এপি ঢিল্লোঁ |
---|
২০২১ চনত ঢিল্লোঁ |
জন্ম |
অমৃতপাল সিং ঢিল্লোঁ গুৰদাসপুৰ, পঞ্জাব, ভাৰত |
---|
পেচা |
- কণ্ঠশিল্পী
- ৰেপাৰ
- গীতিকাৰ
- ৰেকৰ্ড প্ৰযোজক
- মিক্স-মাষ্টাৰিং
|
---|
সক্ৰিয় হৈ থকা সময় |
২০১৯–বৰ্তমান |
---|
সাংগীতিক কেৰিয়াৰ |
মূল |
- ভিক্টোৰিয়া, ব্ৰিটিছ কলম্বিয়া, কানাডা
- পঞ্জাব, ভাৰত
|
---|
সংগীতৰ প্ৰকাৰ |
|
---|
বাদ্যযন্ত্ৰ |
কণ্ঠস্বৰ |
---|
ৰেকৰ্ড লেবেল |
- ৰান-আপ
- কʼলাব ক্ৰিয়েচনচ্
- মাছ আপীল ইণ্ডিয়া
- ৰিপাব্লিক
|
---|
সহযোগী |
- গুৰিন্দৰ গিল
- জিমিনক্সাৰ
- শিন্দা কাহলোঁ
- এআৰ পেইছলি
- মান্নি সান্ধু
|
---|
সদস্য |
---|
- গুৰিন্দৰ গিল
- শিন্দা কাহলোঁ
- জিমিনক্সাৰ
|
অমৃতপাল সিং "এপি" ঢিল্লোঁ (ইংৰাজী: Amritpal Singh Dhillon) হৈছে পঞ্জাবী সংগীতৰ সৈতে জড়িত এগৰাকী ইণ্ডো-কানাডীয়[1][2][3] ৰেপাৰ, কণ্ঠশিল্পী, আৰু ৰেকৰ্ড প্ৰযোজক।[4] তেওঁৰ পাঁচটা একক গীতে অফিচিয়েল চাৰ্টছ কোম্পানী ইউ কে এছিয়ান আৰু পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰে। ইয়াৰ বিপৰীতে "মাঝাইল" আৰু "ব্ৰাউন মুণ্ডে" শীৰ্ষক গীত দুটিয়ে বিলবোৰ্ডৰ চাৰ্টত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। ঢিল্লোঁই তেওঁৰ ৰেকৰ্ড লেবেলৰ সতীৰ্থ শিল্পী গুৰিন্দৰ গিল, শিন্দা কাহলোঁ আৰু জিমিনক্সৰৰ সৈতে তেওঁলোকৰ ৰেকৰ্ড লেবেল, ৰান-আপ ৰেকৰ্ডছৰ অধীনত দলীয়ভাৱে কাম কৰে।[5][6]
ভাৰতৰ পঞ্জাব ৰাজ্যৰ গুৰদাসপুৰ জিলাৰ মুলিয়ানৱালৰ এক পঞ্জাবী শিখ পৰিয়ালত অমৃতপাল সিং ঢিল্লোঁই জন্মগ্ৰহণ কৰিছিল।[7] তেওঁ লিটিল ফ্লাৱাৰ কনভেণ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সাং কৰি অমৃতসৰৰ বাবা কুমা সিং জী ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ঢিল্লোঁই কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ ছানিচৰ কেমোছুন কলেজৰ পৰা ব্যৱসায় প্ৰশাসন আৰু ব্যৱস্থাপনাত ডিপ্লমা ডিগ্ৰী লাভ কৰিছিল। সংগীতৰ জগতখনত মনোনিবেশ কৰাৰ পূৰ্বে তেওঁ বেষ্ট বাই নামৰ আমেৰিকাৰ কোম্পানী এটিত কিছু দিনৰ বাবে কাম কৰিছিল।[8]
ঢিল্লোঁই ২০১৯ চনত, শিন্দা কাহলোঁৰ সৈতে তেওঁলোকৰ নিজা স্বতন্ত্ৰ ৰেকৰ্ড লেবেল, ৰান-আপ ৰেকৰ্ডছৰ অধীনত, "ফেক" শীৰ্ষক একক গীত এটিত কণ্ঠদানেৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। পিছলৈ তেওঁ গুৰিন্দৰ গিল আৰু শিন্দা কাহলোঁৰ "ফাৰাৰ" শীৰ্ষক গীতটোৰ প্ৰযোজক হিচাপে ভিডিঅʼটোত অভিনয় কৰিছিল।
২০২০ চনত, প্ৰযোজক জিমিনক্সৰৰ সৈতে তেওঁৰ একক গীত "ডেড্লী"য়ে অফিচিয়েল চাৰ্টছ কোম্পানীয়ে প্ৰকাশ কৰা ইউ কে এছিয়ান চাৰ্টত প্ৰৱেশ কৰে আৰু ১১শ শীৰ্ষস্থান দখল কৰে।[9] লগতে, গীতটোৱে ইউকে পঞ্জাবী চাৰ্টৰ শীৰ্ষ ৫ম স্থান দখল কৰিছিল।[10] গুৰিন্দৰ গিলৰ সৈতে তেওঁৰ পৰৱৰ্তী একক গীত "ড্ৰপটপ"ও ব্ৰিটেইনৰ এছিয়ান আৰু ব্ৰিটেইনৰ পঞ্জাবী দুয়োটা চাৰ্টতে স্থান দখল কৰে।[10] ২০২০ চনৰ জুন মাহত তেওঁ গুৰিন্দৰ গিল আৰু মন্নী সান্ধুৰ সৈতে সহযোগিতা কৰি "মাঝাইল" শীৰ্ষক একক গীত এটিত কণ্ঠদান কৰে। এই গীতটিয়ে ব্ৰিটেইনৰ এছিয়ান আৰু পঞ্জাবী দুয়োটা চাৰ্টত শীৰ্ষস্থান দখল কৰে আৰু ই বৰ্তমানলৈকে তেওঁলোকৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে পৰিগণিত হয়।[9][10] ২০২০ চনৰ জুলাই মাহত, তেওঁ আৰু তেওঁৰ সতীৰ্থ গুৰিন্দৰ গিলে ইণ্টেন্সৰ "এক্সকিউজ" শীৰ্ষক গীত এটিত অভিনয় কৰিছিল। এই গীতটিয়ে ইউ কে এছিয়ানত ৩য় স্থান দখল কৰিছিল আৰু ব্ৰিটেইনৰ পঞ্জাবী চাৰ্টত শীৰ্ষস্থান দখল কৰিছিল।[9][11] ২০২০ চনৰ ছেপ্টেম্বৰ মাহত, তেওঁ গুৰিন্দৰ গিল, জিমিনক্সৰ আৰু শিন্দা কাহলোঁৰ সৈতে "ব্ৰাউন মুণ্ডে" শীৰ্ষক গীতটি মুকলি কৰে। এই সংগীত ভিডিঅ’টোত নৱ, সিদ্ধু মুছে ৱালা, মানী মিউজিক, আনমোল ডালৱানী আৰু ষ্টিল বেংগলেজৰ দৰে সংগীতশিল্পীসকলেও অভিনয় কৰিছিল।[12] এই গীতটোৱে কানাডাৰ এপল মিউজিক চাৰ্টত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল।[13] লগতে গীতটোৱে ব্ৰিটেইনৰ এছিয়ান চাৰ্টত প্ৰথম স্থান দখলেৰে চাৰ্টখনত তেওঁৰ দ্বিতীয়টো শ্ৰেষ্ঠ গীত হৈ উঠে।
২০২০ চনত এপি ঢিল্লোঁই গুৰিন্দৰ গিল আৰু মানী মিউজিকৰ সৈতে তেওঁৰ প্ৰথমটো সহযোগিতামূলক এলবাম নট বাই চান্স মুকলি কৰে। ইপিৰ সাতটা গীতে নিউজিলেণ্ডৰ চাৰ্টত স্থান লাভ কৰিছিল আৰু ব্ৰিটেইনৰ অফিচিয়েল পঞ্জাবী মিউজিক চাৰ্টৰ শীৰ্ষ পাঁচটাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছিল।[14]
২০২১ চনত এপি ঢিল্লোঁ আৰু তেওঁৰ দলটোৱে "অভাৰ দ্য টপ – দ্য টেকঅʼভাৰ ট্যুৰ"ৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে ভাৰতৰ ৬খন ডাঙৰ চহৰত পোনপটীয়াকৈ সংগীতানুষ্ঠান পৰিৱেশন কৰে।[15][16] ব্ৰেণ্ড এছ’চিয়েচনৰ বাবে ঢিল্লোঁই ব’ট নামৰ ব্ৰেণ্ডটিৰ সৈতে অংশীদাৰিত্ব কৰে।[17][4] ঢিল্লোঁই ২০২১ চনত, গুৰিন্দৰ গিল আৰু জিমিনক্সৰৰ সৈতে সহযোগিতামূলকভাৱে ইপি "হিডেন জেমছ" শীৰ্ষক ধাৰাবাহিকখন মুকলি কৰে।
২০২২ চনত, ঢিল্লোঁই দ্য বয়ছ (ছিজন ৩)ৰ প্ৰচাৰৰ বাবে এমাজন প্ৰাইম ভিডিঅ’ৰ সৈতে সহযোগিতা কৰিছিল; যাৰ অধীনত তেওঁ ধাৰাবাহিকখনৰ ট্ৰেইলাৰত তেওঁৰ গীত ‘ইনচেন’ৰ এক বিশেষ সংস্কৰণ মুকলি কৰিছিল।[1][18]
২০২৩ চনত, তেওঁৰ হিট গীত "ছামাৰ হাই"ত কণ্ঠদানেৰে কানাডাৰ এডমণ্টনত অনুষ্ঠিত হোৱা ২০২৩ বৰ্ষৰ জুনো বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথমজন পঞ্জাবী ভাষাৰ শিল্পী আছিল ঢিল্লোঁ।[19]
- নট বাই চান্স
- দ্য ব্ৰাউনপ্ৰিণ্ট
- ↑ 1.0 1.1 Hendriques, Princia (July 12, 2022). "AP Dhillon And 'The Boys 3' Crossover Makes The Internet Go 'Bawaal'; Rapper Drops Special Version Of 'Insane'" (en-in ভাষাত). Mashable India. https://in.mashable.com/entertainment/34768/ap-dhillon-and-the-boys-3-crossover-makes-the-internet-go-bawaal-rapper-drops-special-version-of-ins। আহৰণ কৰা হৈছে: September 15, 2022.
- ↑ "India-Canada tensions: Punjabi hip-hop stars hit by row over Sikh separatism". BBC News. October 4, 2023. https://www.bbc.com/news/world-asia-india-66909368.
- ↑ "Watch: Dutch Singer Recreates AP Dhillon's Hit Song 'Excuses'". NDTV. May 3, 2022. https://www.ndtv.com/offbeat/dutch-singer-recreates-punjabi-canadian-artist-ap-dhillon-s-song-excuses-2863221.
- ↑ 4.0 4.1 Khosla, Varuni (November 19, 2021). "Boat ties up with Punjabi singer AP Dhillon for brand association" (en ভাষাত). Mint. https://www.livemint.com/industry/advertising/boat-ties-up-with-punjabi-singer-ap-dhillon-for-brand-association-11637307037388.html। আহৰণ কৰা হৈছে: January 31, 2023.
- ↑ "Punjabi Wave: How Diasporic Canadian Artists Are Redefining Global Music | Billboard Canada" (en ভাষাত). ca.billboard.com. https://ca.billboard.com/music/punjabi-music। আহৰণ কৰা হৈছে: November 13, 2023.
- ↑ "Punjabi Wave: Why AP Dhillon Is Betting On Himself | Billboard Canada" (en ভাষাত). ca.billboard.com. https://ca.billboard.com/music/ap-dhillon। আহৰণ কৰা হৈছে: November 13, 2023.
- ↑ Harshleen Anand. Old Clips Of AP Dhillon Singing During His College Days Just Raised 'Saada Pyaar' For Him. MensXP. December 14, 2021.
- ↑ "AP Dhillon: You Know His Music, Now Know The Man; Everything About The 'Brown Munde' Singer" (en ভাষাত). English Jagran. August 18, 2023. https://english.jagran.com/entertainment/ap-dhillon-you-know-his-music-now-know-the-man-everything-about-the-brown-munde-singer-10094614। আহৰণ কৰা হৈছে: August 19, 2023.
- ↑ 9.0 9.1 9.2 AP Dhillon Chart history:https://www.officialcharts.com/artist/61523/ap-dhillon
AP Dhillon/ Shinda Kahlon:https://www.officialcharts.com/artist/61602/ap-dhillon-shinda-kahlon/
Kahlon/Dhillon/Gill/Gminxr:https://www.officialcharts.com/artist/58654/kahlon-gill-gminxr-dhillon/
Singles on UK Asian Music Chart:
- ↑ 10.0 10.1 10.2 "Official Punjabi Music Chart Top 20 | Official Charts Company" (en ভাষাত). www.officialcharts.com. https://www.officialcharts.com/charts/punjabi-chart/20200719/punjabi/। আহৰণ কৰা হৈছে: August 10, 2020.
- ↑ "Official Punjabi Music Chart Top 20 | Official Charts Company" (en ভাষাত). www.officialcharts.com. https://www.officialcharts.com/charts/punjabi-chart/20200802/punjabi/। আহৰণ কৰা হৈছে: August 10, 2020.
- ↑ Kumari, Priyanca (September 18, 2020). "Breaking Boundaries: Sidhu Moose Wala and Steel Banglez Cameo in 'Brown Munde'" (en-GB ভাষাত). BritAsia TV. https://britasia.tv/breaking-boundaries-sidhu-moose-wala-steel-banglez-cameo-in-brown-munde/। আহৰণ কৰা হৈছে: September 19, 2020.
- ↑ "Top 100: Canada" (en-gb ভাষাত). Apple Music. https://music.apple.com/in/playlist/top-100-canada/pl.79bac9045a2540e0b195e983df8ba569। আহৰণ কৰা হৈছে: September 19, 2020.
- ↑ Peaks on the NZ Hot Singles Chart:
- "Saada Pyaar": "NZ Hot Singles Chart". Recorded Music NZ. December 28, 2020. https://aotearoamusiccharts.co.nz/archive/hot-singles/2020-12-25। আহৰণ কৰা হৈছে: December 26, 2020.
- "Fate", "Takeover", "Chances" and "Goat": "NZ Hot Singles Chart". Recorded Music NZ. January 4, 2021. https://aotearoamusiccharts.co.nz/archive/hot-singles/2021-01-01। আহৰণ কৰা হৈছে: January 2, 2021.
- "Insane": "NZ Hot Singles Chart". Recorded Music NZ. April 26, 2021. https://aotearoamusiccharts.co.nz/archive/hot-singles/2021-04-23। আহৰণ কৰা হৈছে: April 24, 2021.
- "Ma Belle": "NZ Hot Singles Chart". Recorded Music NZ. July 26, 2021. https://aotearoamusiccharts.co.nz/archive/hot-singles/2021-07-23। আহৰণ কৰা হৈছে: July 24, 2021.
- "Desires": "NZ Hot Singles Chart". Recorded Music NZ. November 29, 2021. https://aotearoamusiccharts.co.nz/archive/hot-singles/2021-11-26। আহৰণ কৰা হৈছে: November 27, 2021.
- "Tere Te": "NZ Hot Singles Chart". Recorded Music NZ. December 6, 2021. https://aotearoamusiccharts.co.nz/archive/hot-singles/2021-12-03। আহৰণ কৰা হৈছে: December 4, 2021.
- "Summer High": "NZ Hot Singles Chart". Recorded Music NZ. August 15, 2022. https://aotearoamusiccharts.co.nz/archive/hot-singles/2022-09-09। আহৰণ কৰা হৈছে: August 13, 2022.
- "Wo Noor": "NZ Hot Singles Chart". Recorded Music NZ. October 17, 2022. https://aotearoamusiccharts.co.nz/archive/hot-singles/2022-10-14। আহৰণ কৰা হৈছে: October 15, 2022.
- "True Stories": "NZ Hot Singles Chart". Recorded Music NZ. June 26, 2023. https://aotearoamusiccharts.co.nz/archive/hot-singles/2023-06-23। আহৰণ কৰা হৈছে: June 24, 2023.
- "Sleepless": "NZ Hot Singles Chart". Recorded Music NZ. July 24, 2023. https://aotearoamusiccharts.co.nz/archive/hot-singles/2023-07-21। আহৰণ কৰা হৈছে: July 22, 2023.
- "With You": "NZ Hot Singles Chart". Recorded Music NZ. August 21, 2023. https://aotearoamusiccharts.co.nz/archive/hot-singles/2023-09-15। আহৰণ কৰা হৈছে: August 19, 2023.
- "Lifestyle" and "Scars": "NZ Hot Singles Chart". Recorded Music NZ. September 18, 2023. https://aotearoamusiccharts.co.nz/archive/hot-singles/2023-09-15। আহৰণ কৰা হৈছে: September 16, 2023.
- "Problems Over Peace": "NZ Hot Singles Chart". Recorded Music NZ. April 15, 2024. https://aotearoamusiccharts.co.nz/archive/hot-singles/2024-04-12। আহৰণ কৰা হৈছে: April 12, 2024.
- "Old Money": "NZ Hot Singles Chart". Recorded Music NZ. August 19, 2024. https://aotearoamusiccharts.co.nz/archive/hot-singles/2024-09-13। আহৰণ কৰা হৈছে: August 16, 2024.
- "Losing Myself" and "315": "NZ Hot Singles Chart". Recorded Music NZ. September 9, 2024. https://aotearoamusiccharts.co.nz/archive/hot-singles/2024-09-06। আহৰণ কৰা হৈছে: September 6, 2024.
- ↑ "Over The Top – AP Dhillon The Takeover Tour India". https://in.bookmyshow.com/events/ap-dhillon-the-takeover-tour/ET00316876.
- ↑ Erin LeBlanc. Meet the Toronto woman behind the unique mansion that has hosted stars like The Weeknd and Belly. The Star. April 16, 2022.
- ↑ "boAt partners with AP Dhillon for #LiveTheSound campaign" (en ভাষাত). Financialexpress. November 18, 2021. https://www.financialexpress.com/brandwagon/boat-partners-with-ap-dhillon-for-livethesound-campaign/2371654/। আহৰণ কৰা হৈছে: January 31, 2023.
- ↑ "Amazon Prime Video collaborates with A.P. Dhillon post a fantastic The Boys Season 3 finale" (en ভাষাত). Firstpost. July 12, 2022. https://www.firstpost.com/entertainment/amazon-prime-video-collaborates-with-a-p-dhillon-post-a-fantastic-the-boys-season-3-finale-10899281.html। আহৰণ কৰা হৈছে: September 14, 2022.
- ↑ "Juno Awards 2023: AP Dhillon Makes History with First Punjabi Performance at the Show". March 13, 2023. https://etcanada.com/news/976572/juno-awards-2023-ap-dhillon-makes-history-with-first-punjabi-performance-at-the-show/.
- ↑ "AP Dhillon: First Of A Kind Season 1". The Times of India. August 18, 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/web-series/reviews/english/ap-dhillon-first-of-a-kind/ap-dhillon-first-of-a-kind-season-1/articleshow/102798960.cms?from=mdr.