১৯৩১ চনত ট্যুৰিঙে কেমব্ৰিজৰ কিংছ কলেজত গণিত অধ্যয়ন কৰিবলৈ লয়। ১৯৩৪ চনত সন্মানসহ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লৈ তেখেত উত্তীৰ্ণ হয়। গৱেষণা পত্ৰ হিচাপে তেখেতে সমাধান কৰা limit therorem-ৰ উচ্চ মানৰ কৰ্মৰাজীৰ বাবে তেখেতক কিংছ কলেজৰ ফেলো হিচাপে নিৰ্বাচিত কৰা হয়। অৱশ্যে ট্যুৰিঙে সমাধান কৰা সমস্যাকেইটা কিছু আগেয়েই আন এজন গণিতজ্ঞই সমাধান কৰিছিল, যদিও ট্যুৰিঙে সেইটো জনা নাছিল।[17]
কিংছ কলেজৰ ফেলো হিচাপে কৰ্মৰত অৱস্থাতে ট্যুৰিঙে আধুনিক কম্পিউটাৰ বিজ্ঞানৰ বাবে এটা চমকপ্ৰদ সিদ্ধান্ত আগবঢ়ায়। ১৯২৮ চনত গণিতজ্ঞ ডেভিদ হিলবাৰ্ট-এ Entscheidungsproblem (decision problem, সিদ্ধান্ত সমস্যা) আগবঢ়ায়। এই সমস্যটো কম্পিউটাৰ বিজ্ঞানৰ বাবে অতি প্ৰয়োজনীয় এটা গাণিতিক চৰ্তৰ প্ৰশ্ন আছিল। এই সমস্যাৰ ওপৰত ট্যুৰিঙে তেখেতৰ যুগান্তকাৰী গৱেষণা পত্ৰ "On Computable Numbers, with an Application to the Entscheidungsproblem" (২৮ মে, ১৯৩৬ চনত দাখিল কৰা হৈছিল)[18] এই পত্ৰতে ট্যুৰিঙে সমস্যা সমাধানৰ বাবে এক প্ৰাকল্পিক যন্ত্ৰৰ ধাৰণা প্ৰৱৰ্তন কৰে। এই যন্ত্ৰক নাম দিয়া হৈছিল 'ট্যুৰিং মেচিন'। ট্যুৰিঙে গাণিতিক ভাৱে দেখুৱাবলৈ সক্ষম হৈছিল, যে কিছুমান পৰিস্থিতিত যন্ত্ৰটোৱে বন্ধ কৰাৰ নিৰ্দেশ কেতিয়াও নাপাব পাৰে, আৰু তেনে অৱস্থাত সেই সমস্যা সমাধান কৰাৰ কোনো 'সমাধান সূত্ৰ' উলিয়াব নোৱাৰি। অৰ্থাৎ Entscheidungsproblem সকলো সময়তে সমাধানযোগ্য নহয়।
হিলবাৰ্টৰ মূল সমস্যাটোৰ সমাধান উলিওৱাৰ উপৰিও ট্যুৰিঙৰ এই প্ৰমাণে দেখুৱাইছিল যে কিছুমান সমস্যা সমাধান যোগ্য নহ'লেও বহুত সমস্যা 'সমাধান সূত্ৰ'ৰ মাধ্যমেৰে সমাধান কৰা সম্ভৱ। যিবোৰ সমস্যাৰ এটা সাধাৰণ 'সমাধান সূত্ৰ' নিৰ্ণয় কৰিব পাৰি, তেনে সমস্যাবোৰ যন্ত্ৰৰ দ্বাৰাও সমাধান কৰিব পৰা যাব। লগে লগেই কম্পিউটাৰৰ ব্যৱহাৰৰ তাত্বিক গুৰুত্ব বাঢ়ি যায়। কম্পিউটিং গৱেষণাৰ বাবে বৰ্তমানেও ট্যুৰিং মেছিন এটা গৱেষণাৰ বিষয় বস্তু।
১৯৩৬ চনৰপৰা ১৯৩৮ চনলৈ এলান ট্যুৰিঙে প্ৰিন্সটনৰ ইন্ষ্টিটিউট ফৰ এড্ভান্সড ষ্টাডিজত যোগ দিয়ে আৰু ১৯৩৮ চনত প্ৰিন্সটন বিশহববিদ্যালয়ৰপৰা পি.এইচ.ডি. লাভ কৰে।[19][20]
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এলান ট্যুৰিঙৰ সংকেত পাঠোদ্ধাৰৰ কাৰ্যত জড়িত হৈ ইংলেণ্ডৰ চৰকাৰৰ পৰা বিশেষ সন্মান লাভ কৰাৰ কথা আগৰ অধ্যায়তে কৈ অহা হৈছে। এই কাৰ্যৰ মুখ্য সদৰ আছিল Bletchley park নামৰ এখন সৰু ঠাই। ইয়াৰ কাম কৰাৰ থকাৰ সময়তে ট্যুৰিঙে নিজ সহকৰ্মী জোআন ক্লাৰ্কক বিবাহৰ প্ৰস্তাৱ আগবঢ়াইছিল। কিন্তু বাগদত্তাৰ আগত নিজৰ সমকামিতাৰ কথা প্ৰকাশ কৰাৰ পাছত এই সম্বন্ধ ভাঙি যায়।
১৯৪৫ আমেৰিকা যুক্তৰাষ্ট্ৰত EDVAC আঁচনিৰ অধীনত এটা বৈদ্যুতিন কম্পিউটাৰ (EDVAC) সজাৰ কাম আৰম্ভ কৰা হয়। ইংলেণ্ডতো প্ৰতিযোগিতাৰ মনোভাৱেৰে বৈদ্যুতিন কম্পিউটাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়, আৰু ইয়াৰে জ্যেষ্ঠ মুখ্য বিজ্ঞান প্ৰাধিকাৰীৰ পদত ট্যুৰিঙক অধিষ্ঠিত কৰা হয়। এই আঁচনিৰ অধীনত স্বয়ংক্ৰিয় গাণনিক যন্ত্ৰ (Automatic Computing Machine (ACE))-ৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। ACE-ক 'প্ৰ'গ্ৰাম সাঁচিব পৰা কম্পিউটাৰ' (stored-program computer) হিচাপে সাজি উলিওৱাৰ প্ৰয়াস কৰা হৈছিল[29]। এই কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ ট্যুৰিঙে সাজি উলিয়াইছিল, Abbreviated Code Instructions, যিটো প্ৰথম ব্যৱহৃত কম্পিউটাৰ প্ৰগ্ৰামিং লেংগুৱেজ।
অৱশ্যে ট্যুৰিঙৰ তাত্বিক অগ্ৰগতিৰ বাহিৰে ACE-ৰ প্ৰকৃত নিৰ্মাণৰ কাম অলপো আগবঢ়া নাছিল। ১৯৪৭ চনত ACE-আঁচনিৰ পৰিচালক সংস্থা National Physics Laboratory-য়ে (NPL) ট্যুৰিঙক কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কামত নিয়োগ কৰে। অধ্যাপনা কালতে ট্যুৰিঙে স্নায়ুবিজ্ঞান আৰু ফিজিঅ'লজীত মনোনিবেশ কৰে আৰু তাৰ আধাৰতে 'স্নায়ৱিক জাল' (neural net)-ৰ ধাৰণা সম্বলিত এখন গৱেষণা পত্ৰ NPL-লৈ প্ৰেৰণ কৰে। 'স্নায়ৱিক জাল'-ৰ ধাৰণা কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় ধাৰণা।
NPL-ৰ অনীহাৰ বাবেই ACE-ৰ নিৰ্মাণৰ কাম পিছ পৰি ৰয়, আৰু আমেৰিকাত চলি থকা গৱেষণা বহুদূৰ আগবাঢ়ি যায়, আৰু ১৯৪৯ চনত EDVAC-ৰ নিৰ্মাণ সম্পূৰ্ণ হয়। এই সময়খিনিত ট্যুৰিঙৰ গৱেষণাৰ কাম-কাজ কিছু স্তিমিত হয় যদিও তেখেতে দৈৰ্ঘ্য দূৰত্বৰ খোজ কঢ়াত বিশেষ ভাৱে মনোনিবেশ কৰে। কেবাটাও অপেছাদাৰী প্ৰতিযোগিতাত তেখেতে বিজয়ীৰ পুৰস্কাৰ লাভ কৰিছিল, আনকি ১৯৪৮-চনৰ অলিম্পিক খেলৰ বাবে ব্ৰিটিছ দলত তেখেতৰ নাম অন্তৰ্ভুক্ত হোৱাৰো সম্ভাৱনা আছিল।[30][31]
কেমব্ৰিজৰ বসবাস কৰা কালচোৱাত নেভিল জনছন নামে এগৰাকী গণিতৰ ছাত্ৰৰ লগত ট্যুৰিঙৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। এই সময়তে এলান ট্যুৰিঙে নিজৰ সমকামিতাৰ কথা খোলাখুলিকৈয়ে ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰে।
১৯৯৪ চনত ভন নিউমেনৰ অনুৰোধ মৰ্মে এলান ট্যুৰিং আহি মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ উপ-অধীক্ষক পদবীত যোগ দান কৰে। অৱশ্য এই সময়খিনিত কম্পিউটাৰ বিজ্ঞানৰ প্ৰতি ট্যুৰিঙৰ বিশেষ অৱদান পোৱা নাযায়। এই সময়ত তেখেতে বিভিন্ন বিষয় সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰে।[32] এই সানমিহলি কামবোৰৰ মাজতে তেখেতে দৰ্শনৰ জাৰ্নেল Mind-ত 'Computing Machinery and Intelligence' নামে এক সুদূৰপ্ৰভাৱী প্ৰবন্ধ প্ৰকাশ কৰে। এই প্ৰবন্ধতে তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ দাৰ্শনিক দিশত কেবাটাও মূল্যবান মতবাদ আগবঢ়ায়। ইয়াতেই 'ট্যুৰিঙৰ পৰীক্ষা' (Turing Test)-ৰ বিষয়ে কোৱা হৈছিল। 'ট্যুৰিঙৰ পৰীক্ষা' কৃত্ৰিম বুদ্ধিমত্তাৰ দিশত এটা উল্লেখনীয় অৱদান, আৰু বৰ্তমানেও ইয়াৰ প্ৰাসংগিকতা বিদ্যমান।[33]
ট্যুৰিঙ পৰীক্ষাত এগৰাকী সাধাৰণ বুদ্ধি সম্পন্ন সঁচা মানুহে একে সময়তে এজন সঁচা মানুহ আৰু এটা কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন যন্ত্ৰৰ লগত মিথস্ক্ৰিয়া কৰে (interact) কৰে আৰু সেই মিথস্ক্ৰিয়াৰ ভিত্তিত ব্যক্তিগৰাকীয়ে ক'ব লাগিব কোনজন সঁচা, কোনটো কৃত্ৰিম বুদ্ধিৰ যন্ত্ৰ। যেতিয়াই মানুহজনে প্ৰশ্নোত্তৰ আধাৰত এই পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰা অৱস্থা এটা পাব, তেতিয়াই কৃত্ৰিম বুদ্ধিমত্তাক স্বাভাৱিক বুদ্ধিমত্তাৰ পৰ্যায় পোৱা বুলিব পাৰি।[34]
ট্যুৰিং পৰীক্ষাৰ লগতে একে সময়তে এলান ট্যুৰিঙে জীৱবিজ্ঞানৰ বিকাশ আৰু বৃদ্ধিৰ গাণিতিক তত্ত্ব (The Chemical Basis of Morphogenesis)কিছুমান প্ৰণয়ন কৰে।[35][36] সেই সময়তে ট্যুৰিঙে গণিতৰ এটা অদ্য অমীমাংসিত সমীকৰণ 'ৰাইমান জেটা সমীকৰণ'-ৰ ওপৰতো কম্পিউটাৰ প্ৰয়োগ কৰি সমাধান কৰাৰ চেষ্টা কৰে। ১৯৫১ চনত ট্যুৰিং ৰয়েল ছোছাইটিৰ সভ্য নিৰ্বাচিত হয়।
↑See Section 3 of John Aldrich, "England and Continental Probability in the Inter-War Years", Journal Electronique d'Histoire des Probabilités et de la Statistique, vol. 5/2 Decembre 2009 Journal Electronique d'Histoire des Probabilités et de la Statistique
↑Turing, A. M. (1952). "The Chemical Basis of Morphogenesis". Philosophical Transactions of the Royal Society of London, series B খণ্ড 237 (641): 37–72. doi:10.1098/rstb.1952.0012.
↑"Control Mechanism For Biological Pattern Formation Decoded" ScienceDaily, 30 November 2006
Beniger, James (1986). The control revolution: technological and economic origins of the information society. প্ৰকাশক Cambridge, Massachusetts: Harvard University Press. ISBN0-674-16986-7.
Ceruzzi, Paul (1998). A History of Modern Computing. প্ৰকাশক Cambridge, Massachusetts, and London: MIT Press. ISBN0-262-53169-0.
Chandler, Alfred (1977). The Visible Hand: The Managerial Revolution in American Business. প্ৰকাশক Cambridge, Massachusetts: Belknap Press. ISBN0-674-94052-0.
Edwards, Paul N (1996). The closed world: computers and the politics of discourse in Cold War America. প্ৰকাশক Cambridge, Massachusetts: MIT Press. ISBN0-262-55028-8.
Lewin, Ronald (1978). Ultra Goes to War: The Secret Story. Classic Military History (Classic Penguin সম্পাদনা). প্ৰকাশক London, England: Hutchinson & Co (published 2001). ISBN978-1-56649-231-7.
Lubar, Steven (1993). Infoculture. প্ৰকাশক Boston, Massachusetts and New York: Houghton Mifflin. ISBN0-395-57042-5.
Oakley, Brian, ed. (2006), The Bletchley Park War Diaries: July 1939 — August 1945 (2.6 সম্পাদনা), Wynne Press
O'Connell, H; Fitzgerald, M (2003), "Did Alan Turing have Asperger's syndrome?", Irish Journal of Psychological Medicine (Irish Institute of Psychological Medicine) খণ্ড 20: 28–31, ISSN0790-9667
Turing, Sara Stoney (1959). Alan M Turing. W Heffer. Turing's mother, who survived him by many years, wrote this 157-page biography of her son, glorifying his life. It was published in 1959, and so could not cover his war work. Scarcely 300 copies were sold (Sara Turing to Lyn Newman, 1967, Library of St John's College, Cambridge). The six-page foreword by Lyn Irvine includes reminiscences and is more frequently quoted.
Whitemore, Hugh; Hodges, Andrew (1988). Breaking the code. S. French. This 1986 Hugh Whitemore play tells the story of Turing's life and death. In the original West End and Broadway runs, Derek Jacobi played Turing and he recreated the role in a 1997 television film based on the play made jointly by the BBC and WGBH, Boston. The play is published by Amber Lane Press, Oxford, ASIN: B000B7TM0Q