এম এছ চুব্বালক্ষ্মী | |
---|---|
![]() ভাৰতৰ ডাক বিভাগে জাৰি কৰা ডাক টিকটত এম এছ চুব্বালক্ষ্মী | |
জন্ম | ১৯১৬ চন মাদুৰাই, দক্ষিণ ভাৰত |
মৃত্যু | ২০০৪ চন |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ![]() |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ভাৰত ৰত্ন,(১৯৯৮) পদ্মভূষণ, (১৯৫৪) ৰমন মেগছেছে বঁটা, (১৯৭৪) |
এম এছ চুব্বালক্ষ্মী (ইংৰাজী: M.S. Subbalakshmi) (১৯১৬-২০০৪) কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী আছিল এম. এছ চুব্বালক্ষ্মী। তেওঁ ভাৰতীয় সংগীতক পৃথিৱীৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে। চুব্বালক্ষ্মী এগৰাকী প্ৰখ্যাত অভিনেত্ৰীৰূপেও জনাজাত আছিল।[1]
এম. এছ. চুব্বালক্ষ্মীৰ জন্ম হয় ১৯১৬ চনত দক্ষিণ ভাৰতৰ মাদুৰাই নামৰ ঠাইত। ২৪ বছৰ বয়সত চুব্বালক্ষ্মী চেহ. টি. সদাশিৱমৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ সদায় কপালত এটা ডাঙৰকৈ সেন্দূৰৰ ফোট আঁকিছিল। নাকৰ দুয়োফালে দুটা সৰু সৰু নাকফুল পিন্ধিছিল আৰু হাতত তেওঁ এধাৰি বগা ফুলৰ মালা লৈ ভাল পাইছিল। সৰুতে তেওঁ ঘৰখনৰ পৰা এটি সংগীতৰ পৰিবেশ লাভ কৰিছিল। চুব্বালক্ষ্মীৰ মাক আছিল এগৰাকী প্ৰখ্যাত গায়িকা। মাতৃয়ে নিজৰ জীয়েক এগৰাকী সু-গায়িকা হোৱাটোকে কামনা কৰিছিল। সেয়ে সৰুতে তেওঁ মাকৰ পৰাই সংগীতৰ অনুপ্ৰেৰণা লাভ কৰে আৰু মাকৰ পৰাই প্ৰয়োজনীয় সংগীতৰ শিক্ষান্ত লাভ কৰে। মীনাক্ষী মন্দিৰত চুব্বালক্ষ্মীৰ মাকে সংগীতানুষ্ঠাতন যোগদান কৰিছিল আৰু মাকৰ লগত চুব্বালক্ষ্মীয়েও মীনাক্ষী মন্দিৰলৈ গৈ মাকক সহায় কৰিছিল।[1]
চুব্বালক্ষ্মীৰ সোতৰ বছৰ বয়সত তেওঁ মাদ্ৰাজ মিউজিক অকাডেমীত সংগীত পৰিবেশন কৰাৰ সুবিধা লাভ কৰে আৰু দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়। এগৰাকী ভাল গায়িকা হিচাপে সমাজৰ পৰা স্বীকৃতি লাভ কৰে। ১৯৪৩ চনত তেওঁ সৰ্বভাৰতীয় সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰাত, সৰ্বভাৰতত তেওঁৰ নাম-যশ বিয়পি পৰে। তেওঁ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৰূপেও জনাজাত আছিল। তেওঁ মীৰা নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰিব পাৰিছিল আৰু সেই চলচ্চিত্ৰত তেওঁ নিজে সংগীত পৰিবেশন কৰিছিল। তেওঁ কৰ্ণাটকী সংগীতৰ এগৰাকী নিপুণ গায়িকা। মহাত্মা গান্ধীৰ ৭৮ তম জন্মোত্সৱ উপলক্ষে চুব্বালক্ষ্মীয়ে হৰি তুম হাৰো জান কী পীৰ নামৰ ভজন পৰিবেশন কৰিছিল।[1] ১৯৬৬ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ কমন ওৱেলথৰ মহা সচিবৰ আমন্ত্ৰণ ক্ৰমে আমেৰিকালৈ যায় আৰু তাত সংগীত পৰিবেশন কৰি শ্ৰোতাৰ মন জয় কৰিবলৈ সমৰ্থ হয়। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। তেওঁক সংগীত নাটক অকাডেমী আৰু সংগীত কলানিধি বঁটাৰেও সন্মানিত কৰা হৈছিল। ১৯৭৪ চনত তেওঁ সন্মানীয় ৰামণ মেগছেছে বঁটা লাভ কৰে।[1]
এইগৰাকী কিংবদন্তি শিল্পীৰ ২০০৪ চনত পৰলোকপ্ৰাপ্তি ঘটে।
![]() |
ৱিকিমিডিয়া কমন্সত এম এছ চুব্বালক্ষ্মী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |