![]() | |
![]() সহ-প্ৰতিষ্ঠাপক ৰায়ান ফ্ৰেইটাচৰ এবাউট.মী-ৰ পৃষ্ঠা | |
ছাইটৰ প্ৰকাৰ | ৱেব হ’ষ্টিং |
---|---|
মালিক | এ অ’ এল |
ৱেবছাইট | about.me |
বাণিজ্যিক | নাই |
পঞ্জীয়ন | প্ৰয়োজন |
এবাউট.মী (ইংৰাজী: about.me, এবাউট ডট মী) হৈছে ২০০৯ চনত অক্টোবৰত প্ৰতিষ্ঠা হোৱা এক ব্যক্তিগত ৱেব হ’ষ্টিং সেৱা।[2] ইয়াৰ সহ-প্ৰতিষ্ঠাপকসকল হৈছে ৰায়ান ফ্ৰেইটাচ, টনী কনৰাড, আৰু টিমথি য়ং।[3]
এই ৱেবছাইটোৰ জড়িয়তে এজন ব্যক্তিয়ে এখন পৃষ্ঠা তৈয়াৰ কৰিব পাৰে, য’ত তেওঁ তেওঁৰ বিভিন্ন অনলাইন প্ৰফাইল (যেনে: ইউটিউব, ফ্লিকাৰ আদি), চচিয়েল নেটৱৰ্কিং সেৱাসমূহৰ প্ৰফাইল (যেনে: ফেচবুক, টুইটাৰ, গুগল প্লাচ, লিঙ্কডইন, ইনষ্টাগ্ৰাম, টামলাৰ আদি), আৰু আন ৱেবছাইটৰ সংযোগ বা লিঙ্কসমূহ দিব পাৰে। এই পৃষ্ঠাখনৰ উল্লেখযোগ্য বৈশিষ্ঠ এয়ে যে ব্যক্তি এজনৰ সকলো অনলাইন লিঙ্ক একে ঠাইতে পাব পাৰি। ইয়াৰোপৰি পৃষ্ঠাখনৰ পৃষ্ঠভূমিত এখন ছবি আপল’ড কৰিব পৰা যায়, আৰু চমু জীৱনীও সংযোগ কৰিব পৰা যায়।
ৰাজহুৱা মুকলিৰ মাত্ৰ চাৰি দিনৰ পাছতে, ২০ ডিচেম্বৰ ২০১০ তাৰিখে এ অ’ এলে এবাউট.মী-ক কিনি লয়।[4] সহ-প্ৰতিষ্ঠাপক টনী কনৰাডে এক সাক্ষাৎকাৰত ৱেবছাইটো ১.৩ মিলিয়ন আমেৰিকান ডলাৰত বিক্ৰী হয় বুলি জানিব দিয়ে।[5]
২০১২ চনৰ মে’ মাহৰ এলেক্সাৰ তথ্য অনুসৰি এবাউট.মী ৱেবছাইটো আটাইটকৈ বেছি স্পেইনত ব্যৱহাৰ কৰা হয়। তাৰ পাছতেই স্থান ক্ৰমে কানাডা, আৰ্জেণ্টিনা, আমেৰিকা, আৰু মেক্সিকোৰ।[6]
<ref>
টেগ;
alexa
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই