ভাৰতী এয়াৰটেল লিমিটেড চমুকৈ এয়াৰটেল (ইংৰাজী: Airtel) হৈছে ভাৰতবৰ্ষৰ এটা বহুজাতিক ম'বাইল নেটৱৰ্ক পৰিচালন প্ৰতিষ্ঠান। ভাৰতৰ নতুন দিল্লীত মুখ্য কাৰ্যালয় অৱস্থিত এই প্ৰতিষ্ঠানটোৱে ৱায়াৰলেছ ভয়্চ, বাৰ্তা সৰবৰাহ আৰু তথ্য সৰবৰাহৰ সেৱা আগবঢ়ায়। ই সমগ্ৰ দক্ষিণ এছিয়া আৰু আফ্ৰিকাৰ ১৮খন দেশৰ লগতে চেনেল দ্বীপপুঞ্জত কাম কৰে। ই ভাৰতৰ দ্বিতীয় বৃহত্তম মোবাইল নেটৱৰ্ক অপাৰেটৰ আৰু বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল নেটৱৰ্ক অপাৰেটৰ।[1]
![]() | |
ধৰণ | ৰাজহুৱা কোম্পানী |
---|---|
উদ্যোগ | টেলিকমিনেছন |
স্থাপিত | ৭ জুলাই ১৯৯৫[2] |
প্ৰতিষ্ঠাতা | সুনিল মিত্তল |
মুখ্য কাৰ্যালয় | নেলছন মেণ্ডেলা ৰোড, নিউ দিল্লী, ভাৰত[2] |
দেশ/অঞ্চল | বৈশ্বিক |
ৱেবছাইট | www |
১৯৮৪ চনত সুনীল মিত্তলে ভাৰতত প্ৰথম বাৰৰ কাৰণে পুছ বুটাম ফোন এছেম্বল কৰিবলৈ আৰম্ভ কৰে,[3] যিবোৰ তেওঁ আগতে ছিংগাপুৰৰ এটা কোম্পানী চিংটেলৰ পৰা আমদানি কৰিছিল। তেতিয়া দেশত ব্যৱহৃত পুৰণি কালৰ, ডাঙৰ ডাঙৰ ৰটাৰী ফোন প্ৰচলনত আছিল। ভাৰতী টেলিকম লিমিটেড (বিটিএল)ক সংযুক্ত কৰি জাৰ্মানীৰ ছিমেন্স এজিৰ সৈতে কাৰিকৰী সম্পৰ্ক স্থাপন কৰি নব্বৈৰ দশকৰ আৰম্ভণিতে ভাৰতীয়ে ফেক্স মেচিন, কৰ্ডলেছ ফোন আৰু অন্যান্য টেলিকম গিয়াৰ তৈয়াৰ কৰিছিল।