এলিজাবেথ থিবল | |
---|---|
জন্ম | ৮ মাৰ্চ ১৭৫৭ |
মৃত্যু | ১৩ ফেব্ৰুৱাৰী ১৭৮৫ |
নাগৰিকত্ব | ফ্ৰান্স |
'Aviation career' | |
Famous flights | অভিলেখত প্ৰথম মহিলা যিয়ে বান্ধবিহীন হট এয়াৰ বেলুনত উৰিছিল। |
এলিজাবেথ থিবল বা এলিজাবেথ টিবল[1] ( ইংৰাজী: : Elisabeth Thible , ৮ মাৰ্চ ১৭৫৭ – ১৩ ফেব্ৰুৱাৰী ১৭৮৫) আছিল প্ৰথম মহিলা যিয়ে মুক্ত বান্ধবিহীন গৰম বায়ুৰ বেলুনত উৰণৰ অভিজ্ঞতা লাভ কৰিছিল।[2][3][4] ১৭৫৭ চনৰ ৮ মাৰ্চত ফ্ৰান্সৰ লিয়নত এলিজাবেথ থিবলৰ জন্ম হৈছিল। ১৭৮৩ চনত হোৱা প্ৰথমগৰাকী মানুহে চালিত বেলুন উৰণৰ আঠ মাহৰ পাছত, ৪ জুন ১৭৮৪ তাৰিখে, থিবল মিষ্টাৰ ফ্লোৰেণ্টৰ সৈতে লা গুস্তাভ নামৰ গৰম বতাহৰ বেলুনত যাত্ৰা কৰিছিল। এই বেলুনখন চুইডেনৰ ৰজা গুস্তাভ তৃতীয়ৰ লিঅঁ ভ্ৰমণৰ সন্মানত নামাকৰণ কৰা হৈছিল।
মন্সিয়ৰ ফ্লেউৰাণ্টে প্ৰথমে কাউণ্ট জিন-বেপ্টিষ্ট ডি লৰেনচিনৰ সৈতে গৰম বায়ুৰ বেলুন উৰুৱাবলৈ পৰিকল্পনা কৰিছিল, কিন্তু কাউণ্টে দ্য গুষ্টাভত তেওঁৰ স্থান এলিজাবেথ থিবলক দিছিল।[5][Note 1]
যেতিয়া বেলুনটো মাটিৰ পৰা ওপৰলৈ উঠিল, থিবল ৰোমান দেৱী মিনাৰ্ভাৰ পোছাক পিন্ধি আছিল। তেওঁ আৰু ফ্লোৰাণ্টে সেই সময়ৰ জনপ্ৰিয় অপেৰাগীত লা বেল আৰ্সেনৰ দুটা দ্বৈত সংগীত গাইছিল। এই যাত্ৰা ৪৫ মিনিটলৈ চলি আছিল, প্ৰায় ৪ কিলোমিটাৰ (২.৫ মাইল) দূৰত্ব অতিক্ৰম কৰিছিল আৰু প্ৰায় ১,৫০০ মিটাৰ (৪,৯০০ ফুট) উচ্চতালৈ উঠিছিল। ছুইডেনৰ ৰজা গুস্তাভ তৃতীয়ে, যাৰ সন্মানত বেলুনটো নামাকৰণ কৰা হৈছিল, এই ঐতিহাসিক যাত্ৰা সাক্ষী হৈছিল।[5]
অৱতৰণকালত বেলুনৰ বাকচ মাটিত খুন্দা খোৱাৰ ফলত থিবলৰ গোৰোহাত আঘাত লাগিছিল। যাত্ৰাৰ সফলতাৰ বাবে ফ্লোৰাণ্টে থিবলক কৃতিত্ব প্ৰদান কৰিছিল, কাৰণ তেওঁ বেলুনটোৰ জুই বজাই ৰখাত সহায় কৰিছিল আৰু অসাধাৰণ সাহস প্ৰদৰ্শন কৰিছিল।
মেডাম থিবলৰ বিষয়ে কমেই জনা যায়। তেওঁ লিঅঁৰ এজন ব্যৱসায়ীৰ পৰিত্যক্ত পত্নী (épouse délaissée) হিচাপে বৰ্ণনা কৰা হৈছিল।[6] তেওঁৰ কোনো পেচাদাৰী অপেৰাগায়ক হিচাপে তথ্য পোৱা নাযায়। তেওঁ ১৩ ফেব্ৰুৱাৰী ১৭৮৫ তাৰিখে পাৰিছত মৃত্যু বৰণ কৰিছিল।[7]
Venus im Wolkenschiff (Venus in the Cloud-ship) – A. Reekerৰ পৰিচালনাত WDR Fernsehenৰ চলচ্চিত্ৰ, য'ত Anouk Plany এ এলিজাবেথ থিবলৰ চৰিত্ৰ অভিনয় কৰিছিল।[8]
সোফি ব্লান্ছাৰ্ড (১৭৭৮–১৮১৯) – ফ্ৰেন্স বেলুনচালক।
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "Note" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="Note"/>
টেগ্ পোৱা নগ'ল