এপেণ্ডিছাইটিছ | |
---|---|
অন্য নাম | Epityphlitis[1] |
![]() | |
এটা তীব্ৰ প্ৰদাহযুক্ত আৰু ওখহি উঠা এপেণ্ডিক্সৰ দীঘলে দীঘলে কটা অংশ। | |
বিভাগ | সাধাৰণ অস্ত্ৰোপচাৰ |
লক্ষণ | পেৰিআমবিলিকেল বা সোঁকাষৰ তল পেটৰ বিষ, বমি, ভোক নলগা |
জটিলতা | পেটৰ প্ৰদাহ, তেজত বেক্টেৰিয়াৰ সংক্ৰমণ |
ৰোগ নিৰূপণ | লক্ষণৰ আধাৰত কৰা চিকিৎসা, চিকিৎসা প্ৰতিবিম্বন, তেজৰ পৰীক্ষা |
একেধৰণৰ ৰোগ | Mesenteric adenitis, cholecystitis, psoas abscess, abdominal aortic aneurysm[2] |
চিকিৎসা | অস্ত্ৰোপচাৰৰ জৰিয়তে এপেণ্ডিক্স আঁতৰ কৰা, প্ৰতিজৈৱিক |
পুনৰাবৃত্তি | ১১.৬ নিযুত (২০১৫) |
মৃত্যু | ৫০,১০০ (২০১৫) |
এপেণ্ডিছাইটিছ হৈছে অন্ত্ৰপুচ্ছ বা এপেণ্ডিক্স উখহি অসহনীয় বিষ হোৱা এবিধ ৰোগ।[3] এই ৰোগৰ লক্ষণসমূহ হৈছে সোঁ কাষৰ তলপেটৰ বিষ, বমি ভাৱ, বমি হোৱা আৰু ভোক কমি যোৱা।[4] তথাপিও এই ৰোগত আক্ৰান্ত প্ৰায় ৪০% লোকৰ এই সাধাৰণ লক্ষণসমূহে দেখা নিদিবও পাৰে।[4] এপেণ্ডিক্স ফাটি যোৱাৰ ফলত দেখা দিয়া গুৰুতৰ জটিলতাসমূহৰ ভিতৰত পেটৰ বেৰৰ ভিতৰৰ আৱৰণৰ ব্যাপক তথা পীড়াদায়ক প্ৰদাহ আৰু ঘা লগা আদি অন্তৰ্ভুক্ত।
এপেণ্ডিক্সৰ ফুফোলা অংশ বন্ধ হৈ যোৱাৰ ফলত এপেণ্ডিচাইটিছ হয়।[5] ইয়াৰ প্ৰধান কাৰণ হৈছে মলৰ পৰা তৈয়াৰ হোৱা কেলচিফাইড "পাথৰ"। কেতিয়াবা ভাইৰাছ বা অন্য পৰজীৱীৰ সংক্ৰমণৰ পৰা ফুলি উঠা লিম্ফ’ইড কলা, পিত্তৰ পাথৰ বা টিউমাৰৰ ফলতো এই অংশ বন্ধ হৈ যায়।[6] এই অৱৰোধৰ ফলত এপেণ্ডিক্সত চাপ বৃদ্ধি পায়, এপেণ্ডিক্সৰ কলালৈ তেজৰ পৰিবহন কমি যায় আৰু এপেণ্ডিক্সৰ ভিতৰত বেক্টেৰিয়াৰ বৃদ্ধিয়ে প্ৰদাহৰ সৃষ্টি কৰে। এই প্ৰদাহ, তেজৰ প্ৰৱাহ কমি যোৱা আৰু এপেণ্ডিক্স ফুলি যোৱাৰ ফলত এপেণ্ডিক্সৰ কলা ক্ষতিগ্ৰস্থ হয় আৰু মৃত্যু হবলৈ ধৰে। এই অৱস্থাত চিকিৎসা নকৰিলে এপেণ্ডিক্স ফাটি পেট গহ্বৰত বেক্টেৰিয়া প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত জটিলতা বৃদ্ধি পাব পাৰে।
সাধাৰণতে ৰোগীৰ শৰীৰত দেখা দিয়া লক্ষণসমূহৰ পৰা ৰোগ চিনাক্তকৰণ কৰা হয়। যদি সাধাৰণ নীৰিক্ষণত ৰোগ ধৰা নপৰে তেতিয়া আল্ট্ৰা ছাউণ্ড, কম্পিউটাৰ ট’ম’গ্ৰাফি নাইবা প্ৰয়োজন হ’লে চি টি স্কেনৰ (CT scan) দৰে চিকিৎসা প্ৰতিবিম্বনৰ জৰিয়তে ৰোগ নিৰূপন কৰা হয়। গৰ্ভৱতী মহিলা আৰু শিশুৰ ক্ষেত্ৰত চি টি স্কেনৰ তেজষ্ক্ৰিয় বিকিৰণৰ ক্ষতিসাধনৰ বাবে আল্ট্ৰা ছাউণ্ড ব্যৱস্থাক প্ৰাথমিকতা দিয়া হয়।
অস্ত্ৰোপচাৰৰ জৰিয়তে সংক্ৰমিত এপেণ্ডিক্স আঁতৰাই দি এই ৰোগৰ চিকিৎসা কৰা হয়। ইয়াৰ বাবে মুক্ত অস্ত্ৰোপচাৰ নাইবা লেপাস্ক্ৰপি কৰা হয়। অস্ত্ৰোপচাৰ কৰাৰ ফলত এই ৰোগৰ পাৰ্শ্বক্ৰিয়া নাইবা মৃত্যুৰ আশংকা নাইকিয়া কৰে।
কোনো কোনো ক্ষেত্ৰত এই ৰোগ নিৰাময়ত প্ৰতিজৈৱিকেও ভাল ফলাফল প্ৰদৰ্শন কৰে। হঠাতে হোৱা পেট বিষৰ ই এটা প্ৰধান কাৰণ। ২০১৫ চনত ১১.৬ নিযুত লোকৰ এপেণ্ডিছাইটিছ ধৰা পৰিছিল আৰু ইয়াৰে ৫০,১০০ লোকৰ মৃত্যু হৈছিল।