ক'ৰিয়'গ্ৰাফী (Choreography) বুলিলে নৃত্যৰ সৃষ্টি আৰু পৰিচালনা কৰা কলাক বুজায়। এই শব্দটো গ্ৰীক শব্দ khoreia (নৃত্য) আৰু graphy (লিখা)ৰ পৰা আহিছে।[1] এই অৰ্থমতে শব্দটোৱে আগতে নৃত্যৰ লিখিত নথিক বুজাইছিল। ১৯শ শতিকাৰ সময়ত শব্দটোৱে নৃত্যৰ সৃষ্টিক বুজাবলৈ লয় আৰু লিখিত ৰূপটোক "Dance notation" নাম দিয়া হয়। ক'ৰিয়'গ্ৰাফীত দেহৰ ভংগীমা, লয়, পৰিবেশ আৰু ভিন্নতা ব্যৱহাৰ কৰা হয়। ক'ৰিয়'গ্ৰাফীৰ প্ৰক্ৰিয়াত ন-ন ভংগীমাৰ বাবে তাৎক্ষণিক উদ্ভাৱনৰো (improvisation) প্ৰয়োগ কৰা হয়।
১৬শ শতিকাত ফৰাচী ৰাজসভাৰ নৃত্যবিদসকলে তেওঁলোকৰ সামাজিক নৃত্যক এটা নিৰ্দিষ্ট শৈলী প্ৰদান কৰিছিল। ১৭ শ শতিকাত এনে নৃত্যবোৰ অধিক জটিল হৈ পৰে আৰু প্ৰশিক্ষিত পেছাদাৰী ব্যক্তিয়ে এইবোৰ থিয়েট্ৰিকেল বেলেৰূপে পৰিবেশন কৰিছিল। ১৮শ শতিকাৰ শেষৰফালে জিন-জৰ্জ নভেৰ আৰু গেস্পাৰ' এঞ্জিয়'লিনিয়ে নাটকীয় বেলেৰ বাবে অভিব্যক্তি প্ৰকাশ কৰা মূকাভিনয় আৰু নাচৰ মুদ্ৰা সংযোগ কৰি ক'ৰিয়'গ্ৰাফীক নতুন ৰূপ দিয়ে। ১৯শ শতিকাত ৰোমাণ্টিক বেলেৰ বাবে মেৰিয়াছ পেটিপা, জুল্ছ পেৰট আৰু আগষ্ট ব'ৰ্ননভিলে এই শৈলীসমূহৰ আৰু পৰিৱৰ্তন সাধন কৰে। বিংশ শতিকাত মাইকেল ফকিন, নিয়'নাইড মেচিন, মাৰ্থা গ্ৰাহাম আদি নৃত্যবিশাৰদে ক'ৰিয়'গ্ৰাফীক ভিন ভিন ৰূপ দিয়াত সহায় কৰে।[2]