কইনা ক্ৰয় (ইংৰাজী: Bride-buying) হৈছে এক প্ৰকাৰৰ সম্পত্তি হিচাপে কইনা ক্ৰয় কৰাৰ উদ্যোগ বা ব্যৱসায়।[1] ই ক্ৰেতাৰ বিবেচনাত কইনাৰ পুনৰ বিক্ৰী বা পুনৰ ক্ৰয়ৰ সৈতেও জড়িত। চীন, উত্তৰ কোৰিয়া, ভিয়েটনাম আৰু আফ্ৰিকাৰ দৰে বিশ্বৰ কিছু অংশত এই প্ৰথাই দৃঢ় ভাৱে খোপনি পুতি আছে। বিপৰীতে বহুতো দেশত এই প্ৰথা অবৈধ।
উত্তৰ আমেৰিকাত কইনা ক্ৰয়ৰ প্ৰথম নথিভুক্ত উদাহৰণবোৰৰ ভিতৰত ১৬১৯ চনত ভাৰ্জিনিয়াৰ জেমচটাউন সংঘটিত হোৱা এক ঘটনাৰ বিষয়ে পোৱা যায়।[2] জেমচটাউনত আদিতে বসতি স্থাপন কৰা লোকসকল আছিল কেৱল ইউৰোপীয় পুৰুষ।[3] ইতিহাসবিদ আলফ জে. মেপ জুনিয়ৰৰ মত অনুসৰি এয়া “… এখন মহাদেশক বশ কৰাৰ বিকট আৰু ভয়ংকৰ কাৰ্যত নাৰীৰ কোনো স্থান নাছিল…।”[4] দুৰ্ভিক্ষ, ৰোগ আৰু বিভেদৰ কাহিনীৰ পৰা ইউৰোপীয় মহিলাসকলে আশংকা কৰিছিল যে ইংলেণ্ড এৰি উপনিবেশলৈ যোৱাটো যথেষ্ট বিপদসংকুল হ'ব। পত্নী বিচাৰি নাপালে, বহুতো পুৰুষে কলনীটো ত্যাগ কৰাটোকে শ্ৰেয় বুলি গণ্য কৰিছিল। এনে দলত্যাগ হ্ৰাস কৰিবলৈ কলনীৰ নেতাসকলে ইউৰোপলৈ বাৰ্তা প্ৰেৰণ কৰি মহিলাসকলক কলনীলৈ প্ৰব্ৰজন কৰিবলৈ অনুৰোধ কৰে। সম্ভাৱ্য কইনাসকলক জেমচটাউনলৈ আহিবলৈ প্ৰেৰণা দিয়াটো কঠিন বুলি প্ৰমাণিত হয়। অৱশ্যে, সপ্তদশ শতিকাৰ বিবাহৰ বাধাবোৰ কলনীৰ পুৰুষসকলৰ বাবে লাভজনক বুলি বিবেচিত হয়। একোটা ঘৰ লাভ কৰা আৰু ইউৰোপত আবাসিক ঘৰ নিৰ্মাণ কৰাটো ব্যয়বহুল আছিল। যদি মুখত সোণৰ চামুচ লৈ জন্ম নহয় তেন্তে বেছিভাগ লোকেই সন্তান জন্ম দিবলৈ সক্ষম হোৱাৰ আগতে পৰ্যাপ্ত পৰিমাণে সঞ্চয় কৰিব লাগিছিল। শ্ৰমিক শ্ৰেণীৰ বেছিভাগ ইংৰাজ মহিলাই বিবাহৰ বাবে প্ৰয়োজনীয় পুঁজি আহৰণ কৰিবলৈ ঘৰুৱা সেৱাৰ দিশে উলটি আহিছিল আৰু বৈবাহিক প্ৰব্ৰজনে সামান্য দৰমহাৰ বাবে "নিম্নশ্ৰেণীৰ" কাম কৰাৰ বিপৰীতে এক আকৰ্ষণীয় বিকল্প আগবঢ়াইছিল। ভাৰ্জিনিয়া কোম্পানীয়ে কলনীৰ বাবে ইংলেণ্ড এৰি যোৱা মহিলাসকলক অতিৰিক্ত সা-সুবিধা যেনে লিনেন, কাপোৰ, ভূমি আৰু তেওঁলোকৰ পচন্দৰ স্বামীৰ প্ৰস্তাৱ দিছিল। এজন স্বামী বাছনি কৰাৰ পিছত স্বামীগৰাকীয়ে ভাৰ্জিনিয়া কোম্পানীক তেওঁলোকৰ কইনাক কলনীলৈ লৈ যোৱাৰ বাবদ পৰিশোধ কৰিবলৈ ১৫০ পাউণ্ড (৭০ কিলোগ্ৰাম) উন্নত মানৰ ধঁপাত (যি আজিৰ সময়ত প্ৰায় ৫০০০ আমেৰিকান ডলাৰৰ সমান) পৰিশোধ কৰিব লাগিছিল। এনেদৰে জেমচটাউনৰ কইনাসকলে নিজকে "ধঁপাত কইনা" বুলি অভিহিত কৰিছিল।[5]
আধুনিক সময়ৰ কইনা ক্ৰয়ৰ সাধাৰণ প্ৰকাৰবোৰৰ ভিতৰত এটা হৈছে মেইল-অৰ্ডাৰ যোগে কইনা ক্ৰয়। প্ৰায় ৯০টা সংস্থাই মেইল অৰ্ডাৰ যোগে কইনাবিক্ৰী আৰু ক্ৰয় লেন-দেন কৰে।[6] এই সংস্থাবোৰৰ নিজা কিছুমান ৱেবছাইট আছে য'ত স্বামী বিচৰা ২৫,০০০ মহিলাৰ ঠিকনা, ছবি, নাম আৰু জীৱনী তালিকাভুক্ত কৰা হয়। ইয়াত আমেৰিকান স্বামীৰ চাহিদা আটাইতকৈ বেছি। যদিও সমগ্ৰ বিশ্বৰ পৰা এই ছাইটবোৰত মহিলা তালিকাভুক্ত আছে, ইয়াৰে বেছিভাগ মেইল-অৰ্ডাৰ কইনা ৰাছিয়া আৰু ফিলিপাইনছৰ পৰা আহে। এই সংস্থাবোৰৰ মতে, মেইল-অৰ্ডাৰ কইনা হ'বলৈ বাছনি কৰা ১০% মহিলা সফল হয় আৰু তেওঁলোকৰ সেৱাৰ জৰিয়তে এজন প্ৰকৃত স্বামী বিচাৰি পায়। সংস্থাবোৰে লগতে কয় যে বছৰত প্ৰায় ১০,০০০ মেইল-অৰ্ডাৰ বিবাহ সম্পন্ন হয়, ইয়াৰে প্ৰায় ৪,০০০ বিবাহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুৰুষৰ সৈতে জড়িত।
কইনা ক্ৰয় ভাৰতৰ বহুতো অঞ্চলত প্ৰচলিত এটা পুৰণি প্ৰথা।[7] ভাৰতৰ বিভিন্ন ৰাজ্য যেনে হাৰিয়ানা, ঝাড়খণ্ড,[8] আৰু পঞ্জাবত[7] সচৰাচৰ কইনা ক্ৰয় প্ৰথাৰ প্ৰচলন দেখা যায়। চিএনএন-আইবিএনৰ মতে, ভাৰতৰ কিছুমান অঞ্চলত মহিলাসকলক "সন্মতি অবিহনে ক্ৰয়, বিক্ৰী, সৰবৰাহ, ধৰ্ষণ আৰু বিবাহ কৰা হয়। "[9] কইনা ক্ৰয়ৰ বাবে সাধাৰণতে বিহাৰ, অসম আৰু পশ্চিমবংগৰ পৰা নাৰী সৰবৰাহ কৰা হয়। বিক্ৰেতাৰ পৰা ক্ৰয় কৰা কইনাগৰাকীৰ বাবদ, ৪,০০০ ৰ পৰা ৩০,০০০ টকা ভাৰতীয় মুদ্ৰাৰ ব্যয় হ'ব পাৰে, যি নেকি ৮৮ ৰ পৰা ৬৬০ আমেৰিকান ডলাৰৰ সমান।[8] কইনাৰ পিতৃ-মাতৃক সাধাৰণতে গড়ে ৫০০ ৰ পৰা ১০০০ ভাৰতীয় মুদ্ৰা পৰিশোধ কৰা হয়। কইনা ক্ৰয় কৰাৰ প্ৰয়োজনীয়তা মহিলা-পুৰুষৰ অনুপাত হ্ৰাস হোৱাৰ ফলত উদ্ভৱ হয়। কন্যাৰ পৰিৱৰ্তে পুত্ৰ সন্তান জন্ম দিয়াত অগ্ৰাধিকাৰ, আৰু কন্যা ভ্ৰূণ হত্যাৰ ফলত এনে সমস্যাৰ উদ্ভৱ হৈছিল।[10] বিবিচি নিউজৰ মতে, ২০০৬ চনত হাৰিয়ানাত প্ৰতি ১,০০০ পুৰুষৰ বাবে প্ৰায় ৮৬১ গৰাকী মহিলা আছিল; আৰু সামগ্ৰিকভাৱে ভাৰতত ৰাষ্ট্ৰীয় অনুপাত আছিল প্ৰতি ১,০০০ পুৰুষৰ বাবে ৯২৭ গৰাকী মহিলা। এই মহিলাসকলক কেৱল কইনা বা পত্নী হিচাপেই ক্ৰয় কৰা নহয়, খেতি বা ঘৰ কামৰ সহায়ক হিচাপেও ক্ৰয় কৰা হয়। বেছিভাগ মহিলাই "যৌন-দাসী"[8] বা বলপূৰ্বক শ্ৰমিক[9] হিচাপে ব্যৱহাৰৰ বাবে ক্ৰয় কৰা হয় যাক পিছত খৰচ পৰিশোধৰ বাবে পুনৰ মানৱ সৰবৰাহকাৰীৰ ওচৰত বিক্ৰী কৰা হয়[8][9]
পঞ্জাবী লেখক কিৰপাল কাজাকৰ মতে, ৰাজপুতসকলৰ আগমনৰ পিছত ঝাড়খণ্ডত কইনা বিক্ৰী প্ৰথা আৰম্ভ হৈছিল। জনজাতিটোৱে মহিলাসকলক প্ৰথমে অলংকাৰেৰে বিক্ৰীৰ বাবে সজায়। ভাৰতত সেউজ বিপ্লৱ, "সাক্ষৰতাৰ প্ৰসাৰ", আৰু ১৯১১ চনৰ পৰা পুৰুষ-মহিলাৰ অনুপাত উন্নত হোৱাৰ পিছত কইনা হিচাপে মহিলাৰ বিক্ৰী প্ৰথাৰ প্ৰচলন হ্ৰাস পাইছিল। অৱশ্যে, অনুপাতটো হ্ৰাস হয় ২০০১ চনৰ পৰা। কইনা ক্ৰয়ৰ প্ৰথা সমাজৰ দৰিদ্ৰ শ্ৰেণী যেনেঃ কৃষক, অনুসূচীত জাতি আৰু জনজাতি সমূহৰ মাজত সীমাবদ্ধ হৈ পৰিছিল। দৰিদ্ৰতাপীড়িত পৰিয়ালবোৰত, কেৱল এজন পুত্ৰই দৰিদ্ৰতাৰ বাবে আৰু "ভূমিযুক্ত সম্পত্তিৰ বিভাজন পৰিহাৰ" কৰাৰ বাবে বিবাহ পাশত আৱদ্ধ হয়।[7]
যি সমূহ সাহিত্যত মহিলাসকলক বিবাহযোগ্য কন্যা হিচাপে বিক্ৰি কৰাৰ কাহিনি বৰ্ণিত হৈছে সেই সমূহৰ ভিতৰত- আৰবি লেখক মিৰ দাদৰ 'নিয়ামি', পঞ্জাবী ভাষাৰ 'মুল দি তিবীন', 'কুদেচান', পঞ্জাবী ঔপন্যাসিক দলিপ কৌৰ তিৱানা লিখিত 'এহ্ হামাৰা জীৱনা', আৰু নাট্যকাৰ আজমিৰ আউলাখ লিখিত নাটক 'ইক হোৰ ৰামায়ণ' আদিৰ নাম জনা যায়।[11]