ্বৰ্ট লিপ জুৱেল অৰ্কিড (ইংৰাজী: Short-Lip Jewel Orchid) নামেৰে জনা যায়। ই এবিধ মাটিত গজা অৰ্কিড।
ই সৰু আকাৰৰ মাটিৰ অৰ্কিড। পাতবোৰ প্ৰায় কলিজাৰ আকৃতিৰ পৰা উপবৃত্তাকাৰ বা জোঙা হ’ব পাৰে। পাতবোৰ মুগাবৰণীয়া জালৰ শিৰাযুক্ত, আৰু তলৰ ফালে ৰঙচুৱা-সেউজীয়া। গ্ৰীষ্মকালৰ পৰা শৰতৰ মাজভাগলৈকে গছবোৰত ফুল ফুলে। ফুলবোৰ ৭-১২ চে.মি. হ’ব পাৰে। পাহিবোৰ জলফাইৰঙী সেউজীয়া আৰু বগা হয়।[2]