আনন্দ বাজাৰ পত্ৰিকা (এবিপি) গোট (ইংৰাজী: Ananda Bazar Patrika (ABP) Group) হ'ল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত।[1] আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।
- আনন্দ বাজাৰ পত্ৰিকা বাংলা ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত[2]
- এবেলা বাংলা ভাষাত প্ৰকাশিত সংক্ষিপ্ত বাতৰি কাকত
- দ্যা টেলিগ্ৰাফ ইংৰাজী ভাষাত প্ৰকাশিত দৈনিক বাতৰি কাকত
- আনন্দমেলা
- উনীশ-কুৰী
- সানন্দা
- আনন্দলোক
- দ্যা টেলিগ্ৰাফ ইন্ স্কুল(TTIS)
- দেশ
- বৈয়েৰ দেশ
- ফৰচুন ইণ্ডিয়া
- এবিপি লাইভ - বিশ্বজুৰি ইংৰাজী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ লাইভ নামেৰে জনাজাত আছিল।
- এবিপি নিউজ - ভাৰতত হিন্দী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ নিউজ নামেৰে জনাজাত আছিল।
- এবিপি আনন্দ - ভাৰতত বাংলা ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ আনন্দ নামেৰে জনাজাত আছিল।
- এবিপি সাঁঝা[3] - ভাৰতত পঞ্জাবী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
- এবিপি মাঁঝা - ভাৰতত মাৰাঠী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম। পূৰ্বে ষ্টাৰ মাঁঝা নামেৰে জনাজাত আছিল।
- এবিপি গুজৰাটী - ভাৰতত গুজৰাটী ভাষাত প্ৰচাৰিত সংবাদ মাধ্যম।
বাংলা ভাষাত সাহিত্যজগতলৈ অৱদান আগবঢ়োৱা লেখকসকলক প্ৰতি বছৰে এবিপি গোটৰ পৰা আনন্দ পুৰস্কাৰ প্ৰদান কৰা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]