ওমলা পদ্য বা নাৰ্ছাৰী পদ্য (ইংৰাজী: Nursery rhyme) হৈছে ভাৰত আৰু আন বহু দেশৰ শিশুসকলৰ বাবে ৰচিত এক প্ৰকাৰক পৰম্পৰাগত কবিতা বা গীত। এই প্ৰকাৰৰ পদ্যৰ ইংৰাজী Nursery rhyme শিৰোনামটোৰ ব্যৱহাৰ অষ্টাদশ শতিকাৰ শেষৰ ফালে নাইবা উনবিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে হৈছে। Nursery rhyme শিৰোনামৰ বিকল্প হিচাপে কেতিয়াবা Mother Goose rhyme শিৰোনামটোও ব্যৱহাৰ কৰা দেখা যায়।[1]
ষষ্ঠদশ শতিকাৰ মাজভাগৰ পৰা ইংৰাজী নাটকত ওমলা পদ্য লিপিবদ্ধ হ'বলৈ আৰম্ভ কৰে আৰু বেছিভাগ জনপ্ৰিয় পদ্য সপ্তদশ আৰু অষ্টদশ শতিকাত ৰচনা কৰা।[2] ওমলা পদ্যৰ প্ৰথম ইংৰাজী সংকলন “টমী থাম্বৰ ছং বুক” (Tommy Thumb's Song Book) আৰু ইয়াৰ পৰৱৰ্তী খণ্ড “টমী থাম্বৰ প্ৰিটি ছং বুক” (Tommy Thumb's Pretty Song Book) ১৭৪৪ চনত মেৰী কুপাৰে প্ৰকাশ কৰে। প্ৰকাশক জন নিউবেৰীৰ সন্তান থমাছ কাৰ্নানে ১৭৮০ চনত ওমলা পদ্যৰ সংকলন “মাদাৰ গুজ’ছ মেলোডি” (Mother Goose's Melody) বা “ছনেটছ ফৰ দ্য ক্ৰেডল” (Sonnets for the Cradle) নামৰ ইংৰাজী পদ্যৰ সংকলন প্ৰকাশ কৰিবলৈ “মাদাৰ গুজ” শিৰোনামটো প্ৰথম ব্যৱহাৰ কৰিছিল।[3][4][1]
নিচুকনি গীতসমূহ হৈছে শিশুৰ টোপনি অহাত সহায় কৰাৰ উদ্দেশ্যেৰে সৃষ্টি কৰা কিছুমান শিশু গীত। পৃথিৱীক সকলো মানৱ সংস্কৃতিতে নিচুকনি গীত পোৱা যায়।[5] নিচুকনি গীতৰ ইংৰাজী শব্দটো লুলাবী শব্দটো মাতৃ বা পৰিচাৰিকাসকলে শিশুক শান্ত কৰিবলৈ গোৱা "লু, লু" (lu, lu) বা "লা লা" (la la) আৰু বিদায় জনাবলৈ নাইবা শুভ ৰাত্ৰি জনাবলৈ ব্যৱহাৰ কৰা "বাই বাই" (by by) বা "বাই বাই" (bye bye) শব্দৰ পৰা আহিছে বুলি ভবা হয়।[6] আধুনিক যুগলৈকে নিচুকনি গীত সাধাৰণতে লিখিত উৎসত খুব কমেইহে লিপিবদ্ধ কৰা হৈছিল। ৰোমান পৰিচাৰিকাসকলে পাৰ্চিয়াছৰ সম্পৰ্কে গোৱা নিচুকনি গীত "লালা, লালা, লালা, অট ডৰ্মি, অট লেক্টা" (Lalla, Lalla, Lalla, aut dormi, aut lacta) স্কোলিয়ামত লিপিবদ্ধ কৰা এটা নিচুকনি গীত আৰু ই সম্ভৱতঃ বৰ্তমানলৈকে প্ৰচলিত হৈ থকা আটাইতকৈ পুৰণি নিচুকনি গীত।[5]
যীচুৰ জন্মৰ সৈতে জড়িত বহুতো মধ্যযুগীয় ইংৰাজী পদে নিচুকনি গীত ৰূপ লয়, য'ত "লুলে, মাই লাইকিং ...." (Lullay, my liking, my dere son, my sweting) আৰু সমসাময়িক নিচুকনি গীতৰ সংস্কৰণ হ'ব পাৰে।[6] কিন্তু আজিকালি ব্যৱহাৰ কৰা বেছিভাগে নিচুকনি গীতেই সপ্তদশ শতিকাত ৰচিত। উদাহৰণস্বৰূপে, "ৰক-এ-বাই বেবী"ৰ দৰে এটা সুপৰিচিত নিচুকনি গীত জন নিউবেৰীয়ে অষ্টদশ শতিকাৰ শেষৰ ফালে (প্ৰায় ১৭৬৫) ছপা নকৰালৈকে কোনো তথ্য পোৱা নগৈছিল।[6]
পৃথিৱীৰ আন ঠাইৰ দৰে অসমতো অতীজৰে পৰা নিচুকনি গীতৰ প্ৰচলন হৈ আহিছে৷[7] শিশুক নিচুকাবলৈ সৃষ্টি হোৱা এই গীতবোৰৰ মাজেৰে শিশুৰ মনৰ কল্পনা, মাতৃ হৃদয়ৰ অভিব্যক্তি, আশা-আকাংক্ষা, মৰম-চেনেহ আৰু কৃষিজীৱী মানুহৰ সৰু সৰু সপোন তথা হা-হুতাশবোৰৰ চিত্ৰ দেখা পোৱা যায়৷[7] এই গীতবোৰে শিশুসকলক অনুসন্ধিৎসুপ্ৰৱণ কৰি তোলে৷[7]
“ত্ৰিশ দিনে হয় ল’ৰা মাহ ছেপ্তেম্বৰ” পদ্যটোৰ সৈতে মিল থকা মাহটোৰ দিন গণনা কৰা এটা ফৰাচী কবিতা ত্ৰয়োদশ শতিকাত লিপিবদ্ধ কৰা হৈছিল।[8] মধ্যযুগৰ পিছৰ পৰা শিশুৰ বাবে ৰচিত চুটি ছন্দযুক্ত গীতৰ তথ্য পোৱা যায়।[9] ষোড়শ শতিকাৰ মাজভাগৰ পৰা ইংৰাজী নাটকত এনে গীতসমূহ অন্তৰ্ভূক্ত হ’বলৈ আৰম্ভ কৰে।[2] আধুনিক যুগত শিশুৰ বাবে বিভিন্ন ভাষাত ৰচিত এনে অসংখ্য ওমলা পদ্য বা গীত পোৱা যায়।
বহুতো ওমলা পদ্যৰ মাজত প্ৰকৃত অৰ্থ আৰু উৎপত্তি লুকাই থাকে বুলি যুক্তি দিয়া হৈছে। উদাহৰণস্বৰূপে জন বেলেণ্ডেন কেৰ গ'লাৰে (John Bellenden Ker Gawler) লিখিছিল যে ইংৰাজী ওমলা পদ্যবোৰ "লো চেক্সন" (Low Saxon) ভাষাত লিখা হৈছিল, যিটো ডাচ ভাষাৰ এটা কাল্পনিক প্ৰাৰম্ভিক ৰূপ আছিল। তাৰ পিছত তেওঁ সেইবোৰ ইংৰাজীলৈ পুনৰ "অনুবাদ" কৰিলে আৰু তাত অন্তৰ্নিহিত অৰ্থ বিশেষকৈ ধৰ্মগুৰুবিৰোধীৰ প্ৰবল প্ৰৱণতা উন্মোচন কৰিলে।[10] পদ্য আৰু ঐতিহাসিক ব্যক্তি বা পৰিঘটনাৰ মাজৰ থকা সম্পৰ্কৰ সম্পৰ্কে বহুতো ধাৰণা কেথেৰিন এলৱেছৰ (Katherine Elwes) গ্ৰন্থ “দ্য ৰিয়েল পাৰ্চনেজছ অৱ মাদাৰ গুজ”ত লিপিবদ্ধ কৰা হৈছে, য'ত তেওঁ বিখ্যাত ওমলা পদ্য কিছুমানত বৰ্ণিত চৰিত্ৰসমূহক বাস্তৱ মানুহৰ সৈতে সংযোগ কৰিছিল। অৱশ্যে এই সংযোগসমূহৰ সপক্ষে খুব কমহে প্ৰমাণ আছিল বা কোনো প্ৰমাণ নাছিল। শিশুৰ গীতসমূহ সংকেতযুক্ত ঐতিহাসিক আখ্যান, অপপ্ৰচাৰ বা গোপন প্ৰতিবাদৰ এক অদ্ভুত ৰূপ বুলি তেওঁ ধাৰণা কৰিছিল আৰু ইয়াক কেৱল মনোৰঞ্জনৰ বাবে লিখা বুলি বিশ্বাস কৰা নাছিল।[11]