এপ্ৰ'পিডিয়া | |
---|---|
অঞ্চল | আৰ্কাটা, কেলিফ'ৰ্ণিয়া |
এপ্ৰ'পিডিয়া আন্তৰ্জালৰ এটি ৱেবছাইট য'ত পৰিৱেশ সংৰক্ষণ, নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰা আদিৰ ওপৰত লেখ লেখা হয়। এই ৱেবছাইটে ৱিকি পদ্ধতি ব্যৱহাৰ কৰে।[1] পৰিৱেশ সংৰক্ষণ আৰু অন্যান্য দিশৰ বিভিন্ন নন-প্ৰফিট প্ৰতিষ্ঠানে আপ্ৰ'পিডিয়া ব্যৱহাৰ কৰে।[2] and the Full Belly Project.[3]
এপ্ৰ'পিডিয়াত মিডিয়াৱিকি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়। এই ৱেবছাইটত বৰ্তমান ৬০০০তকৈও অধিক লেখ আৰু ২৪০০০তকৈও অধিক ফাইল আছে।[4]
বিভিন্ন পৰিৱেশ সংৰক্ষণৰ লগত জড়িত কাৰ্যক্ৰমত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পাছত লনি গ্ৰেফমেনে ২০০৬ চনত, সঠিক প্ৰযুক্তি সম্বন্ধীয় ৱেবছাইট এপ্ৰ'পিডিয়া মুকলি কৰিলে। আৰন এণ্ট্ৰিম আৰু গেব্ৰিয়েল ক্ৰছে তেওঁক মিডিয়াৱিকি ইঞ্জিন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিলে।
২০০৬ চনৰ ডিচেম্বৰত ৱিকিগ্ৰিনৰ সৈতে গঢ় লোৱা সম্পৰ্কই[5] তেওঁক কাম কৰিবলৈ প্ৰেৰণা যোগালে। এপ্ৰ'পিডিয়া (Appropedia) নাম চয়ন কৰা হ'ল। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে এপ্ৰ'পিডিয়াক সামগ্ৰী যোগান ধৰাত সহায় কৰিলে, যাৰ ভিতৰত চিডিজ ফৰ দা থাৰ্ড ৱৰ্ল্ড অন্যতম।[6]
![]() |
ৱিকিভাৰ্চিটিত এপ্ৰ'পিডিয়া বিষয় সংক্ৰান্তিয় শিক্ষন সামগ্ৰী আছে। |