এলবাৰ্টা (Alberta) কানাডাৰ তেৰখন প্ৰদেশ আৰু ভূখণ্ডৰ ভিতৰত অন্যতম। ই পশ্চিম কানাডাৰ অংশ আৰু তিনিখন প্ৰেৰি প্ৰদেশ (Canadian Prairies)ৰ ভিতৰত অন্যতম। এলবাৰ্টাৰ পশ্চিমে ব্ৰিটিছ কলম্বিয়া, পূবে ছাস্কাচেৱান, উত্তৰে উত্তৰ-পশ্চিম টেৰিটৰী (NWT) আৰু দক্ষিণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মন্টানা।[1] প্ৰদেশখনৰ পূব অংশ গ্ৰেট প্লেইনছৰ বিস্তীৰ্ণ ভূমিৰে আৱৰি আছে, আনহাতে পশ্চিম অংশ ৰকি পৰ্বতমালাৰ সীমাৰেখাত আছে। প্ৰদেশখনৰ প্ৰধানকৈ আৰ্দ্ৰ মহাদেশীয় জলবায়ু যদিও বায়ুৰ শুষ্কতাৰ বাবে উষ্ণতাৰ দ্ৰুত পৰিৱৰ্তন ঘটে। মাজে মাজে চিনুক বতাহ (Chinook wind)ৰ বাবে পশ্চিম আলবাৰ্টাত ঋতুভিত্তিক উষ্ণতাৰ পৰিৱৰ্ত্তন কম দেখা যায়।[2]
এলবাৰ্টা কানাডাৰ চতুৰ্থ বৃহত্তম [3] আৰু চতুৰ্থ জনবহুল প্ৰদেশ। এই প্ৰদেশৰ জনসংখ্যা ৪,২৬২,৬৩৫ জন। এলবাৰ্টাৰ ৰাজধানী এডমন্টন (Edmonton), আনহাতে কেলগেৰী (Calgary) ইয়াৰ সৰ্ববৃহৎ চহৰ।[4] এই দুখনেই এলবাৰ্টাৰ আটাইতকৈ ডাঙৰ মহানগৰ]। [5] এলবাৰ্টাৰ আধাতকৈ অধিক লোক এডমন্টন বা কেলগেৰীত বাস কৰে।প্ৰদেশখনৰ চৰকাৰী ভাষা ইংৰাজী। ২০১৬ চনত এলবাৰ্টানসকলৰ ৭৬.০% এংলোফোন, ১.৮% ফ্ৰেংকোফোন আৰু ২২.২% এল'ফোন (allophone) আছিল। [6]
এলবাৰ্টাৰ অৰ্থনীতি হাইড্ৰ'কাৰ্বন, পেট্ৰ'কেমিকেল উদ্যোগ, পশুধন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।[7] ১৯৪৭ চনত এলবাৰ্টাৰ লুডুক খাদ (Leduc No. 1 well)ত তেলৰ সন্ধান পোৱাৰ পিছৰ পৰা কানাডাৰ তেল আৰু গেছ উদ্যোগ এলবাৰ্টাৰ অৰ্থনীতিৰ এটা স্তম্ভ হিচাপে পৰিগণিত হৈছে [8]। ইয়াৰ উপৰিও ই প্ৰদেশখনৰ পৰিচয়ৰ অংশ হৈ পৰিছে। এলবাৰ্টা হাইড্ৰ’কাৰ্বনেৰে সৰ্বাধিক সমৃদ্ধ প্ৰদেশ হোৱাৰ বাবে এই প্ৰদেশে কানাডাৰ তেল আৰু প্ৰাকৃতিক গেছৰ ৭০% যোগান ধৰে। ২০১৮ চনত এলবাৰ্টাৰ উৎপাদন আছিল ৩৩৮.২ বিলিয়ন (CAD), যি কানাডাৰ জিডিপিৰ ১৫.২৭%। [9][10]
অতীতত এলবাৰ্টাৰ ৰাজনৈতিক পৰিৱেশ বাওঁপন্থী দল যেনে এলবাৰ্টা লিবাৰেল পাৰ্টি (Alberta Liberal Party) আৰু কৃষিকেন্দ্ৰিক এলবাৰ্টাৰ সংযুক্ত কৃষক (United Farmers of Alberta) আদি দল প্ৰভাৱশালী আছিল। বৰ্তমান এলবাৰ্টাক সাধাৰণতে ৰক্ষণশীল প্ৰদেশ হিচাপে ধৰা হয়। সোঁপন্থী এলবাৰ্টা ছ'চিয়েল ক্ৰেডিট পাৰ্টি (Alberta Social Credit Party) য়ে ১৯৩৫ চনৰ পৰা ১৯৭১ চনলৈ একেৰাহে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় সোঁপন্থী প্ৰগ্ৰেছিভ কনজাৰ্ভেটিভ এছ'চিয়েচন অৱ আলবাৰ্টা (Progressive Conservative Association of Alberta)ই ১৯৭১ চনৰ পৰা ২০১৫ চনলৈকে কাৰ্যভাৰ গ্ৰহণ কৰে। এই দলেই কানাডাৰ ইতিহাসত প্ৰাদেশিক বা ফেডাৰেল পৰ্যায়ত চৰকাৰৰ আটাইতকৈ দীঘলীয়া সময় কাৰ্য্যকাল চলোৱা ৰাজনৈতিক দল।
কানাডাৰ অংশ হোৱাৰ আগতে এলবাৰ্টাত কেইবাটাও খিলঞ্জীয়া জাতি (First Nations) যেনে প্লেইন ইণ্ডিয়ান (Plain Indians) আৰু উডলেণ্ড ক্ৰী (Woodland Cree) আদি লোকে বসবাস কৰি আহিছিল। ইয়াৰ উপৰিও এই ভুখণ্ড ঐতিহাসিকভাৱে হাডছনছ বে কোম্পানী (Hudson's Bay Company) আৰু নৰ্থ ৱেষ্ট কোম্পানী (North West Company) নামৰ দুটা কোম্পানীয়ে নোমৰ ব্যৱসায় (Fur trade)ৰ বাবে ব্যৱহাৰ কৰিছিল। কানাডাৰ ডমিনিয়নে ১৮৭০ চনত নৰ্থ ৱেষ্ট টেৰীটৰীৰ অংশ স্বৰূপে এলবাৰ্টাৰ সমগ্ৰ ভূখণ্ড ক্ৰয় কৰে।[11] ১৮০০ চনৰ শেষৰ ফালৰ পৰা ১৯০০ চনৰ আৰম্ভণিলৈ এলবাৰ্টালৈ বহু অনুপ্ৰৱেশকাৰীৰ আগমণ হয়। ঘেঁহু খেতি আৰু গৰু-ম’হৰ খেতিও এই প্ৰদেশত অতি লাভজনক হৈ পৰিল। ১৯০৫ চনত এলবাৰ্টা আইন গৃহীত হৈ এলবাৰ্টা প্ৰদেশৰ সৃষ্টি হয়।[12] ১৯৪৭ চনত এই প্ৰদেশত বৃহৎ পৰিমাণৰ তেলৰ খাদ আৱিষ্কাৰ হয় আৰু ১৯৬৭ চনৰ পৰা তেলৰ উৎপাদন আৰম্ভ হয়। [8]
এলবাৰ্টা প্ৰাকৃতিক সৌন্দৰ্য্য, জীৱাশ্মৰ সমৃদ্ধি আৰু গুৰুত্বপূৰ্ণ প্ৰকৃতি সংৰক্ষিত বনাঞ্চলৰ বাবে বিখ্যাত। এলবাৰ্টাত ছখন ইউনেস্কোৰ স্বীকৃতি প্ৰাপ্ত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে: কানাডাৰ ৰকি মাউণ্টেন পাৰ্ক (Canadian Rocky Mountain Parks), ডাইনোছৰ প্ৰভিন্সিয়েল পাৰ্ক (Dinosaur Provincial Park), হেড-স্মাশ্বেড-ইন বাফেলো জাম্প (Head-Smashed-In Buffalo Jump), ৱাটাৰটন-গ্লেচিয়াৰ আন্তৰ্জাতিক শান্তি উদ্যান (Waterton-Glacier International Peace Park), উড বাফেলো ৰাষ্ট্ৰীয় উদ্যান (Wood Buffalo National Park) আৰু ৰাইটিং-অন-ষ্টোন প্ৰভিন্সিয়েল পাৰ্ক (Writing-on-Stone Provincial Park)[13]। আন জনপ্ৰিয় স্থানসমূহৰ ভিতৰত অন্যতম হ'ল বেনফ ৰাষ্ট্ৰীয় উদ্যান (Banff National Park), এলক দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (Elk Island National Park), জেছপাৰ ৰাষ্ট্ৰীয় উদ্যান (Jasper National Park), ৱাটাৰটন লেকছ ৰাষ্ট্ৰীয় উদ্যান (Waterton Lakes National Park), আৰু ড্ৰামহেলাৰ (Drumheller)।
৬৬১,৮৪৮ বৰ্গ কিলোমিটাৰ (২৫৫,৫৪১ বৰ্গমাইল) মাটিকালিৰে এলবাৰ্টা ক্যুবেক, অন্টাৰিঅ’ আৰু ব্ৰিটিছ কলম্বিয়াৰ পিছত কানাডাৰ চতুৰ্থ বৃহত্তম প্ৰদেশ।[14]
এলবাৰ্টাৰ দক্ষিণ সীমান্তত থকা ৪৯ নং সমান্তৰাল উত্তৰ (49th parallel north)-এ এই ৰাজ্যক আমেৰিকাৰ মন্টানা ৰাজ্যৰ পৰা পৃথক কৰিছে। তেনেদৰে ৬০ নং সমান্তৰাল উত্তৰে এলবাৰ্টাক উত্তৰ-পশ্চিম টেৰিটৰীৰ পৰা আৰু ১১০ নং মেৰিডিয়ান পশ্চিমে ইয়াক ছাস্কাচেৱান প্ৰদেশৰ পৰা পৃথক কৰিছে। [15]
এই প্ৰদেশখন উত্তৰৰ পৰা দক্ষিণলৈ ১২২৩ কিলোমিটাৰ (৭৬০ মাইল) আৰু পূবৰ পৰা পশ্চিমলৈ ৬৬০ কিলোমিটাৰ (৪১০ মাইল) পৰ্য্যন্ত বিস্তৃত হৈ আছে। ইয়াৰ সৰ্বোচ্চ বিন্দু দক্ষিণ-পশ্চিম সীমান্তৰ ৰকি পৰ্বতমালাৰ মাউণ্ট কলম্বিয়াৰ শিখৰত ৩,৭৪৭ মিটাৰ (১২,২৯৩ ফুট) হোৱাৰ বিপৰীতে ইয়াৰ সৰ্বনিম্ন বিন্দু উত্তৰ-পূবৰ উড বাফেলো ৰাষ্ট্ৰীয় উদ্যান (Wood Buffalo National Park)ৰ স্লেভ নদীত ১৫২ মিটাৰ (৪৯৯ ফুট)।[16]
দক্ষিণ-পূব অংশৰ ষ্টেপ (steppe)ৰ অৰ্ধশুষ্ক জলবায়ুৰ বাহিৰে এই প্ৰদেশখনৰ অন্য প্ৰান্তত জলসম্পদ পৰ্যাপ্ত। এলবাৰ্টাত সাঁতোৰ, মাছ ধৰা আৰু জল ক্ৰীড়াৰ বাবে ব্যৱহাৰ কৰা অসংখ্য নদী আৰু হ্ৰদ আছে। ইয়াৰ ভিতৰত উড বাফেলো ৰাষ্ট্ৰীয় উদ্যানৰ ক্লেয়াৰ হ্ৰদ (৫৫৪ বৰ্গমাইল), লেছাৰ স্লেভ হ্ৰদ (১,১৬৮ কিলোমিটাৰ বৰ্গমিটাৰ) আৰু আথাবাস্কা হ্ৰদ (৭,৮৯৮ কিলোমিটাৰ বৰ্গমাইল) অন্যতম। প্ৰদেশখনৰ আটাইতকৈ দীঘল নদীখন হৈছে আথাবাস্কা নদী। এই নদীখনৰ দৈৰ্ঘ্য ১,৫৩৮ কিলোমিটাৰ (৯৫৬ মাইল) আৰু ই ৰকি পৰ্বতমালাৰ কলম্বিয়া আইচফিল্ডৰ পৰা আথাবাস্কা হ্ৰদলৈকে বৈ গৈছে।[17]
এলবাৰ্টাৰ আটাইতকৈ ডাঙৰ নদীখন হৈছে পীচ নদী (Peace River)। এই নদীৰ গড় প্ৰবাহ ২,১০০ মিটাৰ কুইণ্টল/ছেকেণ্ড (৭৪,০০০ ঘনফুট/ছেকেণ্ড)।[18] উত্তৰ ব্ৰিটিছ কলম্বিয়াৰ ৰকি পৰ্বতমালাৰ পৰা এই নদীৰ উৎপত্তি হৈ উত্তৰ আলবাৰ্টাৰ মাজেৰে বৈ গৈ মেকেঞ্জী নদীৰ উপনৈ স্লেভ নদীত পৰিছেগৈ।
এলবাৰ্টাৰ ৰাজধানী চহৰ এডমন্টন প্ৰদেশখনৰ প্ৰায় মাজভাগতে অৱস্থিত। ই কানাডাৰ আটাইতকৈ উত্তৰ দিশৰ প্ৰধান চহৰ আৰু উত্তৰ কানাডাৰ সম্পদ উন্নয়নৰ বাবে প্ৰৱেশদ্বাৰ আৰু কেন্দ্ৰ হিচাপে কাম কৰে। কানাডাৰ বৃহত্তম তৈলক্ষেত্ৰৰ ওচৰত থকাৰ বাবে এই চহৰ অঞ্চলত পশ্চিম কানাডাৰ তেল শোধনাগাৰৰ কেন্দ্ৰ। এডমন্টনৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ (১৭০ মাইল) দক্ষিণে আৰু মন্টানাৰ ২৪০ কিলোমিটাৰ (১৫০ মাইল) উত্তৰত দ্বিতীয়খন চহৰ কেলগেৰী অৱস্থিত। প্ৰদেশখনৰ প্ৰায় ৭৫% জনসংখ্যা কেলগাৰী–এডমন্টন কৰিডৰত বাস কৰে। ৰেলৱেলৈ ভূমি অনুদান নীতি (land grant policy)য়ে প্ৰাৰম্ভিক বছৰবোৰত প্ৰদেশখনক জনবসতিপূৰ্ণ কৰাৰ এক মাধ্যম হিচাপে কাম কৰিছিল।[19]
প্ৰদেশখনৰ উত্তৰৰ অধিকাংশই ব'ৰিয়েল অৰণ্য (boreal forest), আনহাতে দক্ষিণ-পশ্চিম সীমাৰ কাষৰীয়া ৰকি পৰ্বতমালা এলবাৰ্টা পৰ্বতৰ অৰণ্য (Alberta Mountain forests) আৰু এলবাৰ্টা–ব্ৰিটিছ কলম্বিয়াৰ পাদদেশৰ অৰণ্যৰ নাতিশীতোষ্ণ অৰণ্য (temperate coniferous forests)। প্ৰদেশখনৰ দক্ষিণ চতুৰ্থাংশ প্ৰেইৰী (prairie) অঞ্চল। ইয়াৰ দক্ষিণ-পূব কোণত শ্বৰ্টগ্ৰাছ প্ৰেইৰী (shortgrass prairie)ৰ পৰা আৰম্ভ কৰি পশ্চিম আৰু উত্তৰত মিশ্ৰিত ঘাঁহৰ প্ৰেইৰী দেখা পোৱা যায়। কেলগেৰীৰ পৰা উত্তৰে এডমন্টনলৈকে প্ৰেইৰী আৰু অৰণ্যৰ মাজত কেন্দ্ৰীয় এছপেন পাৰ্কলেণ্ড (central aspen parkland region) অঞ্চল আছে। পূবে লয়ডমিনিষ্টাৰ (Lloydminster) লৈকে প্ৰদেশখনৰ আটাইতকৈ উৰ্বৰ মাটি আৰু জনসংখ্যাৰ বেছিভাগেই আছে। এলবাৰ্টাৰ বনাঞ্চলবিহীন অংশৰ বেছিভাগেই শস্য বা দুগ্ধ পালনৰ বাবে ব্যৱহাৰ কৰা হয়, অৱশ্যে উত্তৰ আৰু কেন্দ্ৰীয় অঞ্চলসমূহত মিশ্ৰিত কৃষি অধিক প্ৰচলিত। আনহাতে দক্ষিণৰ অঞ্চলসমূহত ৰেঞ্চিং আৰু জলসিঞ্চিত কৃষি বেছিকৈ কৰা হয়।[20]
দক্ষিণ-পূব এলবাৰ্টাত ৰেড ডিয়েৰ নদীয়ে সমতল প্ৰেইৰি আৰু কৃষিভূমি পাৰ কৰি গভীৰ খাদ (canyons) ৰ সৃষ্টি কৰিছে। ব্ৰুকছৰ ওচৰৰ ডাইনোছৰ প্ৰভিন্সিয়েল পাৰ্ক (Dinosaur Provincial Park)ত বেডলেণ্ডছৰ এই ভূখণ্ড, মৰুভূমিৰ উদ্ভিদ আৰু এলবাৰ্টাৰ অতীতৰ অৱশিষ্টসমূহ প্ৰদৰ্শন কৰা হৈছে।
এলবাৰ্টা উত্তৰৰ পৰা দক্ষিণলৈ ১২০০ কিলোমিটাৰতকৈও অধিক (৭৫০ মাইল) বিস্তৃত; সেয়েহে ইয়াৰ জলবায়ুৰ যথেষ্ট তাৰতম্য ঘটে। জানুৱাৰী মাহত সৰ্বাধিক গড় উষ্ণতা দক্ষিণ-পশ্চিমত ০ °C (৩২ °F)ৰ পৰা সুদূৰ উত্তৰত −২৪ °C (−১১ °F) লৈকে হয়। ৰকি পৰ্বতমালাৰ উপস্থিতিয়ে দক্ষিণ-পশ্চিম দিশৰ জলবায়ুকো প্ৰভাৱিত কৰে, যাৰ ফলত পশ্চিমৰ বতাহৰ প্ৰবাহত ব্যাঘাত জন্মে আৰু প্ৰদেশখন পোৱাৰ আগতে পৰ্বতমালাৰ পশ্চিম ঢালত বেছিভাগ আৰ্দ্ৰতা তললৈ নমাই দিয়ে। ইয়াৰ ফলত এলবাৰ্টাৰ বহু অংশত বৰষুণৰ পৰিমাণ কম। উত্তৰ দিশৰ অৱস্থান আৰু প্ৰশান্ত মহাসাগৰৰ জলবায়ুৰ পৰা পৃথক বাবে এলবাৰ্টাৰ জলবায়ু শুকান। বাৰ্ষিক বৰষুণৰ পৰিমাণ দক্ষিণ-পূব দিশত ৩০০ মিলিমিটাৰ (১২ ইঞ্চি)ৰ পৰা উত্তৰ দিশত ৪৫০ মিলিমিটাৰ (১৮ ইঞ্চি)লৈকে হয়।
উত্তৰ এলবাৰ্টাৰ বেছিভাগেই ব’ৰিয়েল অৰণ্যৰে আবৃত আৰু ইয়াৰ জলবায়ু উপ-আৰ্কটিক (subarctic)। দক্ষিণ এলবাৰ্টাৰ কৃষি অঞ্চলত অৰ্ধশুষ্ক ষ্টেপ জলবায়ু দেখা যায় কাৰণ বাৰ্ষিক বৰষুণৰ পৰিমাণ বাষ্পীভৱন হোৱা বা উদ্ভিদে ব্যৱহাৰ কৰা পানীতকৈ কম। পেলিছাৰ ত্ৰিভুজ (Palliser Triangle)ৰ অংশ এলবাৰ্টাৰ দক্ষিণ-পূব কোণত প্ৰদেশখনৰ বাকী অংশতকৈ গ্ৰীষ্মকালীন গৰম বেছি আৰু বৰষুণ কম হয়। ফলত এই অঞ্চলটোত সঘনাই শস্যৰ উৎপাদনৰ সমস্যা আৰু মাজে মাজে তীব্ৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। পশ্চিম এলবাৰ্টা পাহাৰৰ দ্বাৰা সুৰক্ষিত আৰু শীতকালীন চিনুক বতাহে (Chinook winds) কঢ়িয়াই অনা মৃদু উষ্ণতা বিৰাজ কৰে। পিছ নদী অঞ্চলৰ মধ্য আৰু উত্তৰ-পশ্চিম এলবাৰ্টাৰ কিছু অংশ মূলতঃ এছপেন পাৰ্কলেণ্ড, দক্ষিণে প্ৰেইৰি আৰু উত্তৰত ব'ৰিয়েল অৰণ্যৰ মাজৰ এক পৰিৱৰ্তনশীল জলবায়ু।
এলেকা | অঞ্চল | জুলাইৰ সৰ্বোচ্চ তাপমাত্ৰা[23] | জানুৱাৰীত সৰ্বোচ্চ তাপমাত্ৰা[23] | বাৰ্ষিক অধঃক্ষেপ (annual precipitation)[23] |
---|---|---|---|---|
মেডিচিন হেট | দক্ষিণ এলবাৰ্টা | 28 °C (82 °F) | সাঁচ:Convert/−1 °C (27 °F) | ৩২৩ millimetre (12.7 in) |
ব্ৰুকছ | দক্ষিণ এলবাৰ্টা | 28 °C (82 °F) | সাঁচ:Convert/−1 °C (25 °F) | ৩০১ millimetre (11.9 in) |
লেথব্ৰীজ | দক্ষিণ এলবাৰ্টা | 26 °C (79 °F) | 0 °C (32 °F) | ৩৮০ millimetre (15 in) |
ফৰ্ট মেকমাৰি | উত্তৰ এলবাৰ্টা | 24 °C (75 °F) | সাঁচ:Convert/−1 °C (10 °F) | ৪১৯ millimetre (16.5 in) |
Wetaskiwin | কেন্দ্ৰীয় এলবাৰ্টা | 24 °C (75 °F) | সাঁচ:Convert/−1 °C (23 °F) | ৪৯৭ millimetre (19.6 in) |
Edmonton | এডমণ্টন মেট্ৰ'পলিটান অঞ্চল | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (21 °F) | ৪৫৬ millimetre (18.0 in) |
Cold Lake | উত্তৰ এলবাৰ্টা | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (14 °F) | ৪২১ millimetre (16.6 in) |
Camrose | কেন্দ্ৰীয় এলবাৰ্টা | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (21 °F) | ৪৩৮ millimetre (17.2 in) |
Fort Saskatchewan | এডমণ্টন মেট্ৰ'পলিটান অঞ্চল | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (19 °F) | ৪৫৫ millimetre (17.9 in) |
Lloydminster | কেন্দ্ৰীয় এলবাৰ্টা | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (14 °F) | ৪০৯ millimetre (16.1 in) |
Red Deer | কেন্দ্ৰীয় এলবাৰ্টা | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (23 °F) | ৪৮৬ millimetre (19.1 in) |
Grande Prairie | উত্তৰ এলবাৰ্টা | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (18 °F) | ৪৪৫ millimetre (17.5 in) |
Leduc | এডমণ্টন মেট্ৰ'পলিটান অঞ্চল | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (21 °F) | ৪৪৬ millimetre (17.6 in) |
Calgary | কেলগেৰী মেট্ৰ'পলিটান অঞ্চল | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (30 °F) | ৪১৯ millimetre (16.5 in) |
Chestermere | কেলগেৰী মেট্ৰ'পলিটান অঞ্চল | 23 °C (73 °F) | সাঁচ:Convert/−1 °C (27 °F) | ৪১২ millimetre (16.2 in) |
St. Albert | এডমণ্টন মেট্ৰ'পলিটান অঞ্চল | 22 °C (72 °F) | সাঁচ:Convert/−1 °C (21 °F) | ৪৬৬ millimetre (18.3 in) |
Lacombe | কেন্দ্ৰীয় এলবাৰ্টা | 22 °C (72 °F) | সাঁচ:Convert/−1 °C (23 °F) | ৪৪৬ millimetre (17.6 in) |
|url-status=
ignored (help); More than one of |archiveurl=
and |archive-url=
specified (help); More than one of |archivedate=
and |archive-date=
specified (help)
<ref>
টেগ;
aboutab2
নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই