হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
ওঁ হৈছে হিন্দু ধৰ্মৰ পৱিত্ৰ আৰু সৰ্বজনীন প্ৰতীক। ইয়াক ওঁ-কাৰ, ওঙ্কাৰ (সংস্কৃত: অ + উ + ম্), প্ৰণৱ, ত্ৰ্যক্ষৰ আদি নামেৰেও জনা যায়। ই হিন্দু দৰ্শনৰ সৰ্বোচ্চ ঈশ্বৰ ব্ৰহ্মৰ বাচক।[1] এই ধৰ্মৰ প্ৰতিটো সম্প্ৰদায় আৰু উপসম্প্ৰদায়ে ইয়াক অতি পৱিত্ৰ বুলি গণ্য কৰে। স্বামী বিবেকানন্দৰ মতে, ওঁ-কাৰ "সমগ্ৰ ব্ৰহ্মাণ্ডৰ প্ৰতীক তথা ঈশ্বৰৰো প্ৰতীক। "[2] ৰামকৃষ্ণ পৰমহংসৰ মতে, "...ওঁ মানেই 'ওঁ শিৱ', 'ওঁ কালী', 'ওঁ কৃষ্ণ' হৈছে। "[3] ওঁ-কাৰ বৌদ্ধ, জৈন, শিখ সকলেও পৱিত্ৰ জ্ঞান কৰে। এই প্ৰতীকৰ দেৱনাগৰী ৰূপ ॐ, চীনা ৰূপ 唵, আৰু তিব্বতীয় ৰূপ ༀ।[4]
ওঁ শব্দ সংস্কৃত 'অৱ' ধাতুৰ পৰা উৎপন্ন হৈছে। এই ধাতু একাধাৰে ১৯টা ভিন্ন ভিন্ন অৰ্থত ব্যৱহাৰ হয়। এই বুৎপত্তি অনুযায়ী ওঁ-কাৰ এক প্ৰকাৰৰ সৰ্বজ্ঞ শক্তি, সমগ্ৰ ব্ৰহ্মাণ্ডৰ শাসনকৰ্তা, অমংগলৰ পৰা ৰক্ষাকৰ্তা, ভক্তৰ মনোবাঞ্ছা পূৰ্ণকাৰী, অজ্ঞান নাশক তথা জ্ঞান প্ৰদাতা।[5] ওঁ-কাৰক ত্ৰ্যক্ষৰো বোলা হয়, কাৰণ ওঁ তিনটা মাত্ৰাযুক্ত – 'অ-কাৰ', 'উ-কাৰ' আৰু 'ম-কাৰ'। 'অ-কাৰ' 'আপ্তি' বা 'আদিমত্ত্ব' অৰ্থাৎ সৃষ্টিৰ প্ৰতীক। 'উ-কাৰ' 'উৎকৰ্ষ' বা 'অভেদত্ব'ৰ প্ৰতীক। 'ম-কাৰ' 'মিতি' বা 'অপীতি' অৰ্থাৎ লয়ৰ প্ৰতীক।[6] অন্য ব্যাখ্যা অনুযায়ী, ই সৃষ্টি, স্থিতি আৰু প্ৰলয় সংঘটনকাৰী ঈশ্বৰৰ প্ৰতীক।[5]
'প্ৰণৱ' শব্দৰ আক্ষৰিক অৰ্থ, 'যি উচ্চাৰণ কৰি স্তৱ কৰা হয়'। আন এটা অৰ্থ হল 'চিৰনতুন' বা 'চিৰন্তন'।[4]
বিভিন্ন ভাষাত ওঁ | ||||||||||||||||||||||||||||
|
ওঁ-কাৰ ঈশ্বৰৰ সকলো নামৰ প্ৰতিনিধিস্বৰূপ তথা শ্ৰেষ্ঠ নাম।[17] বেদ, উপনিষদ, গীতা আৰু অন্যান্য হিন্দুশাস্ত্ৰ সকলোতে ওঁ-কাৰক সৰ্বোচ্চ গুৰুত্ব আৰোপ কৰা হৈছে। অথৰ্ববেদৰ গোপথব্ৰাহ্মণৰ এটি কাহিনী অনুসৰি দেবৰাজ ইন্দ্ৰ ওঁ-কাৰৰ সহায়তাৰে দৈত্য সকলক পৰাস্ত কৰিছিল। এই কাহিনীৰ অন্তৰ্নিহিত অৰ্থ হল, ওঁ-কাৰৰ বাৰংবাৰ উচ্চাৰণত মানুহে তাৰ পাশৱ প্ৰবৃত্তি জয় কৰিবলৈ সক্ষম হয়।[5] কঠোপনিষদ মতে, ওঁ-কাৰ পৰমব্ৰহ্ম।[18] মুণ্ডক উপনিষদত ওঁ-কাৰ অৱলম্বনত ঈশ্বৰোপাসনাৰ কথা কোৱা হৈছে।[19] শ্ৰীকৃষ্ণয়ে গীতাত কৈছে, তেওঁ সকলো অক্ষৰৰ ভিতৰত ওঁ-কাৰ। মৃত্যুকালত ওঁ-কাৰৰ উচ্চাৰণে পৰম সত্য লাভ হয়।[20] পতঞ্জলিৰ যোগসূত্ৰত ওঁ-কাৰক ঈশ্বৰৰ প্ৰতীক হিচাপে বৰ্ণনা কৰা হৈছে আৰু ওঁ-কাৰৰ স্মৰণ আৰু উচ্চাৰণত সমাধি লাভ কৰা যায় বুলিও কোৱা হৈছে।
ধৰ্মীয় চিহ্ন হলেও ব্যৱহাৰিক জীৱনত ওঁ-কাৰৰ প্ৰয়োগ অতি ব্যাপক। প্ৰত্যেকটি মন্ত্ৰ ওঁ-কাৰেৰে আৰম্ভ হয়। চিঠিপত্ৰৰ আৰম্ভণিতে বহুতেই ওঁ-কাৰ লিখে। মঠ- মন্দিৰ, দেৱালয়, পৱিত্ৰ স্থান প্ৰভৃতি ধৰ্মীয় স্থানৰ প্ৰতীকচিহ্ন ৰূপে ওঁ-কাৰ ব্যৱহৃত হয়। যোগ সাধনাত ইয়াৰ ব্যৱহাৰ হয়। তদুপৰি বৰ্তমান সমাজত শব্দৰে কৰা চিকিৎসা প্ৰণালীত ওঁ-কাৰ ব্যৱহাৰ হব ধৰিছে। শৰীৰত কৰা অংকন (টেটু) হিচাপেও ই জনপ্ৰিয়।
ৱিকিমিডিয়া কমন্সত ওঁ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |