ওদালগুৰি জিলা | |
---|---|
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ |
সদৰ | ওদালগুৰি |
মহকুমা | ভেৰগাঁও, ওদালগুৰি |
চৰকাৰ | |
• লোকসভা সমষ্টি | মঙ্গলদৈ |
• বিধানসভা সমষ্টি | পানেৰী (৬৪), ওদালগুৰি (৬৯), মাজবাট (৭০) |
কালি | |
• মুঠ |
1,852.16 km2 (715.12 sq mi) |
জনসংখ্যা (2011)[1] | |
• মুঠ |
8,32,769 |
• ঘনত্ব | 450/km2 (1,200/sq mi) |
ওদালগুৰি জিলা (বড়ো: उदालगुड़ी जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৫ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ জিলাখনৰ সদৰ ঠাই।
ওদালগুৰি নামৰ উৎপত্তি "ওদাল" নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল"- এডাল গছ + গুৰ প্ৰত্যয়, গুৰি অৰ্থাৎ শিপা। যাৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই নামতো সৃষ্টি হ'ল, কিয়নো এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। কিন্তু, হয়তো এইটোৱে বেছি বিশ্বাসযোগ্য যে দুটা বড়ো শব্দ "ওৰ্দ্লা" আৰু "গুন্দ্ৰি" মিলি নামটো হ’লগৈ ওৰ্দ্লাগুন্দ্ৰি > ওৰ্দ্লাগুন্দি > ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্দ্লা" মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি" মানে গুৰি (পাউদাৰ)।[2]
ওদালগুৰি জিলাৰ ভৌগোলিক অৱস্থান ৯১ ডিগ্ৰী ৪৫ মিনিটৰ পৰা ৯২ ডিগ্ৰী ১৫ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৫ মিনিটৰ পৰা ২৭ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত। ওদালগুৰি জিলাৰ উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ, পূবে শোণিতপুৰ জিলা, পশ্চিমে বাক্সা আৰু কামৰূপ জিলা, দক্ষিণে দৰং জিলা অৱস্থিত। ওদালগুৰি জিলাৰ মাটিকালি ১,৮৫২.১৬ বৰ্গ কিলোমিটাৰ।
এই অঞ্চলটোৰ মাজেৰে কেইবাখনো নৈ, উপনৈ উত্তৰৰ তিব্বত আৰু হিমালয় পৰ্বতৰ পৰা বৈ আহিছে। সেইবোৰ হ'ল: গলন্দি, খাওৰঙ, দৈখাম, ধনশিৰি আদি। ১৬শ শতিকাৰ মাজভাগলৈ অতি বেছি বৰ্ষাৰ প্ৰভাৱত ধনশিৰি নৈ ওদালগুৰি নিচেই ওচৰৰে বৈ আছিল যি বৰ্তমান ৰৌতাৰ (১৫ কি.মি) ওচৰৰে বয়। নৈ সমূহ প্লাবিত হৈ গোটেই অঞ্চল বালিময় হোৱা তথ্য পোৱা হৈছে। তথ্য মতে ওদালগুৰিৰ উত্তৰে ভৈৰৱকুণ্ড আৰু ভূটান পাহাৰৰ মাজেৰে তাহানিৰ পৰা তিব্বত, চীন আৰু আফগানিস্থানলৈ যাতায়তৰ বাট আছিল।[3] অসম বুৰঞ্জীৰ ২৯ নম্বৰ পৃষ্ঠাত ছাৰ এদৱাৰ্ড গেইটে ওদালগুৰিৰ পৰা তিব্বতলৈ চমু পথ হিচাপে উল্লেখ কৰিছিল।
উনবিংশ শতিকাৰ মাজভাগলৈ ওদালগুৰি আৰু সমগ্ৰ দৰং জিলাতে বহুসংখ্যক বড়ো জনজাতিৰ লোকে বাস কৰিছিল। উপেন্দ্ৰচন্দ্ৰ গুহৰ "কছাৰীৰ ইতিবৃত্ত"নামৰ কিতাপখন (পৃষ্ঠা-৫৩)-ত উল্লেখ থকা অনুসৰি পুৰাণ আৰু মধ্য যুগৰ সময়ত বড়ো আৰু কছাৰী অধিবাসীৰ মুঠ সংখ্যা আছিল ৬,৩৯,০০০ জন। ১৫৬২ খ্ৰীষ্টাব্দত যেতিয়া কোঁচ ৰজা নৰনাৰায়ণে ৬০,০০০ সৈন্যৰ সৈতে আহোম ৰজা চুখাংম্ফা বা খোঁৰা ৰজাৰ ৰাজ্য আক্ৰমণ কৰে, প্ৰধান সেনাপতি শুক্লধ্বজ সিংহই তাতুমনি নামৰ এক ঠাইত (এতিয়াৰ মঙ্গলদৈ মহকুমা) ছাউনী পাতে য'ত ১২টা জনজাতীয় দল তেওঁৰ অন্তৰ্ভুক্ত হয়। ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰৱকুণ্ড আৰু আশে পাশে কোঁচ ৰজা নৰনাৰায়ণৰ (১৫১৫-১৬১৫ খ্ৰীষ্টাব্দ) প্ৰভাৱ আছিল। ইয়াৰ নলখামাৰাত (কথিত নলখম্ৰা) ৰজাই দুৰ্গা দেৱীৰ মন্দিৰ আৰু ওখ টিলা সজাইছিল। মন্দিৰত দুৰ্গাৰ মূৰ্ত্তি স্থাপন কৰি পূজাৰী দিছিল। ৰাজমোহন নাথৰ "হিষ্টৰী অফ্ কোঁচ কিংডম" ৫৫ নম্বৰ পৃষ্ঠাত উল্লেখ যে নৰনাৰায়ণ ৰজাই গোঁসাই কমল আলিৰ উত্তৰে বাস কৰা মেঁছ আৰু কোঁচ নিবাসী সকলক জনজাতিৰ সমৰ্থন লাভ কৰাৰ বাবে পাৰ্বত্য জনজাতিৰ নীতি-আচাৰ মানি চলাৰ আদেশ দিছিল।
কুৰি শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰ গঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। দৰং জিলাৰ উত্তৰ অংশ লৈ বড়ো টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (বি টি এ ডি)-ৰ অধিনত ওদালগুৰি জিলা গঠন কৰা হয়। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৩ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল" (Boroland Teritorial Council) চমুকৈ বিটিচি (BTC)-ৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ (BTAD) অন্তৰ্ভুক্ত কৰা হয়।
বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে ও ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়।
২০১১ চনৰ লোকপিয়ল অনুসৰি ওদালগুৰি জিলাৰ মুঠ জনসংখ্যা ৮,৩২,৭৬৯ জন।[4] ইয়াৰে ৪,২৩,৬১৭জন পুৰুষ আৰু ৪,০৯,১৫২ গৰাকী মহিলা। জিলা খনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৪৯.৬ জন। আৰু সাক্ষৰতাৰ হাৰ ৬৬.৬%।
ওদালগুৰি জিলাৰ সংখ্যাগৰিষ্ঠ অধিবাসী বড়ো জনগোষ্ঠীৰ লোক।[1] আন জনগোষ্ঠীসমূহ হৈছে: নেপালী, চাঁওতাল আৰু ৰাভা। জিলাখনৰ মূল কথিত ভাষাসমূহ হৈছে: বড়ো, অসমীয়া, নেপালী আৰু চাঁওতালি।[1]
ওদালগুৰি অঞ্চলটোত ধান, মৰাপাট, কুঁহিয়াৰ, ৰবৰ, চাহ, বিদেশী বগৰী, তৰমুজ আৰু বিভিন্ন ৰবি শস্যৰ খেতি কৰা হয়।
ওদালগুৰি জিলাক দুখন মহকুমাত ভাগ কৰা হৈছে। সেই দুখন হ'ল: ওদালগুৰি আৰু ভেৰগাঁও। ভেৰগাঁও ওদালগুৰিৰ পৰা পশ্চিমে প্ৰায় ১৫ কিলোমিটাৰ দূৰৈত অৱস্থিত।
এই জিলাত অসম বিধানসভাৰ তিনিটা সমষ্টি আছে: পানেৰী (৬৪), ওদালগুৰি (৬৯), মাজবাট (৭০)। এই সকলোবোৰ অঞ্চল মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।[1]
ভূটান | পশ্চিম কামেং জিলা, অৰুণাচল প্ৰদেশ | |||
বাক্সা জিলা | শোণিতপুৰ জিলা | |||
ওদালগুৰি জিলা | ||||
কামৰূপ জিলা | দৰং জিলা |
|