এলিছ ভিকেৰী | |
---|---|
![]() | |
জন্ম | ১৮৪৪ দেভন, ইংলেণ্ড |
মৃত্যু | ১২ জানুৱাৰী, ১৯২৯ (৮৪ বছৰ) ব্ৰিটন, ইংলেণ্ড, |
ৰাষ্ট্ৰীয়তা | বৃটিছ |
শিক্ষানুষ্ঠান | লণ্ডন স্কুল টোৰ মেডিচিন ফৰ ৱ’মেন |
পেচা | চিকিৎসক |
জনা যায় | নাগৰিক অধিকাৰ কৰ্মী |
অংশীদাৰ | চাৰ্লছ ৰবাৰ্ট ড্ৰইছডেল |
সন্তান | ২ |
এলিছ ভিকেৰী (এ. ভিকেৰী ড্ৰাইছডেল আৰু এ. ড্ৰাইছডেল ভিকেৰী নামেৰেও পৰিচিত) জন্ম: ১৮৪৪ চন আৰু মৃত্যু: ১২ জানুৱাৰী ১৯২৯ চন; এগৰাকী ইংৰাজ চিকিৎসক, মহিলাৰ অধিকাৰৰ দাবী প্ৰচাৰক আৰু ৰসায়নবিদ আৰু ফাৰ্মাচিষ্ট হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ব্ৰিটিছ মহিলা। তেওঁ আৰু তেওঁৰ জীৱন সংগী চাৰ্লছ ৰবাৰ্ট ড্ৰাইছডেল, যিজনো এজন চিকিৎসক আছিল, মুক্ত প্ৰেম, জন্ম নিয়ন্ত্ৰণ, অবৈধতা সম্পৰ্কক কলংকহীন কৰা আদি কেইবাটাও বিষয় সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল।
১৮৪৪ চনত ডেভনত পিয়ানো নিৰ্মাতা আৰু অৰ্গেন নিৰ্মাতাৰ ঘৰত এলিছে জন্মগ্ৰহণ কৰে।[1] ১৮৬১ চনলৈকে তেওঁ দক্ষিণ লণ্ডনলৈ গুচি যায়।[2] ১৮৬৯ চনত লেডিজ মেডিকেল কলেজত চিকিৎসা কেৰিয়াৰ আৰম্ভ কৰা ভিকেৰীয়ে তাতেই প্ৰবক্তা চাৰ্লছ ৰবাৰ্ট ড্ৰাইছডেলক লগ পায় আৰু তেওঁৰ সৈতে সম্পৰ্ক আৰম্ভ কৰে। তেওঁলোকে কেতিয়াও বিয়া কৰা নাছিল,[1][2] কাৰণ দুয়োজনে তেওঁৰ ভাতৃ জৰ্জৰ সৈতে (এজন নব্য-মালথুছিয়ান চিকিৎসকও) বিবাহক "আইনী বেশ্যাবৃত্তি" বুলি একমত হৈছিল।[1] সমাজে অৱশ্যে সাধাৰণতে এই যুটিটোক বিবাহিত বুলি ধৰি লৈছিল; তেওঁলোকৰ সম-সাময়িকসকলে যদি জানিলেহেঁতেন যে, তেওঁলোক বিবাহ-মুক্ত অৱস্থাত আছে, তেন্তে তেওঁলোকৰ কেৰিয়াৰত ক্ষতি হ'লহেঁতেন। ভিকেৰীয়ে কেতিয়াবা ড্ৰাইছডেলৰ নামটো নিজৰ নামত যোগ কৰিছিল, নিজকে "ড° ভিকেৰী ড্ৰাইছডেল" আৰু "ড° ড্ৰাইছডেল ভিকেৰী" দুয়োটা বুলিও উল্লেখ কৰিছিল।[1]
১৮৭৩ চনত ভিকেৰীয়ে প্ৰসূতি সমিতিৰ পৰা ধাত্ৰী ডিগ্ৰী লাভ কৰে।[1] একে বছৰৰ ১৮ জুনত তেওঁ ৰয়েল ফাৰ্মাচিউটিকেল ছ'চাইটিৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু প্ৰথমগৰাকী যোগ্য মহিলা ৰসায়নবিদ আৰু ঔষধ বিক্ৰেতা হয়।[2] ইয়াৰ পিছত ভিকেৰীয়ে পেৰিছ বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ যায়, কাৰণ মহিলাসকলক কোনো ব্ৰিটিছ চিকিৎসা বিদ্যালয়ত পঢ়িবলৈ দিয়া হোৱা নাছিল।[1][2] তাতেই তেওঁৰ প্ৰথম সন্তান চাৰ্লছ ভিকেৰী ড্ৰাইছডেলৰ জন্ম হয়।[1] ১৮৭৬ চনৰ ব্ৰিটেইনৰ চিকিৎসা আইন অনুসৰি মহিলাসকলে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় আৰু ১৮৭৭ চনত ভিকেৰী ইংলেণ্ডলৈ উভতি যায়।[1][2] ১৮৮০ চনত তেওঁ ৰাজ্যখনৰ চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা পাঁচগৰাকী মহিলাৰ ভিতৰত অন্যতম হৈ “লণ্ডন স্কুল অৱ মেডিচিন ফৰ উইমেন’’ৰ পৰা ডিগ্ৰী লাভ কৰে আৰু চিকিৎসা বিজ্ঞানৰ চৰ্চা আৰম্ভ কৰে।[1] ১৮৮১ চনৰ আগষ্ট মাহত তেওঁৰ দ্বিতীয় পুত্ৰ জৰ্জ ভিকেৰী ড্ৰাইছডেলৰ জন্ম হয়।[3]
১৮৭৭ চনত গৰ্ভ-নিৰোধকৰ বিষয়ে এখন কিতাপ প্ৰকাশ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা এনি বেছাণ্ট আৰু চাৰ্লছ ব্ৰেডলাফৰ বিচাৰৰ পিছত ভিকেৰী মালথুছিয়ান লীগৰ সদস্য আৰু জন্ম নিয়ন্ত্ৰণৰ স্পষ্টবাদী সমৰ্থক হৈ পৰে৷ অতি ঘনাই সন্তান জন্ম দিয়াৰ বিপদ আৰু অতিৰিক্ত গাখীৰ খুৱাই সন্তান ডাঙৰ কৰাটো গৰ্ভনিৰোধক পদ্ধতি হিচাপে ব্যৱহাৰ কৰাৰ বিপদ সম্পৰ্কে তেওঁ প্ৰচাৰ কৰে।[1] লণ্ডন মেডিকেল স্কুল ফৰ উইমেনে তেওঁৰ কাৰ্যকলাপৰ অনুমোদন নিদিয়াৰ বাবে অৱশ্যে তেওঁ সাময়িকভাৱে লীগৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল। ১৮৮০ চনত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পুনৰ সদস্যপদ লাভ কৰে আৰু তাৰ পিছৰ দশকটো মহিলাৰ মুক্তিৰ মূল উপাদান হিচাপে জন্ম নিয়ন্ত্ৰণৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। একে সময়তে তেওঁ সংক্ৰামক ৰোগ আইনসমূহৰো সক্ৰিয় বিৰোধিতা কৰিছিল।[2]
ভিকেৰী আৰু ড্ৰাইছডেল দুয়োজনেই ১৮৯৩ চনত গঠন হোৱা লেজিটিমেচন লীগত যোগদান কৰে আৰু বিবাহ-বহিৰ্ভূতভাবে জন্ম হোৱা শিশুৰ সমান অধিকাৰৰ বাবে প্ৰচাৰ চলায়।[1][2] ভিকেৰীয়ে অনুভৱ কৰিছিল যে, সংস্থাটোৱে মুক্ত প্ৰেমৰ পোষকতা আৰম্ভ নকৰালৈকে "বেছি দূৰলৈ যোৱা উচিত নাছিল"।[1] তেওঁ ক্ৰমাগতভাৱে নেচনেল ছ'চাইটি ফৰ উইমেনছ ছফ্ৰেজ, উইমেনছ ছ'চিয়েল এণ্ড পলিটিকেল ইউনিয়ন আৰু উইমেনছ ফ্ৰিডম লীগৰ সদস্য হৈছিল।[2] ১৯০৭ চনত ড্ৰাইছডেলৰ মৃত্যুৰ পিছত ভিকেৰীয়ে চিকিৎসক হিচাপে কাম কৰি থাকে আৰু তেওঁৰ পিছত মালথুছিয়ান লীগৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে; আনহাতে তেওঁলোকৰ ডাঙৰ পুত্ৰ চাৰ্লছ আৰু বোৱাৰী বেছি আলোচনী মালথুছিয়ানৰ নতুন সম্পাদক হয়। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ ইউজেনিক্স এডুকেচন ছ'চাইটিৰ প্ৰথম সদস্যসকলৰ ভিতৰত অন্যতম সদস্য হয়।[1]
১৯২৩ চনত ভিকেৰীয়ে ডাঙৰ পুত্ৰৰ ওচৰত থাকিবলৈ ব্ৰাইটনলৈ গুচি যায়। মহিলা ফ্ৰিডম লীগৰ স্থানীয় শাখাৰ সভাত তেওঁ নিয়মিতভাৱে ভাষণ দিছিল। ১৯২৯ চনৰ ১২ জানুৱাৰীত নিউমোনিয়াত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয় আৰু সেইটোৱেই তেওঁৰ শেষ ভাষণ আছিল বুলি জনাজাত হয়।[2] ব্ৰুকউড কবৰস্থানত চাৰ্লছ ৰবাৰ্ট ড্ৰাইছডেলৰ সৈতে তেওঁক সমাধিস্থ কৰা হয়।
তেওঁৰ জীৱন সংগী আছিল ডাঃ চাৰ্লছ ৰবাৰ্ট ড্ৰাইছডেল। তেওঁলোকৰ পুত্ৰ আছিল চাৰ্লছ ভিকেৰী ড্ৰাইছডেল এফ আৰ এছ ই (১৮৭৪–১৯৬১)[4] আৰু জৰ্জ ভিকেৰী ড্ৰাইছডেল (১৮৮১)।